< Acts 2 >

1 Nígbà tí ọjọ́ Pentikosti sì dé, gbogbo wọn fi ọkàn kan wà ní ibìkan.
পঞ্চাশ-দিনীয়া পৰ্বৰ দিনা যীচুৱে মনোনীত কৰা পাঁচনি সকল এঠাইত একেলগে গোট খাই আছিল।
2 Lójijì ìró sì ti ọ̀run wá, gẹ́gẹ́ bí ìró ẹ̀fúùfù líle, ó sì kún gbogbo ilé níbi tí wọ́n gbé jókòó.
সেই সময়ত অতিশয় বেগেৰে ধুমুহা বতাহ ব’লাৰ নিচিনা এটা শব্দ স্বৰ্গৰ পৰা অকস্মাতে আহি যি ঘৰত পাঁচনি সকল বহি আছিল, সেই গোটেই ঘৰটো জুৰিলে।
3 Ẹ̀là ahọ́n bí i iná sì yọ sí wọn, ó pín, ó sì bà lé olúkúlùkù wọn.
তেতিয়া তেওঁলোকৰ আগত জিভাৰ সদৃশ জুই ওলাই প্ৰতিজনৰ ওপৰত ৰৈ থাকিল।
4 Gbogbo wọn sì kún fún Ẹ̀mí Mímọ́, wọn sì bẹ̀rẹ̀ sí í fi èdè mìíràn sọ̀rọ̀, gẹ́gẹ́ bí Ẹ̀mí ti fi fún wọn ni ohùn.
সেই সময়ত তেওঁলোক সকলোৱে পবিত্ৰ আত্মাৰে পূৰ হৈ, আত্মাই নিৰ্দেশ দিয়াৰ দৰে আন আন ভাষাৰে কথা কবলৈ ধৰিলে।
5 Àwọn Júù olùfọkànsìn láti orílẹ̀-èdè gbogbo lábẹ́ ọ̀run sì ń gbé Jerusalẹmu.
সেই সময়ত যিৰূচালেমত বাস কৰা ইহুদী লোক আৰু আকাশৰ তলত থকা সকলো দেশৰ পৰা অহা ধৰ্মীয় ভক্ত সকল সেই ঠাইত আছিল।
6 Nígbà tí wọn sì gbọ́ ìró yìí, ọ̀pọ̀lọpọ̀ ènìyàn péjọ pẹ̀lú ìyàlẹ́nu, nítorí tí olúkúlùkù gbọ́ tí wọ́n ń sọ̀rọ̀ ní èdè rẹ̀.
যেতিয়া স্বৰ্গৰ পৰা অহা সেই শব্দ তেওঁলোকে শুনিবলৈ পালে, তেতিয়া তেওঁলোক একগোট হ’ল আৰু প্ৰতিজনে তেওঁলোকৰ নিজ ভাষাৰে পাঁচনি সকলক কথা কোৱা শুনি কিংকৰ্তব্যবিমূঢ় হ’ল;
7 Ẹnu sì yà wọ́n, wọn ń wí fún ara wọn pé, “Ǹjẹ́ ara Galili kọ́ ni gbogbo àwọn tí ń sọ̀rọ̀ wọ̀nyí jẹ́?
তাতে তেওঁলোকে বিস্ময় মানিলে আৰু আচৰিত হৈ নিজৰ মাজতে ভুৰভুৰালে আৰু ক’লে, “যি সকলে এই কথা কৈছে, তেওঁলোক গালীলীয়া মানুহ নহয় নে?
8 Èéha sì tí ṣe ti olúkúlùkù wa fi ń gbọ́ bí wọ́n tí ń fi èdè sọ̀rọ̀?
যদি সেয়ে সত্য হয়, তেনেহলে আমি প্ৰতিজনে নিজ নিজ মাতৃ-ভাষাত কেনেকৈ শুনিবলৈ পাইছোঁ?”
9 Àwọn ará Partia, àti Media, àti Elamu; àti àwọn tí ń gbé Mesopotamia, Judea, àti Kappadokia, Pọntu àti Asia.
