< 2 Kings 6 >
1 Àwọn ọmọ wòlíì sọ fún Eliṣa pé, “Wò ó, ní ibi tí a ti pàdé pẹ̀lú rẹ, ó kéré fún wa.
১এদিন শিষ্য ভাববাদীসকলে ইলীচাক ক’লে, “চাওঁক, যি ঠাইত আমি আপোনাৰ লগত থাকো সেই ঠাই আমাৰ সকলোৰে কাৰণে অতি সৰু।
2 Jẹ́ kí àwa kí ó lọ sí Jordani, ní ibi tí ẹnìkọ̀ọ̀kan ti le rí ọ̀pá kan, jẹ́ kí àwa kí ó kọ́lé síbẹ̀ fún wa láti gbé.” Ó sì wí pé, “Lọ.”
২আপুনি অনুগ্রহ কৰি অনুমতি দিলে আমি যৰ্দ্দন নদীৰ কাষলৈ গৈ প্ৰতিজনে এডালকৈ গছ কাটি সেই ঠাইতে আমি থাকিবলৈ এডোখৰ ঠাই যুগুত কৰিম।” তাতে ইলীচাই ক’লে, “বাৰু, তোমালোক আগুৱাই যোৱা।”
3 Nígbà náà ni ọ̀kan lára wọn wí pé, “Kí ó wù ọ́, èmí bẹ̀ ọ́, láti bá àwọn ìránṣẹ́ rẹ lọ?” Eliṣa dá a lóhùn pé, “Èmi yóò lọ,”
৩তেতিয়া এজন শিষ্য-ভাৱবাদীয়ে ক’লে, “আপুনিও আপোনাৰ দাসবোৰৰ লগত ব’লক।” ইলীচাই কলে, “ঠিক আছে, ময়ো যাম।”
4 Ó sì lọ pẹ̀lú wọn. Wọ́n sì lọ sí Jordani wọ́n sì bẹ̀rẹ̀ sí ní gé igi.
৪এইদৰে তেৱোঁ তেওঁলোকৰ লগত গ’ল। তেওঁলোকে যৰ্দ্দনৰ ওচৰলৈ গৈ গছ কাটিবলৈ ধৰিলে।
5 Bí ọ̀kan ṣe gé igi náà, àáké irin náà bọ́ sínú omi, ó kígbe sókè pé, “O! Olúwa mi, mo yá a ni!”
৫তেওঁলোকৰ মাজৰ এজনে যেতিয়া গছ কাটি আছিল, তেতিয়া তেওঁৰ কুঠাৰখন সুলকি গৈ পানীত পৰিল; তাতে তেওঁ চিঞঁৰ মাৰি ক’লে, “হায় হায়! হে প্ৰভু, মই এইখন আনৰ পৰা খুজি আনিছিলো!”
6 Ènìyàn Ọlọ́run sì béèrè pé, “Níbo ni ó bọ́ sí?” Nígbà tí ó fi ibẹ̀ hàn án, Eliṣa gé igi kan ó sì jù ú síbẹ̀, ó sì mú irin náà fò lójú omi.
৬তেতিয়া ঈশ্বৰৰ লোকে সুধিলে, “সেইখন ক’ত পৰিল?” সেই লোকে ঠাইডোখৰ দেখুৱাই দিয়াত ইলীচাই এডোখৰ কাঠ কাটি আনি পানীত পেলাই দিলে; তেতিয়া লোহা ডোখৰ পানীত ওপঙি উঠিল।
7 Ó wí pé, “Gbé e jáde.” Lẹ́yìn náà ọkùnrin náà na ọwọ́ rẹ̀ jáde ó sì mú un.
৭ইলীচাই তেওঁক ক’লে, “সেইটো তুলি লোৱা।” তাতে তেওঁ হাত মেলি তাক ল’লে।
8 Nísinsin yìí ọba Aramu wà ní ogun pẹ̀lú Israẹli ó sì bá àwọn ìránṣẹ́ rẹ gbèrò, ó wí pé, “Èmi yóò ṣe ibùdó mi sí ibí yìí nínú èyí náà àti bí ibí yìí.”
