< Acts 18 >
1 Lẹ́yìn nǹkan wọ̀nyí, Paulu jáde kúrò ni Ateni lọ sí Kọrinti.
১ইয়াৰ পাছত পৌলে আথিনী এৰি কৰিন্থলৈ গ’ল।
2 Ó sì rí Júù kan tí a ń pè ní Akuila, tí a bí ni Pọntu, tí ó ti Itali dé ní lọ́ọ́lọ́ọ́, pẹ̀lú Priskilla aya rẹ̀; nítorí tí Kilaudiu pàṣẹ pé, kí gbogbo àwọn Júù jáde kúrò ní Romu. Ó sì tọ̀ wọ́n lọ láti rí wọn.
২তাতে তেওঁ পন্ত দেশত জন্মা আক্কিলা নামৰ এজন ইহুদীক দেখা পালে; সেই সময়ত তেওঁ, তেওঁৰ ভার্যা প্ৰিষ্কিলাক লৈ ইটালী দেশৰ পৰা আহিছিল, কাৰণ ক্লৌদিয়ই সকলো ইহুদীকে ৰোম এৰি যাবলৈ নির্দেশ দিছিল। পৌল তেওঁলোকৰ ওচৰলৈ আহিল।
3 Nítorí tí òun náà jẹ́ oníṣẹ̀-ọwọ́ kan náà, ó bá wọn jókòó, ó sì ń ṣiṣẹ́: nítorí àgọ́ pípa ni iṣẹ́ ọwọ́ wọn.
৩তেওঁলোক যিহেতু ব্যৱসায়ত পৌলৰ দৰে তম্বু বনোৱা লোক আছিল, সেয়েহে পৌলে তেওঁলোকৰ লগতে থাকি কাম কৰিবলৈ ধৰিলে।
4 Ó sì ń fi ọ̀rọ̀ wé ọ̀rọ̀ pẹ̀lú wọn nínú Sinagọgu lọ́jọjọ́ ìsinmi, ó sì ń yí àwọn Júù àti àwọn Giriki lọ́kàn padà.
৪প্রত্যেক বিশ্রামবাৰে পৌলে নাম-ঘৰত যুক্তি-পৰামর্শৰে ইহুদী আৰু গ্রীক সকলক বিশ্ৱাস কৰিবলৈ প্রত্যয় জন্মায়।
5 Nígbà tí Sila àti Timotiu sì tí Makedonia wá, ọ̀rọ̀ náà ká Paulu lára, ó ń fihàn fún àwọn Júù pé, Jesu ni Kristi náà.
৫চীল আৰু তীমথিয় মাকিদনিয়া দেশৰ পৰা অহাৰ পাছত পৌলে আত্মাৰ দ্বাৰা অনুপ্রাণিত হৈ ঘোষণা কৰিলে আৰু ইহুদী সকলৰ আগত যীচুৱেই যে খ্রীষ্ট হয়, সেই সাক্ষ্য দিলে
6 Nígbà tí wọ́n sì sàtakò rẹ̀, tí wọ́n sì sọ̀rọ̀-òdì, ó gbọ́n aṣọ rẹ̀, ó sì wí fún wọn pé, “Ẹ̀jẹ̀ yin ń bẹ lórí ara yin; ọrùn mi mọ́: láti ìsinsin yìí lọ, èmi yóò tọ àwọn aláìkọlà lọ.”
৬যেতিয়া ইহুদী সকলে পৌলৰ বিৰুদ্ধাচৰণ কৰি তেওঁক অপমান কৰিবলৈ ধৰিলে, তেতিয়া পৌলে তেওঁলোকৰ ফালে নিজৰ কাপোৰ জোকাৰি ক’লে, “আপোনালোকৰ তেজৰ দায় আপোনালোকৰ মূৰৰ ওপৰতে থাকক; মই নিৰ্দোষী। এতিয়াৰ পৰা মই অনা-ইহুদী সকলৰ ওচৰলৈ যাওঁ।”
7 Ó sì lọ kúrò níbẹ̀, ó wọ ilé ọkùnrin kan tí a ń pé ní Titu Justu, ẹni tí o ń sin Ọlọ́run; ilé rẹ̀ sì wà lẹ́gbẹ̀ Sinagọgu tímọ́tímọ́.
