< 1 Samuel 4 >

1 Ọ̀rọ̀ Samuẹli tọ gbogbo àwọn ọmọ Israẹli wá. Nísinsin yìí àwọn ọmọ Israẹli jáde láti lọ bá àwọn Filistini jà. Àwọn ọmọ Israẹli sì pàgọ́ sí Ebeneseri àti àwọn Filistini ní Afeki.
সেই সময়ত ইস্ৰায়েলে যুদ্ধৰ অৰ্থে পলেষ্টীয়াসকলৰ বিৰুদ্ধে ওলাই গৈ এবেন-এজৰৰ ওচৰত ছাউনি পাতিলে, আৰু পলেষ্টীয়াসকলে অফেকত ছাউনি পাতিলে।
2 Àwọn Filistini mú ogun wọn sọ̀kalẹ̀ láti pàdé Israẹli, nígbà tí ogun náà bẹ̀rẹ̀, àwọn Filistini ṣẹ́gun Israẹli wọ́n pa ẹgbàajì ọkùnrin nínú ogun náà.
পাছত পলেষ্টীয়াসকলে ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰোঁতে পলেষ্টীয়াসকলৰ হাতত ইস্ৰায়েলসকল পৰাস্ত হ’ল; আৰু সেই যুদ্ধ-ক্ষেত্ৰত ইস্ৰায়েলৰ সৈন্য সমূহৰ প্ৰায় চাৰি হাজাৰ লোকক তেওঁলোকে বধ কৰিলে।
3 Nígbà tí àwọn ọmọ-ogun náà padà sí ibùdó, àwọn àgbàgbà Israẹli sì béèrè pé, “Èéṣe ti Olúwa fi mú kí àwọn Filistini ṣẹ́gun wa lónìí? Ẹ jẹ́ kí a gbé àpótí ẹ̀rí Olúwa láti Ṣilo wá, kí ó ba à le lọ pẹ̀lú wa kí ó sì gbà wá là kúrò lọ́wọ́ àwọn ọ̀tá wa.”
পাছত লোকসলক ছাউনিলৈ ঘূৰি আহোতে, ইস্ৰায়েলৰ বৃদ্ধলোক সকলে ক’লে, “যিহোৱাই পলেষ্টীয়াসকলৰ হাতত আজি আমাক কিয় পৰাস্ত হবলৈ এৰি দিলে? এতিয়া ব’লা, চীলোৰ পৰা আমি যিহোৱাৰ সাক্ষ্য নিয়ম-চন্দুক আনোগৈ, তেতিয়া সেই নিয়ম-চন্দুক আমাৰ লগত থকিলে, সেয়াই শত্ৰুৰ শক্তিৰ পৰা আমাক ৰক্ষা কৰিব।”
4 Nítorí náà a rán àwọn ènìyàn lọ sí Ṣilo, wọ́n sì gbé àpótí ẹ̀rí Olúwa àwọn ọmọ-ogun wá, ẹni tí ń wà láàrín àwọn Kérúbù àti àwọn ọmọ Eli méjèèjì Hofini àti Finehasi wà níbẹ̀ pẹ̀lú àpótí ẹ̀rí Ọlọ́run.
সেয়েহে লোকসকলে চীলোলৈ মানুহ পঠিয়াই, কৰূব দুটাৰ মাজত বসতি কৰা বাহিনীসকলৰ যিহোৱাৰ নিয়ম-চন্দুক অনালে। সেই সময়ত এলীৰ দুজন পুত্ৰ হফনী আৰু পীনহচ সেই ঠাইত যিহোৱাৰ নিয়ম-চন্দুকৰ লগত আছিল।
