< 1 Samuel 1 >

1 Ọkùnrin kan wà, láti Ramataimu-Sofimu, láti ìlú olókè Efraimu, ẹni tí orúkọ rẹ̀ ń jẹ́ Elkana, ọmọ Jerohamu, ọmọ Elihu, ọmọ Tohu, ọmọ Sufu, ará Efrata.
পৰ্বতীয়া দেশ ইফ্ৰয়িমৰ ৰামাথয়িম চোফীম অঞ্চলৰ নিবাসী ইলকানা নামেৰে এজন ব্যক্তি আছিল। তেওঁ যিৰোহমৰ পুত্র আৰু চুফ পৰিবাৰৰ আছিল। যিৰোহমৰ পিতৃ হ’ল ইলীহূ, ইলীহূৰ পিতৃ হ’ল তহূৰ, তহূৰৰ পিতৃ হ’ল চূফ। এওঁলোক ইফ্ৰয়িমৰ গোষ্ঠীৰ আছিল।
2 Ó sì ní ìyàwó méjì, orúkọ wọn ni Hana àti Penina: Penina ní ọmọ, ṣùgbọ́n Hana kò ní.
তেওঁৰ দুজনী ভার্যা আছিল; এজনীৰ নাম হান্না আৰু আন জনীৰ নাম পিনিন্না। পিনিন্নাৰ সন্তান আছিল, কিন্তু হান্না নিঃসন্তান আছিল।
3 Ní ọdọọdún, ọkùnrin yìí máa ń gòkè láti ìlú rẹ̀ láti lọ sìn àti láti ṣe ìrúbọ sí Olúwa àwọn ọmọ-ogun jùlọ ní Ṣilo, níbi tí àwọn ọmọkùnrin Eli méjèèjì, Hofini àti Finehasi ti jẹ́ àlùfáà Olúwa.
এই ব্যক্তিজনে চীলোত বাহিনী সমূহৰ যিহোৱাৰ আগত প্ৰণিপাত কৰিবলৈ আৰু বলিদান দিবলৈ প্ৰতি বছৰে নিজ নগৰৰ পৰা গৈছিল। সেই ঠাইত এলীৰ দুজন পুতেক হফনী আৰু পীনহচ যিহোৱাৰ পুৰোহিত আছিল।
4 Nígbàkígbà tí ó bá kan Elkana láti ṣe ìrúbọ, òun yóò bù lára ẹran fún aya rẹ̀ Penina àti fún gbogbo àwọn ọmọ ọkùnrin àti obìnrin.
প্ৰতি বছৰে যেতিয়া ইলকানাই সেই দিনত বলি দিবলৈ আহে, তেতিয়া তাৰে এভাগ তেওঁ ভাৰ্যা পিনিন্নাক দিয়ে, আৰু তেওঁৰ পুতেক জীয়েক সকলকো দিয়ে।
5 Ṣùgbọ́n ó máa ń pín ìlọ́po fun Hana nítorí pé ó fẹ́ràn rẹ̀ àti pé Olúwa ti sé e nínú.
যিহোৱাই তেওঁৰ গৰ্ভ বন্ধ কৰি ৰাখিছিল; কিন্তু তেওঁৰ স্ৱামী ইলকানাই তেওঁক প্ৰেম কৰিছিল কাৰণে হান্নাক দুভাগ দিয়ে।
6 Nítorí pé Olúwa ti sé e nínú, orogún rẹ̀ bẹ̀rẹ̀ sí ní fín níràn láti lè mú kí ó bínú.
যিহোৱাই তেওঁৰ গৰ্ভ বন্ধ কৰি ৰখা বাবে, সতিনীয়েকে তেওঁৰ মনত অসন্তোষ জন্মাবলৈ নানা কথাৰে তেওঁক বিৰক্ত কৰিছিল।
7 Eléyìí sì máa ń ṣẹlẹ̀ ní ọdọọdún. Nígbàkígbà tí Hana bá gòkè lọ sí ilé Olúwa, orogún rẹ̀ a máa fín níràn títí tí yóò fi máa sọkún tí kò sì ní lè jẹun.
বছৰৰ পিছত বছৰ ধৰি হান্না যেতিয়া পৰিয়ালৰ সৈতে যিহোৱাৰ গৃহলৈ যায়, তেতিয়া তেওঁৰ সতিনীয়ে সদায় তেওঁক বিৰক্ত কৰে; এই হেতুকে তেওঁ ভোজন নকৰি কান্দি কান্দি দিন অতিবাহিত কৰিছিল।
8 Elkana ọkọ rẹ̀ yóò sọ fún un pé, “Hana èéṣe tí ìwọ fi ń sọkún? Èéṣe tí ìwọ kò fi jẹun? Èéṣe tí ìwọ fi ń ba ọkàn jẹ́? Èmi kò ha ju ọmọ mẹ́wàá lọ fún ọ bí?”
