< 2 Chronicles 14 >

1 Abijah sì sùn pẹ̀lú àwọn baba rẹ̀, a sì sin ín ní ìlú Dafidi. Asa ọmọ rẹ̀ sì jẹ ọba ní ipò rẹ̀. Ní àwọn ọjọ́ rẹ̀, orílẹ̀-èdè wà ní àlàáfíà fún ọdún mẹ́wàá.
পাছত অবিয়া তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে দায়ূদৰ নগৰত তেওঁক মৈদাম দিলে৷ পাছত তেওঁৰ পুত্ৰ আচা তেওঁৰ পদত ৰজা হ’ল। এওঁৰ ৰাজত্বৰ কালত দহ বছৰলৈকে দেশ সুস্থিৰে আছিল৷
2 Asa ṣe ohun tí ó dára, tí ó sì tọ́ ní ojú Olúwa Ọlọ́run rẹ̀.
আচাই ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি ভাল আৰু ন্যায়, তাকে কৰিছিল।
3 Ó gbé àwọn pẹpẹ àjèjì kúrò àti àwọn ibi gíga. Ó fọ́ àwọn òkúta tí a yà sọ́tọ̀, ó sì gé àwọn ère Aṣerah bolẹ̀.
কিয়নো তেওঁ পৰজাতীয় যজ্ঞবেদী আৰু ওখ ঠাইবোৰ আতৰাই পেলাইছিল, স্তম্ভবোৰ ভাঙি পেলাইছিল আৰু আচেৰা মুৰ্ত্তিবোৰ খণ্ড-বিখণ্ড কৰি কাটিছিল৷
4 Ó pa á láṣẹ fún Juda láti wá Olúwa Ọlọ́run àwọn baba a wọn àti láti tẹ̀lé àwọn òfin rẹ̀ àti àṣẹ.
তেওঁ যিহূদাক তেওঁলোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ যিহোৱাক পাবৰ বাবে ব্যৱস্থা আৰু আজ্ঞাবোৰ পালন কৰিবলৈ আদেশ দিছিল।
5 Ó gbé àwọn ibi gíga kúrò àti àwọn pẹpẹ tùràrí ní gbogbo ìlú ní Juda. Ìjọba sì wà ní àlàáfíà ní abẹ́ rẹ̀.
আনকি তেওঁ যিহূদাৰ সকলো নগৰৰ পৰা ওখ ঠাই আৰু সূৰ্যৰ প্ৰতিমাবোৰো আতৰাই পেলাইছিল৷ আৰু তেওঁৰ ৰাজ্য সুস্থিৰে আছিল।
6 Ó mọ àwọn ìlú ààbò ti Juda, níwọ̀n ìgbà tí ìlú ti wà ní àlàáfíà. Kò sí ẹnikẹ́ni ti o jagun pẹ̀lú rẹ̀ nígbà náà, nítorí Olúwa fún un ní ìsinmi.
পাছত তেওঁ যিহূদাত গড়েৰে আবৃত কৰি কেইবাখনো নগৰ সুসজ্জিত কৰি সাজিছিল৷ কিয়নো যিহোৱাই তেওঁৰ ওপৰত শান্তি প্ৰদান কৰা বাবে দেশ সুস্থিৰে আছিল আৰু সেই সময়ত কেইবা বছৰলৈকে কাৰো লগত তেওঁৰ যুদ্ধ হোৱা নাছিল।
7 “Ẹ jẹ́ kí a kọ́ àwọn ìlú wọ̀nyí,” ó wí fún Juda, “kí ẹ sì mọ odi yí wọn ká pẹ̀lú àwọn ilé ìṣọ́ gíga, àwọn ẹnu-ọ̀nà òde, àti àwọn ìpẹ́ẹ̀rẹ̀. Ilé náà ti wà, nítorí a ti béèrè lọ́wọ́ Olúwa Ọlọ́run wa; a béèrè lọ́wọ́ rẹ̀, ó sì ti fún wa ní ìsinmi ní gbogbo ọ̀nà.” Bẹ́ẹ̀ ni wọ́n kọ́ ọ, wọn sì ṣe rere.
কাৰণ আচাই যিহূদাক কৈছিল, “আহা, আমি এই নগৰ কেইখন সুসজ্জিত কৰোঁহক আৰু এইবোৰৰ চাৰিওফালে গড় আৰু কোঁঠ সাজোঁ, দুৱাৰ আৰু ডাং দিওঁ; দেশখন এতিয়ালৈকে আমাৰেই হৈ আছে, কিয়নো আমি আমাৰ ঈশ্বৰ যিহোৱাক বিচাৰিলোঁ৷ আমি তেওঁক বিচৰিলোঁ আৰু তেওঁ সকলো ফালৰ পৰা আমাৰ ওপৰত শান্তি প্ৰদান কৰিলে।” এইদৰে তেওঁলোকে সেইবোৰ নগৰ সাজিলে আৰু কৃতকাৰ্য্যও হ’ল।
8 Asa ní àwọn ọmọ-ogun ti ó jẹ́ ọ̀kẹ́ mẹ́ẹ̀ẹ́dógún àwọn ọkùnrin láti Juda. Pẹ̀lú àwọn ohun èlò àwọn àpáta ńlá àti ọ̀kọ̀ àti ọ̀kẹ́ mẹ́rìnlá láti Benjamini wọ́n dira pẹ̀lú àwọn àpáta kéékèèké àti àwọn ọrun. Gbogbo àwọn wọ̀nyí jẹ́ ògbójú jagunjagun ọkùnrin.
