< 2 Kings 14 >

1 Ní ọdún kejì tí Jehoaṣi ọmọ Joahasi ọba Israẹli, Amasiah ọmọ Joaṣi ọba Juda bẹ̀rẹ̀ sí ní jẹ ọba.
ইস্রায়েলৰ ৰজা যিহোৱাহজৰ পুত্ৰ যিহোৱাচৰ ৰাজত্ব কালৰ দ্বিতীয় বছৰত যিহূদাৰ ৰজা যোৱাচৰ পুত্ৰ অমচিয়াই ৰাজত্ব কৰিবলৈ ধৰিলে।
2 Ó jẹ́ ọmọ ọdún mẹ́ẹ̀ẹ́dọ́gbọ̀n nígbà tí ó di ọba, ó sì jẹ ọba ní Jerusalẹmu fún ọdún mọ́kàndínlọ́gbọ̀n. Orúkọ ìyá rẹ̀ a máa jẹ́ Jehoadani; ó wá láti Jerusalẹmu.
তেওঁ পঁচিশ বছৰ বয়সত ৰজা হৈ যিৰূচালেমত ঊনত্ৰিশ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল যিহোৱাদ্দন। তেওঁ যিৰূচালেম নগৰৰ বাসিন্দা আছিল।
3 Ó ṣe ohun tí ó tọ́ ní ojú Olúwa, ṣùgbọ́n kì í ṣe bí i Dafidi baba a rẹ̀ tí ṣe. Nínú ohun gbogbo, ó tẹ̀lé àpẹẹrẹ baba a rẹ̀ Joaṣi.
যিহোৱাৰ দৃষ্টিত যি ন্যায়, তেওঁ তাকে কৰিছিল; তথাপিও তেওঁৰ পূর্বপুৰুষ দায়ূদৰ নিচিনা নাছিল; তেওঁ তেওঁৰ পিতৃ যোৱাচৰ দৰে সকলো কৰ্ম কৰিছিল।
4 Àwọn ibi gíga bí ó ti wù kí ó rí, a kò sí i kúrò, àwọn ènìyàn sì tẹ̀síwájú láti rú ẹbọ àti sun tùràrí níbẹ̀.
কিন্তু ওখ ঠাইৰ মঠবোৰ তেওঁ ধ্বংস নকৰিলে। লোকসকলে তাত তেতিয়াও হোমবলি দিছিল আৰু ধূপ জ্বলাই আছিল।
5 Lẹ́yìn tí ó ti fi ọwọ́ gbá ìjọba rẹ̀ mú gbọingbọin, ó pa àwọn oníṣẹ́ tí wọ́n ti pa baba a rẹ̀ ọba.
ৰাজ্য তেওঁৰ অধীনলৈ অহাৰ পাছতেই যি দাসবোৰে ৰজা অর্থাৎ তেওঁৰ পিতৃক বধ কৰিছিল, তেওঁলোকক তেওঁ বধ কৰিলে।
6 Síbẹ̀ kò pa ọmọ àwọn apànìyàn náà. Ní ìbámu pẹ̀lú ohun tí a kọ sínú ìwé òfin Mose níbi tí Olúwa ti paláṣẹ pé, “A kì yóò pa baba nítorí àwọn ọmọ, tàbí àwọn ọmọ nítorí àwọn baba; olúkúlùkù ni kí ó kú fún ẹ̀ṣẹ̀ rẹ̀.”
কিন্তু ঘাতকসকলৰ পুত্রসকলক হ’লে তেওঁ বধ কৰা নাছিল; মোচিৰ বিধান পুস্তকত যি লিখা আছিল, তেওঁ সেই দৰেই তেওঁলোকক বধ নকৰিলে। সেই পুস্তকত যিহোৱাই এইদৰে কৈছে, “সন্তানৰ কাৰণে পিতৃক অথবা পিতৃ-মাতৃৰ কাৰণে সন্তানক মৃত্যুদণ্ডৰে দণ্ডিত কৰা উচিত নহ’ব। কিন্তু প্ৰতিজনে তেওঁৰ নিজ নিজ পাপৰ কাৰণে মৰিব লাগিব।”
7 Òun ni ẹni tí ó ṣẹ́gun ẹgbẹ̀rún mẹ́wàá ará Edomu ní àfonífojì iyọ̀, ó sì fi agbára mú Sela nínú ogun, tí ó ń pè é ní Jokteeli, orúkọ tí ó ní títí di òní.