তেতিয়া তেওঁৰ স্বামী ইলকানাই কয়, “হান্না তুমি কিয় কান্দিছা? তুমি কিয় আহাৰ গ্ৰহণ নকৰা? তোমাৰ হৃদয় দুখেৰে পৰিপূৰ্ণ কিয়? তোমাৰ দৃষ্টিত মই দহ জন পুত্ৰতকৈ উত্তম নহও নে?”
9 Lẹ́yìn ìgbà tí wọ́n ti jẹ, tí wọ́n tún mu tán ní Ṣilo, Hana dìde wá síwájú Olúwa. Nígbà náà, Eli àlùfáà wà lórí àga ní ẹ̀gbẹ́ ẹnu-ọ̀nà ilé Olúwa ní ibi tí ó máa ń jókòó.
এদিন তেওঁলোকে চীলোত ভোজন-পান কৰাৰ পাছত, হান্না থিয় হ’ল। সেই সময়ত যিহোৱাৰ মন্দিৰৰ দুৱাৰৰ খুটাৰ ওচৰত এলী পুৰোহিত নিজ আসনৰ ওপৰত বহি আছিল।
10 Pẹ̀lú ẹ̀dùn ọkàn Hana sọkún gidigidi, ó sì gbàdúrà sí Olúwa.
১০তেতিয়া হান্নাই মনৰ বেজাৰত ভাগি পৰি যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক্ৰন্দন কৰিলে।
11 Ó sì jẹ́ ẹ̀jẹ́ wí pé, “Olúwa àwọn ọmọ-ogun, jùlọ tí ìwọ bá le bojú wo ìránṣẹ́bìnrin rẹ kí ìwọ sì rántí rẹ̀, tí ìwọ kò sì gbàgbé ìránṣẹ́ rẹ ṣùgbọ́n tí ìwọ yóò fún un ní ọmọkùnrin, nígbà náà èmi yóò sì fi fún Olúwa ní gbogbo ọjọ́ ayé rẹ̀ a kì yóò sì fi abẹ kàn án ní orí.”
১১আৰু তেওঁ সংকল্প কৰি ক’লে, “হে বাহিনী সমূহৰ যিহোৱা, আপুনি যদি আপোনাৰ এই দাসীৰ দুখলৈ দৃষ্টি কৰি সোঁৱৰণ কৰে, আৰু আপোনাৰ দাসীক নাপাহৰি এটি পুত্ৰ-সন্তান দিয়ে, তেন্তে দাসীয়ে সি জীয়াই থকালৈকে যিহোৱাৰ উদ্দেশ্যে তাক উৎসৰ্গ কৰিম; আৰু তাৰ মূৰত খুৰ লগোৱা নহ’ব।”
12 Bí ó sì ṣe ń gbàdúrà sí Olúwa, Eli sì kíyèsi ẹnu rẹ̀.
১২এনেদৰে হান্নাই বহু সময় ধৰি যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰি আছিল, আৰু এলীয়ে তেওঁৰ মুখলৈ লক্ষ্য কৰি আছিল।
13 Hana ń gbàdúrà láti inú ọkàn rẹ̀, ṣùgbọ́n ètè rẹ̀ ni ó ń mì, a kò gbọ́ ohùn rẹ̀. Eli rò wí pé ó ti mu ọtí yó.
১৩সেই সময়ত হান্নাই নিৰৱে হৃদয়ৰ পৰা প্ৰাৰ্থনা কৰি আছিল, তেওঁৰ কেৱল ওঁঠ দুটিহে লৰি আছিল, কিন্তু কোনো শব্দ শুনা নাছিল; সেয়েহে এলীয়ে তেওঁক মতলীয়া হৈছে বুলি ভাবিছিল৷
14 Eli sì wí fún un pé, “Yóò ti pẹ́ fún ọ tó tí ìwọ yóò máa yó? Mú ọtí wáìnì rẹ̀ kúrò.”
১৪এলীয়ে তেওঁক ক’লে, “তুমি কিমান সময় মতলীয়া হৈ থাকিবা? তোমাৰ পৰা দ্ৰাক্ষাৰস দূৰ কৰা।”
15 Hana dá a lóhùn pé, “Bẹ́ẹ̀ kọ́, Olúwa mi, èmi ni obìnrin oníròbìnújẹ́. Èmi kò mu ọtí wáìnì tàbí ọtí líle; èmi ń tú ọkàn mi jáde sí Olúwa ni.