5 Nígbà tí àpótí ẹ̀rí Olúwa wá sí ibùdó, gbogbo àwọn ọmọ Israẹli sì dìde láti kígbe tó bẹ́ẹ̀ tí ilẹ̀ sì mì tìtì.
যিহোৱাৰ নিয়ম-চন্দুক ছাউনিলৈ অনাৰ পাছত, ইস্ৰায়েলৰ সকলো লোকে এনেদৰে মহাধ্বনি কৰিলে যে, পৃথিৱীও কঁপিবলৈ ধৰিলে।
6 Ní ìgbà tí àwọn Filistini gbọ́ ariwo náà wọ́n béèrè pé, “Kí ni gbogbo ariwo yìí ní ibùdó Heberu?” Nígbà tí wọ́n mọ̀ wí pé àpótí ẹ̀rí Olúwa ti wá sí ibùdó,
পলেষ্টীয়াসকলে সেই মহাধ্বনিৰ শব্দ শুনি ক’লে, “ইব্ৰীয়াসকলৰ ছাউনিত এনে মহাধ্বনি কিয় হৈছে?” এইদৰে যিহোৱাৰ নিয়ম-চন্দুক ইস্ৰায়েলৰ ছাউনিলৈ অনা হ’ল বুলি তেওঁলোকে উপলব্ধি কৰিলে৷
7 àwọn Filistini sì bẹ̀rù pé, Ọlọ́run kékeré ti wọ ibùdó, wọ́n wí pé, “A wọ wàhálà, irú èyí kò tí ì ṣẹlẹ̀ rí.
তেতিয়া পলেষ্টীয়াসকলৰ ভয় লাগিল আৰু তেওঁলোকে ক’লে, “ছাউনিলৈ নিশ্চয় ঈশ্বৰ আহিল৷” তেওঁলোকে পুনৰ ক’লে, “আমাৰ এতিয়া সন্তাপ হ’ব; কিয়নো ইয়াৰ পূৰ্বতে কেতিয়াও এনেকুৱা হোৱা নাই।
8 Àwa gbé! Ta ni yóò gbà wá kúrò lọ́wọ́ Ọlọ́run alágbára yìí? Àwọn ni Ọlọ́run tí ó fi ìpọ́njú pa àwọn ará Ejibiti pẹ̀lú gbogbo àjàkálẹ̀-ààrùn ní aginjù.
আমাৰ এতিয়া সন্তাপ হ’ব; সেই পৰাক্ৰমী ঈশ্বৰৰ শক্তিৰ পৰা আমাক কোনে ৰক্ষা কৰিব? এইজনেই সেই ঈশ্বৰ, যিজনে অৰণ্যৰ মাজত বিভিন্ন প্ৰকাৰ উপদ্ৰৱেৰে মিচৰীয়াসকলক আঘাত কৰিছিল।
9 Ẹ jẹ́ alágbára Filistini, ẹ ṣe bí ọkùnrin, bí bẹ́ẹ̀ kọ́, ẹ̀yin yóò di ẹrú àwọn Heberu, bí wọ́n ti jẹ́ sí i yín. Ẹ jẹ́ alágbára ọkùnrin, kí ẹ sì jagun!”
হে পলেষ্টীয়াসকল, ইব্ৰীয়াসকল যেনেকৈ তোমালোকৰ অধীনত আছিল, তেনেকৈ তোমালোক তেওঁলোকৰ অধীনত যেন নহোৱা, সেইবাবে তোমালোক বলৱান হোৱা আৰু পুৰুষত্ব দেখুউৱা; পুৰুষত্ব দেখুৱাই যুদ্ধ কৰা।”
10 Nígbà náà àwọn Filistini jà, wọ́n sì ṣẹ́gun àwọn Israẹli olúkúlùkù sì sá padà sínú àgọ́ rẹ̀, wọ́n pa ọ̀pọ̀ ènìyàn, àwọn ará Israẹli tí ó kú sí ogun sì jẹ́ ẹgbàá mẹ́ẹ̀ẹ́dógún àwọn ọmọ-ogun orí ilẹ̀.
