< 1 Samuel 3 >

1 Samuẹli ọmọkùnrin náà ṣe òjíṣẹ́ níwájú Olúwa ní abẹ́ Eli. Ní ọjọ́ wọ̀n-ọn-nì ọ̀rọ̀ Olúwa ṣọ̀wọ́n: kò sì sí ìran púpọ̀.
চমূৱেলে এলীৰ তত্ত্বাৱধানত যিহোৱাৰ পৰিচৰ্যা কৰি আছিল। সেই সময়ত যিহোৱাৰ বাক্য দুৰ্ল্লভ আছিল; আৰু সঘনাই যিহোৱাৰ দৰ্শন পোৱা সম্ভৱ নাছিল।
2 Ní alẹ́ ọjọ́ kan Eli ẹni tí ojú rẹ̀ ti bẹ̀rẹ̀ sí di aláìlágbára, tí kò sì ríran dáradára, ó dùbúlẹ̀ ní ipò rẹ̀ bi ti àtẹ̀yìnwá.
সেই সময়ত এলীৰ চকু দুৰ্ব্বল হোৱাত, তেওঁ ভালদৰে মনিব নোৱাৰিছিল; সেয়ে তেওঁ নিজৰ বিচনাত শুই থাকিছিল।
3 Nígbà tí iná kò tí ì kú Samuẹli dùbúlẹ̀ nínú tẹmpili Olúwa, níbi tí àpótí Olúwa gbé wà.
ঈশ্বৰৰ নিয়ম-চন্দুক থকা যিহোৱাৰ মন্দিৰত ঈশ্বৰীয় প্ৰদীপ নুমুউৱাৰ পূৰ্বতে চমূৱেলে শুব লৈছিল৷
4 Nígbà náà ni Olúwa pe Samuẹli. Samuẹli sì dáhùn, “Èmi nìyí.”
সেই সময়তে যিহোৱাই চমূৱেলক মাতিলে; তাতে তেওঁ উত্তৰ দি ক’লে, “মই ইয়াতে আছোঁ।”
5 Ó sì sáré lọ sí ọ̀dọ̀ Eli ó sì wí pé, “Èmi nìyí nítorí pé ìwọ pè mí.” Ṣùgbọ́n Eli wí fún un pé, “Èmi kò pè ọ́; padà lọ dùbúlẹ̀.” Nítorí náà ó lọ ó sì lọ dùbúlẹ̀.
মাত শুনাৰ লগে লগে, তেওঁ এলীৰ ওচৰলৈ দৌৰি গৈ ক’লে, “আপুনি মোক মাতিছিল, সেয়ে মই ইয়াতে আছোঁ।” তেতিয়া তেওঁ ক’লে, “মই মতা নাই; তুমি শুই থাকা গৈ;” তেতিয়া তেওঁ গৈ শুই থাকিল।
6 Olúwa sì tún pè é, “Samuẹli!” Samuẹli tún dìde ó tọ Eli lọ, ó sì wí pé, “Èmi nìyìí, nítorí tí ìwọ pè mí.” “Ọmọ mi, èmi kò pè ọ́, padà lọ dùbúlẹ̀.”
পাছত যিহোৱাই পুনৰায় মাতিলে, “হে চমূৱেল;” তেতিয়া চমূৱেলে উঠি এলীৰ ওচৰলৈ গৈ ক’লে, “মই উপস্থিত আছোঁ; আপুনি মোক কিয় মাতিছিল? তেওঁ ক’লে, “বোপা, মই মাতা নাই; তুমি শুই থাকা গৈ।”
7 Ní àkókò yìí Samuẹli kò tí ì mọ̀ Olúwa: bẹ́ẹ̀ ni a kò sì tí ì fi ọ̀rọ̀ Olúwa hàn án.
সেই সময়লৈকে যিহোৱাৰ মাত শুনাৰ অভিজ্ঞতা চমূৱেলৰ নাছিল, আৰু তেওঁৰ ওচৰত যিহোৱাৰ বাক্যও প্ৰকাশিত হোৱা নাছিল।
8 Olúwa pe Samuẹli ní ìgbà kẹta, Samuẹli sì tún dìde, ó sì lọ sọ́dọ̀ Eli ó sì wí pé, “Èmi nìyìí; nítorí tí ìwọ pè mí.” Nígbà náà ni Eli wá mọ̀ pé Olúwa ni ó ń pe ọmọ náà.
