< 2 Kings 25 >
1 Nígbà tí ó di ọdún kẹsànán ìjọba Sedekiah. Ní ọjọ́ kẹwàá oṣù kẹwàá, Nebukadnessari ọba Babeli yan lọ sí Jerusalẹmu pẹ̀lú gbogbo àwọn ogun rẹ̀. Ó sì pàgọ́ sí ìta ìlú ó sì mu àwọn iṣẹ́ ìdọ̀tí fi yí gbogbo rẹ̀ ká.
১চিদিকিয়াৰ ৰাজত্বৰ নৱম বছৰৰ, দশম মাহৰ দহ দিনৰ দিনা, বেবিলনৰ ৰজা নবূখদনেচৰে তেওঁৰ সকলো সৈন্যসামন্তক লৈ যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল। তেওঁ নগৰৰ বিপৰীতে ছাউনি পাতি চাৰিওফালে নগৰ অৱৰোধৰ এটা ওখ দেৱাল নির্মাণ কৰিলে।
2 Ìlú náà sì wà ní ìhámọ́ lábẹ́ ìgbóguntì títí di ọdún kọkànlá ti ọba Sedekiah.
২এইদৰে চিদিকিয়াৰ ৰাজত্বৰ এঘাৰ বছৰলৈকে নগৰখন অৱৰোধ কৰি ৰাখিছিল।
3 Nígbà tí ó di ọjọ́ kẹsànán oṣù kẹrin, ìyàn tí mú ní ìlú tí ó jẹ́ wí pé kò sí oúnjẹ fún àwọn ènìyàn láti jẹ.
৩সেই বছৰৰে চতুৰ্থ মাহৰ নৱম দিনা নগৰত ইমান ভীষণভাৱে আকাল হ’ল যে, দেশৰ লোকসকলৰ কাৰণে খাবলৈ একোৱে নাছিল।
4 Nígbà náà odi ìlú náà sì fọ́nká, gbogbo àwọn ọmọ-ogun sálọ ní òru láti ẹnu-ọ̀nà bodè láàrín ògiri méjì ní ẹgbẹ́ ọgbà ọba, àwọn ará Babeli wọ́n sì yí ìlú náà ká. Wọ́n sálọ sí ìkọjá Arabah.
৪পাছত নগৰৰ দেৱালৰ কোনো এক ঠাই ভঙা হ’ল। যদিও কলদীয়াসকলে তেতিয়াও নগৰখন ঘেৰি ৰাখিছিল, তথাপিও ৰাতি যিহূদাৰ সকলো যোদ্ধাই ৰজাৰ উদ্যানৰ ওচৰত থকা দুই দেৱালৰ মাজৰ দুৱাৰেদি পলাই গ’ল আৰু ৰজা অৰাবাৰ ফালে পলাই গ’ল।
5 Ṣùgbọ́n ogun àwọn ará Kaldea sì lépa ọba, wọ́n sì lé e bá ní pẹ̀tẹ́lẹ̀ Jeriko. Gbogbo àwọn ọmọ-ogun rẹ̀ sì yà kúrò ní ọ̀dọ̀ rẹ̀, wọ́n sì túká,
৫কলদীয়া সৈন্য সকলে ৰজাৰ পাছত খেদি গৈ যিৰীহোৰ ওচৰৰ যর্দন নদীৰ উপত্যকাৰ সমথলত তেওঁক ধৰিলে; তেওঁৰ সকলো সৈন্য-সামন্ত তেওঁৰ ওচৰৰ পৰা ছিন্ন-ভিন্ন হৈ গ’ল।
6 wọ́n sì mú un. Wọ́n sì mú lọ sí ọ̀dọ̀ ọba Babeli ní Ribla, níbi tí à ti ṣe ìdájọ́ lórí rẹ̀.
