< 1 Kings 2 >

1 Nígbà tí ọjọ́ ikú Dafidi súnmọ́ etílé, ó pàṣẹ fún Solomoni ọmọ rẹ̀.
পাছত দায়ুদৰ মৃত্যুৰ দিন ওচৰ চপাত, তেওঁ নিজ পুত্ৰ চলোমনক এই আদেশ দি ক’লে,
2 Ó sì wí pé, “Èmi ti fẹ́ lọ sí ọ̀nà gbogbo ayé, nítorí náà jẹ́ alágbára kí o sì fi ara rẹ hàn bí ọkùnrin,
“সকলো মৰ্ত্যই যোৱা পথেৰে মই যাওঁ৷ সেয়েহে তুমি বলৱান হোৱা আৰু নিজৰ পুৰুষালি দেখুউৱা৷
3 kí o sì wòye ohun tí Olúwa Ọlọ́run rẹ béèrè, rìn ní ọ̀nà rẹ̀, kí o sì pa àṣẹ àti òfin rẹ̀ mọ́, àti ìdájọ́ rẹ, àti ẹ̀rí rẹ̀ gẹ́gẹ́ bí a ti kọ ọ́ nínú ìwé òfin Mose, nítorí kí ìwọ kí ó le è máa ṣe rere ní ohun gbogbo tí ìwọ ṣe, àti ní ibikíbi tí ìwọ bá lọ,
তোমাৰ ঈশ্ৱৰ যিহোৱাৰ আজ্ঞাবোৰ পালন কৰা আৰু তেওঁৰ পথত চলিবা আৰু তেওঁৰ, তেওঁৰ সকলো বিধি, আজ্ঞা, সিদ্ধান্ত আৰু তেওঁৰ নিয়ম-চুক্তিবোৰ সাৱধানে পালন কৰিবা। যি বিষয়বোৰ মোচিৰ ব্যৱস্থা-পুস্তকত লিখা আছে, তেনেদৰে তেওঁৰ বিধি, আজ্ঞা, শাসন-প্ৰণালী আৰু সাক্ষ্য অনুসাৰে কাৰ্য কৰিবা আৰু সেই সেয়েহে তুমি যেন সকলো কাৰ্যত আৰু যি যি ঠাইত যাবা সেই সকলোতে তুমি শান্তিপ্ৰাপ্ত হ’বা,
4 kí Olúwa kí ó lè pa ìlérí rẹ̀ tí ó sọ nípa tèmi mọ́ pé, ‘Bí àwọn ọmọ rẹ bá kíyèsi ọ̀nà wọn, tí wọ́n bá sì fi gbogbo àyà wọn àti ọkàn wọn rìn níwájú mi ní òtítọ́, o kì yóò sì kùnà láti ní ọkùnrin kan lórí ìtẹ́ Israẹli.’
যাতে মোৰ বিষয়ে যিহোৱাই কোৱা সেই বাক্য তেওঁ সিদ্ধ কৰিব বোলে, ‘তোমাৰ সন্তান সকলে যদি সত্যভাৱে সকলো চিত্তেৰে আৰু সকলো প্ৰাণেৰে মোৰ আগত চলে, তেনেহ’লে ইস্ৰায়েলৰ সিংহাসনত বহিবলৈ তোমাৰ সম্বন্ধীয়া লোক এজনৰো অভাৱ নহ’ব’৷
5 “Ìwọ pẹ̀lú sì mọ ohun tí Joabu ọmọ Seruiah ṣe sí mi àti ohun tí ó ṣe sí balógun méjì nínú àwọn ológun Israẹli, sí Abneri ọmọ Neri àti sí Amasa ọmọ Jeteri. Ó sì pa wọ́n, ó sì ta ẹ̀jẹ̀ wọn sílẹ̀ ní ìgbà àlàáfíà bí í ti ojú ogun ó sì fi ẹ̀jẹ̀ náà sí ara àmùrè rẹ̀ tí ń bẹ ní ẹ̀gbẹ́ rẹ̀, àti sí ara sálúbàtà rẹ̀ tí ń bẹ ní ẹsẹ̀ rẹ̀.
