< 1 Kings 9 >
1 Nígbà tí Solomoni sì parí kíkọ́ ilé Olúwa àti ààfin ọba, tí ó sì ti ṣe gbogbo nǹkan tí ó ń fẹ́ láti ṣe,
১চলোমনে যিহোৱাৰ গৃহ, ৰাজ-গৃহ আৰু নিজ ইচ্ছামতে যি যি কৰ্ম কৰিবলৈ তেওঁ স্থিৰ কৰিছিল, সেই আটাইকে সম্পূর্ণৰূপে সম্পন্ন কৰিলে।
2 Olúwa sì farahàn Solomoni ní ìgbà kejì, bí ó ti farahàn án ní Gibeoni.
২গিবিয়োনত দৰ্শন দিয়াৰ দৰে, যিহোৱাই দ্বিতীয় বাৰ চলোমনক দৰ্শন দিলে।
3 Olúwa sì wí fún un pé, “Èmi ti gbọ́ àdúrà rẹ àti ẹ̀bẹ̀ rẹ tí ìwọ ti bẹ̀ níwájú mi, mo ti ya ilé yìí sí mímọ́, tí ìwọ ti kọ́, nípa fífi orúkọ mi síbẹ̀ títí láé. Ojú mi àti ọkàn mi yóò wà níbẹ̀ nígbà gbogbo.
৩যিহোৱাই তেওঁক ক’লে, “তুমি মোৰ আগত কৰা তোমাৰ প্ৰাৰ্থনা আৰু মিনতি মই শুনিলোঁ৷ তুমি নিৰ্মাণ কৰা এই গৃহত মোৰ নাম চিৰকাললৈকে স্থাপন কৰিবৰ অর্থে মই এই গৃহক পবিত্ৰ কৰিলোঁ আৰু এই ঠাইত সদায় মোৰ চকু আৰু মোৰ মন থাকিব।
4 “Bí ìwọ bá rìn níwájú mi ní ọkàn òtítọ́ àti ìdúró ṣinṣin, bí i Dafidi baba rẹ ti rìn, kí o sì ṣe gbogbo èyí tí mo ti paláṣẹ fún ọ àti kí o sì pa àṣẹ mi àti òfin mi mọ́,
৪তুমি যদি তোমাৰ পিতৃ দায়ূদৰ দৰে একান্ত মনে সৰল ভাৱে মোৰ সাক্ষাতে চলা, আৰু মই তোমাক দিয়া সকলো আজ্ঞা পালন কৰা, মোৰ বিধি আৰু শাসন প্ৰনালীবোৰ মানি চলা,
5 Èmi yóò fi ìdí ìtẹ́ ìjọba rẹ múlẹ̀ lórí Israẹli títí láé, bí mo ti ṣe ìlérí fún Dafidi baba rẹ nígbà tí mo wí pé, ‘Ìwọ kì yóò kùnà láti ní ọkùnrin kan lórí ìtẹ́ Israẹli.’
৫তেতিয়া মই ইস্ৰায়েলৰ ওপৰত তোমাৰ ৰাজসিংহাসন চিৰকাললৈকে স্থাপন কৰিম; যেনেদৰে মই তোমাৰ পিতৃ দায়ুদৰ আগত প্ৰতিজ্ঞা কৰি কৈছিলোঁ বোলে, ‘ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহিবলৈ তোমাৰ বংশৰ মানুহৰ কেতিয়াও অভাৱ নহ’ব৷’
6 “Ṣùgbọ́n tí ìwọ tàbí àwọn ọmọ rẹ bá yípadà kúrò lọ́dọ̀ mi, tí ẹ kò sì pa òfin mi mọ́ àti àṣẹ mi tí mo ti fi fún ọ, tí ẹ sì lọ láti sin ọlọ́run mìíràn, tí ẹ sì ń sìn wọ́n,
৬কিন্তু তুমি বা তোমালোকৰ সন্তান সকলৰ কোনোৱে যদি কেনেবাকৈ মোৰ পাছত চলিবলগীয়া পথৰ পৰা ঘূৰা বা তোমালোকৰ আগত স্থাপন কৰা মোৰ আজ্ঞা আৰু বিধিবোৰ পালন নকৰি ইতৰ দেৱতাবোৰক সেৱা পুজা কৰা আৰু সিহঁতৰ আগত প্ৰণিপাত কৰা,
7 nígbà náà ni èmi yóò ké Israẹli kúrò ní ilẹ̀ tí èmi fi fún wọn, èmi yóò sì kọ ilé yìí tí èmi ti yà sí mímọ́ fún orúkọ mi. Nígbà náà ni Israẹli yóò sì di òwe àti ìmúṣẹ̀sín láàrín gbogbo orílẹ̀-èdè.
