< 1 Kings 22 >

1 Fún ọdún mẹ́ta kò sì sí ogun láàrín Aramu àti Israẹli.
পাছত তিনি বছৰলৈকে অৰাম আৰু ইস্ৰায়েলে যুদ্ধ নকৰাকৈ ক্ষান্ত হৈ থাকিল।
2 Ṣùgbọ́n ní ọdún kẹta, Jehoṣafati ọba Juda sọ̀kalẹ̀ lọ láti rí ọba Israẹli.
তেতিয়া সেই তৃতীয় বছৰত যিহূদাৰ ৰজা যিহোচাফটে ইস্ৰায়েলৰ ৰজাৰ ওচৰলৈ নামি আহিল।
3 Ọba Israẹli sì ti wí fún àwọn ìránṣẹ́ rẹ̀ pé, “Ǹjẹ́ ẹ̀yin mọ̀ pé ti wa ni Ramoti Gileadi, àwa sì dákẹ́ síbẹ̀, a kò sì gbà á padà lọ́wọ́ ọba Aramu?”
সেই সময়ত ইস্ৰায়েলৰ ৰজাই নিজ দাসবোৰক ক’লে, “ৰামোৎ-গিলিয়দত যে আমাৰ অধিকাৰ আছে, সেই বিষয়ে তোমালোকে জানা নে? তেনেহলে তাক আমি ৰজা অৰামৰ হাতৰ পৰা লৈ আমাৰ অধীন কৰিবলৈ সেই বিষয়ে কিয় একোকে কৰা নাই?”
4 Ó sì béèrè lọ́wọ́ Jehoṣafati pé, “Ṣé ìwọ yóò bá mi lọ láti lọ bá Ramoti Gileadi jà?” Jehoṣafati sì dá ọba Israẹli lóhùn pé, “Èmi bí ìwọ, ènìyàn mi bí ènìyàn rẹ, ẹṣin mi bí ẹṣin rẹ.”
তেতিয়া তেওঁ যিহোচাফটক ক’লে, “আপুনি মোৰ লগত যুদ্ধ কৰিবলৈ ৰামোৎ-গিলিয়দলৈ যাব নে?” তেতিয়া যিহোচাফটে ইস্ৰায়েলৰ ৰজাক ক’লে, “আপুনি যেনে, মইয়ো তেনে; মোৰ প্ৰজা যেনে, আপোনাৰ প্ৰজাও তেনে আৰু মোৰ ঘোঁৰাবোৰ যেনে, আপোনাৰ ঘোঁৰাবোৰো তেনে।”
5 Ṣùgbọ́n Jehoṣafati sì tún wí fún ọba Israẹli pé, “Kọ́kọ́ béèrè lọ́wọ́ Olúwa.”
যিহোচাফটে ইস্ৰায়েলৰ ৰজাৰ আগত পুনৰায় ক’লে, “মই বিনয় কৰোঁ, যিহোৱাৰ বাক্য কি, সেই বিষয়ে প্রথমে বিচাৰ কৰক।”
6 Nígbà náà ni ọba Israẹli kó àwọn wòlíì jọ, bí irinwó ọkùnrin. Ó sì béèrè lọ́wọ́ wọn pé, “Ṣé kí n lọ sí Ramoti Gileadi lọ jagun, tàbí kí èmi kí ó jọ̀wọ́ rẹ̀?” Wọ́n sì dáhùn pé, “Lọ, nítorí tí Olúwa yóò fi lé ọba lọ́wọ́.”
তেতিয়া ইস্ৰায়েলৰ ৰজাই ভাববাদীসকলক অৰ্থাৎ প্ৰায় চাৰিশ লোকক গোটাই তেওঁলোকক সুধিলে, “মই ৰামোৎ-গিলিয়দৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাম নে, নে ক্ষান্ত হ’ম?” তেতিয়া তেওঁলোকে ক’লে, “যাওঁক, কিয়নো প্ৰভুৱে মহাৰাজৰ হাতত তাক সমৰ্পণ কৰিব।”
7 Ṣùgbọ́n Jehoṣafati béèrè pé, “Ǹjẹ́ wòlíì Olúwa kan kò sí níhìn-ín, tí àwa ìbá béèrè lọ́wọ́ rẹ̀?”