৬তেওঁলোকে ৰজা চিদিকিয়াক বন্দী কৰি ৰিব্লাত বেবিলনৰ ৰজাৰ ওচৰলৈ লৈ আনিলে। তাত তেওঁৰ ওপৰত শাস্তিৰ আজ্ঞা দিলে।
7 Wọ́n sì pa ọmọ Sedekiah níwájú rẹ̀, wọ́n sì yọ ojú rẹ̀ jáde, wọn dè é pẹ̀lú ẹ̀wọ̀n idẹ wọ́n sì gbe é lọ sí Babeli.
৭সৈন্যসকলে চিদিকিয়াৰ চকুৰ সন্মুখতে তেওঁৰ পুত্রসকলক বধ কৰিলে। তাৰ পাছত চিদিকিয়াৰ চকু দুটা কাঢ়ি তেওঁক পিতলৰ শিকলিৰে বান্ধি বেবিলনলৈ লৈ গ’ল।
8 Ní ọjọ́ keje ní oṣù karùn-ún, ní ọdún kọkàndínlógún ti Nebukadnessari ọba Babeli, Nebusaradani olórí ẹ̀ṣọ́, ìránṣẹ́ ọba Babeli wá sí Jerusalẹmu;
৮বেবিলনৰ ৰজা নবূখদনেচৰৰ ৰাজত্বৰ ঊন্নৈশ বছৰৰ পঞ্চম মাহৰ সপ্তম দিনা, বাবিলৰ ৰজা নবুখদনেচৰৰ ৰজাৰ এজন দাস দেহৰক্ষীৰ অধিনায়ক নবুজৰদান যিৰূচালেমলৈ আহিল।
9 ó sì finá sí ilé Olúwa, ilé ọba àti gbogbo àwọn tí ó wà ní Jerusalẹmu àti gbogbo ilé ńlá ńlá ni ó dáná sun.
৯তেওঁ যিহোৱাৰ গৃহত, ৰাজগৃহত আৰু যিৰূচালেমৰ সকলো ঘৰতে জুই লগাই দিলে। নগৰৰ প্রধান প্রধান অট্টালিকাবোৰ জুই দি পুৰিলে।
10 Gbogbo àwọn ogun Babeli, tí ó wà lọ́dọ̀ olórí ẹ̀ṣọ́, wó ògiri tí ó yí Jerusalẹmu ká lulẹ̀.
১০দেহৰক্ষীৰ অধিনায়ক জনৰ অধীনত সকলো বেবিলনীয় সৈন্যদলে যিৰূচালেমৰ চাৰিওফালৰ দেৱাল ভাঙি পেলালে।
11 Nebusaradani olórí ẹ̀ṣọ́ kó gbogbo àwọn tálákà àti gbogbo àwọn tí ó kù ní ìlú, ní ìgbèkùn lọ sí Babeli, pẹ̀lú àwọn tí ó ya lọ, tí ó sì ya tọ ọba Babeli lọ, àti ìyókù àwọn ènìyàn náà.
১১নগৰত বাকী থকা লোকসকল আৰু যি সকল বেবিলনৰ ৰজাৰ পক্ষত গৈছিল, অৱশিষ্ট সাধাৰণ জনগণ আছিল, তেওঁলোক সকলোকে দেহৰক্ষীৰ অধিনায়ক নবুজৰদানে বন্দী কৰি লৈ গ’ল।
12 Ṣùgbọ́n olórí ẹ̀ṣọ́ fi àwọn tálákà ènìyàn ilẹ̀ náà sílẹ̀ láti máa bojútó àjàrà àti láti máa ṣe aroko.
১২কিন্তু দ্ৰাক্ষাবাৰী চোৱা-চিতা আৰু পথাৰবোৰত খেতি কৰিবলৈ কেইজনমান দুখীয়া মানুহক তেওঁ দেশত এৰি থৈ গ’ল।
13 Àwọn ará Babeli fọ́ ọ̀wọ̀n idẹ wọ̀n-ọn-nì àti àwọn ìjókòó wọ̀n-ọn-nì, àti agbada idẹ títóbi wọ̀n-ọn-nì tí ń bẹ ní ilé Olúwa, àwọn ará Babeli fọ́ túútúú, wọ́n sì kó idẹ náà lọ sí Babeli.
১৩কলদীয়াসকলে যিহোৱাৰ গৃহৰ পিতলৰ স্তম্ভবোৰ, পাত্র থোৱা আধাৰবোৰ আৰু পিতলৰ সমুদ্ৰ-পাত্ৰটো ডোখৰ ডোখৰকৈ ভাঙি সেই পিতল বেবিলনলৈ লৈ গ’ল।
14 Wọ́n sì kó àwọn ìkòkò wọ̀n-ọn-nì, ọkọ́ wọ̀n-ọn-nì, ọ̀pá fìtílà wọ̀n-ọn-nì, síbí wọ̀n-ọn-nì àti gbogbo ohun èlò idẹ wọ̀n-ọn-nì tí wọ́n fi ṣiṣẹ́ lọ.