৮সেই সময়ত অৰামৰ ৰজাই ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। তেওঁ নিজৰ দাসবোৰৰ সৈতে চর্চা কৰি ক’লে, “অমুক-তমুক ঠাইত মোৰ ছাউনি থাকিব।”
9 Ènìyàn Ọlọ́run rán iṣẹ́ sí ọba Israẹli pé, “Kíyèsi ara láti kọjá ní ibẹ̀ yẹn, nítorí pé ará Aramu wọ́n sọ̀kalẹ̀ lọ síbẹ̀.”
৯তেতিয়া ঈশ্বৰৰ লোকে ইস্ৰায়েলৰ ৰজাক কৈ পঠালে বোলে, “সাৱধান, সেই ঠাইলৈ নাযাব; কাৰণ অৰামীয়াসকল সেই ঠাইলৈ নামি আহিছে।”
10 Bẹ́ẹ̀ ni ọba Israẹli wo ibi tí ènìyàn Ọlọ́run náà fihàn, ní ẹ̀ẹ̀kan sí i Eliṣa kìlọ̀ fún ọba, bẹ́ẹ̀ ni ó wà lórí sísọ ní ibẹ̀.
১০তেতিয়া ইস্ৰায়েলৰ ৰজাই ঈশ্বৰৰ লোকে তেওঁক সাৱধান কৰি দিয়া ঠাইডোখৰলৈ মানুহ পঠাই নিজক ৰক্ষা কৰিলে। এইদৰে ইলীচাই কৰা সতর্কতাত ৰজা বাৰে বাৰে ৰক্ষা পৰে।
11 Èyí mú ọba Aramu bínú. Ó pe àwọn ìránṣẹ́ rẹ̀, ó sì béèrè lọ́wọ́ wọn pé, “Ṣé ìwọ kò ní sọ fún mi èwo nínú wa ni ó wà ní ẹ̀gbẹ́ ọba Israẹli?”
১১এই হেতুকে অৰামৰ ৰজাৰ বৰকৈ খং উঠিল। সেয়ে তেওঁ নিজৰ দাসবোৰক মাতি ক’লে, “আমাৰ মাজৰ কোন মানুহ ইস্ৰায়েলৰ ৰজাৰ পক্ষত আছে, তাক তোমালোকে মোক নোকোৱানে?”
12 Ọ̀kan lára ìránṣẹ́ rẹ̀ sì wí pé, “Kò sí ọ̀kan nínú wa, olúwa ọba mi, ṣùgbọ́n Eliṣa, wòlíì tí ó wà ní Israẹli, sọ fún ọba Israẹli ọ̀rọ̀ gangan tí ó sọ nínú yàrá rẹ̀.”
১২তাতে দাসবোৰৰ মাজৰ এজনে ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, আমাৰ মাজত কোনো নাই; কিন্তু আপুনি শোৱা কোঠালিত যি সকলো কথা কয়, সেই কথা পর্যন্ত ইস্ৰায়েলৰ ভাববাদী ইলীচাই ইস্ৰায়েলৰ ৰজাক জনায়!”
13 Ọba pa á láṣẹ, “Lọ, kí ẹ lọ wo ibi tí ó wà, kí èmi kí ó lè rán ènìyàn láti lọ mú un wá.” Ìròyìn padà wá wí pé, “Ó wà ní Dotani.”
১৩ৰজাই ক’লে, “তোমালোকে গৈ তেওঁ ক’ত থাকে, তাক চাই আহাঁ; মই মানুহ পঠাই তেওঁক ধৰি আনিম।” পাছত তেওঁক জনোৱা হ’ল যে, “তেওঁ দোথানত আছে।”
