< 1 Samuel 7 >

1 Nígbà náà àwọn ará Kiriati-Jearimu wá, wọ́n sì gbé àpótí ẹ̀rí Olúwa. Wọ́n gbé e lọ sí ilé Abinadabu lórí òkè, wọ́n sì ya Eleasari ọmọ rẹ̀ sí mímọ́ láti ṣọ́ àpótí ẹ̀rí Olúwa.
তাৰ পাছত কিৰিয়ৎ-যিয়াৰীমৰ লোকসলকে আহি যিহোৱাৰ নিয়ম-চন্দুক লৈ গ’ল আৰু পৰ্ব্বতত থকা অবীনাদবৰ ঘৰত ৰাখিলে। তাতে তেওঁলোকে যিহোৱাৰ সেই নিয়ম-চন্দুক ৰাখিবৰ বাবে তেওঁৰ পুতেক ইলিয়াজৰক পবিত্ৰ কৰিলে।
2 Ó sì jẹ́ ní ìgbà pípẹ́, ogún ọdún ni àpótí ẹ̀rí Olúwa fi wà ní Kiriati-Jearimu. Gbogbo ilé Israẹli ṣọ̀fọ̀ wọ́n sì pohùnréré ẹkún sí Olúwa.
যিহোৱাৰ নিয়ম-চন্দুক কিৰিয়ৎ-যিয়াৰীমত থাকোঁতে বহু সময় অৰ্থাৎ বিশবছৰ অতিবাহিত হ’ল, আৰু ইস্ৰায়েলৰ আটাই বংশই যিহোৱাক অনুসৰণ কৰি চলিবৰ ইচ্ছাৰে শোক কৰিলে।
3 Samuẹli sọ fún gbogbo ilé Israẹli pé, “Tí ẹ bá ń padà sí ọ̀dọ̀ Olúwa pẹ̀lú gbogbo ọkàn yín, ẹ yẹra kúrò lọ́dọ̀ ọlọ́run àjèjì àti Aṣtoreti kí ẹ sì fi ara yín jì fún Olúwa kí ẹ sì sin òun nìkan ṣoṣo, òun yóò sì gbà yín kúrò lọ́wọ́ àwọn ará Filistini.”
চমূৱেলে ইস্ৰায়েলৰ আটাই বংশক ক’লে, “তোমালোকে যদি তোমালোকৰ সকলো চিত্তেৰে যিহোৱালৈ উভটি আহা, আৰু তোমালোকৰ মাজৰ পৰা ভিন্ন দেশীয় দেৱতাবোৰ আৰু অষ্টাৰেৎ দেৱীবোৰ দূৰ কৰা আৰু যিহোৱালৈ নিজৰ মন পৰিবৰ্তন কৰি যদি কেৱল তেওঁৰেই সেৱা কৰা; তেনেহলে তেওঁ পলেষ্টীয়াসকলৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিব।”
4 Nígbà náà ni àwọn ọmọ Israẹli yẹra fún Baali àti Aṣtoreti, wọ́n sì sin Olúwa nìkan ṣoṣo.
তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে বালদেৱতাবোৰ আৰু অষ্টাৰেৎ দেৱীবোৰো ত্যাগ কৰি কেৱল যিহোৱাৰ সেৱা কৰিবলৈ ধৰিলে।
5 Nígbà náà ni, Samuẹli wí pé, “Ẹ kó gbogbo àwọn ọmọ Israẹli jọ sí Mispa, èmi yóò bẹ̀bẹ̀ fún un yín lọ́dọ̀ Olúwa.”
তাৰ পাছত চমূৱেলে ক’লে, “তোমালোকে গোটেই ইস্ৰায়েলক মিস্পাত গোটোৱা; সেই ঠাইত মই তোমালোকৰ অৰ্থে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিম।”
6 Nígbà tí wọ́n sì ti péjọpọ̀ ní Mispa, wọ́n pọn omi, wọ́n sì dà á sílẹ̀ níwájú Olúwa. Ní ọjọ́ náà, wọ́n gbààwẹ̀, wọ́n sì jẹ́wọ́ pé, “Àwa ti ṣẹ̀ sí Olúwa.” Samuẹli sì jẹ́ olórí àwọn ọmọ Israẹli ní Mispa.