অমচিয়াই লৱণ উপত্যকাত দহ হাজাৰ ইদোমীয়া লোকক বধ কৰিলে আৰু যুদ্ধত চেলা নগৰ অধিকাৰ কৰি সেই ঠাইৰ নাম যক্তিয়েল ৰাখিলে; সেই নাম আজিলৈকে আছে।
8 Nígbà náà, Amasiah rán àwọn ìránṣẹ́ sí Jehoaṣi ọmọ Jehoahasi ọmọ Jehu ọba Israẹli pẹ̀lú ìpèníjà: “Wá, jẹ́ kí á wo ara wa ní ojú.”
তাৰ পাছত তেওঁ যেহূৰ নাতি, অর্থাৎ যিহোৱাহজৰ পুত্ৰ ইস্রায়েলৰ ৰজা যিহোৱাচলৈ মানুহ পঠাই ক’লে, “আহঁক, আমি যুদ্ধৰ কাৰণে মুখা-মুখি হওঁ।”
9 Ṣùgbọ́n Jehoaṣi ọba Israẹli fèsì sí Amasiah ọba Juda: “Òṣùṣú kan ní Lebanoni rán iṣẹ́ sí kedari ní Lebanoni, ‘Fi ọmọbìnrin rẹ fún ọmọkùnrin mi ní ìgbéyàwó.’ Nígbà náà ẹranko ẹlẹ́sẹ̀ mẹ́rin tinú igbó ní Lebanoni wá pẹ̀lú ó sì fi ẹsẹ̀ tẹ òṣùṣú náà mọ́lẹ̀.
কিন্তু ইস্ৰায়েলৰ ৰজা যিহোৱাচে উত্তৰত যিহূদাৰ ৰজা অমচিয়ালৈ কৈ পঠালে, “লিবানোনৰ এজোপা কাঁইট গছে লিবানোনৰেই এৰচ গছজোপালৈ কৈ পঠালে, ‘মোৰ পুত্রৰ লগত আপোনাৰ ছোৱালীক বিয়া দিয়ক।’ তাৰ পাছত লিবানোনত থকা এটা বন্য জন্তুৱে ঘূৰি-ফুৰি আহি সেই কাঁইট গছজোপাক গছকি মাৰিলে।
10 Ìwọ ti ṣẹ́gun Edomu pẹ̀lú, ṣùgbọ́n, nísinsin yìí ìwọ ṣe ìgbéraga. Ògo nínú ìṣẹ́gun rẹ, ṣùgbọ́n dúró nílé! Kí ni ó dé tí o fi ń wá wàhálà tí o sì fa ìṣubú rẹ àti ti Juda pẹ̀lú?”
১০ইদোমক পৰাজয় কৰি নিশ্চয় আপোনাৰ মনত অহংকাৰ হৈছে। গতিকে জয়ৰ অহংকাৰ কৰক; তথাপিও ঘৰতে থাকক। কিয় নিজলৈ বিপদ মাতি আনিছে আৰু তাৰ লগতে নিজৰ আৰু যিহূদাৰো ধ্বংস মাতি আনিছে?”
11 Bí ó ti wù kí ó rí Amasiah kò ní tẹ́tí, bẹ́ẹ̀ ni Jehoaṣi ọba Israẹli sì dojúkọ ọ́. Òun àti Amasiah ọba Juda kọjú sí ara wọn ní Beti-Ṣemeṣi ní Juda.