১০তাৰ পাছত পলেষ্টীয়াসকলে যুদ্ধ কৰোঁতে, ইস্ৰায়েলৰ লোকসকল পৰাজিত হৈ প্ৰতিজন নিজ নিজ তম্বুলৈ পলাল; তাতে এনে মহা-সংহাৰ হ’ল যে, ইস্ৰায়েলৰ মাজত ত্ৰিশহাজাৰ পদাতিক লোকৰ মৃত্যু হ’ল।
11 Wọ́n gba àpótí ẹ̀rí Olúwa, àwọn ọmọkùnrin Eli méjèèjì sì kú, Hofini àti Finehasi.
১১আৰু ঈশ্বৰৰ নিয়ম-চন্দুক শত্ৰুৰ হাতত পৰিল, আৰু এলীৰ দুজন পুতেক হফনী আৰু পীনহচক বধ কৰা হ’ল।
12 Lọ́jọ́ kan náà tí ará Benjamini kan sá wá láti ojú ogun tí ó sì lọ sí Ṣilo, aṣọ rẹ̀ sì fàya pẹ̀lú eruku lórí rẹ̀.
১২এজন বিন্যামীনীয়া মানুহে সৈন্যৰ মাজৰ পৰা দৌৰি গৈ, একে দিনাই চীলোহ পালে; তাৰ কাপোৰ ফটা আছিল আৰু মুৰত মাটি লাগি আছিল।
13 Nígbà tí ó sì dé, Eli sì jókòó sórí àga rẹ̀ ní ẹ̀gbẹ́ ọ̀nà, ó ń wò, ọkàn rẹ̀ kò balẹ̀ nítorí àpótí ẹ̀rí Olúwa. Nígbà tí ọkùnrin náà wọ ìlú tí ó sì sọ ohun tí ó ṣẹlẹ̀, gbogbo ìlú bẹ̀rẹ̀ sí sọkún.
১৩সি অহা সময়ত বাটৰ কাষত এলীয়ে নিজৰ আসনত বহি বাট চাই আছিল; কিয়নো যিহোৱাৰ নিয়ম-চন্দুকৰ বাবে তেওঁৰ মন ব্যকুল হৈ আছিল। তাৰ পাছত সেই মানুহজনে নগৰত সোমাই সকলো সম্বাদ দিয়াত নগৰৰ সকলো লোকে চিঞৰিব ধৰিলে।
14 Eli gbọ́ ìró ohùn ẹkún náà ó sì béèrè pé, “Kí ni ìtumọ̀ ariwo yìí?” Ọkùnrin náà sì sáré tọ Eli wá
১৪এলীয়ে সেই চিঞৰৰ শব্দ শুনি সুধিলে, “এই কোলাহলৰ কাৰণ কি?” তেতিয়া সেই মানুহজনে বেগাই আহি এলীক সকলো বিষয় জনালে।
15 Eli sì di ẹni méjìdínlọ́gọ́run ọdún, tí ojú rẹ̀ di bàìbàì, kò sì ríran mọ́.
১৫সেই সময়ত এলী আঠান্নব্বৈ বছৰ বয়সীয়া বৃদ্ধ আছিল; আৰু তেওঁ দৃষ্টিহীন হোৱাত, একো দেখা নপালে।
16 Ọkùnrin náà sọ fún Eli, “Mo ṣẹ̀ṣẹ̀ dé láti ibi ogun náà ni: mo sá láti ibi ogun náà wá lónìí.” Eli sì béèrè pé, “Kí ni ó ṣẹlẹ̀ ọmọ mi?”
১৬মানুহ জনে এলীক ক’লে, “মই আজি সৈন্য সমূহৰ ওচৰৰ পৰা পলাই আহিলোঁ।” তেতিয়া এলীয়ে সুধিলে, “বোপা, তাত কি হৈ আছে?”
17 Ọkùnrin tí ó mú ìròyìn náà wá dáhùn pé, “Israẹli sá níwájú àwọn Filistini, ìṣubú àwọn ọmọ-ogun náà sì pọ̀ lọ́pọ̀lọ́pọ̀ pẹ̀lú àwọn ọmọ rẹ méjèèjì, Hofini àti Finehasi, wọ́n kú, wọ́n sì ti gba àpótí ẹ̀rí Olúwa lọ.”