তেতিয়া যিহোচাফটে ক’লে, “আমাক পৰামৰ্শ দিবলৈ যিহোৱাৰ আন কোনো ভাববাদী ইয়াত আৰু আছে নে?”
8 Ọba Israẹli dá Jehoṣafati lóhùn pé, “Ọkùnrin kan ṣì wà, lọ́dọ̀ ẹni tí àwa lè béèrè lọ́wọ́ Olúwa, ṣùgbọ́n mo kórìíra rẹ̀ nítorí kì í sọ àsọtẹ́lẹ̀ rere kan nípa mi, bí kò ṣe ibi. Mikaiah ọmọ Imla ni.” Jehoṣafati sì wí pé, “Kí ọba má ṣe sọ bẹ́ẹ̀.”
এনেতে ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “এনে এজন আৰু ভাববাদী আছে যাৰ দ্বাৰাই আমি যিহোৱাৰ সহায়ৰ বাবে পৰামৰ্শ লব পাৰোঁ; তেওঁ যিম্লাৰ পুত্র মীখায়া, কিন্তু মই তেওঁক ঘিণ কৰোঁ, কিয়নো তেওঁ মোৰ বিষয়ে মঙ্গলৰ ভাববাণী প্ৰচাৰ নকৰে, কেৱল অমঙ্গলহে প্ৰচাৰ কৰে।” তেতিয়া যিহোচাফটে ক’লে, “মহাৰাজে যেন সেই ধৰণে কথা নকওঁক।”
9 Bẹ́ẹ̀ ni ọba Israẹli sì pe ìránṣẹ́ kan, ó sì wí pé, “Lọ yára mú Mikaiah, ọmọ Imla wá.”
তেতিয়া ইস্ৰায়েলৰ ৰজাই নিজৰ এজন বিষয়া মাতি তেওঁক আজ্ঞা দি ক’লে, “যিম্লাৰ পুত্ৰ মীখায়াক এতিয়াই লৈ আহা।”
10 Ọba Israẹli àti Jehoṣafati ọba Juda jókòó lórí ìtẹ́ wọn, wọ́n wọ aṣọ ìgúnwà wọn ní ìta ẹnu ibodè Samaria, gbogbo àwọn wòlíì náà sì ń sọtẹ́lẹ̀ níwájú wọn.
১০সেই সময়ত ইস্ৰায়েলৰ ৰজা আহাব আৰু যিহূদাৰ ৰজা যিহোচাফটে ৰাজবস্ত্ৰ পিন্ধি, চমৰিয়াৰ প্ৰবেশ স্থানৰ ওচৰৰ এখন মুকলি ঠাইত নিজ নিজ সিংহাসনত বহি আছিল; আৰু আটাই ভাববাদীসকলে তেওঁলোকৰ আগত ভাববাণী প্ৰচাৰ কৰি আছিল।
11 Sedekiah ọmọ Kenaana sì ṣe ìwo irin fún ara rẹ̀, ó sì wí pé, “Báyìí ni Olúwa wí: ‘Wọ̀nyí ni ìwọ yóò fi kan àwọn ará Aramu títí ìwọ yóò fi run wọ́n.’”
১১বিশেষকৈ কনানাৰ পুত্ৰ চিদিকিয়াই নিজৰ কাৰণে লোহাৰ শিং এজোৰ সাজি লৈ ক’লে, “যিহোৱাই এইদৰে কৈছে: ‘ইয়াৰ দ্বাৰাই তুমি অৰামীয়াসকলক সম্পূৰ্ণৰূপে সংহাৰ নকৰালৈকে তেওঁলোকক ইয়াৰে খুচি থাকিবা’।”
12 Gbogbo àwọn wòlíì tókù sì ń sọtẹ́lẹ̀ ohun kan náà wí pé, “Kọlu Ramoti Gileadi, kí o sì ṣẹ́gun.” Wọ́n sì wí pé, “Nítorí tí Olúwa yóò fi lé ọba lọ́wọ́.”
১২তেতিয়া আন আন ভাববাদীসকলেও সেইদৰেই ভাববাণী প্ৰচাৰ কৰি ক’লে, “আপুনি ৰামোৎ-গিলিয়দলৈ আটক কৰক; তাতে আপুনি কৃতকাৰ্য্য হ’ব; কিয়নো যিহোৱাই তাক মহাৰাজৰ হাতত শোধাই দিব।”
13 Ìránṣẹ́ tí ó lọ pe Mikaiah wí fún un pé, “Wò ó, ẹnu kan náà ni ọ̀rọ̀ àwọn wòlíì fi jẹ́ rere fún ọba. Jẹ́ kí ọ̀rọ̀ rẹ bá ti àwọn tókù mu, kí o sì sọ rere.”