১৫হান্নাই উত্তৰ দি তেওঁক ক’লে, “নহয় মোৰ প্ৰভু, মই এগৰাকী অভাগিনী নাৰী, মোৰ আত্মা দুখেৰে পৰিপূৰ্ণ, মই দ্ৰাক্ষাৰস বা কোনো ৰাগীয়াল দ্ৰব্য পান কৰা নাই, কিন্তু যিহোৱাৰ আগত মোৰ মনৰ কথা ব্যক্ত কৰিছোঁ।
16 Má ṣe mú ìránṣẹ́ rẹ gẹ́gẹ́ bí obìnrin búburú. Èmi ti ń gbàdúrà níhìn-ín nínú ìrora ọkàn àti ìbànújẹ́ mi.”
১৬আপোনাৰ এই দাসীক দুষ্ট তিৰোতা বুলি নাভাবিব; মোক নানা কথাৰে বিৰক্ত কৰাত, বেজাৰ পাই অসন্তুষ্ট মনেৰে মই যিহোৱাৰ সৈতে কথা পাতি আছিলোঁ।”
17 Eli dáhùn pé, “Máa lọ ní àlàáfíà, kí Ọlọ́run Israẹli fi ohun tí ìwọ ti béèrè ní ọwọ́ rẹ̀ fún ọ.”
১৭এলীয়ে উত্তৰ দি তেওঁক ক’লে, “তুমি শান্তিৰে যোৱা; ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আগত তুমি যি নিবেদন কৰিলা, সেয়া তেওঁ গ্ৰহণ কৰক।”
18 Ó wí pé, “Kí ìránṣẹ́bìnrin rẹ rí oore-ọ̀fẹ́ lójú rẹ.” Bẹ́ẹ̀ ni obìnrin náà bá tirẹ̀ lọ, ó sì jẹun, kò sì fa ojú ro mọ́.
১৮তেতিয়া তেওঁ ক’লে, “আপোনাৰ দৃষ্টিত আপোনাৰ দাসী অনুগ্ৰহপ্ৰাপ্ত হওক।” তাৰ পাছত হান্না সেই ঠাইৰ পৰা ওলাই গৈ আহাৰ গ্ৰহণ কৰিলে; আৰু তেওঁৰ মুখ কেতিয়াও বিবৰ্ণ নহ’ল।
19 Wọ́n sì dìde ni kùtùkùtù òwúrọ̀, wọn wólẹ̀ sìn níwájú Olúwa, wọn padà wa sí ilé wọn ni Rama: Elkana si mọ Hana aya rẹ̀: Olúwa sì rántí rẹ̀.
১৯পাছত তেওঁলোক পুৱাতে উঠি যিহোৱাৰ আগত প্ৰণিপাত কৰি নিজ ঘৰ ৰামালৈ উভটি গ’ল৷ পাছত ইলকানাই নিজ ভাৰ্যা হান্নাৰ সৈতে শয়ন কৰাত যিহোৱাই তেওঁৰ নিবেদনৰ উত্তৰ দিলে।
20 Ó sì ṣe, nígbà tí ọjọ́ rẹ̀ pé, lẹ́yìn ìgbà tí Hana lóyún, ó sì bí ọmọkùnrin kan, ó sì pe orúkọ rẹ̀ ní Samuẹli, pé, “Nítorí tí mo béèrè rẹ̀ lọ́wọ́ Olúwa.”
২০পাছত হান্নাই গৰ্ভধাৰণ কৰিলে, আৰু নিৰ্দিষ্ট সময়ত এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁ তাক চমূৱেল বুলি মাতিলে, আৰু ক’লে, “কাৰণ মই যিহোৱাৰ পৰা ইয়াক খুজিছিলোঁ৷”
21 Ọkùnrin náà Elkana, àti gbogbo àwọn ará ilé rẹ̀, gòkè lọ láti rú ẹbọ ọdún sí Olúwa, àti láti sán ẹ̀jẹ́ rẹ̀.
২১আকৌ ইলকানা আৰু তেওঁৰ আটাই পৰিয়ালে যিহোৱাৰ উদ্দেশ্যে বাৰ্ষিক বলিদান কৰিবৰ বাবে আৰু নিজৰ সংকল্প সিদ্ধ কৰিবলৈ গ’ল।
22 Ṣùgbọ́n Hana kò gòkè lọ; nítorí tí ó sọ fún ọkọ rẹ̀ pé, “Ó di ìgbà tí mo bá gba ọmú lẹ́nu ọmọ náà, nígbà náà ni èmi yóò mú un lọ, kí òun lè fi ara hàn níwájú Olúwa, kí ó sí máa gbé ibẹ̀ títí láé.”
