< 1 Kings 15 >

1 Ní ọdún kejìdínlógún ìjọba Jeroboamu ọmọ Nebati, Abijah jẹ ọba lórí Juda,
নবাটৰ পুত্ৰ যাৰবিয়ামৰ ৰাজত্বৰ অষ্টাদশ বছৰত অবিয়ামে যিহূদাৰ ওপৰত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিলে৷
2 ó sì jẹ ọba ní ọdún mẹ́ta ní Jerusalẹmu. Orúkọ ìyá rẹ̀ sì ni Maaka, ọmọbìnrin Absalomu.
তেওঁ তিনি বছৰ যিৰূচালেমত ৰাজত্ব কৰিলে; অবীচালোমৰ জীয়েক মাখা তেওঁৰ মাতৃ আছিল।
3 Ó sì rìn nínú gbogbo ẹ̀ṣẹ̀ tí baba rẹ̀ ti dá ṣáájú rẹ̀; ọkàn rẹ̀ kò sì pé pẹ̀lú Olúwa Ọlọ́run rẹ̀, gẹ́gẹ́ bí ọkàn Dafidi baba ńlá rẹ̀ ti ṣe.
তেওঁৰ পিতৃয়ে পূৰ্বতে কৰাৰ দৰে তেৱোঁ পাপ-আচৰণ কৰিলে। তেওঁৰ ওপৰ পিতৃ দায়ূদৰ মন যেনে সিদ্ধ আছিল, তেওঁৰ মন নিজ ঈশ্বৰ যিহোৱাৰ আগত তেনে সিদ্ধ নাছিল।
4 Ṣùgbọ́n, nítorí i Dafidi Olúwa Ọlọ́run rẹ̀ fún un ní ìmọ́lẹ̀ kan ní Jerusalẹmu nípa gbígbé ọmọ rẹ̀ ró láti jẹ ọba ní ipò rẹ̀ àti láti fi ìdí Jerusalẹmu múlẹ̀.
তথাপি তেওঁৰ পাছত তেওঁৰ সন্তানক গঢ় দিবলৈ আৰু যিৰূচালেমক সবল কৰিবলৈ, তেওঁৰ ঈশ্বৰ যিহোৱাই দায়ূদৰ কাৰণে তেওঁক যিৰূচালেমত এক প্ৰদীপ দিলে।
5 Nítorí tí Dafidi ṣe èyí tí ó dára ní ojú Olúwa, tí kò sì kùnà láti pa gbogbo èyí tí Olúwa pàṣẹ fún un mọ́ ní ọjọ́ ayé rẹ̀ gbogbo; bí kò ṣe ní kìkì ọ̀ràn Uriah ará Hiti.
কিয়নো, যিহোৱাৰ দৃষ্টিত যি ন্যায়, দায়ূদে তাকেই কৰিছিল; হিত্তীয়া ঊৰিয়াৰ কথাৰ বাহিৰে, তেওঁৰ নিজ আয়ুসৰ গোটেই কালত, যিহোৱাই তেওঁক দিয়া কোনো আজ্ঞাৰ পৰা তেওঁ বিমুখ হোৱা নাছিল।
6 Ogun sì wà láàrín Rehoboamu àti Jeroboamu ní gbogbo ọjọ́ ayé Abijah.
সেই সময়ত ৰহবিয়াম আৰু যাৰবিয়ামৰ মাজত যি যুদ্ধ চলি আছিল, সেয়ে অবিয়ামৰ আয়ুসৰ সকলো কালত চলি আছিল।
7 Ní ti ìyókù ìṣe Abijah, àti gbogbo èyí tí ó ṣe, a kò ha kọ wọ́n sínú ìwé ọ̀rọ̀ ọjọ́ àwọn ọba Juda? Ogun sì wà láàrín Abijah àti Jeroboamu.
অবিয়ামৰ অবশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ কথা, যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত জানো লিখা নাই? সেই সময়ত অবিয়াম আৰু যাৰবিয়ামৰ মাজত যুদ্ধ চলি আছিল।
8 Abijah sì sùn pẹ̀lú àwọn baba rẹ̀, a sì sin ín ní ìlú Dafidi. Asa ọmọ rẹ̀ sì jẹ ọba ní ipò rẹ̀.
পাছত অবিয়াম তেওঁ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে তেওঁক দায়ূদৰ নগৰত মৈদাম দিলে৷ তাৰ পাছত তেওঁৰ পুত্ৰ আচা তেওঁৰ পদত ৰজা হ’ল।
9 Ní ogún ọdún Jeroboamu ọba Israẹli, Asa jẹ ọba lórí Juda,
ৰজা যাৰবিয়ামে ইস্ৰায়েলৰ ওপৰত বিশ বছৰ ৰাজত্ব কৰাৰ পাছত আচাই যিহূদাৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ল’লে৷
10 Ó sì jẹ ọba ní Jerusalẹmu ní ọdún mọ́kànlélógójì. Orúkọ ìyá ńlá rẹ̀ sì ni Maaka, ọmọbìnrin Absalomu.