১৭বাতৰি লৈ অহা মানুহজনে উত্তৰ দি ক’লে, “পলেষ্টীয়াসকলৰ সন্মুখৰ পৰা ইস্ৰায়েলীসকল পলাইছে আৰু আমাৰ লোকসকল পৰাজিত হ’ল৷ আপোনাৰ দুজন পুত্ৰ হফনী আৰু পীনহচৰো মৃত্যু হ’ল, আৰু ঈশ্বৰৰ নিয়ম-চন্দুক শত্ৰুৱে লৈ গ’ল।”
18 Nígbà tí ó dárúkọ àpótí ẹ̀rí Olúwa, Eli sì ṣubú sẹ́yìn kúrò lórí àga ní ẹ̀gbẹ́ bodè, ọrùn rẹ̀ ṣẹ́, ó sì kú, nítorí tí ó jẹ́ arúgbó ọkùnrin, ó sì tóbi, ó ti darí àwọn Israẹli fún ogójì ọdún.
১৮সেই মানুহজনে ঈশ্বৰৰ নিয়ম-চন্দুকৰ নাম লোৱাৰ লগে লগে এলী দুৱাৰৰ কাষত বহি থকা আসনৰ পৰা লুটিখাই পৰিল আৰু ডিঙি ভাঙি যোৱাত তেওঁৰ মৃত্যু হ’ল; কিয়নো তেওঁ বৃদ্ধ আৰু ভাৰযুক্ত পুৰুষ আছিল। তেওঁ চল্লিশ বছৰলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিছিল।
19 Aya ọmọ rẹ̀, ìyàwó Finehasi, ó lóyún ó súnmọ́ àkókò àti bí. Nígbà tí ó gbọ́ ìròyìn náà wí pé wọ́n ti gba àpótí ẹ̀rí Olúwa lọ àti wí pé baba ọkọ rẹ̀ àti ọkọ rẹ̀ ti kú, ó rọbí ó sì bímọ, ó sì borí ìrora ìrọbí náà.
১৯সেই সময়ত তেওঁৰ পো-বোৱাৰী পীনহচৰ ভাৰ্যা গৰ্ভৱতী আছিল, তেওঁৰ সন্তান প্ৰসৱৰ সময় হৈছিল৷ যিহোৱাৰ নিয়ম-চন্দুক শত্ৰুৰ হাতত যোৱা আৰু নিজৰ শহুৰ ও স্ৱামীৰ মৃত্যুৰ সম্বাদ শুনাৰ লগে লগে তেওঁৰ প্ৰসৱ বেদনা অস্থিৰ হৈ তেওঁ আঠুকাঢ়ি সন্তান প্ৰসৱ কৰিলে।
20 Bí ó ti ń kú lọ, obìnrin tí ó dúró tì í wí pé, “Má ṣe bẹ̀rù; nítorí o ti bí ọmọ ọkùnrin.” Ṣùgbọ́n kò sọ̀rọ̀ tàbí kọ ibi ara sí i.
২০তেওঁৰ প্ৰসৱ বেদনা দেখি, তেওঁৰ কাষত থিয় হৈ থকা মহিলাসকলে ক’লে, “ভয় নকৰিবা; তুমি এটি পুত্ৰ জন্ম দিলা।” কিন্তু তেওঁ মুখেৰে একো উত্তৰ নিদিলে আৰু তেওঁলোকে কোৱা কথালৈ মন নিদিলে।
21 Ó sì pe ọmọ náà ní Ikabodu, wí pé, “Kò sí ògo fún Israẹli mọ́,” nítorí tí wọ́n ti gba àpótí ẹ̀rí Ọlọ́run àti ikú baba ọkọ rẹ̀ àti ti ọkọ rẹ̀.
২১তেওঁ সন্তানটিৰ নাম ঈখাবোদ ৰাখিলে আৰু ক’লে, “ইস্ৰায়েলৰ পৰা প্ৰতাপ দূৰ কৰা হ’ল।” তেওঁৰ শহুৰ আৰু স্ৱামীৰ বাবেই ঈশ্বৰৰ নিয়ম-চন্দুক আটক কৰি নিলে৷
22 Ó si wí pé, “Ògo kò sí fún Israẹli mọ́, nítorí ti a ti gbá àpótí Ọlọ́run.”
২২তেওঁ পুনৰ ক’লে, “ইস্ৰায়েলৰ পৰা প্ৰতাপ দূৰ কৰা হ’ল; কিয়নো ঈশ্বৰৰ নিয়ম-চন্দুক আটক কৰি নিলে।”

< 1 Samuel 4 >