14 Nígbà náà ni ó rán àwọn ẹṣin àti kẹ̀kẹ́ àti ogun ńlá tí ó le síbẹ̀. Wọ́n sì lọ ní alẹ́ wọ́n sì yí ìlú náà ká.
১৪তেতিয়া ৰজাই ঘোঁৰা, ৰথ আৰু এক বহু সৈন্যৰ দল দোথানলৈ পঠাই দিলে; তেওঁলোকে ৰাতিয়েই গৈ নগৰখন ঘেৰি ধৰিলে।
15 Nígbà tí ìránṣẹ́ ènìyàn Ọlọ́run dìde ó sì jáde lọ ní òwúrọ̀ kùtùkùtù ọjọ́ kejì, ogun pẹ̀lú ẹṣin àti kẹ̀kẹ́ wọn ti yí ìlú náà ká. “Yé è, olúwa mi! Kí ni kí àwa kí ó ṣe?” ìránṣẹ́ náà béèrè.
১৫পিছদিনা ঈশ্বৰৰ লোকৰ দাসে ৰাতিপুৱা উঠি যেতিয়া বাহিৰলৈ ওলাই গৈছিল, তেতিয়া তেওঁ ৰথ আৰু ঘোঁৰাবোৰেৰে সৈতে এদল সৈন্যই নগৰখন ঘেৰি থকা দেখা পালে; দাসজনে তেওঁক ক’লে, “হায়, মোৰ প্ৰভু! আমি কি কৰিম?”
16 “Má ṣe bẹ̀rù,” wòlíì náà dáhùn, “Àwọn tí ó wà pẹ̀lú wa, wọ́n pọ̀ ju àwọn tí ó wà pẹ̀lú wọn lọ.”
১৬ইলীচাই ক’লে, “ভয় নকৰিবা; কিয়নো আমাৰ লগত থকাসকল তেওঁলোকৰ লগত থকাসকলতকৈ অধিক।”
17 Eliṣa sì gbàdúrà, “Olúwa, la ojú rẹ̀ kí ó ba à lè ríran.” Nígbà náà Olúwa la ojú ìránṣẹ́ náà, ó sì wò, ó sì rí òkè ńlá tí ó kún fún ẹṣin àti kẹ̀kẹ́ iná gbogbo yí Eliṣa ká.
১৭তাৰ পাছত ইলীচাই এই প্ৰাৰ্থনা কৰিলে, “হে যিহোৱা, মই নিবেদন কৰোঁ, এই দাসে যেন দেখা পায়, আপুনি তেওঁৰ চকু মুকলি কৰি দিব।” যিহোৱাই সেই দাসৰ চকু মুকলি কৰি দিলে। তাতে তেওঁ দেখা পালে যে, ইলীচাৰ চাৰিওফালে পাহাৰখন অগ্নিময় ঘোঁৰা আৰু ৰথেৰে ভৰি আছে!
18 Bí àwọn ọ̀tá ṣe ń sọ̀kalẹ̀ wá níwájú rẹ, Eliṣa gbàdúrà sí Olúwa pé. “Bu ìfọ́jú lu àwọn ènìyàn wọ̀nyí,” Olúwa sì ṣe gẹ́gẹ́ bí Eliṣa ti béèrè.
১৮পাছত অৰামীয়াসকল যেতিয়া ইলীচাৰ ওচৰলৈ নামি আহিছিল, তেতিয়া তেওঁ যিহোৱাৰ আগত এই প্ৰাৰ্থনা কৰিলে, “মই নিবেদন কৰোঁ, আপুনি এই লোকসকলক অন্ধ কৰি দিয়ক।” তাতে ইলীচাৰ প্রার্থনা অনুসাৰে যিহোৱাই তেওঁলোকক অন্ধ কৰিলে।
19 Eliṣa sọ fún wọn pé, “Èyí kì í ṣe ọ̀nà bẹ́ẹ̀ ni èyí kì í ṣe ìlú náà. Tẹ̀lé mi, èmi yóò mú u yín lọ sí ọ̀dọ̀ ọkùnrin tí ẹ̀yin ń wá.” Ó sì sìn wọ́n lọ sí Samaria.