১৪তাৰ বাহিৰেও সকলো পিয়লা, হেতা, চাকিৰ শলিতা পৰিস্কাৰ কৰা চেপেনা, চামুচ আৰু মন্দিৰৰ পৰিচৰ্যা কামৰ বাবে ব্যৱহাৰ কৰা পিতলৰ আন-আন সকলো বস্তুও লৈ গ’ল।
15 Olórí ẹ̀ṣọ́ kó ohun ìfọnná wọ̀n-ọn-nì, àti ọpọ́n wọ̀n-ọn-nì, èyí tí wọ́n fi wúrà àti fàdákà ṣe lọ.
১৫ছাঁই আঁতৰোৱাৰ পিয়লা, সোণ আৰু ৰূপৰ তৈয়াৰী পাত্রবোৰ আৰু আঙঠা ধৰা, তেজ পেলোৱা পাত্ৰ, সোণৰ পাত্ৰৰ সোণ, আৰু ৰূপৰ পাত্ৰৰ ৰূপ, ৰজাৰ দেহৰক্ষীৰ অধিনায়কে লৈ গ’ল।
16 Àwọn ọ̀wọ́n méjì, agbada ńlá kan, àti ìjókòó wọ̀n-ọn-nì tí Solomoni ti ṣe fún ilé Olúwa, idẹ ni gbogbo ohun èló wọ̀nyí, ó ju èyí tí a lé wọ́n lọ.
১৬যিহোৱাৰ গৃহৰ কাৰণে চলোমনে যি দুটা স্তম্ভ, সমুদ্ৰ-পাত্ৰ আৰু পাত্র ৰখা আধাৰবোৰ অধিক পিতলৰে তৈয়াৰ কৰিছিল; সেই পিতলৰ ওজন কৰিব পৰা নাছিল।
17 Gíga ọ̀wọ́n kọ̀ọ̀kan jẹ́ ìgbọ̀nwọ́ méjìdínlógún, àti ọnà-orí rẹ̀ idẹ ni: àti gíga ọnà-orí náà ni ìgbọ̀nwọ́ mẹ́ta; àti iṣẹ́ híhun náà, àti àwọn pomegiranate tí ó wà lórí ọnà-orí náà yíká, gbogbo rẹ̀ ti idẹ ni: gẹ́gẹ́ bí ọ̀wọ́n yìí sì ni ọ̀wọ́n kejì pẹ̀lú iṣẹ́ híhun.
১৭এটা স্তম্ভৰ উচ্চতা আছিল ওঠৰ হাত; তাৰ শীর্ষ মূৰটোত পিতলেৰে নির্মিত এটা গম্বুজ আছিল। সেই শীর্ষভাগৰ চৌদিশ পিতলৰ জালি আৰু ডালিমৰ কাৰুকার্যৰে সজোৱা আছিল আৰু তাৰ উচ্চতা তিনি হাত আছিল। আনটো স্তম্ভও প্রথমটোৰ দৰে জালিৰ কাৰুকার্যৰে একে অাছিল।
18 Olórí àwọn ẹ̀ṣọ́ sì mú gẹ́gẹ́ bí ẹlẹ́wọ̀n, Seraiah olórí àwọn àlùfáà, Sefaniah àlùfáà kejì, àti àwọn olùṣọ́ ìloro mẹ́ta.
১৮ইহুদীসকলৰ প্রধান পুৰোহিত চৰায়া, দ্বিতীয় পুৰোহিত চফনিয়া আৰু তিনিজন দুৱাৰ-ৰক্ষকক দেহৰক্ষীৰ অধিনায়কে বন্দী কৰি লৈ গ’ল।
19 Àti àwọn tí ó kù ní ìlú, ó mú ìwẹ̀fà kan tí ó fi se olórí àwọn ológun, àti ọkùnrin márùn-ún nínú àwọn tó ń gba ọba ní ìmọ̀ràn. Ó sì tún mú akọ̀wé olórí ogun, tí ó ń to àwọn ènìyàn ilẹ̀ náà àti ọgọ́ta nínú àwọn ènìyàn rẹ̀ tí wọ́n rí ní ìlú.
