< 1 Samuel 9 >
1 Ará Benjamini kan wà, ẹni tí ó jẹ́ aláàánú ọlọ́rọ̀, orúkọ rẹ̀ ń jẹ́ Kiṣi, ọmọ Abieli, ọmọ Serori, ọmọ Bekorati, ọmọ Afiah ti Benjamini.
১সেই সময়ত বিন্যামীন ফৈদত এজন প্ৰভাৱশালী ব্যক্তি আছিল, তেওঁৰ নাম আছিল কীচ, তেওঁ অবীয়েলৰ পুত্ৰ, অবীয়েল জেৰৰ পুত্ৰ, জেৰৰ বখোৰতৰ পুত্ৰ, বাখোৰত আফিয়াৰ পুত্ৰ আছিল, এওঁলোক বিন্যামীন ফৈদৰ লোক আছিল।
2 Ó ní ọmọkùnrin kan tí à ń pè ní Saulu, ọ̀dọ́mọkùnrin tí ó yanjú, tí ó jẹ́ arẹwà, tí kò sí ẹni tó ní ẹwà jù ú lọ láàrín gbogbo àwọn ọmọ Israẹli—láti èjìká rẹ̀ lọ sí òkè, ó ga ju gbogbo àwọn ènìyàn tókù lọ.
২কীচৰ এজন সুদৰ্শন পুত্ৰ আছিল, তেওঁৰ নাম আছিল চৌল, ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তেওঁতকৈ সুদৰ্শন কোনো পুৰুষ নাছিল আৰু আন সকলো লোকতকৈ তেওঁ ওখ আছিল।
3 Nísinsin yìí àwọn kẹ́tẹ́kẹ́tẹ́ tí ó jẹ́ ti Kiṣi baba Saulu sì sọnù. Nígbà náà, Kiṣi sọ fún Saulu ọmọ rẹ̀ pé, “Mú ọ̀kan nínú àwọn ìránṣẹ́ pẹ̀lú rẹ kí ẹ lọ láti wá àwọn kẹ́tẹ́kẹ́tẹ́ náà.”
৩এদিন চৌলৰ পিতৃ কীচৰ গাধবোৰ হেৰাল। তেতিয়া কীচে নিজ পুত্ৰ চৌলক ক’লে, “তুমি দাস সকলৰ মাজৰ এজনক লগত লৈ গাধবোৰ বিচাৰি যোৱা।”
4 Bẹ́ẹ̀ ní ó kọjá láàrín àwọn ìlú olókè Efraimu, ó sì kọjá ní àyíká ilẹ̀ Ṣaliṣa, ṣùgbọ́n wọn kò rí wọn. Wọ́n sì kọjá lọ sí òpópó Ṣaalimu, ṣùgbọ́n àwọn kẹ́tẹ́kẹ́tẹ́ kò sí níbẹ̀. Nígbà náà, ó kọjá ní agbègbè Benjamini, wọn kò sì rí wọn.
৪সেয়ে চৌলে পাহাৰীয়া দেশ ইফ্ৰয়িমৰ মাজেৰে পাৰ হৈ চালিচা প্ৰদেশৰ মাজেৰে গ’ল; কিন্তু গাধবোৰ তাত নাছিল। তাৰ পাছত তেওঁলোকে চালীম প্ৰদেশৰ মাজেৰে গ’ল, কিন্তু তাতো নাছিল, তাৰ পাছত বিন্যামীন প্ৰদেশৰ মাজেৰে গ’ল, কিন্তু তেওঁলোকে তাতো বিচাৰি নাপালে।
5 Nígbà tí wọ́n dé agbègbè Sufu, Saulu sọ fún ìránṣẹ́ tí ó wà lọ́dọ̀ rẹ̀ pé, “Wá, jẹ́ kí á padà sẹ́yìn, bí bẹ́ẹ̀ kọ́, baba mi yóò dá ìrònú rẹ̀ dúró nípa àwọn kẹ́tẹ́kẹ́tẹ́ yóò sì bẹ̀rẹ̀ àníyàn nípa wa.”