১৯পাছত ইলীচাই অৰামীয়াসকলক ক’লে, “এইটো সেই বাট নহয় আৰু সেই নগৰো নহয়। আপোনালোক মোৰ পাছে পাছে আহঁক, আপোনালোকে যাক বিচাৰিছে, মই সেই মানুহৰ ওচৰলৈ আপোনালোকক লৈ যাম।” এইবুলি তেওঁ তেওঁলোকক চমৰিয়ালৈ লৈ গ’ল।
20 Lẹ́yìn ìgbà tí wọ́n wọ ìlú náà, Eliṣa wí pé, “Olúwa, la ojú àwọn ọkùnrin wọ̀nyí kí wọn kí ó lè ríran.” Nígbà náà Olúwa la ojú wọn, wọ́n sì ríran, wọ́n sì wà níbẹ̀, nínú Samaria.
২০চমৰিয়া আহি পোৱাৰ পাছত ইলীচাই ক’লে, “হে যিহোৱা, এই লোকসকলৰ চকু মুকলি কৰি দিয়ক যেন তেওঁলোকে দেখা পায়।” তেতিয়া যিহোৱাই তেওঁলোকৰ চকু মুকলি কৰি দিয়াত তেওঁলোকে দেখা পালে; তাতে তেওঁলোকে দেখিলে যে, তেওঁলোক চমৰীয়াৰ মাজত আছে।
21 Nígbà tí ọba Israẹli rí wọn, ó béèrè lọ́wọ́ Eliṣa pé, “Ṣé kí èmi kí ó pa wọ́n, baba mi? Ṣé kí èmi kí ó pa wọ́n?”
২১অৰামীয়াসকলক দেখা পাই ইস্ৰায়েলৰ ৰজাই ইলীচাক সুধিলে, “হে মোৰ পিতৃ, মই তেওঁলোকক বধ কৰিম নে? মই মাৰিম নে?”
22 “Má ṣe pa wọ́n,” ó dáhùn. “Ṣé ìwọ yóò pa àwọn ọkùnrin tí ìwọ mú pẹ̀lú idà rẹ tàbí ọrun rẹ? Gbé oúnjẹ àti omi síwájú wọn kí wọn kí ó lè jẹ kí wọn sì mu, nígbà náà kí wọn padà lọ sí ọ̀dọ̀ ọ̀gá wọn.”
২২ইলীচাই উত্তৰ দিলে, “আপুনি তেওঁলোকক বধ নকৰিব। আপুনি আপোনাৰ তৰোৱাল আৰু ধনুৰে যিসকলক বন্দী কৰি আনিলে, সেই লোকসকলক জানো আপুনি বধ কৰিব? তেওঁলোকৰ আগত পিঠা আৰু পানী দিয়ক, যাতে তেওঁলোকে খাই বৈ তেওঁলোকৰ প্ৰভুৰ ওচৰলৈ ঘূৰি যাব পাৰে।”
23 Bẹ́ẹ̀ ni ó pèsè àsè ńlá fún wọn, lẹ́yìn ìgbà tí wọ́n jẹ tí wọ́n mu, ó sì rán wọn lọ, wọ́n sì padà sí ọ̀dọ̀ ọ̀gá wọn. Bẹ́ẹ̀ ni ẹgbẹ́ láti Aramu dáwọ́ ìgbógunti ilẹ̀ Israẹli dúró.
২৩তেতিয়া ৰজাই তেওঁলোকৰ বাবে বৰ ভোজৰ আয়োজন কৰিলে; তেওঁলোকে খোৱা-বোৱা শেষ কৰাৰ পাছত ৰজাই তেওঁলোকক বিদায় দিয়াত তেওঁলোক তেওঁলোকৰ প্ৰভুৰ ওচৰলৈ উলটি গ’ল। পাছত অৰামীয়াৰ সেই সৈন্যদল বহুদিন ধৰি ইস্ৰায়েল দেশলৈ পুনৰ অহা নাছিল।