পাৰ্থিয়া, মাদিয়া, এলাম, মেচোপতেমিয়া, যিহূদা, কোপ্পাদকিয়া, পন্ত, এচিয়া,
10 Frigia, àti Pamfilia, Ejibiti, àti agbègbè Libia níhà Kirene; àti àwọn àtìpó Romu, àwọn Júù àti àwọn aláwọ̀ṣe Júù
১০ফিৰুগিয়া, পাম্ফুলিয়া, মিচৰ, এই সকলো দেশৰ মানুহ আৰু কুৰীণীৰ ওচৰৰ লুবিয়াৰ সীমাত থকা সকল, ৰোম নগৰৰ পৰা অহা ইহুদী সকল আৰু ইহুদী ধৰ্ম লোৱা বিদেশী লোক সকল,
11 (àti àwọn Júù àti àwọn tí a ti ipa ẹ̀sìn sọ di Júù); àwọn ará Krete àti Arabia; àwa gbọ́ tí wọ́n sọ̀rọ̀ iṣẹ́ ìyanu ńlá Ọlọ́run ni èdè wa.”
১১ক্ৰীত আৰু আৰব দেশৰ মানুহবোৰে নিজ নিজ মাতৃ-ভাষাত ঈশ্বৰৰ মহৎ আচৰিত কাৰ্যৰ কথা কৈ থকা শুনিবলৈ পোৱাত
12 Ẹnu sì ya gbogbo wọn, wọ́n sì wárìrì. Wọn wí fún ara wọn pé, “Kí ni èyí túmọ̀ sí?”
১২তেওঁলোকে বিস্ময় মানি সংশয় মনেৰে কোৱা-কুই কৰি ক’লে, “এই সকলোবোৰৰ অৰ্থ কি?”
13 Ṣùgbọ́n àwọn ẹlòmíràn ń ṣẹ̀fẹ̀, wọn sí wí pé, “Àwọn ọkùnrin wọ̀nyí kún fún wáìnì tuntun”.
১৩কিন্তু কিছু সংখ্যক লোকে ক’লে, “এইবোৰ মানুহ নতুন দ্ৰাক্ষাৰস পান কৰি মতলীয়া হৈছে।”
14 Nígbà náà ni Peteru dìde dúró pẹ̀lú àwọn mọ́kànlá yòókù, ó gbé ohùn rẹ̀ sókè, ó sì wí fún wọn pé, “Ẹ̀yin Júù ènìyàn mi àti gbogbo ẹ̀yin tí ń gbé Jerusalẹmu, ẹ jẹ́ kí èyí kí ó yé yin; kí ẹ sì fetísí ọ̀rọ̀ mi.
১৪তেতিয়া পিতৰে এঘাৰ জন পাঁচনিৰে সৈতে থিয় হৈ বৰ মাতেৰে ক’লে, “হে যিহুদী লোক সকল, হে আটাই যিৰূচালেম নিবাসী সকল, এই কথা আপনালোকৰ জ্ঞাত হওক আৰু মোৰ কথালৈ কাণ দিয়ক।
15 Àwọn wọ̀nyí kò mu ọtí yó, bí ẹ̀yin tí rò ó; wákàtí kẹta ọjọ́ sá à ni èyí.
১৫আপোনালোকে যেনেকৈ ভাবিছে, তেনেকৈ এওঁলোক মতলীয়া নহয়, কাৰণ এতিয়া পুৱাৰ ন মানহে বাজিছে৷
16 Bẹ́ẹ̀ kọ́, èyí ni ọ̀rọ̀ ti a ti sọ láti ẹnu wòlíì Joẹli wá pé:
১৬কিয়নো এই সকলো কথা যোৱেল ভাববাদীৰ যোগে কোৱা হৈছিলঃ
17 “Ọlọ́run wí pé, ‘Ní ìkẹyìn ọjọ́, Èmi yóò tú nínú Ẹ̀mí mí jáde sára ènìyàn gbogbo, àwọn ọmọ yín ọkùnrin àti àwọn ọmọ yín obìnrin yóò máa sọtẹ́lẹ̀ àwọn ọ̀dọ́mọkùnrin yín yóò sì máa ríran, àwọn arúgbó yín yóò sì máa lá àlá,
১৭‘ঈশ্বৰে কৈছে, শেষৰ দিনা সকলো মানুহৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তোমালোকৰ সতি-সন্ততি সকলে ভাববাণী প্ৰচাৰ কৰিব, তোমালোকৰ যুৱক সকলে দৰ্শন পাব, তোমালোকৰ বৃদ্ধ লোক সকলে সপোন দেখিব।
18 àti sára àwọn ọmọ ọ̀dọ̀ mi ọkùnrin àti sára àwọn ọmọ ọ̀dọ̀ mi obìnrin, ni Èmi yóò tú nínú Ẹ̀mí mi jáde ni ọjọ́ wọ̀n-ọn-nì: wọn yóò sì máa sọtẹ́lẹ̀.