১৩পাছত যি জন লোকে মীখায়াক মাতিবলৈ গৈছিল, তেওঁ গৈ তেওঁক ক’লে, “চোৱা, ভাববাদীসকলে একে মুখেৰে ৰজাৰ আগত মঙ্গলৰ কথা কৈছে। মই বিনয় কৰোঁ, তোমাৰ বাক্যও তেওঁলোকৰ এজনৰ বাক্যৰ দৰে হৈ তুমিও যেন মঙ্গলৰ বাক্য প্ৰচাৰ কৰা।”
14 Ṣùgbọ́n Mikaiah wí pé, “Bí Olúwa ti wà, ohun tí Olúwa bá sọ fún mi ni èmi yóò sọ fún un.”
১৪তাতে মীখায়াই ক’লে, “যিহোৱাৰ জীৱনৰ শপত, যিহোৱাই মোক যিদৰে ক’ব, মই সেইদৰেহে ক’ম।”
15 Nígbà tí ó sì dé, ọba sì béèrè lọ́wọ́ rẹ̀ pé, “Mikaiah, ṣé kí a lọ bá Ramoti Gileadi jagun, tàbí kí a jọ̀wọ́ rẹ̀?” Ó sì dáhùn wí pé, “Lọ, kí o sì ṣẹ́gun, nítorí Olúwa yóò fi lé ọba lọ́wọ́.”
১৫পাছত যেতিয়া তেওঁ ৰজাৰ ওচৰলৈ আহিল, ৰজাই তেওঁক সুধিলে, “হে মীখায়া আমি ৰামোৎ-গিলিয়দলৈ যুদ্ধ কৰিবলৈ যাম নে, নে ক্ষান্ত হ’ম?” তেতিয়া তেওঁ ক’লে, “যাওঁক, আপুনি কৃতকাৰ্য্য হ’ব আৰু যিহোৱাই তাক মহাৰাজৰ হাতত সমৰ্পণ কৰিব।”
16 Ọba sì wí fún un pé, “Ìgbà mélòó ni èmi yóò fi ọ bú pé kí o má ṣe sọ ohun kan fún mi bí kò ṣe òtítọ́ ní orúkọ Olúwa?”
১৬তেতিয়া ৰজাই তেওঁক ক’লে, “তুমি যিহোৱাৰ নামেৰে মোক কেৱল সত্য বাক্য ক’বলৈ, মই তোমাক কিমানবাৰ শপত খুৱাম?”
17 Mikaiah sì dáhùn pé, “Mo rí gbogbo Israẹli túká kiri lórí àwọn òkè bí àgùntàn tí kò ní olùṣọ́, Olúwa sì wí pé, ‘Àwọn wọ̀nyí kò ní olúwa. Jẹ́ kí olúkúlùkù padà sí ilé rẹ̀ ní àlàáfíà.’”
১৭তেতিয়া তেওঁ ক’লে, “মই সমুদায় ইস্ৰায়েলক ৰখীয়া নোহোৱা মেৰ-ছাগৰ জাকৰ দৰে পৰ্বতবোৰৰ ওপৰত ছিন্ন-ভিন্ন হৈ থকা দেখিলোঁ আৰু যিহোৱাই ক’লে, ‘এইবোৰৰ ৰখীয়া নাই; তেওঁলোক প্ৰতিজনে যেন নিজ নিজ ঘৰলৈ শান্তিৰে উলটি যাওঁক’।”
18 Ọba Israẹli sì wí fún Jehoṣafati pé, “Ǹjẹ́ èmi kò sọ fún ọ pé kò sọ àsọtẹ́lẹ̀ ìre kan sí mi rí bí kò ṣe ibi?”
১৮তেতিয়া ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “তেওঁ মোৰ বিষয়ে মঙ্গলৰ ভাববাণী প্ৰচাৰ নকৰি কেৱল অমঙ্গলহে প্ৰচাৰ কৰিব, সেই বিষয়ে জানো মই পুৰ্ব্বেই আপোনাৰ আগত কোৱা নাই?”