24 Lẹ́yìn ìgbà díẹ̀, ni Beni-Hadadi ọba Aramu kó gbogbo àwọn ogun rẹ̀ jọ wọ́n sì yan sókè wọ́n sì dúró ti Samaria.
২৪ইয়াৰ কিছু কালৰ পাছত অৰামৰ ৰজা বিন-হদদে নিজৰ সকলো সৈন্যসামন্তক একগোট কৰি চমৰিয়া নগৰ অৱৰোধ কৰি আক্রমণ কৰিবলৈ আহিল।
25 Ìyàn ńlá sì mú ní ìlú Samaria; wọ́n dúró tí ì tó bẹ́ẹ̀ tí a fi ń ta orí kẹ́tẹ́kẹ́tẹ́ kan ní ọgọ́rùn-ún ìwọ̀n fàdákà àti ìdámẹ́rin òsùwọ̀n kábù imí ẹyẹlé, fún ìwọ̀n fàdákà márùn-ún.
২৫সেয়ে চমৰিয়াত ভীষণ আকাল হ’ল; তেওঁলোকে নগৰখন এনেকৈ অৱৰোধ কৰি ৰাখিছিল যে খাবলৈ শেষত এটা গাধৰ মূৰ পর্যন্ত আশীটা ৰূপৰ মুদ্রাত আৰু এনেকি এক ‘কাব’ জোখৰ কপৌৰ বিষ্ঠাও পাঁচটা ৰূপৰ মুদ্রাত বিক্রী হৈছিল।
26 Gẹ́gẹ́ bí ọba Israẹli ti ń kọjá lọ lórí odi, obìnrin kan sọkún sí i pé, “Ràn mí lọ́wọ́, olúwa ọba mi!”
২৬ইস্ৰায়েলৰ ৰজাই এদিন নগৰৰ দেৱালৰ ওপৰেদি অহা-যোৱা কৰি আছিল; এনে সময়তে এগৰাকী মহিলাই তেওঁক চিঞঁৰি চিঞঁৰি ক’লে, “সহায় কৰক, হে মোৰ প্ৰভু, মহাৰাজ।”
27 Ọba sì dá a lóhùn pé, “Bí Olúwa kò bá gbà ọ́, níbo ni èmi yóò gbé ti gbà ọ́? Láti inú ilẹ̀ ìpakà, tàbí láti inú ibi ìfúntí?”
২৭ৰজাই ক’লে, “যিহোৱাই যদি সহায় নকৰে, তেন্তে মই ক’ৰ পৰা তোমাক সহায় কৰিব পাৰোঁ? মৰণা মৰা খলাৰ পৰা নে দ্ৰাক্ষাকুণ্ডৰ পৰা?”
28 Nígbà náà ọba béèrè lọ́wọ́ obìnrin náà pé, “Kí ni ó ṣẹlẹ̀?” Obìnrin náà dáhùn pé, “Obìnrin yìí wí fún mi pé, ‘Mú ọmọkùnrin rẹ wá kí àwa kí ó lè jẹ ẹ́ lónìí, ní ọ̀la àwa yóò jẹ ọmọkùnrin tèmi.’
২৮ৰজাই তাইক পুনৰ সুধিলে, “তোমাৰ কি সমস্যা?” তাই উত্তৰ দিলে, “এই মহিলাই কৈছিল, ‘আজি আমি খাবলৈ তোমাৰ ল’ৰাটোক দিয়া; অহাকালি আমি মোৰ ল’ৰাটোক খাম।’”
29 Bẹ́ẹ̀ ni a ṣe ọmọkùnrin mi a sì jẹ ẹ́. Ní ọjọ́ kejì mo wí fún un pé, ‘Mú ọmọkùnrin rẹ wá kí àwa kí ó lè jẹ,’ ṣùgbọ́n ó ti gbé e pamọ́.”
২৯সেইদৰেই আমি মোৰ ল’ৰাটোক সিজাই খালোঁ; পাছদিনা মই তাইক ক’লোঁ, “তোমাৰ ল’ৰাটোক দিয়া আৰু আমি তাক খাওঁ; কিন্তু, তাই নিজৰ ল’ৰাটোক লুকুৱাই ৰাখিলে।”
30 Nígbà tí ọba gbọ́ ọ̀rọ̀ obìnrin náà, ó fa aṣọ rẹ̀ ya. Gẹ́gẹ́ bí ó sì ti ń kọjá lọ sí orí odi, àwọn ènìyàn wò ó níbẹ̀ ní abẹ́, ó ní aṣọ ọ̀fọ̀ ní ara rẹ̀.