তেতিয়া তেওঁলোকে মিস্পাত গোট খালে আৰু পানী তুলি যিহোৱাৰ আগত ঢালি দিলে। সেই দিনা লঘোন দি সেই ঠাইতে ক’লে, “আমি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।” এইদৰে চমূৱেলে মিস্পাত ইস্ৰায়েলৰ সন্তান সকলৰ বিচাৰ কৰিলে।
7 Nígbà tí àwọn Filistini gbọ́ pé àwọn Israẹli ti péjọ ní Mispa, àwọn aláṣẹ Filistini gòkè wá láti kọlù wọ́n. Nígbà tí àwọn ọmọ Israẹli gbọ́ èyí, ẹ̀rù bà wọ́n nítorí àwọn Filistini.
ফিলিষ্টীয়াসকলে ইস্ৰায়েলৰ সন্তান সকল মিস্পাত গোট খোৱাৰ খবৰ পালে, আৰু পলেষ্টীয়াসকলৰ অধিপতিসকলে ইস্ৰায়েলক আক্ৰমণ কৰিবলৈ আহিল; সেয়ে ইস্ৰায়েলৰ সন্তান সকলে এই কথা শুনি ফিলিষ্টীয়াসকলৰ কাৰণে ভয় কৰিলে।
8 Wọ́n sọ fún Samuẹli pé, “Má ṣe dákẹ́ kíké pe Olúwa Ọlọ́run wa fún wa, ké pè é kí ó lè gbà wá kúrò lọ́wọ́ àwọn Filistini.”
তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে চমূৱেলক ক’লে, “আমাৰ ঈশ্বৰ যিহোৱাই পলেষ্টীয়াসকলৰ হাতৰ পৰা যেন আমাক উদ্ধাৰ কৰে, এই কাৰণে আপুনি তেওঁৰ আগত আমাৰ অৰ্থে কাতৰোক্তি কৰিবলৈ নেৰিব।”
9 Nígbà náà ni Samuẹli mú ọ̀dọ́-àgùntàn tí ó jẹ́ ọmọ ọmú, ó sì fi rú ẹbọ sísun sí Olúwa. Ó sí ké pe Olúwa nítorí ilé Israẹli, Olúwa sì dá a lóhùn.
তেতিয়া চমূৱেলে পিয়াহ খোৱা মেৰ পোৱালি এটি লৈ যিহোৱাৰ উদ্দেশ্যে হোমবলি উৎসৰ্গ কৰিলে আৰু চমূৱেলে ইস্ৰায়েলৰ অৰ্থে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে। তেতিয়া যিহোৱাই তেওঁক উত্তৰ দিলে।
10 Nígbà tí Samuẹli ń ṣe ìrúbọ ẹbọ sísun, àwọn Filistini súnmọ́ tòsí láti bá Israẹli ja ogun. Ṣùgbọ́n ní ọjọ́ náà, Olúwa sán àrá ńlá lu àwọn Filistini, ó sì mú jìnnìjìnnì bá wọn, a sì lé wọn níwájú àwọn ọmọ Israẹli.
১০চমূৱেলে হোমবলি উৎসৰ্গ কৰোঁতে, পলেষ্টীয়াসকলে ইস্ৰায়েলক আক্ৰমণ কৰিবলৈ ওচৰ চাপি আহিছিল; কিন্তু সেইদিনা যিহোৱাই ফিলিষ্টীয়া সকলৰ ওপৰত উচ্চ-ধ্ৱনিৰে মেঘ-গৰ্জ্জন কৰি ব্যাকুল কৰিলে; তাতে তেওঁলোক ইস্ৰায়েলৰ সন্মুখত পতিত হ’ল।
11 Àwọn ọkùnrin Israẹli tú jáde láti Mispa. Wọ́n sì ń lépa àwọn Filistini, wọ́n sì pa wọ́n ní àpá rìn títí dé abẹ́ Beti-Kari.