19 Mikaiah sì tún wí pé, “Nítorí náà gbọ́ ọ̀rọ̀ Olúwa. Mo rí Olúwa jókòó lórí ìtẹ́ rẹ̀ pẹ̀lú gbogbo ogun ọ̀run dúró ní apá ọ̀tún àti ní apá òsì rẹ̀.
১৯মীখায়াই পুনৰায় ক’লে, “বাৰু, তুমি যিহোৱাৰ বাক্য শুনা: মই যিহোৱাক নিজ সিংহাসনত বহি থকা দেখিলোঁ; সোঁফালে আৰু বাওঁফালে তেওঁৰ ওচৰত স্বৰ্গৰ সকলো বাহিনী থিয় হৈ আছিল।
20 Olúwa sì wí pé, ‘Ta ni yóò tan Ahabu láti kọlu Ramoti Gileadi? Kí ó sì tọ ikú rẹ̀ lọ níbẹ̀?’ “Ẹnìkan wí báyìí, ẹlòmíràn sì sọ òmíràn.
২০তাৰ পাছত যিহোৱাই ক’লে, ‘আহাবক গৈ ৰামোৎ-গিলিয়দত পতিত হ’বৰ কাৰণে কোনে তেওঁক উত্তেজিত কৰিব?’ তেতিয়া এজনে একেভাবে আৰু আনজনে আন ভাবে উত্তৰ দিবলৈ ধৰিলে।
21 Ẹ̀mí kan sì jáde wá, ó sì dúró níwájú Olúwa, ó sì wí pé, ‘Èmi yóò tàn án.’
২১তেতিয়া এক আত্মাই ওলাই আহি যিহোৱাৰ সাক্ষাতে থিয় হৈ ক’লে, ‘মইয়ে তেওঁক উত্তেজিত কৰাম।’
22 “Olúwa sì béèrè pé, ‘Báwo?’ “Ó sì wí pé, ‘Èmi yóò jáde lọ, èmi yóò sì di ẹ̀mí èké ní ẹnu gbogbo àwọn wòlíì rẹ̀.’ “Olúwa sì wí pé, ‘Ìwọ yóò tàn án, ìwọ yóò sì borí, jáde lọ, kí o sì ṣe bẹ́ẹ̀.’
২২তেতিয়া যিহোৱাই ক’লে, ‘কেনেকৈ?’ তেওঁ ক’লে, ‘মই গৈ আটাই ভাববাদীসকলৰ মুখত মিছা কওঁতা আত্মা হ’ম।’ তেতিয়া যিহোৱাই ক’লে, ‘হয়, তুমি তেওঁক উত্তেজিত কৰিবা আৰু কৃতকাৰ্য্যও হ’বা। এতিয়া ওলাই যোৱা আৰু সেইদৰে কৰা।’
23 “Bẹ́ẹ̀ ni Olúwa ti fi ẹ̀mí èké sí ẹnu gbogbo àwọn wòlíì rẹ wọ̀nyí. Olúwa sì ti sọ ibi sí ọ.”
২৩এই হেতুকে চোৱা, যিহোৱাই তোমাৰ এই সকলো ভাববাদীসকলৰ মুখত মিছা কওঁতা এক আত্মা দিলে আৰু যিহোৱাই তোমাৰ বিষয়ে অমঙ্গলৰ কথাও ক’লে।”
24 Nígbà náà ni Sedekiah ọmọ Kenaana sì dìde, ó sì gbá Mikaiah lójú, ó sì wí pé, “Ọ̀nà wo ni ẹ̀mí Olúwa gbà lọ kúrò lọ́dọ̀ mi láti bá ọ sọ̀rọ̀?”
২৪তেতিয়া কনানাৰ পুত্র চিদিকিয়াই ওচৰলৈ আহি মীখায়াৰ গালত চৰ মাৰি ক’লে, “তোমাৰ লগত কথা ক’বৰ কাৰণে যিহোৱাৰ আত্মা মোৰ পৰা তোমালৈ কোন পথেদি গ’ল?”