চৰূয়াৰ পুত্ৰ যোৱাবে মোৰ বিৰুদ্ধে যি কৰিলে, অৰ্থাৎ নেৰৰ পুত্ৰ অবনেৰ আৰু যেথৰৰ পুত্ৰ অমাচা, ইস্ৰায়েলৰ এই দুজন সেনাপতিলৈ যি কৰিলে, সেই বিষয়ে তুমি জানা৷ তেওঁ তেওঁলোকক বধ কৰি যুদ্ধৰ সময়ত কৰাৰ দৰে শান্তিৰ সময়তো ৰক্তপাত কৰিলে আৰু সেই ৰক্ত তেওঁৰ কটিবন্ধনত আৰু ভৰিৰ জোতাত লগালে।
6 Ṣe sí í gẹ́gẹ́ bí ọgbọ́n rẹ̀, ṣùgbọ́n má ṣe jẹ́ kí ewú orí rẹ̀ sọ̀kalẹ̀ lọ sí isà òkú ní àlàáfíà. (Sheol h7585)
এতেকে তুমি নিজ জ্ঞান অনুসাৰে তেওঁলৈ ব্যৱহাৰ কৰিবা আৰু তেওঁৰ পকা চুলি শান্তিৰে মৈদামলৈ নামিব নিদিবা। (Sheol h7585)
7 “Ṣùgbọ́n fi inú rere hàn sí àwọn ọmọ Barsillai, ti Gileadi, jẹ́ kí wọn wà lára àwọn tí ó ń jẹun lórí tábìlì rẹ̀. Wọ́n dúró tì mí nígbà tí mo sá kúrò níwájú Absalomu arákùnrin rẹ.
কিন্তু গিলিয়দীয়া বৰ্জ্জিলয়ৰ পুত্ৰসকলক দয়া ব্যৱহাৰ কৰিবা আৰু তোমাৰ মেজত বহোঁতাসকলৰ মাজত তেওঁলোককো ঠাই দিবা, কিয়নো তোমাৰ ককাই অবচালোমৰ ভয়ত মই পলোৱা সময়ত তেওঁলোকে মোক সহায় কৰিবলৈ মোৰ ওচৰলৈ আহিছিল।
8 “Àti kí o rántí, Ṣimei ọmọ Gera ẹ̀yà Benjamini tí Bahurimu wà pẹ̀lú rẹ̀, tí ó bú mi ní èébú tí ó korò ní ọjọ́ tí mo lọ sí Mahanaimu. Nígbà tí ó sọ̀kalẹ̀ wá pàdé mi ní Jordani, mo fi Olúwa búra fún un pé, ‘Èmi kì yóò fi idà pa ọ́.’
আৰু চোৱা, বহূৰীমত থকা বিন্যামীনীয়া গেৰাৰ পুত্ৰ চিমিয়ী তোমাৰ লগত আছে, যি জনে মই মহনয়িমলৈ যোৱা দিনা মোক অতিশয়ৰূপে শাও দিছিল৷ পাছত তেওঁ মোৰ লগত সাক্ষাৎ কৰিবলৈ যৰ্দ্দনলৈ আহিছিল আৰু তাতে মই যিহোৱাৰ নামেৰে শপত কৰি তেওঁক কলোঁ, ‘মই তোমাক তৰোৱালেৰে বধ নকৰোঁ।’
9 Ṣùgbọ́n nísinsin yìí, má ṣe kíyèsi í gẹ́gẹ́ bí aláìlẹ́ṣẹ̀, ọkùnrin ọlọ́gbọ́n ni ìwọ ṣe; ìwọ yóò mọ ohun tí ìwọ yóò ṣe sí i. Mú ewú orí rẹ̀ sọ̀kalẹ̀ lọ sínú isà òkú pẹ̀lú ẹ̀jẹ̀.” (Sheol h7585)
এই হেতুকে তুমি এতিয়া তেওঁক নিৰ্দ্দোষী বুলি নাভাবিবা৷ তুমি এজন জ্ঞানৱান লোক আৰু তেওঁলৈ কি কৰা উচিত, সেই বিষয়ে তুমি জানা৷ তুমি তেওঁৰ পকা চুলি তেজেৰে সৈতে তেওঁক মৈদামলৈ নমাই দিবা।” (Sheol h7585)