১১কিন্তু অমচিয়াই সেই কথালৈ কাণ নিদিলে। সেয়ে, ইস্ৰায়েলৰ ৰজা যিহোৱাচে তেওঁক আক্রমণ কৰিলে; তেওঁ আৰু যিহূদাৰ ৰজা অমচিয়াই যিহূদাৰ বৈৎচেমচত ইজনে সিজনৰ মুখা-মুখি হ’ল।
12 A kó ipa ọ̀nà Juda nípasẹ̀ Israẹli, gbogbo àwọn ọkùnrin sì sálọ sí ilé e rẹ̀.
১২ইস্ৰায়েলৰ হাতত যিহূদা সম্পূর্ণৰূপে পৰাস্ত হ’ল আৰু সকলোৱেই নিজৰ নিজৰ ঘৰলৈ পলাই গ’ল।
13 Jehoaṣi ọba Israẹli fi agbára mú Amasiah ọba Juda, ọmọ Jehoaṣi, ọmọ Ahasiah ní Beti-Ṣemeṣi. Nígbà náà, Jehoaṣi lọ sí Jerusalẹmu, ó sì lọ wó odi Jerusalẹmu lulẹ̀ láti ìlẹ̀kùn Efraimu sí ibi igun ìlẹ̀kùn. Ìpín kan tí ó fẹ́rẹ̀ jẹ́ irinwó ìgbọ̀nwọ́.
১৩ইস্ৰায়েলৰ ৰজা যিহোৱাচে বৈৎচেমচত যিহূদাৰ ৰজা অমচিয়াক বন্দী কৰি যিৰূচালেমলৈ লৈ আহিল। অমচিয়া যোৱাচৰ পুত্র আৰু অহজিয়াৰ নাতি আছিল। তাৰ পাছত ৰজা যিহোৱাচে যিৰূচালেমলৈ আহি ইফ্ৰয়িমৰ দুৱাৰৰ পৰা কোণৰ দুৱাৰ পর্যন্ত প্ৰায় চাৰিশ হাত দীঘল যিৰূচালেমৰ প্রাচীৰ ভাঙি পেলালে।
14 Ó mú gbogbo wúrà àti fàdákà àti gbogbo ohun tí ó rí nínú ilé tí a kọ́ fún Olúwa àti níbi ìfowópamọ́ sí nínú ààfin ọba. Ó mú àwọn ògo, ó sì dá wọn padà sí Samaria.
১৪যিহোৱাৰ গৃহত পোৱা সোণ, ৰূপ আৰু আনসকলো বস্তু আৰু ৰাজগৃহৰ ভঁৰালত থকা সকলো মূল্যবান বস্তুবোৰ লৈ গ’ল। তাৰ বাহিৰেও জামিন হিচাপে অনেক লোকক বন্দী কৰি যিহোৱাচ চমৰিয়ালৈ উলটি গ’ল।
15 Fún ti ìyókù iṣẹ́ nígbà ìjọba Jehoaṣi, gbogbo ohun tí ó ṣe pẹ̀lú àṣeyọrí rẹ̀, pẹ̀lú ogun rẹ̀ sí Amasiah ọba Juda, ṣé a kò kọ wọ́n sí inú ìwé ìtàn ayé àwọn ọba Israẹli?
১৫যিহোৱাচে কৰা কাৰ্যৰ অন্যান্য বৃতান্ত, তেওঁৰ পৰাক্ৰমৰ কথা আৰু যিহূদাৰ অমচিয়া ৰজাৰ লগত তেওঁ যুদ্ধ কৰা কথা জানো “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
16 Jehoaṣi sì sinmi pẹ̀lú àwọn baba rẹ̀, a sì sin ín sí Samaria pẹ̀lú àwọn ọba Israẹli. Jeroboamu ọmọ rẹ̀ sì rọ́pò rẹ̀ gẹ́gẹ́ bí ọba.
