< 2 Kings 22 >

1 Josiah jẹ́ ọmọ ọdún mẹ́jọ nígbà tí ó di ọba, ó sì jẹ ọba ní Jerusalẹmu fún ọdún mọ́kànlélọ́gbọ̀n. Orúkọ ìyá rẹ̀ a máa jẹ́ Jedida ọmọbìnrin Adaiah; ó wá láti Boskati.
আঠ বছৰ বয়সত যোচিয়া ৰজা হৈছিল আৰু যিৰূচালেমত একত্ৰিশ বছৰ ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল যিদীদা; তেওঁ বস্কতৰ অদায়াৰ জীয়েক আছিল।
2 Ó sì ṣe èyí tí ó dára lójú Olúwa, ó sì rìn ní ọ̀nà Dafidi baba a rẹ̀, kò sì yípadà sí apá ọ̀tún tàbí sí apá òsì.
যিহোৱাৰ দৃষ্টিত যি ভাল, যোচিয়াই তাকে কৰিছিল আৰু তেওঁৰ পূর্বপুৰুষ দায়ুদৰ সকলো পথত চলিছিল। সেই পথৰ পৰা সোঁ কি বাওঁ কোনোফালে ঘূৰা নাছিল।
3 Ní ọdún kejìdínlógún tí ó fi jẹ ọba. Ọba Josiah rán akọ̀wé, Ṣafani ọmọ Asalia, ọmọ Meṣullamu, sí ilé Olúwa. Ó wí pé,
যোচিয়াৰ ৰাজত্বৰ ওঠৰ বছৰত, তেওঁ মচুল্লমৰ নাতি অচলিয়াৰ পুত্ৰ ৰজাৰ লেখক চাফনক এই কথা কৈ যিহোৱাৰ গৃহলৈ পঠাই দিলে,
4 “Gòkè lọ sí ọ̀dọ̀ Hilkiah olórí àlùfáà, kí o sì jẹ́ kí ó ṣírò iye owó tí a mú wá sí ilé Olúwa, tí àwọn olùṣọ́nà ti gbà lọ́wọ́ àwọn ènìyàn.
“আপুনি প্রধান পুৰোহিত হিল্কিয়াৰ ওচৰলৈ যাওঁক আৰু তেওঁক কওঁক যে লোকসকলৰ পৰা পোৱা যিহোৱাৰ গৃহলৈ অনা যি ধন মন্দিৰ-ৰক্ষকসকলে জমা কৰে, তাৰ যেন হিচাপ কৰে।
5 Ẹ sì jẹ́ kí wọn ó fi lé àwọn ọkùnrin tí a ti yàn láti bojútó iṣẹ́ náà lórí ilé Olúwa. Kí ẹ sì jẹ́ kí àwọn ọkùnrin san án fún àwọn òṣìṣẹ́ tí ó ń tún ilé Olúwa ṣe.
সেই ধন যিহোৱাৰ গৃহত নিযুক্ত তত্বাৱধায়কসকলৰ হাতত দিয়া হওঁক আৰু তেওঁলোকে মন্দিৰৰ ভগ্ন স্থান মেৰামতি কৰিবলৈ সেই ধনেৰে যিহোৱাৰ গৃহত কাম কৰা বনুৱাসকলৰ মজুৰি দিয়ক।
6 Àwọn gbẹ́nàgbẹ́nà, àwọn ọ̀mọ̀lé àti àwọn akọ́lé. Bákan náà ni wọ́n ra igi àti òkúta ọlọ́ṣọ̀ọ́ láti fi tún tẹmpili ṣe.
কাঠমিস্ত্রী, ঘৰ নির্মাতা আৰু ৰাজমিস্ত্ৰীসকলক মজুৰি দিয়ক; তাৰ উপৰি মন্দিৰ মেৰামতিৰ কাৰণে যেন কাঠ আৰু কটা শিল আদি কিনে।”
7 Ṣùgbọ́n wọn kò ní láti ṣe ìṣirò fún owó náà tí a fi fún wọn, nítorí wọ́n ṣe òtítọ́.”
কিন্তু তেওঁলোকৰ হাতত যি ধন দিয়া হ’ল, তাৰ হিচাপ তেওঁলোকে দিয়াৰ প্রয়োজন নাই। কিয়নো তেওঁলোকে বিশ্বাসীৰূপে কাৰ্য কৰিছিল।
8 Hilkiah olórí àlùfáà sọ fún Ṣafani akọ̀wé pé, “Èmi rí ìwé òfin nílé Olúwa.” Ó fi fún Ṣafani, ẹni tí ó kà á.
প্রধান পুৰোহিত হিল্কিয়াই লেখক চাফন লিখকক ক’লে, “মই যিহোৱাৰ গৃহত ব্যৱস্থা পুস্তকখন পালোঁ।” হিল্কিয়াই পুস্তকখন চাফনক দিয়াৰ পাছত তেওঁ তাক পঢ়িলে।
9 Nígbà náà, Ṣafani akọ̀wé lọ sí ọ̀dọ̀ ọba. Ó sì sọ fún un pé, “Àwọn ìjòyè rẹ ti san owó náà tí ó wà nínú ilé Olúwa. Èmi sì ti fi lé ọwọ́ àwọn tí ó ń ṣe iṣẹ́ náà àti àwọn alábojútó nílé Olúwa.”