10 Nígbà náà ni Dafidi sinmi pẹ̀lú àwọn baba rẹ̀, a sì sin ín ní ìlú Dafidi.
১০তাৰ পাছত দায়ুদ নিজৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল; তেওঁক দায়ুদৰ নগৰত মৈদাম দিয়া হ’ল।
11 Dafidi ti jẹ ọba lórí Israẹli ní ogójì ọdún, ọdún méje ni Hebroni àti ọdún mẹ́tàlélọ́gbọ̀n ní Jerusalẹmu.
১১দায়ুদে ইস্ৰায়েলৰ ওপৰত চল্লিশ বছৰ ধৰি ৰাজত্ব কৰিছিল৷ তেওঁ সাত বছৰ হিব্ৰোণত আৰু তেত্ৰিশ বছৰ যিৰূচালেমত ৰাজত্ব কৰিছিল।
12 Bẹ́ẹ̀ ni Solomoni jókòó lórí ìtẹ́ Dafidi baba rẹ̀, ìjọba rẹ̀ sì fi ìdí múlẹ̀ gidigidi.
১২তেতিয়া চলোমন নিজ পিতৃ দায়ুদৰ সিংহাসনত বহি তেওঁৰ ৰাজ্য অতিশয় দৃঢ় কৰিলে।
13 Wàyí, Adonijah ọmọ Haggiti tọ Batṣeba, ìyá Solomoni wá. Batṣeba sì bi í pé, “Àlàáfíà ni o bá wa bí?” Ó sì dáhùn pé, “Bẹ́ẹ̀ ni, àlàáfíà ni.”
১৩সেই সময়ত হগ্গীতৰ পুত্ৰ অদোনিয়া চলোমনৰ মাতৃ বৎচেবাৰ ওচৰলৈ আহিল। তেতিয়া বৎচেবাই সুধিলে, “ভালৰ অৰ্থে আহিছা নে?” তেওঁ উত্তৰ দি ক’লে, “ভালৰ অৰ্থেই।”
14 Nígbà náà ni ó sì fi kún un pé, “Mo ní ohun kan láti sọ fún ọ.” Batṣeba sì wí pé, “Máa wí.”
১৪তেওঁ পুনৰ ক’লে, “তোমাৰ আগত কিছু কথা ক’ব লগা আছে।”
15 Ó wí pé, “Gẹ́gẹ́ bí o ti mọ̀, ti tèmi ni ìjọba náà. Gbogbo Israẹli ti wò mí bí ọba wọn. Ṣùgbọ́n nǹkan yípadà, ìjọba náà sì ti lọ sí ọ̀dọ̀ arákùnrin mi, nítorí ó ti wá sọ́dọ̀ rẹ̀ láti ọwọ́ Olúwa wá.
১৫তেতিয়া তেওঁ ক’লে, “কোৱা।” তেতিয়া অদোনিয়াই ক’লে, “তুমি জানা যে ৰাজ্য মোৰহে আছিল, আৰু মইহে ৰজা হ’ম বুলি গোটেই ইস্ৰায়েলে মোক আশা কৰিছিল৷ তথাপি ৰাজ্য সলনি হৈ মোৰ ভাইৰ হ’ল, কিয়নো যিহোৱাৰ দ্বাৰাইহে তেওঁ হ’ল।
16 Nísinsin yìí mo ní ìbéèrè kan láti bi ọ́, má ṣe kọ̀ fún mi.” Ó wí pé, “O lè wí.”
১৬এই হেতুকে এতিয়া মই তোমাৰ আগত এটি নিবেদন কৰিম৷ সেই বিষয়ে তুমি অসন্মত নহ’বা।” তেতিয়া বৎচেবাই ক’লে, “কোৱা।”
17 Bẹ́ẹ̀ ni ó sì tẹ̀síwájú pé, “Mo bẹ̀ ọ́, jọ̀wọ́ sọ fún Solomoni ọba (òun kì yóò kọ̀ fún ọ́) kí ó fún mi ní Abiṣagi ará Ṣunemu ní aya.”
১৭তেতিয়া অদোনিয়াই ক’লে, “অনুগ্ৰহ কৰি চলোমন ৰজাক কোৱা, তেওঁ যেন চূনেমীয়া অবীচগক মোক পত্নীৰূপে দিয়ে; কিয়নো তেওঁ তোমাত অসন্মত নহ’ব।”
18 Batṣeba sì dáhùn pé, “Ó dára èmi yóò bá ọba sọ̀rọ̀ nítorí rẹ̀.”
১৮তেতিয়া বৎচেবাই ক’লে, “বাৰু, মই তোমাৰ বিষয়ে ৰজাৰ লগত কথা পাতিম।”
19 Nígbà tí Batṣeba sì tọ Solomoni ọba lọ láti bá a sọ̀rọ̀ nítorí Adonijah, ọba sì dìde láti pàdé rẹ̀, ó sì tẹríba fún un, ó sì jókòó lórí ìtẹ́ rẹ̀. Ó sì tẹ́ ìtẹ́ kan fún ìyá ọba, ó sì jókòó lọ́wọ́ ọ̀tún rẹ̀.