৩০মহিলাগৰাকীৰ এই কথা শুনি ৰজাই নিজৰ কাপোৰ ফালিলে; তেওঁ তেতিয়াও দেৱালৰ ওপৰতে ফুৰি আছিল। তাতে লোকসকলে চাই দেখিলে যে নিজৰ পিন্ধা কাপোৰৰ তলত ৰজাই চট কাপোৰ পিন্ধি আছে।
31 Ó sì wí pé, “Kí Ọlọ́run kí ó fi ìyà jẹ mí, àti jù bẹ́ẹ̀ lọ dájúdájú, pé orí ọmọkùnrin Eliṣa ọmọ Ṣafati kì ó wà ní ọrùn rẹ̀ ní òní!”
৩১পাছত তেওঁ ক’লে, “আজি চাফটৰ পুতেক ইলীচাৰ মূৰ যদি তেওঁৰ কান্ধৰ ওপৰত থাকে, তেন্তে ঈশ্বৰে যেন মোক দণ্ড দিয়ে, আৰু সেয়া অধিকৰূপেই দিয়ক।”
32 Nísinsin yìí Eliṣa jókòó ní ilé rẹ̀ àwọn àgbàgbà náà jókòó pẹ̀lú rẹ̀. Ọba sì rán oníṣẹ́ síwájú rẹ̀, ṣùgbọ́n kí ó tó dé ibẹ̀, Eliṣa sọ fún àwọn àgbàgbà pé, “Ṣé ẹ̀yin kò rí bí apànìyàn ti ń rán ẹnìkan láti gé orí mi kúrò? Ẹ wò ó, nígbà tí ìránṣẹ́ náà bá dé, ẹ ti ìlẹ̀kùn kí ẹ sì dìímú ṣinṣin ní ẹnu-ọ̀nà, ìró ẹsẹ̀ olúwa rẹ̀ kò ha wà lẹ́yìn rẹ?”
৩২ইলীচা সেই সময়ত নিজৰ ঘৰত বহি আছিল আৰু তেওঁৰ লগত বৃদ্ধ নেতাসকলো আছিল। ৰজাই এজন মানুহক ইলীচাৰ ওচৰলৈ পঠালে। কিন্তু মানুহজন যেতিয়া ইলীচাৰ ওচৰলৈ আহিছিল, তেওঁ বৃদ্ধ লোকসকলক ক’লে, ‘আপোনালোকে দেখা নাইনে কেনেকৈ সেই নৰবধীৰ পুতেকে মোৰ মূৰ নিবলৈ এজন লোকক পঠাইছে? শুনক, মানুহজন যেতিয়া আহিব, আপোনালোকে দুৱাৰখন বন্ধ কৰি দিব আৰু তেওঁৰ বিৰুদ্ধে দুৱাৰখন বন্ধ কৰি ধৰি ৰাখিব; তেওঁৰ পাছে পাছে জানো তেওঁৰ প্ৰভুৰ ভৰিৰ শব্দও নহয়?
33 Nígbà tí ó sì ń sọ̀rọ̀ sí wọn, ìránṣẹ́ náà sọ̀kalẹ̀ wá bá a. Ọba náà sì wí pé, “Ibi yìí láti ọ̀dọ̀ Olúwa ni. Kí ni ó dé tí èmi yóò fi dúró de Olúwa sí i?”
৩৩ইলীচাই তেওঁলোকৰ সৈতে কথা কৈ থাকোতেই, সেই মানুহজন তেওঁৰ ওচৰলৈ নামি আহিল। পাছত ৰজাই আহি ক’লে, “চাওঁক, এই বিপদ যিহোৱাৰ পৰা আহিছে। তেন্তে যিহোৱাৰ কাৰণে মই আৰু কিয় বাট চাই থাকিম?”