< 2 Samuel 20 >
1 Ọkùnrin Beliali kan sì ń bẹ níbẹ̀ orúkọ rẹ̀ sì ń jẹ́ Ṣeba ọmọ Bikri ará Benjamini; ó sì fún ìpè ó sì wí pé, “Àwa kò ní ipa nínú Dafidi, bẹ́ẹ̀ ni àwa kò ni ìní nínú ọmọ Jese! Kí olúkúlùkù ọkùnrin lọ sí àgọ́ rẹ̀, ẹ̀yin Israẹli!”
১সেই সময়ত সেই ঠাইতে বিন্যামীনীয়া বিখ্ৰীৰ পুত্ৰ চেবা নামেৰে এজন অশান্তি কৰোঁতা লোক আছিল৷ তেওঁ শিঙা বজাই ক’লে, “দায়ূদত আমাৰ কোনো ভাগ নাই আৰু যিচয়ৰ পুত্ৰত আমাৰ একো উত্তৰাধধিকাৰো নাই৷ হে ইস্ৰায়েল, আপোনালোক প্ৰতিজনে নিজ নিজ ঘৰলৈ ঘূৰি যাওঁক।”
2 Gbogbo àwọn ọkùnrin Israẹli sì lọ kúrò lẹ́yìn Dafidi, wọ́n sì ń tọ́ Ṣeba ọmọ Bikri lẹ́yìn, ṣùgbọ́n àwọn ọkùnrin Juda sì fi ara mọ́ ọba wọn láti odò Jordani wá títí ó fi dé Jerusalẹmu.
২গতিকে ইস্ৰায়েলৰ সকলো লোক দায়ূদৰ পৰা আতৰি গ’ল আৰু বিখ্ৰীৰ পুত্ৰ সেই চেবাৰ পাছত যাবলৈ ল’লে৷ কিন্তু যৰ্দ্দনৰ পৰা যিৰূচালেমলৈকে যিহূদাৰ লোকসকলে নিজ ৰজাত আসক্ত হৈ থাকিল।
3 Dafidi sì wà ní ilé rẹ̀ ní Jerusalẹmu; ọba sì mú àwọn obìnrin mẹ́wàá tí í ṣe àlè rẹ̀, àwọn tí ó ti fi sílẹ̀ láti máa ṣọ́ ilé, Ó sì há wọn mọ́ ilé, ó sì ń bọ́ wọn, ṣùgbọ́n kò sì tún wọlé tọ̀ wọ́n mọ́. A sì sé wọn mọ́ títí di ọjọ́ ikú wọn, wọ́n sì wà bí opó.
৩পাছত যেতিয়া দায়ুদ যিৰূচালেমলৈ নিজৰ ঘৰলৈ আহিল তেতিয়া তেওঁ ঘৰ ৰাখিবৰ অৰ্থে নিজৰ যি দহ জনী উপপত্নী থৈ গৈছিল, তেওঁলোকক আনি এটা ঘৰত পহৰা দি বন্ধ কৰি হ’ল। তেওঁ তেওঁলোকৰ প্ৰয়োজনৰ ব্যৱস্থা কৰিছিল, কিন্তু তেওঁলোকৰ সৈতে আৰু গমন নকৰিলে। এই দৰে তেওঁলোক বিধৱা অৱস্থাত মৰণ কাললৈকে আবদ্ধ হৈ থাকিল।
4 Ọba sì wí fún Amasa pé, “Pe àwọn ọkùnrin Juda fún mi ní ìwọ̀n ọjọ́ mẹ́ta òní, kí ìwọ náà kí o sì wà níhìn-ín yìí.”