১৯পাছত বৎচেবাই অদোনিয়াৰ বিষয়ে কথা পাতিবলৈ চলোমন ৰজাৰ ওচৰলৈ গ’ল। তাতে ৰজাই তেওঁক আগবাঢ়ি লগ ধৰিবলৈ উঠি আহিল, আৰু তেওঁৰ আগত প্ৰণিপাত কৰিলে৷ তাৰ পাছত তেওঁ নিজৰ সিংহাসনত বহিল আৰু তেওঁৰ মাতৃৰ কাৰণে এখন আসন যুগুত কৰিলে৷ তেওঁ ৰজাৰ সোঁফালে বহিল।
20 Ó sì wí pé, “Mo ní ìbéèrè kékeré kan láti béèrè lọ́wọ́ rẹ, má ṣe kọ̀ fún mi.” Ọba sì dáhùn wí pé, “Béèrè, ìyá mi; èmi kì yóò kọ̀ ọ́.”
২০তেতিয়া তেওঁ ক’লে, “মই তোমাৰ আগত এটি সৰু বিষয় নিবেদন কৰোঁ; সেই বিষয়ে তুমি মোক অস্ৱীকাৰ নকৰিবা।” তেতিয়া ৰজাই ক’লে, “হে মোৰ মাতৃ, খোজক; কিয়নো মই আপোনাক অস্ৱীকাৰ নকৰোঁ।”
21 Nígbà náà ni ó wí pé, “Jẹ́ kí a fi Abiṣagi ará Ṣunemu fún Adonijah arákùnrin rẹ ní aya.”
২১তেতিয়া বৎচেবাই ক’লে, “তোমাৰ ককাই অদোনিয়া লগত চূনেমীয়া অবীচগক পত্নীৰূপে দিয়া হওঁক৷”
22 Solomoni ọba sì dá ìyá rẹ̀ lóhùn pé, “Èéṣe tí ìwọ fi béèrè Abiṣagi ará Ṣunemu fún Adonijah! Ìwọ ìbá sì béèrè ìjọba fún un pẹ̀lú nítorí ẹ̀gbọ́n mi ní í ṣe, fún òun pàápàá àti fún Abiatari àlùfáà àti fun Joabu ọmọ Seruiah!”
২২তেতিয়া চলোমন ৰজাই উত্তৰ কৰি নিজৰ মাতৃক ক’লে, “আপুনি অদোনিয়াৰ কাৰণে চূনেমীয়া অবীচগক কিয় খুজিছে? তেওঁৰ বাবে ৰাজ্যখনকো কিয় খোজা নাই, কিয়নো তেওঁ মোৰ বৰ ককাই - এনে কি, অবিয়াথৰ পুৰোহিত আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ কাৰণেও খোজক।”
23 Nígbà náà ni Solomoni ọba fi Olúwa búra pé, “Kí Ọlọ́run ki ó jẹ mí ní yà, àti jù bẹ́ẹ̀ pẹ̀lú, bí Adonijah kò bá ní fi ẹ̀mí rẹ̀ san ìbéèrè yìí!
২৩তেতিয়া চলোমন ৰজাই যিহোৱাৰ নামেৰে শপত লৈ ক’লে, “অদোনিয়াই যদি নিজৰ প্ৰাণ হানি হোৱাকৈ এই কথা কোৱা নাই, তেনেহ’লে ঈশ্বৰে মোলৈকো সেইদৰে কৰক বা তাতকৈয়ো অধিক দণ্ড দিয়ক।
24 Àti nísinsin yìí, bí ó ti dájú pé Olúwa wà láààyè, ẹni tí ó ti mú mi jókòó lórí ìtẹ́ baba mi Dafidi, àti tí ó sì ti kọ́ ilé fún mi bí ó ti ṣèlérí, lónìí ni a ó pa Adonijah!”