তাৰ পাছত চাফনে পুস্তকখন লৈ ৰজাৰ ওচৰলৈ গ’ল আৰু এই সংবাদ দিলে, “আপোনাৰ দাসবোৰে মন্দিৰত পোৱা ধন বাহিৰ কৰি যিহোৱাৰ গৃহৰ তদাৰক কৰা তত্বাৱধায়কসকলৰ হাতত দিলে।”
10 Nígbà náà Ṣafani akọ̀wé sọ fún ọba pé, “Hilkiah àlùfáà ti fún un ní ìwé kan.” Ṣafani kà lára rẹ̀ níwájú ọba.
১০লেখক চাফনে ৰজাক এই কথাও জনালে, “প্রধান পুৰোহিত হিল্কিয়াই মোক এখন পুস্তক দিছে।” এইবুলি কৈ চাফনে ৰজাৰ আগত তাক পাঠ কৰিবলৈ ধৰিলে।
11 Nígbà tí ọba gbọ́ ọ̀rọ̀ tí ó wà nínú ìwé òfin, ó sì fa aṣọ rẹ̀ ya.
১১ব্যৱস্থা পুস্তকত যি লিখা আছিল, তাক শুনি ৰজাই নিজৰ কাপোৰ ফালিলে।
12 Ó pa àṣẹ yìí fún Ahikamu àlùfáà, Hilkiah ọmọ Ṣafani, Akbori ọmọ Mikaiah, àti Ṣafani akọ̀wé àti Asaiah ìránṣẹ́ ọba.
১২ৰজাই পুৰোহিত হিল্কিয়াক, চাফনৰ পুত্ৰ অহীকামক, মীখায়াৰ পুত্ৰ অকবোৰক, লেখক চাফনক আৰু ৰজাৰ নিজ দাস অচায়াক আজ্ঞা দি ক’লে,
13 “Lọ, ẹ béèrè lọ́wọ́ Olúwa fún mi àti fún àwọn ènìyàn àti fún gbogbo Juda nípa ohun tí a kọ sínú ìwé yìí tí a ti rí. Títóbi ni ìbínú Olúwa tí ó ń jó sí wa nítorí àwọn baba wa kò tẹ̀lé ọ̀rọ̀ inú ìwé yìí; wọn kò ṣe ní ìbámu pẹ̀lú gbogbo ohun tí a kọ níbẹ̀ nípa wa.”
১৩“আপোনালোক যাওঁক আৰু এই যি পুস্তকখন পোৱা গৈছে, তাত যিবোৰ কথা লিখা আছে সেই সকলোবোৰৰ সম্বন্ধে আপোনালোকে গৈ মোৰ কাৰণে, লোকসকলৰ কাৰণে আৰু সমগ্র যিহূদা দেশৰ কাৰণে যিহোৱাৰ ওচৰত সোধক; কিয়নো আমাৰ বিৰুদ্ধে যিহোৱা ক্ৰোধত প্ৰজ্বলিত হৈছে; কাৰণ আমাৰ পূর্বপুৰুষসকলে এই পুস্তকৰ কথাবোৰ নুশুনিলে আৰু আমাৰ সম্বন্ধে পালন কৰিবৰ কাৰণে যি সকলো কথা লিখা আছে, সেই অনুসাৰে তেওঁলোকে কার্য নকৰিলে।”
14 Hilkiah àlùfáà, Ahikamu àti Akbori Ṣafani pẹ̀lú Asaiah, lọ sí ọ̀dọ̀ wòlíì obìnrin Hulda láti lọ bá a sọ̀rọ̀, ẹni tí ó jẹ́ aya Ṣallumu ọmọ Tikfa ọmọ Harhasi alábojútó ibi ìpa aṣọ mọ́ sí. Ó ń gbé ní Jerusalẹmu ní ìdàkejì.