৪তেতিয়া ৰজাই অমাচাক ক’লে, “তিনি দিনৰ ভিতৰত যিহূদাৰ লোকসকলক মতাই মোৰ ওচৰত গোট খুৱাবা; আৰু তুমি নিজেও এই ঠাইত উপস্থিত হ’বা।”
5 Amasa sì lọ láti pe àwọn ọkùnrin Juda; ṣùgbọ́n ó sì dúró pẹ́ ju àkókò tí a fi fún un.
৫তেতিয়া অমাচাই যিহূদাৰ লোকসকলক মতাই গোট খুৱাবলৈ গ’ল কিন্তু ৰজাই নিৰূপিত কৰা কালতকৈ তেওঁৰ অধিক পলম হ’ল।
6 Dafidi sì wí fún Abiṣai pé, “Nísinsin yìí Ṣeba ọmọ Bikri yóò ṣe wá ní ibi ju ti Absalomu lọ; ìwọ mú àwọn ìránṣẹ́ olúwa rẹ, kí o sì lépa rẹ̀, kí ó má ba à rí ìlú olódi wọ̀, kí ó sì bọ́ lọ́wọ́ wa.”
৬তেতিয়া দায়ূদে অবীচয়ক ক’লে, “এতিয়া বিখ্ৰীৰ পুত্ৰ চেবাই অবচালোমতকৈ আমাৰ অধিক অনিষ্ট কৰিব৷ তুমি তোমাৰ প্ৰভুৰ দাসবোৰক লৈ তেওঁৰ পাছে পাছে খেদি যোৱা; নহ’লে তেওঁ গড়েৰে আবৃত হোৱা কোনো নগৰ পাই আমাৰ চকুৰ আগৰ পৰা সাৰি যাব।”
7 Àwọn ọmọkùnrin Joabu sì jáde tọ̀ ọ́ lọ, àti àwọn Kereti, àti àwọn Peleti, àti gbogbo àwọn ọkùnrin alágbára, wọ́n sì ti Jerusalẹmu jáde lọ, láti lépa Ṣeba ọmọ Bikri.
৭তেতিয়া যোৱাবৰ লোকসকল, লগত কৰেথীয়া আৰু পেলেথীয়া লোকসকলৰ সৈতে আৰু সকলো বীৰ পুৰুষ তেওঁৰ পাছে পাছে ওলাই গ’ল৷ তেওঁলোকে বিখ্ৰীৰ পুত্ৰ চেবাৰ পাছে পাছে খেদি যাবৰ বাবে যিৰূচালেমৰ পৰা গ’ল।
8 Nígbà tí wọ́n dé ibi òkúta ńlá tí ó wà ní Gibeoni, Amasa sì ṣáájú wọn, Joabu sì di àmùrè sí agbádá rẹ̀ tí ó wọ̀, ó sì sán idà rẹ̀ mọ́ ìdí, nínú àkọ̀ rẹ̀, bí ó sì ti ń lọ, ó yọ́ jáde.
৮যেতিয়া তেওঁলোকে গিবিয়োনত থকা মহা-শিলটোৰ ওচৰ পালে তেতিয়া অমাচাই তেওঁলোকক লগ কৰিবলৈ আহিল৷ যোৱাবৰ ককালত ৰণৰ সাজ বন্ধা আছিল আৰু তাতে নিজৰ ককালত বন্ধা ফাকত থকা তৰোৱালে সৈতে এগছ টঙালি আছিল৷ তেওঁ আগবাঢ়ি যাওঁতে, সেই তৰোৱাল মাটিত পৰিল।
9 Joabu sì bi Amasa léèrè pé, “Àlàáfíà ha kọ́ ni bí, ìwọ arákùnrin mi?” Joabu sì na ọwọ́ ọ̀tún rẹ̀, di Amasa ní irùngbọ̀n mú láti fi ẹnu kò ó lẹ́nu.
৯তেতিয়া যোৱাবে অমাচাক ক’লে, “হে মোৰ ভাই, তুমি মঙ্গলে আছা নে?” এইবুলি যোৱাবে সাদৰেৰে তেওঁৰ সোঁ হাতেৰে অমাচাৰ ডাঢ়িত ধৰি তেওঁক চুমা খাবলৈ ল’লে৷
10 Ṣùgbọ́n Amasa kò sì kíyèsi idà tí ń bẹ lọ́wọ́ Joabu, bẹ́ẹ̀ ni òun sì fi gún un ní ikùn, ìfun rẹ̀ sì tú dà sílẹ̀, òun kò sì tún gún un mọ́, Amasa sì kú. Joabu àti Abiṣai arákùnrin rẹ̀ sì lépa Ṣeba ọmọ Bikri.