৭তেতিয়া মই ইস্ৰায়েলক দিয়া দেশৰ পৰা তেওঁলোকক উচ্ছন্ন কৰিম আৰু মই নিজৰ কাৰণে পবিত্ৰ কৰা যি গৃহ - সেই গৃহ মোৰ দৃষ্টিৰ পৰা দূৰ কৰিম৷ তাতে সকলো জাতিৰ মাজত ‘ইস্ৰায়েল’ নামটো কেৱল এটা প্ৰবাদ আৰু ঠাট্টাৰ বিষয় হ’ব।
8 Àti ilé yìí tí ó ga, ẹnu yóò sì ya olúkúlùkù ẹni tí ó kọjá lẹ́bàá rẹ̀, yóò sì pòṣé, wọn ó sì wí pé, ‘Èéṣe tí Olúwa fi ṣe irú nǹkan yìí sí ilẹ̀ yìí àti ilé yìí?’
৮আৰু যিহেতু এতিয়া এই মন্দিৰ ইমান মহৎ, যিসকলে ইয়াৰ কাষেদি যাব, তেওঁলোকে আচৰিত মানিব আৰু ফোঁচফোঁচাব৷ তেতিয়া তেওঁলোকে সুধিব, ‘এই দেশ আৰু এই গৃহলৈ যিহোৱাই কিয় এইৰূপে কাৰ্য কৰিলে?’
9 Àwọn ènìyàn yóò sì dáhùn wí pé, ‘Nítorí tí wọ́n ti kọ̀ Olúwa Ọlọ́run wọn sílẹ̀, tí ó mú àwọn baba wọn jáde láti Ejibiti wá, wọ́n sì ti gbá ọlọ́run mìíràn mú, wọ́n ń bọ wọ́n, wọ́n sì ń sìn wọ́n, ìdí nìyìí tí Olúwa ṣe mú gbogbo ìjàǹbá yìí wá sórí wọn.’”
৯তাতে আন আন লোকবোৰে উত্তৰ দি ক’ব, ‘কিয়নো তেওঁলোকৰ পূৰ্ব-পুৰুষসকলক মিচৰ দেশৰ পৰা বাহিৰ কৰি অনা ঈশ্বৰ যিহোৱাক তেওঁলোকে ত্যাগ কৰিলে আৰু ইতৰ দেৱতাবোৰত আসক্ত হৈ তেওঁলোকে সেইবোৰৰ আগত প্ৰণিপাত কৰি সেইবোৰক সেৱা পুজা কৰিলে৷ সেই কাৰণে যিহোৱাই তেওঁলোকৰ ওপৰত এই আটাই অমঙ্গল ঘটালে’।”
10 Lẹ́yìn ogún ọdún, nígbà tí Solomoni kọ́ ilé méjèèjì yìí tan: ilé Olúwa àti ààfin ọba.
১০যিহোৱাৰ মন্দিৰ আৰু ৰাজগৃহ, এই দুটা সাজি শেষ কৰিবলৈ চলোমনৰ বিশ বছৰ লাগিছিল।
11 Solomoni ọba sì fi ogún ìlú ní Galili fún Hiramu ọba Tire, nítorí tí Hiramu ti bá a wá igi kedari àti igi firi àti wúrà gẹ́gẹ́ bí gbogbo ìfẹ́ rẹ̀.
১১তূৰৰ ৰজা হীৰমে চলোমনৰ সকলো ইচ্ছাৰ দৰে, এৰচ কাঠ, দেবদাৰু কাঠ আৰু সোণ যোগান ধৰিছিল। সেই বাবে ৰজা চলোমনে হীৰমক গালীল দেশত থকা বিশখন নগৰ দিছিল।
12 Ṣùgbọ́n nígbà tí Hiramu sì jáde láti Tire lọ wo ìlú tí Solomoni fi fún un, inú rẹ̀ kò sì dùn sí wọn.
১২তেতিয়া হীৰমে ৰজা চলোমনে দিয়া নগৰ চাবলৈ তূৰৰ পৰা আহিল, কিন্তু তেওঁ সেই নগৰবোৰ দেখি সন্তুষ্ট নহ’ল।
13 Ó sì wí pé, “Irú ìlú wo nìwọ̀nyí tí ìwọ fi fún mi, arákùnrin mi?” Ó sì pè wọ́n ní ilẹ̀ Kabulu títí fi di òní yìí.