৭পাছত, তেওঁ তাৰ পৰা গৈ ঈশ্বৰৰ উপাসনা কৰা তীত-যুষ্ট নামেৰে এজনৰ ঘৰত উপস্থিত হ’ল৷ তেওঁৰ ঘৰ নাম-ঘৰৰ কাষতে আছিল।
8 Krisipu, olórí Sinagọgu, sì gba Olúwa gbọ́ pẹ̀lú gbogbo ilé rẹ̀, àti ọ̀pọ̀ nínú àwọn ara Kọrinti, nígbà tí wọ́n gbọ́, wọ́n gbàgbọ́, a sì bamitiisi wọn.
৮পৌলৰ কথা শুনি নাম-ঘৰৰ অধিকাৰী ক্ৰীষ্পে আৰু তেওঁৰ ঘৰৰ সকলোৱে প্ৰভুত বিশ্বাস কৰি বাপ্তিস্ম গ্ৰহণ কৰিলে৷ কৰিন্থীয়া সকলৰ মাজৰ বহুলোকে তেওঁৰ পৰা শুভবাৰ্তা শুনি বাপ্তিস্ম গ্ৰহণ কৰিলে।
9 Olúwa sì sọ fún Paulu lóru ni ojúran pé, “Má bẹ̀rù, ṣá máa sọ, má sì ṣe pa ẹnu rẹ̀ mọ́.
৯প্ৰভুৱে ৰাতি পৌলক দৰ্শন দি কলে “তুমি ভয় নকৰিবা, মনে মনে নাথাকি, প্ৰচাৰ কৰা;
10 Nítorí tí èmí wà pẹ̀lú rẹ, kò sì sí ẹni tí yóò dìde sí ọ láti pa ọ lára: nítorí mo ní ènìyàn púpọ̀ ni ìlú yìí.”
১০মই তোমাৰ লগত আছোঁ, কোনেও তোমাক হানি কৰিব নোৱাৰে, মোৰ বহু লোক এই নগৰত আছে৷’’
11 Ó sì jókòó níbẹ̀ ní ọdún kan àti oṣù mẹ́fà, ó ń kọ́ni ní ọ̀rọ̀ Ọlọ́run láàrín wọn.
১১তাতে পৌলে এবছৰ ছয় মাহ তেওঁলোকৰ মাজত থাকি ঈশ্বৰৰ বাক্য শিকালে।
12 Nígbà tí Gallioni sì jẹ baálẹ̀ Akaia, àwọn Júù fi ìfìmọ̀ṣọ̀kan dìde sí Paulu wọn sì mú un wá síwájú ìtẹ́ ìdájọ́.
১২তেতিয়া গাল্লিয়ো আখায়া দেশৰ অধিপতি হৈ থকা সময়ত ইহুদী সকলে, পৌলৰ বিপক্ষে উঠি, তেওঁক বিচাৰৰ আসনৰ সন্মূখলৈ আনিলে;
13 Wọ́n wí pé, “Ọkùnrin yìí ń yí àwọn ènìyàn lọ́kàn padà, láti máa sin Ọlọ́run lòdì sí òfin.”
১৩তেওঁলোকে কলে, “এই লোক জনে বিধানৰ বিৰুদ্ধে গৈ ঈশ্বৰৰ উপাসনা কৰিবলৈ মানুহবোৰক উচটনি দিছে।”
14 Nígbà tí Paulu ń fẹ́ dáhùn, Gallioni wí fún àwọn Júù pé, “Ìbá ṣe pé ọ̀ràn búburú tàbí tí jàgídíjàgan kan ni, èmi ìbá gbè yín, ẹ̀yin Júù,
১৪পৌলে যেতিয়া কথা কবলৈ ইচ্ছা কৰিলে, তেতিয়া গাল্লিয়োৱে ইহুদী সকলৰ উদ্দেশ্যে কলে, “হে ইহুদী সকল, এয়ে অন্যায় বা আপত্তি জনক গোচৰ হোৱা হলে, মই তোমালোকৰ ওজৰ আপত্তি মানিলো হয়।
15 Ṣùgbọ́n bí ó ti ṣe ọ̀ràn nípa ọ̀rọ̀ àti orúkọ, àti ti òfin yín ni, ki ẹ̀yin bojútó o fúnra yín; nítorí tí èmi kò fẹ́ ṣe onídàájọ́ nǹkan báwọ̀nyí.”