১৬পাছত যিহোৱাচ তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু চমৰিয়াত ইস্ৰায়েলৰ ৰজাসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পুত্ৰ যাৰবিয়াম তেওঁৰ পদত ৰজা হ’ল।
17 Amasiah ọmọ Joaṣi ọba Juda gbé fún ọdún mẹ́ẹ̀ẹ́dógún lẹ́yìn ikú Jehoaṣi ọmọ Jehoahasi ọba Israẹli.
১৭ইস্রায়েলৰ ৰজা যিহোৱাহজৰ পুত্ৰ যিহোৱাচৰ মৃত্যুৰ পাছত যিহূদাৰ ৰজা যোৱাচৰ পুত্ৰ অমচিয়াই আৰু পোন্ধৰ বছৰ জীয়াই থাকিল।
18 Fún ti ìyókù iṣẹ́ rẹ̀ nígbà ìjọba Amasiah, ṣé a kò kọ wọ́n sínú ìwé ìtàn ayé àwọn ọba Juda?
১৮অমচিয়াৰ অন্যান্য বৃত্তান্ত জানো যিহূদাৰ “ৰজাসকলৰ ইতিহাস-পুস্তক” খনত লিখা নাই?
19 Wọ́n dìtẹ̀ sí i ní Jerusalẹmu, ó sì sálọ sí Lakiṣi, ṣùgbọ́n wọ́n rán àwọn ọkùnrin tẹ̀lé e sí Lakiṣi, wọ́n sì pa á síbẹ̀.
১৯তেওঁলোকে যিৰূচালেমত অমিচিয়াৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে আৰু তেওঁ লাখীচলৈ পলাই গ’ল। কিন্তু লোকসকলে লাখীচলৈকে তেওঁৰ পাছত মানুহ পঠাই তেওঁক তাত বধ কৰিলে।
20 Wọ́n gbé e padà pẹ̀lú ẹṣin, a sì sin ín sí Jerusalẹmu pẹ̀lú àwọn baba rẹ̀, ní ìlú ńlá ti Dafidi.
২০তেওঁলোকে তেওঁৰ শৱটো ঘোঁৰাৰ পিঠিত তুলি যিৰূচালেমলৈ লৈ আনিলে আৰু দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল।
21 Nígbà náà, gbogbo àwọn ènìyàn Juda mú Asariah tí ó jẹ́ ọmọ ọdún mẹ́rìndínlógún. Wọ́n sì ṣe é ní ọba ní ìrọ́pò baba rẹ̀ Amasiah.
২১পাছত যিহূদাৰ সকলো লোকে অজৰিয়াক তেওঁৰ পিতৃ অমচিয়াৰ পদত ৰজা পাতিলে। তেতিয়া তেওঁৰ বয়স আছিল ষোল্ল বছৰ।
22 Òun ni ẹni tí ó tún Elati kọ́, ó sì dá a padà sí Juda lẹ́yìn tí Amasiah ti sinmi pẹ̀lú àwọn baba rẹ̀.
২২ৰজা অমচিয়া তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হোৱাৰ পাছত, ৰজা অজৰিয়াই এলৎ নগৰ পুনৰ নির্মাণ কৰিলে আৰু যিহূদাৰ অধীনলৈ আনিলে।
23 Ní ọdún kẹ́ẹ̀dógún tí Amasiah ọmọ Joaṣi ọba Juda, Jeroboamu ọmọ Jehoaṣi ọba Israẹli di ọba ní Samaria, ó sì jẹ ọba fún ọ̀kànlélógójì ọdún.
২৩যিহূদাৰ ৰজা যোৱাচৰ পুত্ৰ অমচিয়াৰ ৰাজত্বৰ পোন্ধৰ বছৰৰ সময়ত ইস্ৰায়েলৰ ৰজা যিহোৱাচৰ পুত্ৰ যাৰবিয়ামে চমৰিয়াত ৰজা হ’ল আৰু তেওঁ একচল্লিশ বছৰ ৰাজত্ব কৰিলে।
24 Ó ṣe búburú ní ojú Olúwa kò sì yípadà kúrò nínú ọ̀kankan nínú ẹ̀ṣẹ̀ Jeroboamu ọmọ Nebati. Èyí tí ó ti fa Israẹli láti dá.