আচা’ৰ ঢাল আৰু যাঠী ধৰা সৈন্য সমূহ হ’ল, যিহূদাৰ তিনি লাখ আৰু বিন্যামীনৰ ঢাল আৰু ধনু ধৰা দুই লাখ আশী হাজাৰ সৈন্য আছিল৷ এওঁলোক সকলো পৰাক্ৰমী বীৰপুৰুষ আছিল।
9 Sera ará Etiopia yàn láti dojúkọ wọ́n, pẹ̀lú ọ̀pọ̀ ọmọ-ogun pẹ̀lú ọ̀ọ́dúnrún kẹ̀kẹ́, wọ́n sì wá láti jìnnà réré bí Meraṣa.
পাছত কুচদেশীয় জেৰহে দহ লাখ সৈন্য আৰু তিনিশ ৰথ লগত লৈ, তেওঁলোকৰ বিৰুদ্ধে যাত্ৰা কৰি মাৰেচা পালেহি।
10 Asa jáde lọ láti lọ bá a. Wọ́n sì mú ibi ogun ní pẹ̀tẹ́lẹ̀ Sefata lẹ́bàá Meraṣa.
১০তেতিয়া আচা’ই তেওঁৰ বিৰুদ্ধে যাত্ৰা কৰি তেওঁলোকে মাৰেচাৰ ওপৰৰ চফাতা উপত্যকাত বেহু পাতিলে।
11 Nígbà náà, Asa ké pe Olúwa Ọlọ́run baba a rẹ̀, ó sì wí pé “Olúwa kò sí ẹnìkan bí rẹ láti rán aláìlágbára lọ́wọ́ láti dójú kọ alágbára. Ràn wá lọ́wọ́, Olúwa Ọlọ́run wa, nítorí tí àwa gbẹ́kẹ̀lé ọ àti ní orúkọ rẹ ni àwa fi wá láti dojúkọ àwọn ọ̀pọ̀ ọmọ-ogun yìí. Olúwa, ìwọ ni Ọlọ́run wa; má ṣe jẹ́ kí ènìyàn kó ṣẹ́gun rẹ.”
১১তেতিয়া আচা’ই তেওঁৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে যিহোৱা, তুমি সহায় কৰিবলৈ গ’লে, তোমাৰ আগত বলী আৰু নিৰ্ব্বলীৰ মাজত একো ভেদ নাই। হে আমাৰ ঈশ্বৰ যিহোৱা, আমাক সহায় কৰা; কিয়নো আমি তোমাৰ ওপৰত ভাৰসা কৰোঁ আৰু তোমাৰ নামেৰেই এই লোকাৰণ্যৰ বিৰুদ্ধে আহিলোঁ। হে যিহোৱা, তুমিয়েই আমাৰ ঈশ্বৰ; তোমাৰ আগত মৰ্ত্ত্য প্ৰবল নহওঁক৷”
12 Olúwa lu àwọn ará Kuṣi bolẹ̀ níwájú Asa àti Juda. Àwọn ará Kuṣi sálọ.
১২তেতিয়া যিহোৱাই আচাৰ আৰু যিহূদাৰ আগত কুচীয়াসকলক ঘটোৱাত, কুচিয়াসকল পলাল।
13 Asa àti àwọn ọmọ-ogun rẹ̀ sá tẹ̀lé wọn ní jìnnà réré sí Gerari. Ọ̀pọ̀lọpọ̀, àwọn ará Kuṣi ṣubú, wọn kò sì le sán padà mọ́. Wọn rún wọn mọ́lẹ̀ níwájú Olúwa àti ọmọ-ogun rẹ̀. Àwọn ọkùnrin Juda kó ọ̀pọ̀lọpọ̀ ìkógun.
১৩তাতে আচা আৰু তেওঁৰ লগৰ সৈন্যসকলে গৰাৰলৈকে সিহঁতৰ পাছে পাছে খেদি গ’ল৷ গতিকে কুচীয়াসকলৰ অনেক লোক ইমানকৈ মৰা পৰিল যে, সিহঁতে পুনৰায় সবল হ’ব নোৱাৰিলে, কাৰণ যিহোৱা আৰু তেওঁৰ সৈন্যসামন্তৰ আগত সিহঁত বিনষ্ট হ’ল; আৰু লোকসকলে অধিক অধিক লুটদ্ৰব্য নিলে।
14 Wọ́n pa gbogbo àwọn ìletò tí ó wà ní ẹ̀bá Gerari, nítorí tí ìpayà Olúwa ti sọ̀kalẹ̀ sórí wọn. Wọ́n kó gbogbo ìkógun àwọn ìletò yìí lọ, níwọ̀n ìgbà tí ọ̀pọ̀ ìkógun ti wà níbẹ̀.
১৪তেওঁলোকে গৰাৰৰ চাৰিওফালে থকা আটাইবোৰ নগৰ ধ্বংস কৰি জয় কৰি ল’লে, কিয়নো যিহোৱাৰ ত্ৰাস তেওঁলোকৰ ওপৰলৈ আহিল৷ আৰু তেওঁলোকে আটাইবোৰ নগৰ লুট কৰিলে, কাৰণ সেইবোৰত অনেক লুট দ্ৰব্য আছিল।
15 Wọ́n kọlu àwọn ibùdó àwọn darandaran, wọ́n sì gbé àwọn ọ̀wọ́ ẹran àgùntàn àti àwọn ewúrẹ́ àti àwọn ìbákasẹ. Nígbà náà wọ́n padà sí Jerusalẹmu.
১৫আৰু তেওঁলোকে তম্বু-নিবাসীসকলক প্ৰহাৰ কৰি বহুত মেৰ, ছাগলী আৰু উট লৈ, যিৰূচালেমলৈ উলটি আহিল।

< 2 Chronicles 14 >