25 Mikaiah sì dáhùn pé, “Ìwọ yóò ṣe ìwádìí ní ọjọ́ tí ìwọ yóò sá pamọ́ sínú ìyẹ̀wù.”
২৫তেতিয়া মীখায়াই ক’লে, “চোৱা, যি দিনা নিজকে লুকাবৰ কাৰণে ভিতৰ-কোঠালিলৈ সোমাই যাবা, সেই দিনাই তুমি সেই বিষয়ে জানিবা।”
26 Ọba Israẹli sì pàṣẹ pé, “Ẹ mú Mikaiah, kí ẹ sì mú un padà sọ́dọ̀ Amoni, olórí ìlú, àti sọ́dọ̀ Joaṣi ọmọ ọba
২৬তাৰ পাছত ইস্ৰায়েলৰ ৰজাই আজ্ঞা কৰিলে, “মীখায়াক ধৰি নগৰৰ অধ্যক্ষ অমোনৰ আৰু মোৰ পুত্র ৰাজকোঁৱৰ যোৱাচৰ ওচৰলৈ লৈ যোৱা।
27 kí ẹ sì wí pé, ‘Báyìí ni ọba wí: Ẹ fi eléyìí sínú túbú, kí ẹ sì fi oúnjẹ ìpọ́njú àti omi ìpọ́njú bọ́ ọ, títí èmi yóò fi padà bọ̀ ní àlàáfíà.’”
২৭তেতিয়া তেওঁক ক’বা, ‘ৰজাই এইদৰে কৈছে, এইজনক বন্দীশালত বন্ধ কৰি থোৱা আৰু মই শান্তিৰে উলটি নহালৈকে, তেওঁক খাবৰ কাৰণে অতি কম পৰিমাণে পিঠা আৰু পানী দিবা’।”
28 Mikaiah sì wí pé, “Bí ìwọ bá padà bọ̀ ní àlàáfíà, Olúwa kò ti ipa mi sọ̀rọ̀.” Ó sì tún wí pé, “Ẹ kíyèsi ọ̀rọ̀ mi, ẹ̀yin ènìyàn gbogbo!”
২৮তেতিয়া মীখায়াই ক’লে, “তুমি যদি কোনো ৰূপে শান্তিৰে উভটি আহাঁ, তেন্তে যিহোৱাই মোৰ মুখে এই বাক্য কোৱা নাই।” তেওঁ পুনৰায় ক’লে, “হে জাতি সমূহ, এই বিষয়ে সকলোৱে শুনক।”
29 Bẹ́ẹ̀ ni ọba Israẹli àti Jehoṣafati ọba Juda gòkè lọ sí Ramoti Gileadi.
২৯তাৰ পাছত ইস্ৰায়েলৰ ৰজা আৰু যিহূদাৰ ৰজা যিহোচাফটে ৰামোৎ-গিলিয়দলৈ উঠি গ’ল।
30 Ọba Israẹli sì wí fún Jehoṣafati pé, “Èmi yóò pa aṣọ dà, èmi yóò sì lọ sí ojú ìjà, ṣùgbọ́n ìwọ yóò wọ aṣọ ìgúnwà rẹ.” Bẹ́ẹ̀ ni ọba Israẹli pa aṣọ dà, ó sì lọ sí ojú ìjà.
৩০ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “মই অন্য বেশ ধৰি যুদ্ধত সোমাম, কিন্তু আপুনি হ’লে আপোনাৰ ৰাজ-বস্ত্ৰ পিন্ধি থাকিব লাগিব।” এনেতে ইস্ৰায়েলৰ ৰজাই আন বেশ ধৰি যুদ্ধত সোমাল।
31 Ọba Aramu ti pàṣẹ fún àwọn olórí kẹ̀kẹ́ rẹ̀ méjìlélọ́gbọ̀n wí pé, “Ẹ má ṣe bá ẹnìkankan jà, ẹni kékeré tàbí ẹni ńlá, bí kò ṣe ọba Israẹli nìkan.”