১১তেতিয়া ইস্ৰায়েলৰ লোক সকলে মিস্পাৰ পৰা ওলাই আহিল আৰু পলেষ্টীয়াসকলক আঘাত কৰি তেওঁলোকৰ পাছে পাছে গৈ বৈৎ-কৰৰ নামনিলৈকে খেদি গ’ল৷
12 Samuẹli mú òkúta kan ó sì fi lélẹ̀ láàrín Mispa àti Ṣeni, ó sì pe orúkọ rẹ̀ ní Ebeneseri, wí pé, “Ibí ni Olúwa ràn wá lọ́wọ́ dé.”
১২তাৰ পাছত চমূৱেলে এটা শিল লৈ মিস্পা আৰু চেনৰ মাজ ঠাইত স্থাপন কৰিলে; আৰু “এতিয়ালৈকে যিহোৱাই আমাক সহায় কৰিলে” এইবুলি তাৰ নাম এবেন-এজৰ ৰাখিলে।
13 Bẹ́ẹ̀ ni wọ́n ṣẹ́gun Filistini, wọn kò sì wá sí agbègbè àwọn ọmọ Israẹli mọ́. Ní gbogbo ìgbésí ayé Samuẹli, ọwọ́ Olúwa lòdì sí àwọn Filistini.
১৩এইদৰে পলেষ্টীয়াসকল পৰাস্ত হ’ল আৰু ইস্ৰায়েলৰ অঞ্চললৈ তেওঁলোক পুনৰ নাহিল। চমূৱেলৰ জীৱনৰ শেষলৈকে যিহোৱাৰ হাত ফিলিষ্টীয়া সকলৰ অহিতে আছিল।
14 Àwọn ìlú láti Ekroni dé Gati tí àwọn Filistini ti gbà lọ́wọ́ Israẹli ni ó ti gbà padà fún Israẹli, ó sì gba gbogbo ilẹ̀ agbègbè rẹ̀ kúrò lọ́wọ́ ìṣàkóso àwọn Filistini. Ìrẹ́pọ̀ sì wà láàrín Israẹli àti àwọn Amori.
১৪ইক্ৰোণৰ পৰা গাতলৈকে যিবোৰ নগৰ পলেষ্টীয়াসকলে ইস্ৰায়েলৰ পৰা কাঢ়ি লৈছিল, সেইবোৰ নগৰ পুনৰায় ইস্ৰায়েলৰ অধীন হ’ল; আৰু ইস্ৰায়েলে ফিলিষ্টীয়া সকলৰ হাতৰ পৰা সেইবোৰ অঞ্চল উদ্ধাৰ কৰিলে। তাতে ইমোৰীয়া সকলৰ লগত ইস্ৰায়েলৰ শান্তি স্থাপন হ’ল।
15 Samuẹli tẹ̀síwájú gẹ́gẹ́ bí adájọ́ lórí Israẹli. Ní ọjọ́ ayé e rẹ̀.
১৫চমূৱেলে তেওঁৰ জীৱনৰ শেষলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিলে।
16 Láti ọdún dé ọdún, ó lọ yíká láti Beteli dé Gilgali dé Mispa, ó sì ń ṣe ìdájọ́ Israẹli ní gbogbo ibi wọ̀nyí.
১৬তেওঁ বছৰে বছৰে বৈৎএল, গিলগল আৰু মিস্পালৈ যায় আৰু সেইবোৰ ঠাইত ইস্ৰায়েলৰ বিচাৰ কৰে৷
17 Ṣùgbọ́n ó máa ń padà sí ilé rẹ̀ ní Rama, níbí tí ilé rẹ̀ wà, ó sì túnṣe ìdájọ́ Israẹli níbẹ̀, ó sì kọ́ pẹpẹ kan síbẹ̀ fún Olúwa.
১৭তাৰ পাছত তেওঁ ৰামালৈ ঘূৰি আহে, কাৰণ তাতেই তেওঁৰ ঘৰ আছিল; আৰু সেই ঠাইতো তেওঁ ইস্ৰায়েলৰ বিচাৰ কৰে। আৰু সেই ঠাইত তেওঁ যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।

< 1 Samuel 7 >