১৫কিন্তু এই সকলো প্ৰশ্ন তোমালোকৰ বাক্য, নাম বা বিধানৰ বাদ-বিচাৰৰ কাৰণেহে ব্যৱহাৰ হয়, তেনেহলে এই বিষয়ে তোমালোকে নিজে বিচাৰ কৰি চাবা, এই বিষয়ে বিচাৰ কৰিবলৈ মই উৎসাহিত নহওঁ৷”
16 Ó sì lé wọn kúrò ní ibi ìtẹ́ ìdájọ́.
১৬পাছত গেল্লিয়োৱে তেওঁলোকক বিচাৰৰ আসনৰ পৰা আতৰ কৰিলে।
17 Gbogbo àwọn Giriki sì mú Sostene, olórí Sinagọgu, wọ́n sì lù ú níwájú ìtẹ́ ìdájọ́. Gallioni kò sì bìkítà fún nǹkan wọ̀nyí.
১৭তাতে তেওঁলোকে নাম-ঘৰৰ অধিকাৰী চোস্থিনিক বলপূর্ব্বক ধৰি আনি বিচাৰৰ আসনৰ ওচৰত মাৰধৰ কৰিলে, সিহঁতে কৰা কামবোৰত গাল্লিয়োৱে মনোযোগ নিদিলে।
18 Paulu sì dúró sí i níbẹ̀ lọ́jọ́ púpọ̀, nígbà tí ó sì dágbére fún àwọn arákùnrin, ó bá ọkọ̀ ojú omi lọ si Siria, àti Priskilla àti Akuila pẹ̀lú rẹ̀; ó tí fá orí rẹ̀ ni Kenkerea, nítorí tí ó ti jẹ́ ẹ̀jẹ́.
১৮পৌলে, সেই ঠাইতে বহু দিনলৈকে থাকি, ভাই সকলৰ পৰা বিদায় লৈ সাগৰীয় পথেদি চিৰিয়া দেশলৈ যাত্ৰা কৰিলে; তেওঁৰ লগত প্ৰিষ্কিলা আৰু আক্কিলাও গ’ল৷ তেওঁ কিংক্ৰিয়াত নিজৰ মূৰ খুৰাইছিল; কিয়নো তেওঁৰ কোনো সংকল্প আছিল।
19 Ó sì sọ̀kalẹ̀ wá sí Efesu, ó sì fi wọ́n sílẹ̀ níbẹ̀, ṣùgbọ́n òun tìkára rẹ̀ wọ inú Sinagọgu lọ, ó sì bá àwọn Júù fi ọ̀rọ̀ wé ọ̀rọ̀.
১৯ইয়াৰ পাছত তেওঁলোক যেতিয়া ইফিচ নগৰ পালে, প্ৰিষ্কিলা আৰু আক্কিলাক তাতে থাকিবলৈ দি পৌলে নিজে নাম-ঘৰত সোমাই ইহুদী সকলে সৈতে বাদ-বিচাৰ কৰিলে।
20 Nígbà tí wọ́n sì bẹ̀ ẹ́ pé, kí ó bá àwọn jókòó díẹ̀ sí i, ó kọ̀.
২০তাতে আৰু কিছুদিন থাকিবলৈ তেওঁলোকে পৌলক অনুৰোধ কৰিলে, কিন্তু তেওঁ অমান্তি হল।
21 Ṣùgbọ́n ó dágbére fún wọn, ó sì wí pé, “Èmi ó tún padà tọ̀ yín wá, bí Ọlọ́run bá fẹ́.” Ó sì lọ kúrò láti Efesu.
২১“ঈশ্বৰৰ ইচ্ছা হলে আপোনালোকৰ ওচৰলৈ আকৌ আহিম৷” এই বুলি কৈ, সাগৰীয় পথেদি ইফিচলৈ যাবৰ বাবে জাহাজেৰে যাত্ৰা কৰিলে।
22 Nígbà tí ó sì tí gúnlẹ̀ ni Kesarea, ó gòkè lọ si Jerusalẹmu láti kí ìjọ, lẹ́yìn náà ó sọ̀kalẹ̀ lọ sí Antioku.
২২পাছত চীজাৰিয়াত নামি, যিৰূচালেমলৈ গৈ মণ্ডলীক আন্তৰিক অভিনন্দন জনাই, তাৰ পৰা আন্তিয়খিয়ালৈ আহিল।
23 Nígbà tí ó sì gbé ọjọ́ díẹ̀ níbẹ̀, ó n lọ, láti káàkiri ni agbègbè Galatia àti Frigia, o ń mu àwọn ọmọ-ẹ̀yìn lọ́kàn le.
