< Amos 4 >

1 Ẹ gbọ́ ọ̀rọ̀ yìí, ẹ̀yin màlúù Baṣani lórí òkè Samaria, ẹ̀yin obìnrin tí ó ń ni tálákà lára, tí ó ń tẹ aláìní mọ́lẹ̀, tí ó wí fún ọkọ rẹ̀, “Gbé wá kí a sì mu!”
হে চমৰিয়াৰ পৰ্বতত বাস কৰা বাচানৰ গাইৰ দৰে মহিলাসকল, তোমালোকে শুনা। তোমালোকে দুখীয়াক অত্যাচাৰ কৰা, অভাৱীসকলক চূৰ্ণ কৰা, আৰু নিজ নিজ স্বামীক কোৱা, “আমাৰ কাৰণে পানীয় আনা।”
2 Olúwa Olódùmarè ti fi ìwà mímọ́ rẹ̀ búra: “Àkókò náà yóò dé nítòótọ́ nígbà tí a ó fi ìwọ̀ mú un yín lọ, ẹni tí ó kẹ́yìn pẹ̀lú ìwọ̀ ẹja.
প্ৰভু যিহোৱাই নিজ পবিত্ৰতাৰ শপত খাই কৈছে: “চোৱা, সেই সময় নিশ্চয় আহিব, তেতিয়া হাকোঁতা লগাই তোমালোকক টানি লৈ যোৱা হ’ব। তোমালোকৰ শেষজনকো বৰশীৰে টানি নিয়া হ’ব।”
3 Ẹni kọ̀ọ̀kan yín yóò jáde lọ gba àárín odi yíya a ó sì lé e yín sí Harmoni,” ni Olúwa wí.
তোমালোক প্ৰতিগৰাকীয়ে নিজৰ সন্মুখতে পোৱা নগৰৰ দেৱালৰ ভগ্নস্থানৰ মাজেদি পোনে পোনে বাহিৰ ওলাই যাবা আৰু তোমালোকক হৰ্মোন ফালে পেলোৱা হ’ব। মই যিহোৱাই এই কথা কৈছোঁ।
4 “Ẹ lọ sí Beteli láti dẹ́ṣẹ̀; ẹ lọ sí Gilgali kí ẹ sì dẹ́ṣẹ̀ sí i. Ẹ mú ẹbọ sísun yín láràárọ̀ wá, ìdámẹ́wàá yín ní ọdọọdún mẹ́ta.
তোমালোক বৈৎএললৈ যোৱা আৰু পাপ কৰা; গিলগললৈ গৈ অধিক বেছি পাপ কৰা। তোমালোকে প্ৰতি ৰাতিপুৱা তোমালোকৰ উৎসর্গৰ বলি আৰু প্রতি তিনি দিনৰ দিনা তোমালোকৰ দশম ভাগ আনা।
5 Kí ẹ mú ọ̀rẹ́ ìdúpẹ́ ìyẹ̀fun ìwúkàrà ti a sun kí ẹ sì mú ọrẹ àtinúwá lọ fi wọ́n yangàn, ẹ̀yin ènìyàn Israẹli, nítorí èyí ni ẹ fẹ́ láti ṣe,” ni Olúwa Olódùmarè wí.
তোমালোকে ধন্যবাদৰ অর্থে খমিৰ দিয়া পিঠা উৎসর্গ কৰা আৰু ইচ্ছাকৃতভাৱে দিয়া উৎসর্গৰ বিষয়ে প্ৰচাৰ কৰা; সেইবোৰৰ বিষয়ে ঘোষণা কৰা; কিয়নো, হে ইস্ৰায়েলৰ লোক সমূহ, তোমালোকে এই সকলো কৰিয়েই সন্তোষ পোৱা।” প্রভু যিহোৱাই এই কথা কৈছে।
6 “Èmi fún un yín ní mímọ́ eyín ní gbogbo ìlú yín, àti àìní oúnjẹ ní gbogbo ibùgbé yín, síbẹ̀, ẹ̀yin kò yípadà sọ́dọ̀ mi,” ni Olúwa wí.
“মই তোমালোকৰ নগৰবোৰত আহাৰ নিদি তোমালোকৰ দাঁত পৰিস্কাৰ কৰি ৰাখিলোঁ আৰু তোমালোকৰ সকলো ঠাইত অন্নৰ অভাৱ কৰিলোঁ; তথাপি, তোমালোক মোলৈ ঘূৰি নাহিলা।” যিহোৱাই এই কথা কৈছে।
7 “Àti pẹ̀lú mo mú òjò dúró nígbà tí ìkórè ku oṣù mẹ́ta. Mo rán òjò sí ibùgbé kan ṣùgbọ́n kò rọ̀ sí ìlú mìíràn. Oko kan ní òjò; àwọn mìíràn kò ní ó sì gbẹ.
“শস্য দাবলৈ তিনি মাহ থাকোঁতেই মই তোমালোকৰ ওপৰত বৰষুণ পৰা বন্ধ কৰি দিলোঁ; এখন নগৰৰ ওপৰত বৰষুণ বৰষালোঁ আৰু আনখনত বৰষুণ বন্ধ কৰিলোঁ। এডোখৰ ভুমিয়ে বৰষুণ পালে আৰু আন এডোখৰে বৰষুণ নোপোৱাত শুকাই গ’ল।
8 Àwọn ènìyàn ń rìn láti ìlú kan sí ìlú mìíràn fún omi wọn kò rí mu tẹ́ wọn lọ́rùn, síbẹ̀ ẹ̀yin kò padà sí ọ̀dọ̀ mi,” ni Olúwa wí.