১০তেওঁ একচল্লিশ বছৰ যিৰূচালেমত ৰাজত্ব কৰিছিল; তেওঁৰ আইতাকৰ নাম আছিল মাখা; মাখা আছিল অবীচালোমৰ জীয়েক।
11 Asa sì ṣe èyí tí ó dára lójú Olúwa, bí Dafidi baba rẹ̀ ti ṣe.
১১আচাই তেওঁৰ ওপৰ পিতৃ দায়ূদৰ দৰে, যিহোৱাৰ দৃষ্টিত যি ন্যায়, তাকেই কৰিছিল।
12 Ó sì mú àwọn ọkùnrin alágbèrè ojúbọ òrìṣà kúrò ní ilẹ̀ náà, ó sì kó gbogbo ère tí àwọn baba rẹ̀ ti ṣe kúrò.
১২তেওঁ দেশৰ পৰা ৰতিক্রিয়াত আসক্ত পুৰুষসকলক খেদি পঠালে, আৰু তেওঁৰ পূর্ব-পুৰুষসকলে স্থাপন কৰা সকলো মূৰ্তি আতৰালে।
13 Ó sì mú Maaka ìyá ńlá rẹ̀ kúrò láti máa ṣe ayaba, nítorí tí ó yá ère kan fún Aṣerah òrìṣà rẹ̀. Asa sì ké ère náà lulẹ̀, ó sì jó o ní àfonífojì Kidironi.
১৩আৰু তেওঁৰ আইতাক মাখাই আচেৰা মূৰ্ত্তিৰ এটা ঘিণলগীয়া মূৰ্ত্তি স্থাপন কৰাৰ বাবে, আচাই তেওঁক ৰাজ-মা পদৰ পৰা আতৰাই পঠিয়ালে। আচাই সেই ঘিণলগীয়া মূৰ্ত্তিটো কাটিলে, আৰু তাক কিদ্ৰোণ উপত্যকাত পুৰি পেলালে।
14 Ṣùgbọ́n kò mú àwọn ibi gíga kúrò, síbẹ̀ ọkàn Asa pé pẹ̀lú Olúwa ní ọjọ́ ayé rẹ̀ gbogbo.
১৪কিন্তু পবিত্ৰ ঠাইবোৰ আতৰাই পেলোৱা নহ’ল; তথাপি আচাই তেওঁৰ আয়ুসৰ সকলো কালত নিজ মন সম্পূৰ্ণৰূপে যিহোৱাক সমৰ্পণ কৰিছিল। সম্পূর্ণৰূপে সমর্পিত আছিল৷
15 Ó sì mú wúrà àti fàdákà àti àwọn ohun èlò tí òun àti baba rẹ̀ ti yà sí mímọ́ wọ ilé Olúwa.
১৫তেওঁৰ নিজ পিতৃয়ে পবিত্ৰ কৰা বস্তু আৰু তেওঁ নিজে পবিত্ৰ কৰা বস্তুবোৰ যেনে ৰূপ, সোণ আদিৰ পাত্ৰবোৰ যিহোৱাৰ গৃহলৈ আনিলে।
16 Ogun sì wà láàrín Asa àti Baaṣa ọba Israẹli ní gbogbo ọjọ́ ayé wọn.
১৬আচা আৰু ইস্ৰায়েলৰ ৰজা বাচাৰ মাজত তেওঁৰ আয়ুসৰ গোটেই কালত যুদ্ধ চলি আছিল।
17 Baaṣa, ọba Israẹli sì gòkè lọ sí Juda, ó sì kọ́ Rama láti má jẹ́ kí ẹnikẹ́ni jáde tàbí wọlé tọ Asa ọba lọ.
১৭ইস্ৰায়েলৰ ৰজা বাচাই যিহূদাৰ বিৰুদ্ধে হিংসাত্মকভাবে আক্রমণ কৰিছিল, আৰু ৰামাক সাজি দৃঢ় কৰিবলৈ ধৰিলে যাতে কোনো লোক যেন যিহূদাৰ ৰজা আচাৰ দেশলৈ আহিব বা এৰি যাব নোৱাৰে৷
18 Nígbà náà ni Asa mú gbogbo fàdákà àti wúrà tí ó kù nínú ìṣúra ilé Olúwa àti ìṣúra ilé ọba. Ó sì fi lé àwọn ìránṣẹ́ rẹ̀ lọ́wọ́, ó sì rán wọn lọ sí ọ̀dọ̀ Beni-Hadadi ọmọ Tabrimoni, ọmọ Hesioni ọba Siria tí ó ń gbé ní Damasku.