২৩তেওঁ কিছুদিন তাতে থাকি, তাৰ পৰা গালাতীয়া আৰু ফিৰুগিয়া দেশেদি ফুৰি ফুৰি সকলো শিষ্যক উৎসাহিত কৰিলে।
24 Júù kan sì wà tí a ń pè ni Apollo, tí a bí ni Alekisandiria, ó wá sí Efesu. Ó ní ẹ̀bùn ọ̀rọ̀ sísọ, ó sì mọ ìwé mímọ́ púpọ̀.
২৪সেই সময়ত আপল্লো নামেৰে এজন ইহুদী মানুহ ইফিচলৈ আহিছিল৷ তেওঁ আলেকজেন্দ্ৰিয়া নিবাসী, এজন সুবক্তা আৰু ধৰ্মশাস্ত্ৰৰ বিষয়বোৰত নিপূণ আছিল।
25 Ọkùnrin yìí ni a tí kọ́ ní ọ̀nà tí Olúwa; ó sì ṣe ẹni tí ó ní ìtara tí ẹ̀mí, ó ń sọ̀rọ̀ ó sì ń kọ́ni ní àwọn ohun tí i ṣe ti Jesu dáradára; kìkì bamitiisi tí Johanu ní ó mọ̀.
২৫তেওঁ যোহনৰ বাপ্তিস্মৰ বিষয়ে শিক্ষা পাইছিল আৰু আত্মাত উৎসাহিত হৈ ঈশ্বৰৰ বাক্য বিশদৰূপে ঘোষণা কৰিছিল; কিন্তু তেওঁ যোহনৰ বাপ্তিস্মৰ বিষয়েহে জানিছিল।
26 Ó sì bẹ̀rẹ̀ sí fi ìgboyà sọ̀rọ̀ ni Sinagọgu. Nígbà tí Akuila àti Priskilla gbọ́ ọ̀rọ̀ rẹ̀, wọ́n mú un sọ́dọ̀, wọ́n sì túbọ̀ sọ ọ̀nà Ọlọ́run fún un dájúdájú.
২৬পাছত তেওঁ নাম-ঘৰত সাহসেৰে প্ৰচাৰ কৰিবলৈ ধৰিলে; তেতিয়া প্ৰিষ্কিলা আৰু আক্কিলাই তেওঁৰ এই কথা শুনাত, তেওঁক তেওঁলোকৰ ওচৰলৈ লৈ আহিল আৰু ঈশ্বৰৰ পথৰ বিষয়ে বিশদভাবে বুজাই দিলে।
27 Nígbà tí ó sì ń fẹ́ kọjá lọ sì Akaia, àwọn arákùnrin gbà á ní ìyànjú, wọ́n sì kọ̀wé sí àwọn ọmọ-ẹ̀yìn kí wọ́n gbà á, nígbà tí ó sì dé, ó ràn àwọn tí ó gbàgbọ́ nípasẹ̀ oore-ọ̀fẹ́ lọ́wọ́ púpọ̀.
২৭যেতিয়া তেওঁ আখায়া দেশলৈ যাব বিছাৰিলে; ভাই সকলে উৎসাহ দি তেওঁক আদৰি লবলৈ শিষ্য সকললৈ পত্ৰ লিখি প্ৰেৰণ কৰিলে; তাতে তেওঁ সেই ঠাই পোৱাত অনুগ্ৰহৰ দ্বাৰাই বিশ্বাস কৰা সকলক মহৎ উপকাৰ সাধন কৰিলে।
28 Nítorí tí o sọ àsọyé fún àwọn Júù ní gbangba, ó ń fi í hàn nínú ìwé mímọ́ pé, Jesu ni Kristi.
২৮কিয়নো যীচু যে খ্ৰীষ্ট হয়, তেওঁ শাস্ত্ৰৰ দ্বাৰাই এই বিষয়ে প্ৰমাণ কৰি দেখুৱালে, তাতে তেওঁ সবর্বসাধাৰণৰ আগত ইহুদী সকলৰ আপত্তি খণ্ডন কৰিলে।