পাছত যিহোৱাই তৃতীয়বাৰ চমূৱেলক মাতিলে। তেতিয়া তেওঁ উঠি এলীৰ ওচৰলৈ গৈ ক’লে, “মই উপস্থিত আছোঁ; কাৰণ আপুনি মোক মাতিছে।”
9 Nítorí náà Eli sọ fún Samuẹli, “Lọ kí o lọ dùbúlẹ̀. Tí o bá sì pè ọ́, sọ wí pé, ‘Máa wí, Olúwa nítorí tí ìránṣẹ́ rẹ ń gbọ́.’” Bẹ́ẹ̀ ni Samuẹli lọ, ó sì lọ dùbúlẹ̀ ní ààyè rẹ̀.
তেতিয়া যিহোৱাই যে তেওঁক মাতিছে, এই কথা এলীয়ে বুজি পালে আৰু চমূৱেলক ক’লে, “তুমি গৈ শুই থাকা; যদি তেওঁ তোমাক মাতে, তেন্তে ক’বা, ‘হে যিহোৱা, কওক, কিয়নো আপোনাৰ দাসে শুনিছে’।” তাৰ পাছত চমূৱেল গৈ নিজ ঠাইত শুই থাকিল।
10 Olúwa wá, ó sì dúró níbẹ̀, ó pè é bí ó ṣe pè é ní ìgbà tí ó kọjá, “Samuẹli! Samuẹli!” Nígbà náà ni Samuẹli dáhùn pé, “Máa wí nítorí tí ìránṣẹ́ rẹ ń gbọ́.”
১০পুনৰ যিহোৱাই আগৰ দৰে আহি থিয় হৈ তেওঁক মাতিলে, “চমূৱেল, চমূৱেল।” তেতিয়া চমূৱেলে উত্তৰ দি ক’লে, “কওক, আপোনাৰ দাসে শুনি আছে।”
11 Olúwa sọ fún Samuẹli pé, “Wò ó, èmi ṣetán láti ṣe ohun kan ní Israẹli tí yóò jẹ́ kí etí gbogbo ènìyàn tí ó gbọ́ ọ já gooro.
১১তেতিয়া যিহোৱাই চমূৱেলক ক’লে, “চোৱা, মই ইস্ৰায়েলৰ মাজত এনে এক কৰ্ম কৰিম; সেই বিষয়ে যি জনে শুনিব, সেই সকলোৰে নোম শিয়ৰি উঠিব।
12 Ní ìgbà náà ni èmi yóò mú ohun gbogbo tí mo ti sọ sí ilé Eli ṣẹ láti ìbẹ̀rẹ̀ dé òpin.
১২মই এলী আৰু তেওঁৰ বংশৰ বিষয়ে যি যি কৈছিলোঁ, সেই সকলোকে প্ৰথমৰ পৰা শেষলৈকে সিদ্ধ কৰিম।
13 Nítorí èmi sọ fún un pé, Èmi yóò ṣe ìdájọ́ fún ilé rẹ̀ títí láé nítorí ìwà ẹ̀ṣẹ̀ wọn tí òun mọ̀ nípa rẹ̀ nítorí àwọn ọmọ rẹ̀ sọ ọ̀rọ̀-òdì, òun kò sì dá wọn lẹ́kun.
১৩কাৰণ মই তেওঁক ক’লোঁ, ‘তেওঁ যিবোৰ অপৰাধৰ কথা জানিছিল, তাৰ বাবে মই সদাকাললৈকে তেওঁৰ বংশক দণ্ড দিম, কাৰণ তেওঁৰ সন্তানসকলে নিজকে অভিশপ্ত কৰা সত্বেও তেওঁলোকক বাধা দিয়া নাই’।