১৮আৰু সেই কালত মই তোমালোকৰ দাস, দাসী সকলৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তেওঁলোকে ভাববাণী প্ৰচাৰ কৰিব,
19 Èmi yóò sì fi iṣẹ́ ìyanu hàn lójú ọ̀run, àti àwọn àmì nísàlẹ̀ ilẹ̀; ẹ̀jẹ̀ àti iná àti rírú èéfín;
১৯আৰু মই আকাশত অদ্ভুত লক্ষণ আৰু পৃথিৱীতো নানা পৰাক্ৰমৰ চিন যেনে, তেজ, জুই আৰু ধোঁৱা স্বৰূপ মেঘ দেখুৱাম৷
20 A ó sọ oòrùn di òkùnkùn, àti òṣùpá di ẹ̀jẹ̀, kí ọjọ́ ńlá àti ọjọ́ ológo Olúwa tó dé.
২০প্ৰভুৰ সেই মহৎ আৰু প্ৰসিদ্ধ দিন অহাৰ পুৰ্বেই, সূৰ্য আন্ধাৰ আৰু চন্দ্ৰ তেজৰ দৰে হ’ব।
21 Yóò sì ṣe, ẹnikẹ́ni tí ó bá ké pe orúkọ Olúwa ni a ó gbàlà.’
২১কিন্তু যি কোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে, সি পৰিত্ৰাণ পাব।’
22 “Ẹ̀yin ènìyàn Israẹli, ẹ gbọ́ ọ̀rọ̀ wọ̀nyí; Jesu tí Nasareti, ọkùnrin tí a mọ̀ láti ọ̀dọ̀ Ọlọ́run wá nípa iṣẹ́ agbára àti tí ìyanu, àti àmì ti Ọlọ́run ti ọwọ́ rẹ̀ ṣe láàrín yín, bí ẹ̀yin tìkára yín ti mọ̀ pẹ̀lú.
২২হে ইস্ৰায়েলী লোক সকল, এই কথাবোৰ শুনক; নাচৰতীয়া যীচু আপোনালোকলৈ ঈশ্বৰৰ মনোনীত জন যে হয়, এই বিষয়ে আপোনালোকে জানি আছে। ঈশ্বৰে যে তেওঁৰ দ্বাৰাই আচৰিত আৰু অদ্ভুত কৰ্ম আৰু চিন অাপোনালোকৰ আগত দেখুৱালে, সেয়াও আপোনালোকে জানে৷
23 Ẹni tí a ti fi lé yín lọ́wọ́ nípa ìpinnu ìmọ̀ àti ìmọ̀tẹ́lẹ̀ Ọlọ́run; àti ẹ̀yin pẹ̀lú, tí a sì pa á pẹ̀lú ìrànlọ́wọ́ àwọn ènìyàn búburú, a kàn mọ́ àgbélébùú.
২৩কাৰণ ঈশ্বৰৰ দ্বাৰা তেওঁ নিৰ্ণীত আৰু পূৰ্বজ্ঞানেৰে তেওঁক তোলা হ’ল, কিন্তু আপোনালোকে তেওঁক বিধানহীনৰ হাতৰ দ্বাৰাই ক্ৰুচত তুলি বধ কৰিলে।
24 Ṣùgbọ́n Ọlọ́run jí dìde kúrò nínú òkú, gbà á kúrò nínú ìrora ikú, nítorí tí kò ṣe é ṣe fún ikú láti dìímú.