১০অমাচাই কিন্তু যোৱাবৰ বাওঁ হাতত থকা ডেগাৰলৈ মন নকৰিলে৷ তাতে যোৱাবে তাৰে তেওঁৰ পেটত খোঁচ মাৰি মাটিত তেওঁৰ নাড়ী-ভূঁৰু উলিয়াই পেলালে৷ যোৱাবে পুনৰাই তেওঁক খোঁচ নামাৰিলে আৰু তাতে অমাচাৰ মৃত্যু হ’ল। তাৰ পাছত যোৱাব আৰু তেওঁৰ ভায়েক অবীচয়ে বিখ্ৰীৰ পুত্ৰ চেবাৰ পাছত খেদি গ’ল।
11 Ọ̀kan nínú àwọn ọ̀dọ́mọdékùnrin tí ó wà lọ́dọ̀ Joabu sì dúró tì Amasa, ó sì wí pé, “Ta ni ẹni tí ó fẹ́ràn Joabu? Ta ni ó sì ń ṣe ti Dafidi, kí ó máa tọ Joabu lẹ́yìn.”
১১তেতিয়া অমাচাৰ ওচৰত যোৱাবৰ এজন থিয় দি থকা লোকে ক’লে, “যি জনে যোৱাবক ভাল পায় আৰু দায়ূদৰ ফলীয়া হয়, তেওঁ যোৱাবক অনুসৰণ কৰ’ক।”
12 Amasa sì ń yíràá nínú ẹ̀jẹ̀ láàrín ọ̀nà. Ọkùnrin náà sì rí i pé gbogbo ènìyàn sì dúró tì í, ó sì gbé Amasa kúrò lójú ọ̀nà lọ sínú igbó, ó sì fi aṣọ bò ó, nígbà tí ó rí i pé ẹnikẹ́ni tí ó bá dé ọ̀dọ̀ rẹ̀, á dúró.
১২তেতিয়ালৈকে অমাচা ৰাজ বাটৰ মাজত নিজৰ তেজেৰে লেটি-পেটি হৈ পৰি আছিল৷ তেতিয়া সেই লোকজনে আটাই লোকক ৰৈ থকা দেখি, অমাচাক বাটৰ পৰা পথাৰলৈ আঁতৰাই নিলে আৰু তেওঁৰ ওপৰত এখন কাপোৰ পেলাই ঢাকি দিলে কিয়নো তেওঁৰ ওচৰেদি যোৱা সকলো লোকক থিয় হৈ ৰৈ থকা দেখিলে।
13 Nígbà tí ó sì gbé Amasa kúrò lójú ọ̀nà gbogbo ènìyàn sì tọ Joabu lẹ́yìn láti lépa Ṣeba ọmọ Bikri.
১৩যেতিয়া অমাচাক ৰাজবাটৰ পৰা নিয়া হ’ল, তেতিয়া আটাই লোক বিখ্ৰীৰ পুত্ৰ চেবাক খেদি যাবৰ কাৰণে যোৱাবৰ পাছে পাছে গ’ল।
14 Ṣeba kọjá nínú gbogbo ẹ̀yà Israẹli sí Abeli-Beti-Maaka, àti gbogbo àwọn ará Beri; wọ́n sì kó ara wọn jọ, wọ́n sì tọ̀ ọ́ lẹ́yìn pẹ̀lú.
১৪পাছত চেবাই ইস্ৰায়েলৰ সকলো ফৈদৰ মাজেদি আবেল আৰু বৈৎ-মাখালৈকে আৰু সকলো বেৰীয়াসকলৰ অঞ্চললৈকে গ’ল; আৰু তেওঁলোকেও গোট খাই তেওঁৰ পাছত গ’ল।
15 Wọ́n wá, wọ́n sì dó tì Ṣeba ní Abeli-Beti-Maaka, wọ́n sì mọ odi ti ìlú náà, odi náà sì dúró ti odi ìlú náà, gbogbo ènìyàn tí ń bẹ lọ́dọ̀ Joabu sì ń gbìyànjú láti wó ògiri náà lulẹ̀.