৩১কিন্তু অৰামৰ ৰজাই নিজৰ ৰথৰ বত্ৰিশ জন অধ্যক্ষক এই আজ্ঞা দিছিল, বোলে, “তোমালোকে ইস্ৰায়েলৰ ৰজাৰ বাহিৰে সৰু কি বৰ আন কাৰো লগত যুদ্ধ নকৰিবা।
32 Nígbà tí àwọn olórí kẹ̀kẹ́ sì rí Jehoṣafati, wọ́n sì wí pé, “Dájúdájú ọba Israẹli ni èyí.” Bẹ́ẹ̀ ni wọ́n yípadà láti bá a jà, ṣùgbọ́n nígbà tí Jehoṣafati sì kígbe sókè,
৩২এনেতে ৰথৰ অধ্যক্ষসকলে যেতিয়া যিহোচাফটক দেখিলে, তেতিয়া, “অৱশ্যে এওঁৱেই ইস্ৰায়েলৰ ৰজা,” এই বুলি কৈ তেওঁৰ লগত যুদ্ধ কৰিবলৈ এফলীয়া হৈ গ’ল; তাতে যিহোচাফটে আটাহ পাৰিবলৈ ধৰিলে।
33 àwọn olórí kẹ̀kẹ́ sì rí i pé kì í ṣe ọba Israẹli, wọ́n sì padà kúrò lẹ́yìn rẹ̀.
৩৩তেতিয়া ৰথৰ অধ্যক্ষসকলে তেওঁক ইস্ৰায়েলৰ ৰজা নহয় বুলি জানি, তেওঁৰ পাছত খেদিবলৈ এৰিলে।
34 Ṣùgbọ́n ẹnìkan sì fa ọrun rẹ̀ láìròtẹ́lẹ̀, ó sì ta ọba Israẹli láàrín ìpàdé ẹ̀wù irin. Ọba Israẹli sì wí fún olùtọ́jú kẹ̀kẹ́ rẹ̀ pé, “Yí ọwọ́ rẹ dà, kí o sì mú mi jáde kúrò nínú ogun. Èmi ti gbọgbẹ́.”
৩৪কিন্তু কোনো এজন লোকে আন এজন লোকক মাৰিবলৈ ধনুৰ জোঁৰ টানি দৈৱক্ৰমে ইস্ৰায়েলৰ ৰজাৰ কবচ আৰু উদৰ ৰক্ষাৰ জোৰাতে কাঁড় মাৰিলে। তেতিয়া আহাবে নিজৰ সাৰথিক ক’লে, “ৰথখন ঘূৰাই সৈন্যৰ মাজৰ পৰা মোক উলিয়াই লৈ যোৱা কিয়নো মই বৰকৈ আঘাতপ্রাপ্ত হ’লো।”
35 Ogun náà sì le ní ọjọ́ náà, a sì dá ọba dúró nínú kẹ̀kẹ́ kọjú sí àwọn ará Aramu. Ẹ̀jẹ̀ sì sàn jáde láti inú ọgbẹ́ rẹ̀ sí àárín kẹ̀kẹ́ náà, ó sì kú ní àṣálẹ́.
৩৫সেই দিনা বৰকৈ যুদ্ধ হ’ল আৰু অৰামীয়াসকলৰ আগত ৰজাক থিয়কৈ ৰখাই হ’ল; কিন্তু গধূলিৰ সময়ত তেওঁৰ মৃত্যু হ’ল; তেওঁৰ ঘাৰ তেজ বৈ ৰথৰ তললৈ পৰিল।
36 A sì kéde la ibùdó já ní àkókò ìwọ̀-oòrùn wí pé, “Olúkúlùkù sí ìlú rẹ̀ àti olúkúlùkù sí ilẹ̀ rẹ̀!”
৩৬তাৰ পাছত সূর্য মাৰ যোৱা সময়ত সৈন্য সমূহৰ মাজত সকলো ফালে এই কথা চিঞঁৰি কোৱা হ’ল, “প্ৰতিজনে নিজ নিজ নগৰ আৰু নিজ দেশলৈ গুচি যাওঁক।”
37 Bẹ́ẹ̀ ni ọba kú, a sì gbé e wá sí Samaria, wọ́n sì sin ín ní Samaria.
৩৭এইদৰে ৰজা আহাবৰ মৃত্যু হ’ল; তেওঁক চমৰিয়ালৈ অনা হ’ল আৰু লোকসকলে চমৰিয়াত তেওঁক মৈদাম দিলে।।
38 Wọ́n sì wẹ kẹ̀kẹ́ náà ní adágún Samaria, àwọn ajá sì lá ẹ̀jẹ̀ rẹ̀, àwọn àgbèrè sì wẹ ara wọn nínú rẹ̀ gẹ́gẹ́ bí ọ̀rọ̀ Olúwa ti sọ.