১৪এই কথা শুনি পুৰোহিত হিল্কিয়া, অহীকামক, অকবোৰ, চাফন আৰু অচায়াই ভাৱবাদিনী হুল্দাৰ ওচৰলৈ গ’ল। হুল্দা আছিল বস্ত্র ৰখীয়া চল্লুমৰ ভার্যা আৰু চল্লুম আছিল হৰ্হচৰ নাতি তিকবাৰ পুত্ৰ। হুল্দাই যিৰূচালেমৰ দ্বিতীয় অংশত বাস কৰিছিল। তেওঁলোকে ভাৱবাদিনী হুল্দাৰ লগত কথোপকথন কৰিলে।
15 Ó wí fún wọn pé, “Èyí ni ohun tí Olúwa Ọlọ́run Israẹli wí, Sọ fún ọkùnrin tí ó rán an yín sí mi,
১৫তেওঁ তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ‘মোৰ ওচৰলৈ তোমালোকক পঠোৱা জনক কোৱাগৈ যে,
16 ‘Èyí ni ohun tí Olúwa wí: Èmi yóò mú ibi wá sí ibí àti àwọn ènìyàn rẹ ní ìbámu pẹ̀lú gbogbo ohun tí a kọ sínú ìwé tí ọba Juda ti kà.
১৬“যিহোৱাই এই কথা কৈছে, ‘চোৱা, যিহূদাৰ ৰজাই পুস্তকখনত লিখা যি সকলো কথা পঢ়িলে, মই সেই অনুসাৰেই এই ঠাই আৰু ইয়াৰ লোকসকলৰ ওপৰত অমঙ্গল আনিম।
17 Nítorí tí wọ́n ti kọ̀ mí sílẹ̀, wọ́n sì tún sun tùràrí fún ọlọ́run mìíràn. Wọ́n sì mú mi bínú nípa gbogbo àwọn òrìṣà tí wọ́n ti fi ọwọ́ wọn dá. Ìbínú mi yóò ru sí ibí yìí, kì yóò sì rọlẹ̀.’
১৭কাৰণ তেওঁলোকে মোক ত্যাগ কৰি আন দেৱ-দেৱীৰ উদ্দেশ্যে ধূপ জ্বলালে আৰু তেওঁলোকৰ সকলো কৰ্মৰ দ্বাৰাই মোক ক্রোধিত কৰিলে। সেয়ে এই ঠাইৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব আৰু তাক নুমুৱা নহ’ব’।”
18 Sọ fún ọba Juda tí ó rán yín láti béèrè lọ́wọ́ Olúwa, ‘Èyí ni ohun tí Olúwa Ọlọ́run Israẹli wí nípa ọ̀rọ̀ wọ̀n-ọn-nì tí ìwọ ti gbọ́.
১৮কিন্তু যিজনে যিহোৱাৰ ইচ্ছা সুধিবৰ কাৰণে আপোনালোকক পঠাইছে, সেই যিহূদাৰ ৰজাক আপোনালোকে ক’ব যে, ‘ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: ‘তুমি সেই সকলো কথা শুনিলা।’
19 Nítorí tí ọkàn rẹ rọ̀, tí ìwọ sì ti rẹ ara rẹ sílẹ̀ níwájú Olúwa, nígbà tí ìwọ gbọ́ èyí tí mo sọ sí ibí yìí àti sí àwọn ènìyàn rẹ pé wọn yóò di ahoro àti ẹni ègún tí ìwọ sì fa aṣọ ọ̀ rẹ ya pẹ̀lú níwájú mi. Èmi ti gbọ́ tìrẹ, ni Olúwa wí.
১৯তোমাৰ অন্তৰ কোমল আছিল কাৰণে যেতিয়া তুমি মই এই ঠাই আৰু ইয়াৰ লোকসকলৰ বিৰুদ্ধে কোৱা ধ্বংস আৰু শাওৰ কথা শুনিলা, তেতিয়া তুমি যিহোৱাৰ সন্মুখত নম্র থ’লো; নিজৰ কাপোৰ ফালি মোৰ সন্মুখত কান্দি শোক কৰিলা; সেয়ে ময়ো তোমাৰ প্রার্থনা শুনিলো’ - যিহোৱাই এই কথা প্রকাশ কৰিলে।
20 Nítorí náà èmi yóò kó ọ jọ sí ọ̀dọ̀ àwọn baba à rẹ, a ó sì sin ọ́ ní àlàáfíà. Ojú rẹ kì yóò rí gbogbo àwọn ibi tí èmi yóò mú wá bá ibí yìí.’” Bẹ́ẹ̀ wọ́n mú èsì rẹ̀ padà tọ ọba wá.
২০‘এই কাৰণতে শুনা, মই তোমাক তোমাৰ পূর্বপুৰুষসকলৰ ওচৰলৈ লৈ যাম; তোমাক শান্তিৰে মৈদাম দিয়া হ’ব। এই ঠাই আৰু ইয়াৰ লোকসকলৰ ওপৰত মই যি অমঙ্গল আনিম, তোমাৰ‍ চকুৱে তাক নেদেখিব’।” তেতিয়া লোককেইজনে হুল্দাৰ এই বার্তা লৈ ৰজাৰ ওচৰলৈ উলটি গ’ল।

< 2 Kings 22 >