১৮পাছত আচাই যিহোৱাৰ গৃহ ভঁৰালৰ অৱশিষ্ট ৰূপ, সোণ আৰু ৰাজগৃহৰ ভঁৰালৰ ধনবোৰ ল’লে৷ তেওঁ সেইবোৰ লৈ তেওঁৰ দাসবোৰৰ হাতত দি তেওঁলোকক হিজিয়োনৰ নাতিয়েক টবৰিম্মোনৰ পুত্ৰ বিন-হদদ নামেৰে দম্মেচকত থকা অৰামীয়া ৰজাৰ ওচৰলৈ পঠিয়াই দিলে, আৰু তেওঁলোকক এই কথা কৈ পঠিয়ালে যে,
19 Ó sì wí pé, “Jẹ́ kí májẹ̀mú kí ó wà láàrín èmi àti ìwọ, bí ó sì ti wà láàrín baba mi àti baba rẹ. Wò ó, Èmi rán ọrẹ fàdákà àti wúrà sí ọ. Ǹjẹ́ nísinsin yìí, da májẹ̀mú rẹ pẹ̀lú Baaṣa, ọba Israẹli, kí ó lè lọ kúrò lọ́dọ̀ mi.”
১৯“মোৰ পিতৃ আৰু আপোনাৰ পিতৃৰ মাজত যেনে নিয়ম বন্ধা আছিল, তেনে নিয়ম মোৰ আৰু আপোনাৰ মাজতো বন্ধা হওঁক৷ চাওঁক, মই আপোনালৈ ৰূপ আৰু সোণৰ উপহাৰ পঠিয়াইছোঁ৷ আপুনি ইস্ৰায়েলৰ বাচা ৰজাৰ লগত বন্ধা নিয়মটি ভাঙক কাৰণ তেতিয়াহে তেওঁ মোৰ ওচৰৰ পৰা গুচি যাব৷”
20 Beni-Hadadi gba ti Asa ọba, ó sì rán àwọn alágbára olórí ogun rẹ̀ sí àwọn ìlú Israẹli. Ó sì ṣẹ́gun Ijoni, Dani àti Abeli-Beti-Maaka, àti gbogbo Kinnereti pẹ̀lú gbogbo ilẹ̀ Naftali.
২০তেতিয়া বিন-হদদে ৰজা আচাৰ কথা শুনি, ইস্ৰায়েলৰ নগৰবোৰৰ বিৰুদ্ধে তেওঁৰ সৈন্য বাহিনীৰ সেনাপতিসকলক আক্ৰমণ কৰিবলৈ পঠিয়ালে৷ তেতিয়া তেওঁলোকে গৈ ইয়োন, দান, আবেল-বৈৎমাখা, গোটেই কিন্নেৰৎ আৰু নপ্তালীৰ সকলো দেশকে আক্ৰমণ কৰিলে।
21 Nígbà tí Baaṣa sì gbọ́ èyí, ó sì ṣíwọ́ kíkọ́ Rama, ó sì lọ kúrò sí Tirsa.
২১যেতিয়া বাচাই এই সম্বাদ শুনিলে তেতিয়া তেওঁ ৰামাক সাজি দৃঢ় কৰাৰ কার্য বন্ধ কৰিলে আৰু তিৰ্চালৈ ঘূৰি গ’ল।
22 Nígbà náà ni Asa ọba kéde ká gbogbo Juda, kò dá ẹnìkan sí, wọ́n sì kó òkúta Rama kúrò àti igi rẹ̀, tí Baaṣa fi kọ́lé. Asa ọba sì fi wọ́n kọ́ Geba ti Benjamini àti Mispa.