৩৮পাছত লোকসকলে চমৰিয়াৰ পুখুৰীৰ পাৰত তেওঁৰ ৰথ ধুই থাকোতে, যিহোৱাৰ বাক্য অনুসাৰে, কুকুৰবোৰে তেওঁৰ সেই তেজ চেলেকি খালে; এইটোৱেই সেই ঠাই, য’ত বেশ্যাবোৰে গা ধুইছিল।
39 Ní ti ìyókù ìṣe Ahabu, àti gbogbo èyí tí ó ṣe, àti ilé eyín erin tí ó kọ́, àti gbogbo ìlú tí ó tẹ̀dó, a kò ha kọ wọ́n sínú ìwé ọ̀rọ̀ ọjọ́ àwọn ọba Israẹli?
৩৯আহাবৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে, তেওঁৰ সকলো কাৰ্য, তেওঁ নিৰ্ম্মাণ কৰা হাতী দাঁতৰ গৃহৰ আৰু তেওঁ সজা আটাই নগৰবোৰৰ কথা জানো ইস্ৰায়েলৰ ইতিহাস পুস্তকখনত লিখা নাই?
40 Ahabu sì sùn pẹ̀lú àwọn baba rẹ̀. Ahasiah ọmọ rẹ̀ sì jẹ ọba ní ipò rẹ̀.
৪০এইদৰে আহাব নিজ পূৰ্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হোৱাত, তেওঁৰ পুত্ৰ অহজিয়া তেওঁৰ পদত ৰজা হ’ল।
41 Jehoṣafati ọmọ Asa, sì bẹ̀rẹ̀ sí ní jẹ ọba lórí Juda ní ọdún kẹrin Ahabu ọba Israẹli.
৪১তেতিয়া ইস্ৰায়েলৰ ৰজা আহাবৰ ৰাজত্বৰ চতুৰ্থ বছৰত, আচাৰ পুত্ৰ যিহোচাফটে যিহূদাৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে।
42 Jehoṣafati sì jẹ́ ẹni ọdún márùndínlógójì nígbà tí ó bẹ̀rẹ̀ sí ń jẹ ọba ní ọdún mẹ́ẹ̀ẹ́dọ́gbọ̀n ní Jerusalẹmu. Orúkọ ìyá rẹ̀ ni Asuba ọmọbìnrin Silihi.
৪২যিহোচাফটে পঁয়ত্ৰিশ বছৰ বয়সত ৰাজত্ৱ কৰিবলৈ ধৰিলে। তেওঁ যিৰূচালেমত পঁচিশ বছৰ ৰাজত্ৱ কৰিছিল। তেওঁৰ মাতৃ চিলহীৰ জীয়েক অজুবা আছিল।
43 Ó sì rìn nínú gbogbo ọ̀nà Asa baba rẹ̀, kò sì yípadà kúrò nínú rẹ̀; ó sì ṣe èyí tí ó tọ́ ní ojú Olúwa. Kìkì àwọn ibi gíga ni a kò mú kúrò, àwọn ènìyàn sì ń rú ẹbọ, wọ́n sì ń sun tùràrí níbẹ̀.
৪৩যিহোচাফটে নিজ পিতৃ আচাৰ পথত চলিলে; তেওঁ সেইবোৰৰ পৰা নুঘূৰি, যিহোৱাৰ সাক্ষাতে সদাচৰণ কৰিলে। তথাপি পবিত্র ঠাইবোৰ গুচুউৱা হোৱা নাছিল; লোকসকলে তেতিয়াও সেই পবিত্ৰ ঠাইবোৰত বলিদান কৰিছিল আৰু ধূপ জ্বলাইছিল।
44 Jehoṣafati sì wà ní àlàáfíà pẹ̀lú ọba Israẹli.
৪৪ইস্ৰায়েলৰ ৰজাৰ লগত যিহোচাফট মিলেৰে আছিল।
45 Ní ti ìyókù ìṣe Jehoṣafati àti ìṣe agbára rẹ̀ tí ó ṣe, àti bí ó ti jagun sí, a kò ha kọ wọ́n sínú ìwé ọ̀rọ̀ ọjọ́ àwọn ọba Juda?
৪৫যিহোচাফটৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে, তেওঁ সিদ্ধ কৰা পৰাক্ৰম আৰু তেওঁ কৰা যুদ্ধৰ কথাৰ বিষয়ে জানো যিহূদাৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা নাই?