২২কিন্তু হান্না তেওঁলোকৰ লগত নগ’ল; তেওঁ তেওঁৰ স্বামীক ক’লে, “সন্তানটিয়ে যাতে যিহোৱাৰ গৃহত সদায় থাকিব পাৰে, তাৰ বাবে মই সন্তানটিয়ে পিয়াহ এৰাৰ পাছতহে তাক লৈ মই যিহোৱাৰ গৃহলৈ যাম।”
23 Elkana ọkọ rẹ̀ sì wí fún un pé, “Ṣe èyí tí ó tọ́ lójú rẹ. Dúró títí ìwọ yóò fi gba ọmú lẹ́nu rẹ̀; ṣùgbọ́n kí Olúwa sá à mú ọ̀rọ̀ rẹ̀ ṣẹ.” Bẹ́ẹ̀ ni obìnrin náà sì jókòó, ó sì fi ọmú fún ọmọ rẹ̀ títí ó fi gbà á lẹ́nu rẹ̀.
২৩তেতিয়া তেওঁৰ স্বামী ইলকানাই তেওঁক ক’লে, “তুমি যি ভাল দেখা, তাকে কৰা। পিয়াহ নেৰালৈকে তুমি অপেক্ষা কৰা। যিহোৱাই নিজ বাক্য সিদ্ধ কৰক।” সেয়ে সন্তানটিয়ে পিয়াহ নেৰালৈকে হান্না ঘৰতে থাকিল৷
24 Nígbà tí ó sì gba ọmú lẹ́nu rẹ̀, ó sì mú un gòkè lọ pẹ̀lú ara rẹ̀. Pẹ̀lú ẹgbọrọ màlúù mẹ́ta, àti ìyẹ̀fun efa kan, àti ìgò ọtí wáìnì kan, ó sì mú un wá sí ilé Olúwa ní Ṣilo: ọmọ náà sì wà ní ọmọdé.
২৪সন্তানটিয়ে পিয়াহ এৰাৰ পাছত, তেওঁ তিনি বছৰীয়া এটা ভতৰা গৰু, এক ঐফা আটাগুৰি, আৰু এক বটল দ্ৰাক্ষাৰস লৈ চীলোত থকা যিহোৱাৰ গৃহলৈ লৈ গ’ল। সেই সময়ত সন্তানটি বয়সত সৰু আছিল।
25 Wọ́n pa ẹgbọrọ màlúù, wọ́n sì mú ọmọ náà tọ Eli wá.
২৫তাতে তেওঁলোকে ভতৰা গৰুটো বধ কৰিলে আৰু সন্তানটোক এলীৰ ওচৰলৈ লৈ গ’ল।
26 Hana sì wí pé, “Olúwa mi, bí ọkàn rẹ ti wà láààyè, Olúwa mi, èmi ni obìnrin náà tí ó dúró lẹ́bàá ọ̀dọ̀ rẹ níhìn-ín tí ń tọrọ lọ́dọ̀ Olúwa.
২৬হান্নাই এলীক ক’লে, “হে মোৰ প্ৰভু, আপোনাৰ উদ্দেশ্যে এই ঠাইত থিয় হৈ প্ৰাৰ্থনা কৰা মহিলা গৰাকী ময়েই।
27 Ọmọ yìí ni mo ń tọrọ; Olúwa sì fi ìdáhùn ìbéèrè tí mo béèrè lọ́dọ̀ rẹ̀ fún mi.
২৭এই সন্তানটিৰ উদ্দেশ্যে মই প্ৰাৰ্থনা কৰিছিলোঁ; আৰু যিহোৱাৰ আগত মই যি খুজিছিলোঁ, সেয়া তেওঁ মোক দিলে।
28 Nítorí náà pẹ̀lú, èmi fi í fún Olúwa; ní gbogbo ọjọ́ ayé rẹ̀: nítorí tí mo ti béèrè rẹ̀ fún Olúwa.” Wọn si wólẹ̀ sin Olúwa níbẹ̀.
২৮সেয়ে মই যিহোৱালৈ সন্তানটিক উৎসৰ্গ কৰিলোঁ। জীৱনৰ শেষলৈকে তাক যিহোৱাৰ উদ্দেশ্যে দিয়া হ’ল।” ইলকানা আৰু তেওঁৰ পৰিয়ালে সেই ঠাইত যিহোৱাৰ প্ৰশংসা কৰিলে।

< 1 Samuel 1 >