14 Nítorí náà, mo búra sí ilé Eli, ‘Ìwà ẹ̀ṣẹ̀ ilé Eli ni a kì yóò fi ẹbọ tàbí ọrẹ mú kúrò láéláé.’”
১৪সেই কাৰণে, এলীৰ বংশলৈ মই শপত খালোঁ যে, এলীৰ বংশই যি অপৰাধ কৰিলে, তাক বলিদান কি নৈবেদ্যৰ দ্বাৰাই কেতিয়াও মোচন কৰা নহ’ব।”
15 Samuẹli dùbúlẹ̀ títí di òwúrọ̀ nígbà náà ó sì ṣí ìlẹ̀kùn ilé Olúwa, ó sì bẹ̀rù láti sọ ìran náà fún Eli.
১৫তাৰ পাছত চমূৱেলে ৰাতিপুৱালৈকে শুই থাকিল, আৰু পুৱা উঠি যিহোৱাৰ গৃহৰ দুৱাৰবোৰ মেলি দিলে, কিন্তু এলীৰ আগত সেই দৰ্শনৰ কথা জনাবলৈ ভয় কৰিলে।
16 Ṣùgbọ́n Eli pè é, ó sì wí pé, “Samuẹli, ọmọ mi.” Samuẹli sì dáhùn pé, “Èmi nìyìí.”
১৬এলীয়ে চমূৱেলক মাতি ক’লে, “মোৰ বোপা চমূৱেল।” তেতিয়া চমূৱেলে ক’লে, “মই ইয়াতে আছোঁ।”
17 Eli béèrè pé, “Kín ni ohun tí ó sọ fún ọ?” “Má ṣe fi pamọ́ fún mi. Kí Ọlọ́run mi ṣe bẹ́ẹ̀ sí ọ àti jù bẹ́ẹ̀ lọ pẹ̀lú, bí ìwọ bá fi ohunkóhun tí ó wí fún ọ pamọ́ fún mi.”
১৭তেতিয়া এলীয়ে সুধিলে, “যিহোৱাই তোমাক কি ক’লে? মই বিনয় কৰোঁ, তুমি মোৰ পৰা একো নুলুকুৱাবা; ঈশ্বৰে তোমাক যি কথা ক’লে, তাৰ কোনো কথা যদি মোৰ পৰা গোপনে ৰাখা, তেন্তে তেওঁ তোমাক অধিক দণ্ড দিব।”
18 Samuẹli sọ gbogbo rẹ̀ fún un, kò sì fi ohun kankan pamọ́ fún un. Nígbà náà Eli wí pé, “Òun ni Olúwa; jẹ́ kí ó ṣe ohun tí ó dára ní ojú rẹ̀.”
১৮তেতিয়া চমূৱেলে তেওঁৰ আগত সকলো কথা ক’লে, তেওঁৰ পৰা কোনো এটা কথাও গোপনে নাৰাখিলে। সেয়ে এলীয়ে ক’লে, “তেওঁ যিহোৱা; তেওঁৰ দৃষ্টিত যি ভাল, তাকেই কৰক।”
19 Olúwa wà pẹ̀lú Samuẹli bí ó ṣe ń dàgbà, kò sì jẹ́ kí ọ̀kan nínú ọ̀rọ̀ rẹ̀ kùnà.
১৯চমূৱেল ডাঙৰ হৈ অহাৰ পাছত, যিহোৱা তেওঁৰ সঙ্গী হ’ল, আৰু যিহোৱাৰ ভৱিষ্যত বাণী এটাও বিফলে যাব নিদিলে।
20 Gbogbo Israẹli láti Dani títí dé Beerṣeba mọ̀ pé a ti fa Samuẹli kalẹ̀ gẹ́gẹ́ bí wòlíì Olúwa.
২০তাতে চমূৱেল যে যিহোৱাৰ ভাববাদী হ’বৰ অৰ্থে বিশ্বাসৰ পাত্ৰ হৈছে, সেই বিষয়ে দানৰ পৰা বেৰ-চেবালৈকে গোটেই ইস্ৰায়েলে জানিলে।
21 Olúwa sì bẹ̀rẹ̀ sí ní fi ara hàn án ní Ṣilo, nítorí Olúwa ti fi ará hàn án fún Samuẹli ní Ṣilo nípa ọ̀rọ̀ Olúwa.
২১যিহোৱাই পুনৰ তেওঁক চীলোত দৰ্শন দিলে; কিয়নো যিহোৱাই চীলোত চমূৱেলৰ আগত বাক্যৰ দ্বাৰাই নিজকে প্ৰকাশ কৰিছিল। আৰু গোটেই ইস্ৰায়েলৰ ওচৰলৈ চমূৱেলৰ বাক্য আহিছিল।

< 1 Samuel 3 >