২৪এই হেতুকে এতিয়া যি জনে নিজৰ প্ৰতিজ্ঞা অনুসাৰে, মোক সুস্থিৰ কৰি মোৰ পিতৃ দায়ুদৰ সিংহাসনত মোক বহুৱালে আৰু মোৰ বংশ স্থাপন কৰিলে, সেই যিহোৱাৰ জীৱনৰ শপত, আজি নিশ্চয়ে অদোনিয়াৰ প্ৰাণ-দণ্ড হ’ব।”
25 Solomoni ọba sì pàṣẹ fún Benaiah ọmọ Jehoiada, ó sì kọlu Adonijah, ó sì kú.
২৫তেতিয়া চলোমন ৰজাই যিহোয়াদাৰ পুত্ৰ বনায়াক পঠিয়াই দিলে; তেওঁ অদোনিয়াক বিচাৰি পাই তেওঁক বধ কৰিলে।
26 Ọba sì wí fún Abiatari àlùfáà pé, “Padà lọ sí pápá rẹ ni Anatoti, ó yẹ fún ọ láti kú, ṣùgbọ́n èmi kì yóò pa ọ́ nísinsin yìí, nítorí o ti gbé àpótí ẹ̀rí Olúwa Olódùmarè níwájú Dafidi baba mi, o sì ti ní ìpín nínú gbogbo ìyà tí baba mi jẹ.”
২৬পাছত ৰজাই অবিয়াথৰ পুৰোহিতক ক’লে, “তুমি অনাথোতলৈ নিজ উত্তৰাধিকাৰৰ ভুমিলৈ যোৱা৷ তুমিও মৃত্যুৰ যোগ্য, তথাপি মই এই সময়ত তোমাৰ প্ৰাণ দণ্ড নকৰোঁ, কাৰণ তুমি মোৰ পিতৃ দায়ুদৰ আগত প্ৰভু যিহোৱাৰ চন্দুক বৈ নিছিলা আৰু মোৰ পিতৃৰ দুখভোগৰ সকলো সময়ত তুমিও দুখ-ভোগ কৰিছিলা।”
27 Bẹ́ẹ̀ ni Solomoni yọ Abiatari kúrò nínú iṣẹ́ àlùfáà Olúwa, kí ó lè mú ọ̀rọ̀ Olúwa tí ó ti sọ nípa ilé Eli ní Ṣilo ṣẹ.
২৭এইদৰে চীলোত এলীৰ বংশৰ অহিতে যিহোৱাই কোৱা বাক্য যেন সিদ্ধ হয়, এই কাৰণে চলোমনে অবিয়াথৰ পুৰোহিতক যিহোৱাৰ পুৰোহিত পদৰ পৰা অব্যাহতি দিলে৷
28 Nígbà tí ìròyìn sì dé ọ̀dọ̀ Joabu, ẹni tí ó ti dìtẹ̀ pẹ̀lú Adonijah bí ó tilẹ̀ jẹ́ pé kò wà pẹ̀lú Absalomu, ó sì sálọ sínú àgọ́ Olúwa, ó sì di ìwo pẹpẹ mú.
২৮তেতিয়া সেই ঘটনাৰ বাতৰি যোৱাবলৈ আহিল, কিয়নো যোৱাব যদিও অবচালোমৰ ফলীয়া নাছিল, তথাপি অদোনীয়াৰ ফলীয়া হৈছিল। সেই কাৰণে তেওঁ যিহোৱাৰ তম্বুৰ ভিতৰলৈ পলাই গৈ যজ্ঞবেদীৰ শিঙত ধৰি থাকিল৷
29 A sì sọ fún Solomoni ọba pé Joabu ti sálọ sínú àgọ́ Olúwa àti pé ó wà ní ẹ̀gbẹ́ pẹpẹ. Nígbà náà ni Solomoni pàṣẹ fún Benaiah ọmọ Jehoiada pé, “Lọ, kí o sì kọlù ú.”
২৯পাছত যোৱাব যিহোৱাৰ তম্বুৰ ভিতৰলৈ পলাই যোৱা আৰু তেওঁ যজ্ঞবেদীৰ কাষত থকা এই বুলি কোনোবাই চলোমন ৰজাক খবৰ দিলে৷ তেতিয়া তেওঁ যিহোয়াদাৰ পুত্ৰ বনায়াক পঠিয়াই ক’লে, “যোৱা তেওঁক বধ কৰা।”
30 Benaiah sì wọ inú àgọ́ Olúwa, ó sì wí fún Joabu pé, “Ọba sọ wí pé, ‘Jáde wá.’” Ṣùgbọ́n ó dáhùn pé, “Bẹ́ẹ̀ kọ́, èmi yóò kú níhìn-ín.” Benaiah sì mú èsì fún ọba, “Báyìí ni Joabu ṣe dá mi lóhùn.”