৫যেতিয়া তেওঁলোক চুফ প্ৰদেশ পালে, চৌলে নিজৰ লগত যোৱা দাসক ক’লে, “আহাঁ, আমি উভটি যাওঁ, হয়তো মোৰ পিতৃয়ে গাধবোৰৰ চিন্তা কৰিবলৈ বাদ দি আমাৰ বাবেহে চিন্তা কৰিবলৈ আৰম্ভ কৰিব।”
6 Ṣùgbọ́n ìránṣẹ́ náà fún un ní èsì pé, “Wò ó, ní inú ìlú yìí ọkùnrin ènìyàn Ọlọ́run kan wà; ó jẹ́ ẹni tí wọ́n ń bu ọlá fún, àti gbogbo ohun tí ó bá sọ ní ó máa ń jẹ́ òtítọ́. Jẹ́ kí á lọ síbẹ̀ nísinsin yìí, bóyá yóò sọ fún wá ọ̀nà tí a yóò gbà.”
৬কিন্তু দাস জনে তেওঁক ক’লে, “শুনক! এই নগৰত ঈশ্বৰ বিশ্বাসী এজন লোক আছে; তেওঁ সন্মানীয় ব্যক্তি, তেওঁ যি যি কয়, সকলো সিদ্ধ হয়; এতেকে আহক আমি এতিয়া সেই ঠাইলৈ যাওঁ; হয়তো আমি কোনবাটে যাব লাগে তেওঁ জনাব পাৰিব।”
7 Saulu sọ fún ìránṣẹ́ rẹ̀, “Tí àwa bá lọ, kín ni àwa lè fún ọkùnrin náà? Oúnjẹ inú àpò wa ti tán. A kò sì ní ẹ̀bùn láti mú lọ sọ́dọ̀ ènìyàn Ọlọ́run. Kí ni a ní?”
৭তেতিয়া চৌলে তেওঁৰ দাসক ক’লে, “কিন্তু আমি যদি যাওঁ, তেন্তে সেই লোকৰ ওচৰলৈ কি লৈ যাম? কিয়নো আমাৰ পাত্ৰৰ পিঠা শেষ হ’ল; ঈশ্বৰৰ লোকৰ ওচৰলৈ উপহাৰস্বৰূপে আমি কি লৈ যাম? আমাৰ লগত কি আছে?”
8 Ìránṣẹ́ sì dá a lóhùn lẹ́ẹ̀kan sí i. “Wò ó,” ó wí pé, “Mo ní ìdámẹ́rin ṣékélì fàdákà lọ́wọ́. Èmi yóò fún ènìyàn Ọlọ́run náà kí ó lè fi ọ̀nà hàn wá.”
৮তাতে দাস জনে চৌলক উত্তৰ দি ক’লে, “এয়া চাওকচোন, মোৰ হাতত এক চেকল ৰূপৰ চতুৰ্থ ভাগৰ এভাগ আছে; আমি কোন বাটে যাব লাগে, সেই কথা জনাবৰ কাৰণে মই ঈশ্বৰৰ লোকজনক ইয়াকে দিম।”
9 (Tẹ́lẹ̀ ní Israẹli tí ọkùnrin kan bá lọ béèrè lọ́dọ̀ Ọlọ́run, yóò wí pé, “Wá, jẹ́ kí a lọ sí ọ̀dọ̀ wòlíì náà,” nítorí àwọn alásọtẹ́lẹ̀ ìsinsin yìí ni wọ́n ń pè ní wòlíì).
৯(আগৰ সময়ত ইস্ৰায়েলত, যেতিয়া এজন লোকে ঈশ্বৰৰ ইচ্ছা কি জানিব বিচাৰে, তেওঁ কয়, “আহাঁ, আমি ভাববাদীৰ ওচৰলৈ যাওঁ”।’ কাৰণ বৰ্তমানত যাক ভবিষ্যত বক্তা বোলা হয়, আগৰ সময়ত তেওঁক ভাববাদী বোলা হৈছিল)।
10 Saulu sọ fún ìránṣẹ́ ẹ rẹ̀ pé ó dára, “Jẹ́ kí a lọ.” Wọ́n jáde lọ sí ìlú tí ènìyàn Ọlọ́run náà ń gbé.
১০তেতিয়া চৌলে নিজৰ দাসক ক’লে, “ঠিকেই কৈছা; ব’লা আমি যাওঁহক।” তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ লোক য’ত আছিল সেই নগৰলৈ গ’ল।
11 Bí wọ́n ṣe ń lọ ní orí òkè sí ìlú náà, wọ́n pàdé àwọn ọ̀dọ́mọbìnrin tí ó ń jáde í bọ̀ láti wá pọn omí. Wọ́n sì bi wọ́n, “Ṣé wòlíì náà wà níbí?”