১৫তাতে তেওঁলোকে আহি বৈৎমাখাৰ আবেলত চেবাক বেৰি ধৰিলে আৰু নগৰৰ বিৰুদ্ধে এক হাদাম বান্ধিলে৷ তেতিয়া যোৱাবৰ লগত থকা সৈন্যদলৰ সকলোৱে সেই হাদাম গড়টো ভাঙিবলে চেষ্টা কৰিলে।
16 Obìnrin ọlọ́gbọ́n kan sì kígbe sókè láti ìlú náà wá pé, “Fetísílẹ̀! Fetísílẹ̀! Èmi bẹ̀ yín, ẹ sọ fún Joabu pé, ‘Súnmọ́ ìhín yìí èmi ó sì bá a sọ̀rọ̀.’”
১৬তেতিয়া নগৰৰ ভিতৰৰ পৰা এজনী জ্ঞানী মহিলাই ৰিঙিয়াই ক’লে, “শুনক, অনুগ্ৰহ কৰি শুনক, হে যোৱাব! মই যেন আপোনাৰ লগত কথা-বতৰা হ’ব পাৰোঁ সেই বাবে মোৰ ওচৰলৈ আঁহক৷”
17 Nígbà tí òun sì súnmọ́ ọ̀dọ̀ rẹ̀, obìnrin náà sì wí pé, “Ìwọ ni Joabu bí?” Òun sì dáhùn wí pé, “Èmi náà ni.” Obìnrin náà sì wí fún un pé, “Gbọ́ ọ̀rọ̀ ìránṣẹ́bìnrin rẹ.” Òun sì dáhùn wí pé, “Èmi ń gbọ́.”
১৭তেতিয়া যোৱাব তাইৰ ওচৰলৈ গ’ল, তাতে সেই মহিলা গৰাকীয়ে তেওঁক সুধিলে, “আপুনি যোৱাব হয় নে?” তেওঁ উত্তৰ দি ক’লে, “হয়, মই হওঁ।” তাতে মহিলা গৰাকীয়ে ক’লে, “আপোনাৰ বেটীঁৰ কথাবোৰ শুনক।” তেওঁ ক’লে, “বাৰু কওঁক, মই শুনি আছোঁ।”
18 Ó sì sọ̀rọ̀ wí pé, “Wọ́n ti ń wí ṣáájú pé, ‘Gba ìdáhùn rẹ ní Abeli,’ bẹ́ẹ̀ ni wọ́n sì parí ọ̀ràn náà.
১৮তেতিয়া সেই মহিলা গৰাকীয়ে ক’লে, “পূৰ্বকালত লোকসকলে এই কথা কৈছিল, বোলে, ‘আবেলত নিশ্চয়কৈ দিহা অনুসন্ধান কৰক,’ আৰু পাছত সেইদৰেই কাৰ্যৰ বিষয় সিদ্ধ হ’ব।
19 Èmi ni ọ̀kan nínú àwọn ẹni àlàáfíà àti olóòtítọ́ ní Israẹli, ìwọ ń wá ọ̀nà láti pa ìlú kan run tí ó jẹ́ ìyá ní Israẹli, èéṣe tí ìwọ ó fi gbé ìní Olúwa mì.”
১৯আমি ইস্ৰায়েলৰ মাজত আটাইতকৈ শান্ত আৰু বিশ্বাসী নগৰ এখনৰ লোক সমূহ হওঁ৷ আপুনি ইস্ৰায়েলৰ মাতৃস্বৰূপ এখন নগৰ নষ্ট কৰিবলৈ চেষ্টা কৰিছে৷ আপুনি কিয় যিহোৱাৰ উত্তৰাধিকাৰ গ্ৰাস কৰিব বিচাৰিছে?”