৩০তেতিয়া বনায়াই যিহোৱাৰ তম্বুলৈ গ’ল, আৰু তেওঁক ক’লে, “ৰজাই কৈছে, ‘তুমি বাহিৰলৈ ওলাই আহাঁ’।” তেতিয়া তেওঁ ক’লে, “নহয়, মই এই ঠাইতে মৰিম।” তেতিয়া বনায়া ৰজাৰ ওচৰলৈ উভতি গ’ল, আৰু তেওঁক ক’লে, “যোৱাবে সেই যজ্ঞবেদীৰ কাষতে মৰিবলৈ বিচাৰিছে৷”
31 Ọba sì pàṣẹ fún Benaiah pé, “Ṣe bí ó ti wí. Kọlù ú, kí o sì sin ín, kí o sì mú ẹ̀jẹ̀ aláìṣẹ̀ kúrò lọ́dọ̀ mi àti kúrò lọ́dọ̀ ilé baba mi, tí Joabu ti ta sílẹ̀.
৩১তেতিয়া ৰজাই ক’লে, “তুমি তেওঁৰ কথাৰ দৰেই কাৰ্য কৰা৷ তেওঁক বধ কৰি তেওঁক মৈদাম দিবা; সেইদৰে কৰিলে, যোৱাবে যি নিৰ্দ্দোষীৰ ৰক্তপাত কৰিছিল, সেই ৰক্তপাতৰ দোষ তুমি মোৰ পৰা আৰু মোৰ পিতৃ-বংশৰ পৰা দূৰ কৰিবা।
32 Olúwa yóò sì san ẹ̀jẹ̀ tí ó ti ta sílẹ̀ padà fún un, nítorí tí ó kọlu ọkùnrin méjì, ó sì fi idà rẹ̀ pa wọ́n, Dafidi baba mi kò sì mọ̀. Àwọn méjèèjì ni Abneri ọmọ Neri olórí ogun Israẹli, àti Amasa ọmọ Jeteri olórí ogun Juda, wọ́n jẹ́ olódodo, wọ́n sì sàn ju òun fúnra rẹ̀ lọ.
৩২আৰু যিহোৱাই তেওঁৰ ৰক্তপাতৰ দোষ তেওঁৰেই ওপৰত থ’ব, কিয়নো তেওঁ মোৰ পিতৃ দায়ূদে নজনাকৈ, তেওঁ নিজতকৈ ধাৰ্মিক আৰু উত্তম দুজন লোকক, অৰ্থাৎ ইস্ৰায়েলৰ প্ৰধান সেনাপতি নেৰৰ পুত্ৰ অবনেৰক আৰু যিহূদাৰ প্ৰধান সেনাপতি যেথৰৰ পুত্ৰ অমাচাক আক্ৰমণ কৰি তৰোৱালৰ দ্বাৰাই বধ কৰিছিল।
33 Kí ẹ̀bi ẹ̀jẹ̀ wọn wá sórí Joabu àti sórí irú-ọmọ rẹ̀ títí láé. Ṣùgbọ́n sórí Dafidi àti irú-ọmọ rẹ̀, sí ilé rẹ̀ àti sí ìtẹ́ rẹ̀, ni kí àlàáfíà Olúwa wà títí láé.”
৩৩তেওঁলোকৰ ৰক্তপাতৰ দোষ যেন যোৱাবৰ মূৰত আৰু তেওঁৰ বংশৰ মূৰত চিৰকাললৈকে থাকক; কিন্তু দায়ুদ আৰু তেওঁৰ সন্তান সকললৈ, তেওঁৰ বংশলৈ আৰু তেওঁৰ সিংহাসনলৈ যিহোৱাৰ পৰা সৰ্ব্বদায় শান্তি হ’ব।”
34 Bẹ́ẹ̀ ni Benaiah ọmọ Jehoiada sì gòkè lọ, ó sì kọlu Joabu, ó sì pa á, a sì sin ín ní ilẹ̀ ibojì ara rẹ̀ ní aginjù.
৩৪তেতিয়া যিহোয়াদাৰ পুত্ৰ বনায়াই উঠি গ’ল, আৰু তেওঁক আক্ৰমণ কৰি বধ কৰিলে৷ পাছত মৰুপ্ৰান্তত থকা তেওঁৰ নিজৰ ঘৰলৈ নিলে, আৰু তেওঁক তাতে মৈদাম দিলে।
35 Ọba sì fi Benaiah ọmọ Jehoiada jẹ olórí ogun ní ipò Joabu àti Sadoku àlùfáà ní ipò Abiatari.