১৯সেই নগৰৰ পৰা তেওঁ যোদ্ধাসকলৰ ওপৰত নিযুক্ত এজন কৰ্মচাৰীক আৰু তেতিয়াও নগৰতে থকা ৰজাৰ পাচঁজন পৰামর্শদাতাক বন্দী কৰি নিলে। তাৰোপৰি সৈন্যদলত নিযুক্ত কৰাৰ বিশেষ দায়িত্বত থকা ৰজাৰ সেনাধ্যক্ষজনৰ সৈতে নগৰত থকা দেশৰ ষাঠিজন গণ্যমান্য ব্যক্তিকো ধৰি নিলে।
20 Nebusaradani, olórí àwọn ẹ̀ṣọ́ kó gbogbo wọn, ó sì mú wọn tọ ọba Babeli wá ní Ribla.
২০দেহৰক্ষীৰ অধিনায়ক নবুজৰদানে তেওঁলোকক ৰিব্লাত থকা বেবিলনৰ ৰজাৰ ওচৰলৈ লৈ গ’ল।
21 Níbẹ̀ ní Ribla, ní ilẹ̀ Hamati, ọba Babeli sì kọlù wọ́n. Bẹ́ẹ̀ ni a mú Juda kúrò ní ilẹ̀ rẹ̀.
২১বেবিলনৰ ৰজাই হমাৎ দেশৰ ৰিব্লাত এই সকলো লোককে বধ কৰিলে। এইদৰে যিহূদাৰ লোকসকলক বন্দী কৰি নিজ দেশৰ পৰা দূৰলৈ লৈ যোৱা হ’ল।
22 Nebukadnessari ọba Babeli ó mú Gedaliah ọmọ Ahikamu ọmọ Ṣafani, láti jẹ baálẹ̀ lórí àwọn ènìyàn tí ó kù sílẹ̀ ní ilẹ̀ Juda.
২২বেবিলনৰ ৰজা নবূখদনেচৰে যি সকল লোকক যিহূদা দেশত এৰি থৈ গৈছিল, তেওঁলোকৰ ওপৰত নবুজাৰদানে চাফনৰ নাতি অহীকামকৰ পুত্ৰ গদলিয়াক শাসনকৰ্ত্তা নিযুক্ত কৰিলে।
23 Nígbà tí gbogbo àwọn olórí ogun àti àwọn ọkùnrin wọn gbọ́ pé ọba Babeli ti yan Gedaliah gẹ́gẹ́ bí baálẹ̀, wọ́n wá sí ọ̀dọ̀ Gedaliah ni Mispa. Iṣmaeli ọmọ Netaniah, Johanani ọmọ Karea, Seraiah ọmọ Tanhumeti ará Netofa, Jaaṣaniah ọmọ ará Maakati, àti àwọn ọkùnrin wọn.
২৩পাছত যেতিয়া বেবিলনৰ ৰজাই গদলিয়াক শাসনকৰ্ত্তা নিযুক্ত কৰিছে বুলি যিহূদাৰ বাকী কেইজনমান সেনাধ্যক্ষ আৰু তেওঁলোকৰ লোকসকলে শুনিলে, তেতিয়া তেওঁলোকে অৰ্থাৎ নথনিয়াৰ পুত্ৰ ইশ্মায়েল, কাৰেহৰ পুত্ৰ যোহানন, নটোফাতীয়া তনহূমতৰ পুত্ৰ চৰায়া, মাখাথীয়াৰ পুত্ৰ যাজনিয়া আৰু তেওঁলোকৰ লোকসকল মিস্পাত গদলিয়াৰ ওচৰলৈ আহিল।
24 Gedaliah sì búra láti fi dá àwọn ènìyàn rẹ̀ lójú. “Ẹ má ṣe bẹ̀rù àwọn ìjòyè ará Babeli,” ó wí pé, “Ẹ máa gbé ilẹ̀ náà kí ẹ sì sin ọba Babeli, yóò sì dára fún un yín.”