২৪কিন্তু ঈশ্বৰে তেওঁক মৃত্যুৰ যাতনাৰ পৰা মুক্ত কৰি জীয়ালে, কিয়নো তেওঁ মৃত্যুৰ বন্ধনত থকা অসাধ্য।
25 Dafidi tí wí nípa tirẹ̀ pé: “‘Mo rí Olúwa nígbà gbogbo níwájú mí, nítorí tí ó ń bẹ lọ́wọ́ ọ̀tún mi, a kì ó ṣí mi ní ipò.
২৫তেওঁৰ বিষয়ে দায়ুদে কৈছিল, বোলে, ‘মই সদায় প্ৰভুক মোৰ সন্মুখত দেখিলোঁ; মই লৰচৰ নহবলৈ তেওঁ মোৰ সোঁফালে থাকে;
26 Nítorí náà inú mi dùn, ahọ́n mi sì yọ̀, pẹ̀lúpẹ̀lú ara mi yóò sì sinmi ní ìrètí.
২৬এই হেতুকে মোৰ মন আনন্দিত হৈছে, মোৰ জিভাই উল্লাস কৰিছে, আৰু মোৰ শৰীৰেও ভাৰসাৰে বাস কৰিব;
27 Nítorí tí ìwọ kí yóò fi ọkàn mi sílẹ̀ ni isà òkú, bẹ́ẹ̀ ni ìwọ kí yóò jẹ́ kí Ẹni Mímọ́ rẹ rí ìdíbàjẹ́. (Hadēs g86)
২৭কিয়নো তুমি মৃতলোকত মোৰ আত্মাক নেৰিবা, আৰু তোমাৰ পবিত্ৰ জনক ক্ষয় পাবলৈ নিদিবা৷ (Hadēs g86)
28 Ìwọ mú mi mọ ọ̀nà ìyè, ìwọ yóò mú mi kún fún ayọ̀ ni iwájú rẹ.’
২৮তুমি মোক জীৱনৰ পথ দেখুৱাবা আৰু তোমাৰ সন্মুখত যি আনন্দ, তাৰে মোক পূৰ কৰিবা।’
29 “Ará, èmí lè sọ fún yín pẹ̀lú ìgboyà pé Dafidi baba ńlá kú, a sì sin ín, ibojì rẹ̀ sì ń bẹ lọ́dọ̀ wa títí di òní yìí.
২৯হে ভাইসকল, পিতৃ কুলপতি দায়ুদৰ কথা আপোনালোকৰ আগত স্পষ্টকৈ কব পাৰোঁ যে, তেওঁ মৰিল আৰু তেওঁক মৈদামত থোৱা হ’ল, তেওঁৰ সেই মৈদাম আজিলৈকে আমাৰ মাজত আছে৷
30 Ṣùgbọ́n ó jẹ́ wòlíì, àti bí ó mọ́ pé, Ọlọ́run ti ṣe ìlérí fún òun nínú ìbúra pé nínú irú-ọmọ inú rẹ̀, òun yóò mú ọ̀kan jókòó lórí ìtẹ́ rẹ̀.
৩০কিন্তু নিজে এজন ভাববাদী হৈ তেওঁৰ বংশৰ পৰা এজনক তেওঁৰ সিংহাসনত বহুৱাবলৈ, ঈশ্বৰে শপত খাই যি প্ৰতিজ্ঞা কৰিছিল,
31 Ní rí rí èyí tẹ́lẹ̀, ó sọ ti àjíǹde Kristi, pé a kò fi ọkàn rẹ̀ sílẹ̀ ni isà òkú, bẹ́ẹ̀ ni ara rẹ̀ kò rí ìdíbàjẹ́. (Hadēs g86)
৩১সেই প্ৰতিজ্ঞাৰ বিষয়ে জানিবলৈ পোৱাত, ভবিষ্যতৰ ঘটনালৈ চাই খ্ৰীষ্টৰেই পুনৰুত্থানৰ বিষয়ে ক’লে যে, ‘তেওঁক মৃতলোকত ত্যাগ কৰা নহ’ল আৰু তেওঁৰ শৰীৰো ক্ষয় নাপালে৷’ (Hadēs g86)
32 Jesu náà yìí ni Ọlọ́run ti jí dìde sí ìyè, àwa pẹ̀lú sì jẹ́rìí sí èyí.
৩২সেই যীচুকে ঈশ্বৰে পুনৰায় মৈদামৰ পৰা জীৱিত কৰিলে, সেই ঘটনাৰ সাক্ষী আমি আছোঁ৷
33 A ti gbéga sí ọwọ́ ọ̀tún Ọlọ́run, ó ti gba ìlérí Ẹ̀mí Mímọ́ láti ọ̀dọ̀ Baba, ó tu èyí tí ẹ̀yin rí àti gbọ́ nísinsin yìí síta.