১১তেওঁলোকে নগৰৰ পাহাৰেদি উঠি যাওঁতে, পানী তুলিবলৈ অহা কেইগৰাকীমান যুৱতীক লগ পালে; তেওঁলোকক চৌল আৰু তেওঁৰ দাসে সুধিলে, “ইয়াত ভাববাদী আছেনে?”
12 “Ó wà,” wọ́n dáhùn. “Ó ń bẹ níwájú u yín, múra nísinsin yìí, ó ṣẹ̀ṣẹ̀ wá sí ọ̀dọ̀ wa lónìí ni, nítorí àwọn ènìyàn ní ẹbọ rírú ni ibi gíga.
১২তেওঁলোকে উত্তৰ দি ক’লে, “তেওঁ আছে; চাওক, আপোনাৰ ঠিক সন্মুখতে আছে, সোনকাল কৰক, তেওঁ নগৰলৈ আজি আহিছে, কাৰণ আজি ওখ স্থানত লোকসকলে বলিদান কৰিব।
13 Kété tí ẹ bá ti wọ ìlú, ẹ ó rí i kí ó tó lọ sí ibi gíga láti lọ jẹun. Àwọn ènìyàn kò sì ní bẹ̀rẹ̀ sí jẹun títí tí yóò fi dé. Torí ó gbọdọ̀ bùkún ẹbọ náà; lẹ́yìn náà, àwọn tí a pè yóò jẹun. Gòkè lọ nísinsin yìí, ó yẹ kí ẹ rí i ní àkókò yìí.”
১৩সেয়ে তেওঁ ওখ স্থানলৈ ভোজন কৰিবলৈ যোৱাৰ পূৰ্বে আপোনালোকে নগৰত সোমায়ে তেওঁক বিচাৰি পাব। কিয়নো তেওঁ গৈ নোপোৱালৈকে, লোকসকলে ভোজন নকৰে, কাৰণ তেওঁ বলিদানত আশীৰ্ব্বাদ কৰাৰ পাছতহে নিমন্ত্ৰিত সকলে ভোজন কৰিব। এতেকে আপোনালোক এতিয়াই যাওক; তেতিয়াহে তেওঁক লগ পাব।”
14 Wọ́n gòkè lọ sí ìlú náà, bí wọ́n ti ń wọlé, níbẹ̀ ni Samuẹli, ń bọ̀ wá sí ọ̀dọ̀ wọn bí ó ti ń lọ ibi gíga náà.
১৪সেয়ে তেওঁলোক নগৰলৈ গ’ল। তেওঁলোক নগৰত সোমাওঁতেই দেখিলে যে, চমূৱেলে ওখ স্থানলৈ যাবৰ উদ্দেশে তেওঁলোকৰ ফালে আহি আছে।
15 Olúwa ti sọ létí Samuẹli ní ọjọ́ kan kí Saulu ó tó dé pé,
১৫চৌল আহি পোৱাৰ আগদিনা, যিহোৱাই চমূৱেলৰ আগত এই কথা প্ৰকাশ কৰিলে:
16 “Ní ìwòyí ọ̀la, èmi yóò ran ọmọkùnrin kan sí ọ láti ilẹ̀ Benjamini. Fi òróró yàn án gẹ́gẹ́ bí olórí lórí àwọn ọmọ Israẹli, yóò gba àwọn ènìyàn mi kúrò lọ́wọ́ àwọn ará Filistini. Mo ti bojú wo àwọn ènìyàn mi, nítorí igbe wọn ti dé ọ̀dọ̀ mi.”