১৩সেয়ে তেওঁ ক’লে, “হে মোৰ ভাই, তুমি মোক কেনেকুৱা নগৰবোৰ দিলা?” এই হেতুকে হীৰমে সেই নগৰবোৰৰ নাম কাবূল দেশ ৰাখিলে, এই নাম আজিলৈকে আছে।
14 Hiramu sì ti fi ọgọ́fà tálẹ́ǹtì wúrà ránṣẹ́ sí ọba.
১৪হীৰমে এশ বিশ কিক্কৰ সোণ ৰজালৈ পঠাই দিলে।
15 Ìdí àwọn asìnrú ti Solomoni ọba kójọ ni èyí; láti kọ́ ilé Olúwa àti ààfin òun tìkára rẹ̀; Millo, odi Jerusalẹmu, Hasori, Megido àti Geseri.
১৫আৰু ৰজা চলোমনে যিহোৱাৰ গৃহ, নিজৰ গৃহ, মিল্লো, যিৰূচালেমৰ গড় হাচোৰ, মগিদ্দো আৰু গেজৰ নিৰ্ম্মাণ কৰিবলৈ বন্দী কাম কৰিব লগীয়া লোক সমূহক গোটাব লগীয়া বিবৰণ এই।
16 Farao ọba Ejibiti sì ti kọlu Geseri, ó sì ti fi iná sun ún, ó sì pa àwọn ará Kenaani tí ń gbé ìlú náà, ó sì fi ta ọmọbìnrin rẹ̀, aya Solomoni lọ́rẹ.
১৬মিচৰৰ ৰজা ফৰৌণে উঠি গৈ গেজৰ হাত কৰি লৈ জুইৰে পুৰি ভষ্ম কৰিছিল আৰু সেই নগৰ নিবাসী কনানীয়াবোৰক বধ কৰি তাক নিজৰ জীয়েক চলোমনৰ ভাৰ্য্যাৰ যৌতুকত দিছিল।
17 Solomoni sì tún Geseri kọ́, àti Beti-Horoni ìsàlẹ̀,
১৭আৰু ৰজা চলোমনে গেজৰ, তলৰ বৈৎ-হোৰোণ,
18 àti Baalati àti Tadmori ní aginjù, láàrín rẹ̀,
১৮বালৎ, দেশৰ মৰুভূমিত থকা তামৰ,
19 àti gbogbo ìlú ìṣúra tí Solomoni ní, àti ìlú kẹ̀kẹ́ rẹ̀, àti ìlú fún àwọn ẹlẹ́ṣin rẹ̀, àti èyí tí ó ń fẹ́ láti kọ́ ní Jerusalẹmu, ní Lebanoni àti ní gbogbo ilẹ̀ ìjọba rẹ̀ tí ó ń ṣe àkóso.
১৯তেওঁ অধিকাৰ কৰা সকলো ভঁৰাল-নগৰবোৰ, ৰথ আৰু অশ্বাৰোহীসকলৰ নগৰবোৰ আদি যিৰূচালেমত ও লিবানোনত আৰু নিজে শাসন কৰা দেশৰ সকলো ফালে যি যি নিৰ্ম্মাণ কৰিবলৈ চলোমনৰ ইচ্ছা আছিল, সেই সকলোকে তেওঁ নিৰ্ম্মাণ কৰিলে।
20 Gbogbo ènìyàn tí ó kù nínú àwọn ará Amori ará Hiti, Peresi, Hifi àti Jebusi, àwọn ènìyàn wọ̀nyí kì í ṣe ará Israẹli,
২০ইস্ৰায়েলৰ সন্তান সকলৰ মাজত নোহোৱা অৱশিষ্ট থকা ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া লোকসকলৰ
21 ìyẹn ni pé àwọn ọmọ wọn tí ó kù ní ilẹ̀ náà, tí àwọn ọmọ Israẹli kò le parun pátápátá, àwọn ni Solomoni bu iṣẹ́ ẹrú fún títí di òní yìí.