৩৩এতেকে উত্তোলিত হৈ ঈশ্বৰৰ সোঁ হাতে ওখ পদ পাই আৰু পবিত্ৰ আত্মাৰ বিষয়ে পিতৃৰ পৰা প্ৰতিজ্ঞা পাই আপোনালোকে যি দেখিছে আৰু শুনি আছে, এইবোৰ তেওঁ বাকি দিলে৷
34 Nítorí Dafidi kò gòkè lọ sí ọ̀run ṣùgbọ́n òun tìkára rẹ̀ wí pé, “‘Olúwa sọ fún Olúwa mi pé: “Jókòó ní ọwọ́ ọ̀tún mi
৩৪কিয়নো দায়ুদ হ’লে স্বৰ্গলৈ উঠা নাই, কিন্তু তেওঁ নিজেই এই কথা ক’লে, “প্ৰভুৱে মোৰ প্ৰভুক ক’লে, মোৰ সোঁফালে বহি থাকা,
35 títí èmi yóò fi sọ àwọn ọ̀tá rẹ dí àpótí ìtìsẹ̀ fún ẹsẹ̀ rẹ.”’
৩৫“যেতিয়ালৈকে মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ।”
36 “Ǹjẹ́ kí gbogbo ilé Israẹli mọ̀ dájúdájú pé, Ọlọ́run ti fi Jesu náà, ti ẹ̀yin kàn mọ́ àgbélébùú, ṣe Olúwa àti Kristi.”
৩৬এই কাৰণে ইস্ৰায়েলৰ সকলো মানুহে ইয়াক নিশ্চয়কৈ জনা উচিত যে, যি জনক অৰ্থাৎ যি জন যীচুক আপোনালোকে ক্রুচত দিলে, ঈশ্বৰে হলে তেওঁক প্ৰভু আৰু খ্ৰীষ্ট পাতিলে।
37 Nígbà tí wọ́n sì gbọ́, ọkàn wọn gbọgbẹ́, wọn sì wí fún Peteru àti àwọn aposteli yòókù pé, “Ará, kín ni àwa yóò ṣe?”
৩৭এই কথা শুনি তেওঁলোকৰ হৃদয় বিন্ধাত, পিতৰ আৰু আন পাঁচনি সকলক তেওঁলোকে কলে, “হে ভাই সকল, আমি এতিয়া কি কৰিম?”
38 Peteru sì wí fún wọn pé, “Ẹ ronúpìwàdà, kí a sì bamitiisi olúkúlùkù yín ní orúkọ Jesu Kristi fún ìdáríjì ẹ̀ṣẹ̀ yín. Ẹ̀yin yóò sì gba ẹ̀bùn Ẹ̀mí Mímọ́.
৩৮তেতিয়া পিতৰে তেওঁলোকক কলে, “আপোনালোকে পাপ ক্ষমা পাবলৈ অনুতপ্ত হওক আৰু যীচু খ্ৰীষ্টৰ নামেৰে প্ৰতিজনে বাপ্তিস্ম গ্ৰহণ কৰক, তেনে কৰিলেহে আপোনালোকে পবিত্ৰ আত্মা পাব৷
39 Nítorí fún yín ni ìlérí náà, àti fún àwọn ọmọ yín, àti fún gbogbo àwọn tí ó jìnnà réré, àní gbogbo àwọn tí Olúwa Ọlọ́run wa yóò pè.”