২৪তেওঁ যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিলে আৰু নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিসকলো পাপ কৰাইছিল, তেওঁ সেইসকলো পাপ কৰি থাকিল; সেইসকলোৰে পৰা তেওঁ আঁতৰ নহ’ল।
25 Òun ni ẹni tí ó ti dá àwọn ààlà Israẹli padà láti Lebo-Hamati sí òkú aginjù. Ní ìbámu pẹ̀lú ọ̀rọ̀ Olúwa Ọlọ́run Israẹli, tí ó sọ nípasẹ̀ ìránṣẹ́ Jona ọmọ Amittai, wòlíì láti Gati-Heferi.
২৫ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই তেওঁৰ দাস গৎ-হেফৰৰ অমিত্তয়ৰ পুত্ৰ ভাববাদী যোনাৰ দ্বাৰাই যি কথা কৈছিল, সেই কথা অনুসাৰে যাৰবিয়ামে লেব হমাত এলেকাৰ পৰা অৰাবা সমুদ্ৰলৈকে ইস্ৰায়েলৰ সীমা পুনৰায় স্থাপন কৰিলে।
26 Olúwa ti rí ìpọ́njú Israẹli pé, ó korò gidigidi, nítorí kò sí ẹrú tàbí òmìnira tàbí olùrànlọ́wọ́ kan fún Israẹli.
২৬কিয়নো যিহোৱাই দেখিছিল যে, ইস্ৰায়েলত স্বাধীন বা দাস সকলোৱে কেনেৰূপ কষ্ট ভোগ কৰি আছে; তেওঁলোকক উদ্ধাৰ কৰিবলৈ তাত কোনো নাছিল।
27 Láti ìgbà tí Olúwa kò ti wí pé òhun yóò bu àbùkù lu orúkọ Israẹli láti abẹ́ ọ̀run. Ó gbà wọ́n là, lọ́wọ́ Jeroboamu ọmọ Jehoaṣi.
২৭যিহেতু যিহোৱাই কোৱা নাছিল যে, ইস্ৰায়েলৰ নাম আকাশৰ তলৰ পৰা লুপ্ত কৰি পেলাব, সেয়ে তেওঁ যিহোৱাচৰ পুত্ৰ যাৰবিয়ামৰ দ্বাৰাই তেওঁলোকক উদ্ধাৰ কৰিলে।
28 Fún ti ìyókù iṣẹ́ ìjọba Jeroboamu, gbogbo ohun tí ó ṣe àti gbogbo àwọn agbára rẹ, bí ó ti jagun sí, àti bí ó ti gba Damasku àti Hamati, tí í ṣe ti Juda, padà fún Israẹli, a kò ha kọ wọ́n sínú ìwé ìtàn ayé àwọn ọba Israẹli?
২৮যাৰবিয়ামৰ অন্যান্য সকলো কাৰ্য, পৰাক্ৰম, আৰু যুদ্ধ জয়ৰ বৃত্তান্ত আৰু এসময়ত যিহূদাৰ অধীনত থকা দম্মেচক আৰু হমাৎ কেনেদৰে তেওঁ ইস্ৰায়েলৰ কাৰণে পুনৰায় অধিকাৰ কৰিলে, সেই কথা জানো “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তক খনত জানো লিখা নাই?
29 Jeroboamu sinmi pẹ̀lú àwọn baba rẹ̀, àwọn ọba Israẹli Sekariah ọmọ rẹ̀ sì rọ́pò rẹ̀ gẹ́gẹ́ bí ọba.
২৯পাছত যাৰবিয়াম তেওঁৰ পূর্বপুৰুষ ইস্ৰায়েলৰ ৰজাসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ পুত্ৰ জখৰিয়া তেওঁৰ পদত ৰজা হ’ল।

< 2 Kings 14 >