২৪গদলিয়াই তেওঁলোকক আৰু তেওঁলোকৰ লোকসকলৰ ওচৰত শপত খাই ক’লে, “আপোনালোকে কলদীয়া অধিকাৰীসকললৈ ভয় নকৰিব; আপোনালোকে দেশত বাস কৰি বেবিলনৰ ৰজাৰ বশ্যতা স্বীকাৰ কৰক, তাতে আপোনালোকৰ ভাল হ’ব।”
25 Ní oṣù keje, ni Iṣmaeli ọmọ Netaniah, ọmọ Eliṣama, nínú irú-ọmọ ọba, wá pẹ̀lú àwọn ọkùnrin mẹ́wàá, ó sì kọlù Gedaliah àti pẹ̀lú àwọn ọkùnrin mẹ́wàá ará Juda àti àwọn ará Babeli tí ó wà pẹ̀lú rẹ̀ ní Mispa.
২৫কিন্তু সপ্তম মাহত ইলীচামাৰ নাতি, নথনিয়াৰ পুত্র ইশ্মায়েলে দহ জন মানুহক লগত লৈ গদলিয়াৰ লগতে যিহূদাৰ যি সকল লোক আৰু কলদীয়াসকল তেওঁৰ লগত মিস্পাত আছিল, সকলোকে আক্রমণ কৰি বধ কৰিলে। এই ইশ্মায়েল এজন ৰাজবংশীয় লোক আছিল।
26 Nítorí èyí, gbogbo àwọn ènìyàn láti ẹni kékeré títí dé ẹni ńlá, àti pẹ̀lú àwọn olórí ogun, sálọ si Ejibiti nítorí ẹ̀rù àwọn ará Babeli.
২৬সেয়ে বেবিলনীয়াসকলৰ ভয়ত যিহূদাৰ সৰুৰ পৰা বৰলৈকে সকলো আৰু সেনাধ্যক্ষসকল মিচৰলৈ গুছি গ’ল।
27 Ní ọdún kẹtàdínlógójì ìgbèkùn Jehoiakini ọba Juda, ní oṣù kejìlá, ọjọ́ kẹtàdínlógbọ̀n oṣù, Efili-Merodaki ọba Babeli, ní ọdún tí ó bẹ̀rẹ̀ sí ní jọba, ó gbé orí Jehoiakini ọba Juda sókè, ó sì tú sílẹ̀ kúrò nínú túbú.
২৭পৰৱর্তী সময়ত যিহূদাৰ ৰজা যিহোয়াখীনৰ বন্দী অৱস্থাৰ সাতত্ৰিশ বছৰত বেবিলনৰ ৰজা ইবীল-মৰোদকে ৰাজত্ব আৰম্ভ কৰিছিল। তেওঁ বাৰ মাহৰ সাতাইশ দিনৰ দিনা যিহোৱাখীনক কাৰাগাৰৰ পৰা মুকলি কৰি দিলে।
28 Ó ń sọ̀rọ̀ rere fún un, ó sì gbé ìtẹ́ rẹ̀ ga ju ìtẹ́ àwọn ọba tókù lọ tí ó wà pẹ̀lú rẹ̀ ní Babeli.
২৮তেওঁ যিহোৱাখীনৰ লগত ভালভাৱে কথা ক’লে আৰু তেওঁৰ লগত বেবিলনত থকা আন আন ৰজাসকলতকৈ তেওঁক অধিক সন্মানীয় আসন দিলে।
29 Ó sì pàrọ̀ àwọn aṣọ túbú rẹ̀, ó sì ń jẹun ní gbogbo ìgbà ní iwájú rẹ̀ ní gbogbo ọjọ́ ayé rẹ̀.
২৯ইবীল-মৰোদকে যিহোৱাখীনৰ পৰা কাৰাগাৰৰ কাপোৰ খুলি পেলালে আৰু যিহোৱাখীনে নিজৰ জীৱনৰ বাকী দিনবোৰত সদায় ৰজাৰ মেজত খোৱা-বোৱা কৰি কটালে।
30 Ní ojoojúmọ́, ọba fún Jehoiakini ní ìpín tirẹ̀ bí ó tí ń bẹ láààyè.
৩০জীৱিত কাললৈকে প্রতিদিনৰ কাৰণে ৰজাই তেওঁক এক খাদ্য খৰছ প্রদান কৰিছিল।