৩৫পাছত ৰজাই তেওঁৰ পদত যিহোয়াদাৰ পুত্ৰ বনায়াক প্ৰধান সেনাপতি পাতিলে আৰু ৰজাই অবিয়াথৰ পদত চাদোকক পুৰোহিত নিযুক্ত কৰিলে।
36 Nígbà náà ni ọba ránṣẹ́ sí Ṣimei, ó sì wí fún un pé, “Kọ́ ilé fún ara rẹ ní Jerusalẹmu, kí o sì máa gbé ibẹ̀, ṣùgbọ́n kí o má sì ṣe lọ sí ibòmíràn.
৩৬তাৰ পাছত ৰজাই মানুহ পঠিয়াই চিমিয়ীক মতাই আনি ক’লে, “তুমি যিৰূচালেমত নিজৰ কাৰণে এটা ঘৰ সাজা আৰু তাতে আহি বাস কৰা। সেই ঠাইৰ পৰা তুমি আন কোনো ঠাইলৈ ওলাই নাযাবা।
37 Ọjọ́ tí ìwọ bá jáde, tí o sì kọjá àfonífojì Kidironi, kí ìwọ kí ó mọ̀ dájúdájú pé ìwọ yóò kú; ẹ̀jẹ̀ rẹ yóò sì wà lórí ara rẹ.”
৩৭কিয়নো তুমি যিদিনা বাহিৰ হৈ কিদ্ৰোণ জুৰি পাৰ হ’বা, সেইদিনা অৱশ্যে তোমাৰ প্ৰাণ যাব, সেই বিষয়ে জানিবা; তেতিয়া তোমাৰ ৰক্তপাতৰ দোষ তোমাৰেই মূৰত থাকিব।”
38 Ṣimei sì dá ọba lóhùn pé, “Ohun tí ìwọ sọ dára. Ìránṣẹ́ rẹ yóò ṣe bí olúwa mi ọba ti wí.” Ṣimei sì gbé ní Jerusalẹmu fún ìgbà pípẹ́.
৩৮গতিকে চিমিয়ীয়ে ৰজাক ক’লে, “আপুনি যি কথা কৈছে, সেয়ে উত্তম৷ মোৰ প্ৰভু মহাৰাজে যেনেকৈ ক’লে, আপোনাৰ এই দাসে সেইদৰেই কৰিব।” পাছত চিমিয়ীয়ে অনেক কাললৈকে যিৰূচালেমত বাস কৰিলে।
39 Ṣùgbọ́n lẹ́yìn ọdún mẹ́ta, àwọn ọmọ ọ̀dọ̀ Ṣimei méjì sì sálọ sọ́dọ̀ Akiṣi ọmọ Maaka, ọba Gati, a sì sọ fún Ṣimei pé, “Àwọn ọmọ ọ̀dọ̀ rẹ méjì wà ní Gati.”
৩৯কিন্তু তিনি বছৰৰ মূৰত চিমিয়ীৰ দুজন দাসে পলাই গৈ মাখাৰ পুত্ৰ আখীচ নামেৰে গাতৰ ৰজাৰ ওচৰলৈ গ’ল। তেতিয়া লোকসকলে ক’লে “চোৱা, তোমাৰ বন্দীহঁত গাতত আছে”, এই বুলি কোনোবাই চিমিয়ীক ক’লে,
40 Fún ìdí èyí, ó sì di kẹ́tẹ́kẹ́tẹ́ rẹ̀ ní gàárì, ó sì lọ sọ́dọ̀ Akiṣi ní Gati láti wá àwọn ọmọ ọ̀dọ̀ rẹ̀. Bẹ́ẹ̀ ni Ṣimei sì lọ, ó sì mú àwọn ọmọ ọ̀dọ̀ rẹ̀ padà bọ̀ láti Gati.