46 Ó pa ìyókù àwọn ọkùnrin alágbèrè ojúbọ òrìṣà ní ọjọ́ Asa baba rẹ̀ run kúrò ní ilẹ̀ náà.
৪৬তেওঁৰ পিতৃ আচাৰ ৰাজত্ৱৰ কালত যি নট লোকসকল অৱশিষ্ট আছিল, তেওঁ সেই লোকসকলক দেশৰ পৰা দূৰ কৰিলে।
47 Nígbà náà kò sí ọba ní Edomu; adelé kan ni ọba.
৪৭সেই কালত ইদোমৰ ৰজা নাছিল; এজন প্ৰতিনিধিয়ে ৰাজ্য শাসন কৰিছিল।
48 Jehoṣafati kan ọkọ̀ Tarṣiṣi láti lọ sí Ofiri fún wúrà, ṣùgbọ́n wọn kò lọ, nítorí àwọn ọkọ̀ náà fọ́ ní Esioni-Geberi.
৪৮পাছত যিহোচাফটে সোণৰ কাৰণে ওফীৰলৈ যাবলৈ জাহাজ সাজিলে; কিন্তু সেই জাহাজবোৰ যাব নোৱাৰিলে, কিয়নো ইচিয়োন-গেবৰত সেই জাহাজবোৰ ভাগি থাকিল।
49 Ní ìgbà náà Ahasiah ọmọ Ahabu wí fún Jehoṣafati pé, “Jẹ́ kí àwọn ìránṣẹ́ mi bá àwọn ìránṣẹ́ rẹ lọ nínú ọkọ̀,” ṣùgbọ́n Jehoṣafati kọ̀.
৪৯তেতিয়া আহাবৰ পুত্ৰ অহজিয়াই যিহোচাফটক ক’লে, “আপোনাৰ দাসবোৰৰ সৈতে মোৰ দাসবোৰ জাহাজত যাওঁক।” কিন্তু যিহোচাফট সেই কথালৈ মান্তি নহ’ল।
50 Nígbà náà ni Jehoṣafati sùn pẹ̀lú àwọn baba rẹ̀, a sì sin ín pẹ̀lú àwọn baba rẹ̀ ní ìlú Dafidi, baba rẹ. Jehoramu ọmọ rẹ̀ sì jẹ ọba ní ipò rẹ̀.
৫০পাছত যিহোচাফট তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ ওপৰ-পিতৃ দায়ুদৰ নগৰত, তেওঁৰ ওপৰ-পিতৃসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল। তেতিয়া তেওঁৰ পুত্ৰ যিহোৰাম তেওঁৰ পদত ৰজা হ’ল।
51 Ahasiah ọmọ Ahabu bẹ̀rẹ̀ sí jẹ ọba lórí Israẹli ní Samaria ní ọdún kẹtàdínlógún Jehoṣafati ọba Juda, ó sì jẹ ọba ní ọdún méjì lórí Israẹli.
৫১যিহূদাৰ যিহোচাফট ৰজাৰ ৰাজত্ৱৰ সপ্তদশ বছৰত আহাবৰ পুত্ৰ অহজিয়াই চমৰিয়াত ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে। তেওঁ ইস্ৰায়েলৰ ওপৰত দুবছৰ ৰাজত্ব কৰিছিল।
52 Ó sì ṣe búburú níwájú Olúwa, nítorí tí ó rìn ní ọ̀nà baba rẹ̀, àti ní ọ̀nà ìyá rẹ̀, àti ní ọ̀nà Jeroboamu ọmọ Nebati, tí ó mú Israẹli dẹ́ṣẹ̀.
৫২তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে আৰু তেওঁ নিজ পিতৃ-মাতৃৰ পথত আৰু নবাটৰ পুত্র যাৰবিয়ামে যিদৰে ইস্ৰায়েলক পাপত লিপ্ত কৰাইছিল, সেই পথতে চলিলে।
53 Ó sì sin Baali, ó sì ń bọ Baali, ó sì mú Olúwa, Ọlọ́run Israẹli bínú, gẹ́gẹ́ bí i baba rẹ̀ ti ṣe.
৫৩তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ক্রোধ উত্তেজিত কৰিবলৈ, তেওঁৰ পিতৃৰ সকলো কাৰ্যৰ দৰেই বালক সেৱা কৰিলে, আৰু তাক পূজাও কৰিলে।

< 1 Kings 22 >