২১যি সন্তান সকল সেই দেশত অৱশিষ্ট থাকিল, যিবোৰক ইস্ৰায়েলৰ সন্তান সকলে নিঃশেষ হোৱাকৈ বিনষ্ট কৰিব নোৱাৰিলে - সিহঁতৰ মাজৰ পৰাই বন্দী কামৰ বাবে ৰজা চলোমনে মানুহ গোটালে, আৰু এই লোকসকলে আজিলৈকে তাকেই কৰি আছে।
22 Ṣùgbọ́n, Solomoni kò fi ẹnìkankan ṣe ẹrú nínú àwọn ọmọ Israẹli; àwọn ni ológun rẹ̀ àti àwọn ìránṣẹ́ rẹ̀, àti àwọn ìjòyè rẹ̀, àti àwọn balógun rẹ̀, àti àwọn olórí kẹ̀kẹ́ rẹ̀ àti ti àwọn ẹlẹ́ṣin rẹ̀.
২২কিন্তু ৰজা চলোমনে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ কোনো লোকক বন্দী কামত নলগালে। বৰং তেওঁলোক ৰণুৱা, তেওঁৰ দাস, তেওঁৰ মন্ত্ৰী, তেওঁৰ বিষয়া, সেনাপতি আৰু সাৰথি ও অশ্বাৰোহীৰ অধ্যক্ষহে হ’ল।
23 Àwọn sì tún ni àwọn olórí olùtọ́jú tí wọ́n wà lórí iṣẹ́ Solomoni, àádọ́ta dín lẹ́gbẹ̀ta, ní ń ṣe àkóso lórí àwọn ènìyàn tí ń ṣe iṣẹ́ náà.
২৩তেওঁলোকৰ মাজৰ পাঁচ শ পঞ্চাশ জন লোক ৰজা চলোমনৰ কাৰ্যত নিযুক্ত কৰা প্ৰধান বিষয়া আছিল; তেওঁলোকে কাম কৰোঁতা সকলক চলাইছিল।
24 Lẹ́yìn ìgbà tí ọmọbìnrin Farao ti gòkè láti ìlú Dafidi wá sí ààfin tí Solomoni kọ́ fún un, nígbà náà ni ó kọ́ Millo.
২৪পাছত ৰজা ফৰৌণৰ জীয়েকে দায়ূদৰ নগৰৰ পৰা, তেওঁৰ বাবে চলোমনে সজা নিজ ঘৰলৈ অাহিল৷ পিছত ৰজা চলোমনে মিল্লো নিৰ্ম্মাণ কৰিলে।
25 Nígbà mẹ́ta lọ́dún ni Solomoni ń rú ẹbọ sísun àti ẹbọ àlàáfíà lórí pẹpẹ tí ó tẹ́ fún Olúwa, ó sì sun tùràrí níwájú Olúwa pẹ̀lú wọn, bẹ́ẹ̀ ni ó parí ilé náà.
২৫আৰু ৰজা চলোমনে যিহোৱাৰ বাবে যি যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে, তাৰ ওপৰত বছৰৰ ভিতৰত তিনিবাৰ হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিছিল আৰু তাৰে সৈতে তেওঁ যিহোৱাৰ সন্মুখত থকা বেদীত ধূপ জ্বলাইছিল৷ এইদৰে তেওঁ গৃহটিৰ কাৰ্য সমাপ্ত কৰিছিল।
26 Solomoni ọba sì túnṣe òwò ọkọ̀ ní Esioni-Geberi, tí ó wà ní ẹ̀bá Elati ní Edomu, létí Òkun Pupa.
২৬ৰজা চলোমনে ইদোম দেশৰ চূফ সাগৰ তীৰত থকা এলতৰ ওচৰৰ ইচিয়োন-গেবৰত এখন জাহাজ সাজিছিল।
27 Hiramu sì rán àwọn ènìyàn rẹ̀, àwọn atukọ̀ tí ó mọ Òkun, pẹ̀lú àwọn ìránṣẹ́ Solomoni.
২৭তাতে হীৰমে ৰজা চলোমনৰ দাসবোৰৰ লগত, সামুদ্ৰিক কাৰ্যত নিজৰ নিপুণ নাবিক দাসবোৰক জাহাজলৈ পঠিয়াইছিল।
28 Wọ́n sì dé Ofiri, wọ́n sì mú irinwó ó lé ogún tálẹ́ǹtì wúrà, tí wọ́n ti gbà wá fún Solomoni ọba.
২৮তেওঁলোকে ৰজা চলোমনৰ দাসবোৰৰ সৈতে ওফীৰলৈ গৈছিল, আৰু তাৰ পৰা চাৰি শ বিশ কিক্কৰ সোণ ৰজা চলোমনৰ কাৰণে লৈ আহিছিল।