১৬“কাইলৈ এনে সময়তে মই বিন্যামীন প্ৰদেশৰ পৰা এজন মানুহ তোমাৰ ওচৰলৈ পঠাম; তেওঁক মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত অধিপতি হ’বলৈ তুমি তেওঁক অভিষেক কৰিবা, তাতে তেওঁ মোৰ প্ৰজাক পলেষ্টীয়াসকলৰ হাতৰ পৰা উদ্ধাৰ কৰিব; কিয়নো, মোৰ প্ৰজাসকলৰ কাতৰোক্তিৰ শব্দ মোৰ কাণত পৰাত, মই তেওঁলোকলৈ দৃষ্টি কৰিলোঁ।”
17 Nígbà tí Samuẹli fojúrí Saulu, Olúwa sọ fún un pé, “Èyí ni ọkùnrin tí mo sọ fún ọ nípa rẹ̀, yóò darí àwọn ènìyàn mi.”
১৭যেতিয়া চমূৱেলে চৌলক দেখা পালে, যিহোৱাই তেওঁক ক’লে, “যাৰ বিষয়ে মই তোমাক কৈছিলোঁ, এইজনেই সেই ব্যক্তি; তেৱেঁই মোৰ প্ৰজাসকলৰ ওপৰত শাসন কৰিব।”
18 Saulu sì súnmọ́ Samuẹli ní ẹnu-ọ̀nà ìlú, ó sì wí pé, “Sọ fún mi èmi ń bẹ̀ ọ́ níbo ni ilé wòlíì náà wà.”
১৮তেতিয়া চৌলে দুৱাৰ মুখত চমূৱেলৰ ওচৰলৈ গৈ ক’লে, “মোক কওক, ভাববাদীৰ ঘৰ ক’ত?”
19 Samuẹli dáhùn pé, “Èmi ni wòlíì náà. Ẹ máa gòkè lọ ṣáájú mi, ní ibi gíga, ẹ ó sì bá mi jẹun lónìí. Ní òwúrọ̀ ni èmi yóò tó jẹ́ kí ẹ lọ, gbogbo ohun tí ó wà ní ọkàn rẹ ní èmi yóò sọ fún ọ.
১৯চমূৱেলে চৌলক উত্তৰ দি ক’লে, “ময়েই সেই ভাববাদী, মই ওখ স্থানলৈ যোৱাৰ পূৰ্বে তুমি তালৈ যোৱা, কাৰণ তুমি আজি মোৰ লগত ভোজন কৰিবা, কাইলৈ ৰাতিপুৱা মই তোমাক যাবলৈ দিম আৰু তোমাৰ মনৰ সকলো কথা মই তোমাক জনাম।
20 Fún ti kẹ́tẹ́kẹ́tẹ́ tí ó sọnù fún ọjọ́ mẹ́ta sẹ́yìn, má ṣe dààmú nípa wọ́n: a ti rí wọn. Sí ta ni gbogbo ìfẹ́ Israẹli wà? Bí kì í ṣe sí ìwọ àti sí gbogbo ilé baba à rẹ.”
২০আজি তিন দিন পূৰ্বে, তোমাৰ যি গাধবোৰ হেৰাইছিল, সেইবোৰৰ কাৰণে চিন্তা নকৰিবা; কিয়নো সেইবোৰ পোৱা যাব আৰু যাৰ কাৰণে ইস্ৰায়েলৰ সকলো ইচ্ছা জড়িত হৈ আছে; সেয়ে জানো তোমাৰ আৰু তোমাৰ সমূদায় পিতৃ-বংশৰ নহয়?”
21 Saulu dáhùn pé, “Ṣùgbọ́n èmi kì í há ṣe ẹ̀yà Benjamini? Kékeré nínú ẹ̀yà Israẹli. Ìdílé mi kò ha rẹ̀yìn jùlọ nínú gbogbo ẹ̀yà Benjamini? Èéṣì ti ṣe tí ìwọ sọ̀rọ̀ yìí sí mi?”
২১চৌলে উত্তৰ দি ক’লে, “ইস্ৰায়েলৰ সকলোতকৈ সৰু ফৈদ বিন্যামীন ফৈদৰ মই নহয় নে? আৰু বিন্যামীন ফৈদৰ আটাই গোষ্ঠীবিলাকৰ মাজত মোৰ গোষ্ঠী সকলোতকৈ সৰু নহয় নে? তেনেহ’লে আপুনি মোৰ আগত এই দৰে কিয় কৈছে?”
22 Nígbà náà ni Samuẹli mú Saulu pẹ̀lú ìránṣẹ́ rẹ̀ wọ inú gbọ̀ngán, ó sì mú wọn jókòó sí iwájú àwọn tí a pè—tí wọn tó ọgbọ̀n.