20 Joabu sì dáhùn wí pé, “Kí a má rí i, kí a má rí i lọ́dọ̀ mi pé èmi gbé mì tàbí èmi sì parun.
২০তাতে যোৱাবে উত্তৰ দি ক’লে, “গ্ৰাস বা বিনষ্ট, দূৰ হওঁক, মোৰ পৰা দূৰে থাকক।
21 Ọ̀ràn náà kò sì rí bẹ́ẹ̀; ṣùgbọ́n ọkùnrin kan láti òkè Efraimu, tí orúkọ rẹ̀ ń jẹ́ Ṣeba, ọmọ Bikri, ni ó gbé ọwọ́ rẹ̀ sókè sí ọba, àní sí Dafidi: fi òun nìkan ṣoṣo lé wa lọ́wọ́, èmi ó sì fi ìlú sílẹ̀.” Obìnrin náà sì wí fún Joabu pé, “Wò ó, orí rẹ̀ ni a ó sì sọ láti inú odi wá.”
২১এনে কথা নহয় কিন্তু বিখ্ৰীৰ পুত্ৰ চেবা নামেৰে এজন ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ লোক দায়ুদ ৰজাৰ বিৰুদ্ধে হাত দাঙিছে৷ আপোনালোকে অকল তেওঁকে সমৰ্পণ কৰি দিয়ক আৰু তাতে মই নগৰ খনৰ পৰা গুচি যাম।” তেতিয়া সেই মহিলা গৰাকীয়ে যোৱাবক ক’লে, “চাওঁক, গড়ৰ ওপৰেদি তেওঁৰ মূৰটো আপোনালৈ পেলাই দিয়া যাব।”
22 Obìnrin náà sì mú ìmọ́ràn rẹ̀ tọ gbogbo àwọn ènìyàn náà, wọ́n sì bẹ Ṣeba ọmọ Bikri lórí, wọ́n sì sọ ọ́ sí Joabu. Òun sì fún ìpè, wọ́n sì túká ní ìlú náà, olúkúlùkù sí àgọ́ rẹ̀. Joabu sí padà lọ sí Jerusalẹmu àti sọ́dọ̀ ọba.
২২তেতিয়া সেই মহিলা গৰাকীয়ে তেওঁৰ সকলো জ্ঞানত লোকসকলৰ ওচৰলৈ গ’ল৷ তেওঁলোকে বিখ্ৰীৰ পুত্ৰ চেবাৰ মূৰ কাটি যোৱাবৰ ওচৰলৈ বাহিৰলৈ পেলাই দিলে। তেতিয়া তেওঁ শিঙা বজালে আৰু তেওঁৰ লোকসকলৰ প্ৰতিজনে সেই নগৰখন এৰি নিজ নিজ ঘৰলৈ গ’ল। পাছত যোৱাব যিৰূচালেমলৈ ৰজাৰ ওচৰলৈ ঘূৰি আহিল৷
23 Joabu sì ni olórí gbogbo ogun Israẹli; Benaiah ọmọ Jehoiada sì jẹ́ olórí àwọn Kereti, àti ti àwọn Peleti.
২৩সেই সময়ত যোৱাব ইস্ৰায়েলৰ প্ৰধান সেনাপতি আছিল আৰু যিহোয়াদাৰ পুত্ৰ বনায়া কৰেথীয়া আৰু পেলেথীয়াসকলৰ ওপৰত অধ্যক্ষ আছিল৷
24 Adoniramu sì jẹ́ olórí àwọn agbowó òde; Jehoṣafati ọmọ Ahiludi sì jẹ́ olùkọsílẹ̀ ohun tí ó ń ṣẹlẹ̀ ní ìlú.
২৪অদোৰাম বন্দী কাম কৰি দিব লগীয়াসকলৰ অধ্যক্ষ আছিল আৰু অহীলূদৰ পুত্ৰ যিহোচাফট্ ইতিহাস লিখক আছিল৷
25 Ṣefa sì jẹ́ akọ̀wé; Sadoku àti Abiatari sì ni àwọn àlùfáà.
২৫চেয়া ৰাজলিখক আৰু চাদোক আৰু অবিয়াথৰ পুৰোহিত আছিল।
26 Ira pẹ̀lú, ará Jairi ni ń ṣe àlùfáà lọ́dọ̀ Dafidi.
২৬আৰু যায়ীৰীয়া ঈৰাও দায়ূদৰ মূখ্য-মন্ত্ৰী আছিল।