৩৯কিয়নো আপোনালোক আৰু আপোনালোকৰ সন্তান সকললৈ আৰু দূৰৈত থকা লোক সকলৰ কাৰণেও এই প্ৰতিজ্ঞা আছে যে, আমাৰ প্ৰভু পৰমেশ্বৰে সকলোকে নিমন্ত্ৰণ কৰিব।
40 Pẹ̀lú ọ̀rọ̀ púpọ̀ mìíràn ni ó fi ń kìlọ̀ tí ó sì ń fi ń rọ̀ wọ́n wí pé, “Ẹ gba ara yín là lọ́wọ́ ìran àrékérekè yìí.”
৪০ইয়াৰ উপৰি তেওঁ ভালেমান কথাৰে সাক্ষ্য দি তেওঁলোকক উদগণি দিলে আৰু ক’লে, “এই কুটিল লোকৰ পৰা নিজকে ৰক্ষা কৰক।”
41 Nítorí náà àwọn tí ó fi ayọ̀ gba ọ̀rọ̀ rẹ̀ a bamitiisi wọn, lọ́jọ́ náà a sì kà ìwọ̀n ẹgbẹ̀rún mẹ́ta ọkàn kún wọn.
৪১তেতিয়া তেওঁলোকে তেওঁৰ কথা গ্ৰহণ কৰি বাপ্তিস্ম ললে আৰু সেই দিনাই প্ৰায় তিনি হাজাৰ লোকক তেওঁলোকৰ লগত লগ লগোৱা হ’ল৷
42 Wọ́n sì dúró ṣinṣin nínú ẹ̀kọ́ àwọn aposteli, àti ní ìdàpọ̀, ní bíbu àkàrà àti nínú àdúrà.
৪২পাছত তেওঁলোকে পাঁচনি সকলৰ উপদেশত, সহভাগিতাত, পিঠা ভঙাত আৰু প্ৰাৰ্থনাত লাগি থাকিল।
43 Ẹ̀rù sí ba gbogbo ọkàn; iṣẹ́ ìyanu àti iṣẹ́ àmì púpọ̀ ni a ti ọwọ́ àwọn aposteli ṣe.
৪৩তাতে পাঁচনি সকলৰ দ্বাৰাই অনেক অদ্ভুত লক্ষণ আৰু আচৰিত চিন যেতিয়া দেখুওঁৱা হ’ল, তেতিয়া সকলো লোকৰ ভয় লাগিল
44 Gbogbo àwọn tí ó sì gbàgbọ́ wà ni ibìkan, wọn ní ohun gbogbo sọ́kàn;
৪৪আৰু বিশ্বাস কৰা সকলোৱে একলগ হৈ সকলো সম্পত্তি উমৈহতীয়াকৈ ভাগ কৰিলে।
45 Wọn si ń ta ohun ìní àti ẹrù wọn, wọn sì ń pín wọn fún olúkúlùkù, gẹ́gẹ́ bí ẹnikẹ́ni tí í ṣe aláìní sí.
৪৫আৰু তেওঁলোকৰ স্হাৱৰ আৰু অস্হাৱৰ সম্পত্তি বেচি যাৰ যি প্ৰয়োজন, সেইদৰে সকলোকে ভগাই দিলে।
46 Wọ́n fi ọkàn kan dúró lójoojúmọ́ nínú tẹmpili. Wọ́n ń bu àkàrà ní ilé wọn, wọn ń fi inú dídùn àti ọkàn òtítọ́ jẹ oúnjẹ wọn.
৪৬তাৰ পাছত সকলোৱে এক উদ্দেশ্যেত সদায় মন্দিৰলৈ গৈ থাকিল আৰু ঘৰে ঘৰে পিঠা ভাঙি ঈশ্বৰৰ স্তুতি কৰি, সকলোৱে আনন্দেৰে আৰু নম্ৰ হৃদয়েৰে খোৱা-বোৱা কৰিলে;
47 Wọ́n yín Ọlọ́run, wọn sì rí ojúrere lọ́dọ̀ ènìyàn gbogbo, Olúwa sí ń yàn kún wọn lójoojúmọ́, àwọn tí à ń gbàlà.
৪৭আৰু ঈশ্বৰৰ স্তুতি কৰি সকলো লোকৰ আদৰৰ পাত্ৰ হ’ল৷ প্ৰভুৱে দিনে দিনে পৰিত্ৰাণ পোৱা লোক সকলক তেওঁলোকৰ লগত লগ লগাই দিলে।

< Acts 2 >