২২তাৰ পাছত চমূৱেলে চৌলক আৰু তেওঁৰ দাসক ভোজনৰ কোঁঠালিটোলৈ লৈ গ’ল; আৰু ত্ৰিশ জনমান নিমন্ত্ৰিত অতিথিৰ সৈতে প্ৰধান ঠাইত বহুৱালে।
23 Samuẹli sọ fún alásè pé, “Mú ìpín ẹran tí mo fún ọ wá, èyí tí mo sọ fún ọ pé kí o yà sọ́tọ̀.”
২৩চমূৱেলে ৰান্ধনীক ক’লে, “মই তোমাক যিখিনি ‘বেলেগে ৰাখিব দিছিলোঁ’ তোমাক দিয়া সেই ভাগটো লৈ আনা।’
24 Alásè náà sì gbé ẹsẹ̀ náà pẹ̀lú ohun tí ó wà lórí i rẹ̀, ó sì gbé e síwájú Saulu. Samuẹli wí pé, “Èyí ni ohun tí a fi pamọ́ fún ọ. Jẹ, nítorí a yà á sọ́tọ̀ fún ọ, fún ìdí yìí, láti ìgbà tí mo ti wí pé, ‘Mo ní àlejò tí a pè.’” Saulu sì jẹun pẹ̀lú Samuẹli ní ọjọ́ náà.
২৪তাৰ পাছত ৰান্ধনীয়ে বলিদান দিয়া পিছ ভৰিৰ কৰঙণ আৰু তাৰ ওপৰত যি সকলো আছিল, সেইখিনি আনি চৌলৰ আগত থলে। তেতিয়া চমূৱেলে ক’লে, “চোৱা, তোমাৰ কাৰণে যি ৰখা হৈছিল! তাক ভোজন কৰা, কাৰণ নিৰূপিত সময়লৈকে তোমাৰ বাবে ইয়াক ৰখা হৈছিল। সেয়ে অতিথিসকলৰ সৈতে তুমি ভোজন কৰা।” চৌলে সেই দিনা চমূৱেলৰ লগত ভোজন কৰিলে।
25 Lẹ́yìn ìgbà tí wọn ti sọ̀kalẹ̀ láti ibí gíga náà wá sí inú ìlú, Samuẹli sì bá Saulu sọ̀rọ̀ lórí òrùlé ilé e rẹ̀.
২৫যেতিয়া তেওঁলোক ওখ স্থানৰ পৰা নগৰলৈ নামি আহিল, তেতিয়া চমূৱেলে ঘৰৰ চালৰ ওপৰত চৌলৰ লগত কথোপকথন কৰিলে।
26 Wọ́n sì dìde ní àfẹ̀mọ́júmọ́, ó pe Saulu sórí òrùlé pé, “Múra, èmi yóò rán ọ lọ.” Nígbà tí Saulu múra tán òun àti Samuẹli jọ jáde lọ síta.
২৬ৰাতিপুৱাতে চমূৱেলে চৌলক ঘৰৰ চালৰ ওপৰলৈ মাতি ক’লে, “উঠা, যাতে মই তোমাক তোমাৰ বাটে পঠিয়াব পাৰোঁ;” সেয়ে চৌল উঠিল আৰু চমূৱেলৰ সৈতে দুয়োজন বাটলৈ ওলাই গ’ল।
27 Bí wọ́n ti ń sọ̀kalẹ̀ lọ sí ìpẹ̀kun ìlú náà, Samuẹli wí fún Saulu pé, “Sọ fún ìránṣẹ́ náà kí ó máa lọ ṣáájú u wa,” ìránṣẹ́ náà sì ṣe bẹ́ẹ̀, “Ṣùgbọ́n kí ìwọ kí ó dúró díẹ̀, kí èmi kí ó lè sọ ọrọ̀ láti ọ̀dọ̀ Ọlọ́run fún ọ.”
২৭তাৰ পাছত নগৰৰ বাহিৰলৈ যোৱাত, চমূৱেলে চৌলক ক’লে, “তোমাৰ দাসক আমাৰ আগে আগে যাবলৈ কোৱা, তাতে দাস আগ হৈ গ’ল কিন্তু তুমি অলপ সময় ইয়াতে ৰৈ থাকা, যাতে মই তোমাক ঈশ্বৰৰ বাক্য শুনাব পাৰোঁ।”