পানী খাবৰ কাৰণে দুই তিনিখন নগৰৰ লোকসকলে ঢলং পলং কৰি আন নগৰলৈ গ’ল, কিন্তু যথেষ্ট পানী নাপালে। তথাপিও তোমালোক মোলৈ ঘূৰি নাহিলা।” যিহোৱাই এই কথা কৈছে।
9 “Lọ́pọ̀ ìgbà ni mo kọlu ọgbà àti ọgbà àjàrà yín mo fi ìrẹ̀dànù àti ìmúwòdù lù wọ́n. Eṣú sì jẹ igi ọ̀pọ̀tọ́ àti igi olifi yín, síbẹ̀ ẹ̀yin kò yípadà sí mi,” ni Olúwa wí.
“মই তোমালোকৰ শস্যবোৰ শুকাই যোৱা ৰোগ আৰু ভেঁকুৰ ধৰা ৰোগেৰে আঘাত কৰিলোঁ; তোমালোকৰ বাগানসমূহ, দ্ৰাক্ষাবাৰীবোৰ, ডিমৰু আৰু জিত গছবোৰ কাকতি ফৰিঙে খাই ধ্বংস কৰিলে; তথাপি তোমালোকে মোলৈ ঘূৰি নাহিলা।” যিহোৱাই এই কথা কৈছে।
10 “Mo rán àjàkálẹ̀-ààrùn sí i yín bí mo ti ṣe sí Ejibiti. Mo fi idà pa àwọn ọ̀dọ́mọkùnrin yín. Pẹ̀lú àwọn ẹṣin tí a kó ní ìgbèkùn. Mo kún imú yín fún òórùn ibùdó yín, síbẹ̀ ẹ̀yin kò yípadà sí mi,” ni Olúwa wí.
১০মিচৰলৈ যেনেকৈ পঠাইছিলো, তেনেকৈ “মই তোমালোকৰ মাজলৈ মহামাৰী পঠালোঁ; তোমালোকৰ যুবকসকলক মই তৰোৱালৰ দ্বাৰাই বধ কৰিলোঁ; তোমালোকৰ ঘোঁৰাবোৰ লৈ গলোঁ; তোমালোকৰ ছাউনিৰ দু্ৰ্গন্ধ তোমালোকৰ নাকত সুমুৱাই দিলোঁ; তথাপি তোমালোকে মোলৈ ঘূৰা নাই।” যিহোৱাই এই কথা কৈছে।
11 “Mo ti bì ṣubú nínú yín, bí Ọlọ́run ti bi Sodomu àti Gomorra ṣubú ẹ̀yin sì dàbí ògúnná tí a fa yọ kúrò nínú iná, síbẹ̀ ẹ̀yin kò yípadà sí mi,” ni Olúwa wí.
১১মই, তোমালোকৰ ঈশ্বৰে চদোম আৰু ঘমোৰাক যেনেকৈ ধ্বংস কৰিছিলোঁ, তোমালোককো সেইদৰে ধ্বংস কৰিলোঁ। তোমালোক জুইৰ পৰা উলিয়াই অনা আধা পোৰা কাঠৰ নিচিনা থ’লো, তথাপিও তোমালোকে মোলৈ ঘূৰা নাই।” যিহোৱাই এই কথা কৈছে।
12 “Nítorí náà, èyí ni ohun tí èmi yóò ṣe sí i yín, Israẹli, àti nítorí tí èmi ó ṣe èyí sí i yín, ẹ múra láti pàdé Ọlọ́run yín, ẹ̀yin Israẹli.”
১২সেই কাৰণে, হে ইস্ৰায়েলৰ লোক সমূহ, মই তোমালোকলৈ ভয়ানক কিবা এটা ব্যৱহাৰ কৰিম; মই ভয়ানক ব্যৱহাৰ কৰিম বাবে হে ইস্রায়েলবাসী, তোমালোকে নিজ ঈশ্বৰৰ লগত সাক্ষাৎ হ’বলৈ যুগুত হোৱা।
13 Ẹni tí ó dá àwọn òkè tí ó dá afẹ́fẹ́ tí ó sì fi èrò rẹ̀ hàn sí ènìyàn, ẹni tí ó yípadà sí òkùnkùn tí ó sì tẹ ibi gíga ayé. Olúwa Ọlọ́run àwọn ọmọ-ogun ni orúkọ rẹ̀.
১৩কাৰণ চোৱা, যি জনাই পর্বতবোৰ নিৰ্ম্মাণ কৰে, বতাহ সৃষ্টি কৰে আৰু মানুহৰ ওচৰত নিজৰ ভাব প্ৰকাশ কৰে; যি জনাই ৰাতিপুৱাৰ পোহৰক অন্ধকাৰ কৰে আৰু পৃথিবীৰ উচ্চস্থানবোৰত অহা-যোৱা কৰে, তেওঁৰ নাম বাহিনীগণৰ ঈশ্বৰ যিহোৱা।

< Amos 4 >