৪০তেতিয়া চিমিয়ীয়ে উঠি গাধ সজাই তেওঁৰ বন্দীবোৰ বিচাৰি গাতত থকা আখীচৰ ওচৰলৈ গ’ল, আৰু গাতৰ পৰা তেওঁৰ বন্দীবোৰক লৈ আহিল।
41 Nígbà tí a sì sọ fún Solomoni pé Ṣimei ti lọ láti Jerusalẹmu sí Gati, ó sì ti padà.
৪১পাছত চিমিয়ী যিৰূচালেমৰ পৰা গাতলৈ গৈ উভতি অহাৰ কথা কোনোবাই আহি ৰজা চলোমনক জনালে।
42 Ọba pe Ṣimei lẹ́jọ́, ó wí fún un pé, “Ǹjẹ́ èmi kò ti mú ọ búra ní ti Olúwa, èmi sì ti kìlọ̀ fún ọ pé, ‘Ní ọjọ́ tí ìwọ bá kúrò láti lọ sí ibikíbi, kí o mọ̀ dájú pé ìwọ yóò kú.’ Nígbà náà ni ìwọ sì sọ fún mi pé, ‘Ohun tí ìwọ sọ dára. Èmi yóò ṣe ìgbọ́ràn.’
৪২তেতিয়া ৰজাই মানুহ পঠিয়াই চিমিয়ীক মতাই আনিলে, আৰু তেওঁক ক’লে, “যি দিনা তুমি বাহিৰ ওলাই কোনো ফালে যাবা, সেইদিনা অৱশ্যে তোমাৰ প্ৰাণ যাব, এইদৰে জানো যিহোৱাৰ নামেৰে তোমাক শপত দিয়া হোৱা নাই? আৰু এই বিষয় নিশ্চিতভাৱে জানো তোমাক কোৱা হোৱা নাই? তেতিয়া তুমিও কৈছিলা, ‘মই যি শুনিলোঁ, সেয়ে উত্তম’।
43 Èéṣe, nígbà náà tí ìwọ kò pa ìbúra Olúwa mọ́, àti kí o sì ṣe ìgbọ́ràn sí àṣẹ tí mo pa fún ọ?”
৪৩এতিয়া যিহোৱাৰ নামেৰে দিয়া শপত আৰু মই তোমাক দিয়া আজ্ঞা তুমি কিয় পালন কৰা নাই?”
44 Ọba sì tún wí fún Ṣimei pé, “Ìwọ mọ̀ ní ọkàn rẹ gbogbo búburú tí ìwọ ti ṣe sí Dafidi baba mi. Báyìí, Olúwa yóò san gbogbo ìṣe búburú rẹ padà fún ọ.
৪৪ৰজাই চিমিয়ীক পুনৰ ক’লে, “মোৰ পিতৃ দায়ূদলৈ কৰা তোমাৰ যি দুষ্টতাৰ বিষয়ে তোমাৰ মনে সাক্ষ্য দি আছে, সেই বিষয়ে তুমি জানি আছা; এতেকে এতিয়া যিহোৱাই তোমাৰ দুষ্টতাৰ ফল তোমাৰ নিজ মূৰতে দিব।
45 Ṣùgbọ́n a ó sì bùkún fún Solomoni ọba, ìtẹ́ Dafidi yóò sì wà láìfòyà níwájú Olúwa títí láéláé.”
৪৫কিন্তু চলোমন ৰজাই আশীৰ্ব্বাদ পাব আৰু যিহোৱাৰ সন্মুখত দায়ূদৰ সিংহাসন চিৰকাললৈকে থাকিব।”
46 Nígbà náà ni ọba pàṣẹ fún Benaiah ọmọ Jehoiada, ó sì jáde lọ, ó sì kọlu Ṣimei, ó sì pa á. Ìjọba náà sì wá fi ìdí múlẹ̀ ní ọwọ́ Solomoni.
৪৬পাছত ৰজাই যিহোয়াদাৰ পুত্ৰ বনায়াক আজ্ঞা কৰিলে, আৰু বনায়া ওলাই গৈ তেওঁক আক্ৰমণ কৰি বধ কৰিলে। এইদৰে চলোমনৰ হাতত ৰাজ্য দৃঢ় হ’ল।

< 1 Kings 2 >