২২তেতিয়া ৰজা আচাই সমুদায় যিহূদাক এটি ঘোষণা দিবলৈ মাতিলে; তাতে কোনো এজন লোকৰ অনুপস্থিতিত তেওঁলোকক ৰেহাই দিয়া নাছিল৷ বাচাই যি শিল আৰু কাঠবোৰেৰে ৰামা দৃঢ় কৰিবলৈ ধৰিছিল, ৰামাৰ সেই শিল আৰু কাঠবোৰ সেই লোকসকলে কঢ়িয়াই লৈ গ’ল৷ তাৰ পাছত ৰজা আচাই সেই শিল আৰু কাঠবোৰ ব্যৱহাৰ কৰি বিন্যামীনৰ গেবা আৰু মিস্পা সাজি দৃঢ় কৰিলে।
23 Ní ti ìyókù gbogbo ìṣe Asa, àti gbogbo agbára rẹ̀, àti gbogbo ohun tí ó ṣe, àti àwọn ìlú tí ó kọ́, a kò ha kọ wọ́n sínú ìwé ọ̀rọ̀ ọjọ́ àwọn ọba Juda? Ṣùgbọ́n, ní ìgbà ogbó rẹ̀, ààrùn ṣe é ní ẹsẹ̀ rẹ̀.
২৩আচাৰ অবশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো পৰাক্ৰম, তেওঁ কৰা সকলো কাৰ্য আৰু তেওঁ সাজি দৃঢ় কৰা নগৰবোৰৰ কথা জানো যিহূদাৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা নাই? কিন্তু তেওঁৰ বৃদ্ধ অৱস্থাত তেওঁৰ ভৰিত বেমাৰ হ’ল।
24 Asa sì sùn pẹ̀lú àwọn baba rẹ̀, a sì sin ín pẹ̀lú àwọn baba rẹ̀ ní ìlú Dafidi baba rẹ̀. Jehoṣafati ọmọ rẹ̀ sì jẹ ọba ní ipò rẹ̀.
২৪পাছত আচা তেওঁ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু নিজৰ ওপৰ-পিতৃ দায়ূদৰ নগৰত তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল৷ তেতিয়া তেওঁৰ পুত্ৰ যিহোচাফট তেওঁৰ পদত ৰজা হ’ল।
25 Nadabu ọmọ Jeroboamu sì jẹ ọba lórí Israẹli ní ọdún kejì Asa ọba Juda, ó sì jẹ ọba lórí Israẹli ní ọdún méjì.
২৫যিহূদাৰ আচা ৰজাৰ ৰাজত্বৰ দ্বিতীয় বছৰত যাৰবিয়ামৰ পুত্ৰ নাদবে ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে৷ তেওঁ ইস্ৰায়েলৰ ওপৰত দুবছৰ ৰাজত্ব কৰিছিল।
26 Ó sì ṣe búburú níwájú Olúwa, ó sì rìn ní ọ̀nà baba rẹ̀ àti nínú ẹ̀ṣẹ̀ rẹ̀, èyí tí ó mú Israẹli dá.
২৬তেওঁ নিজৰ পিতৃৰ পথত পাপ আচৰণ কৰি চলিলে, আৰু তেওঁৰ দ্ৱাৰাই ইস্ৰায়েলকো সেই পাপ পথত পৰিচালনা কৰিলে।
27 Baaṣa ọmọ Ahijah ti ilé Isakari sì dìtẹ̀ sí i, Baaṣa sì kọlù ú ní Gibetoni, ìlú àwọn ará Filistini, nígbà tí Nadabu àti gbogbo Israẹli dó ti Gibetoni.
২৭পাছত ইচাখৰৰ বংশৰ অহিয়াৰ পুত্ৰ বাচাই নাদবৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে৷ পলেষ্টীয়াসকলৰ অধীনত থকা গিব্বথোনত বাচাই তেওঁক বধ কৰিলে, কিয়নো সেই সময়ত নাদব আৰু গোটেই ইস্ৰায়েলে গিব্বথোন অৱৰোধ কৰিছিল।
28 Baaṣa sì pa Nadabu ní ọdún kẹta Asa ọba Juda, ó sì jẹ ọba ní ipò rẹ̀.
২৮যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ তৃতীয় বছৰত বাচাই নাদবক বধ কৰিলে, আৰু তেওঁৰ পদত নিজে ৰজা হ’ল।
29 Ó sì ṣe, bí ó sì ti bẹ̀rẹ̀ sí ní jẹ ọba ó pa gbogbo ilé Jeroboamu, kò sì ku ẹnìkan tí ń mí fún Jeroboamu, ṣùgbọ́n ó run gbogbo wọn, gẹ́gẹ́ bí ọ̀rọ̀ Olúwa, tí ó sọ nípa ọwọ́ ìránṣẹ́ rẹ̀ Ahijah ará Ṣilo.
২৯তেওঁ ৰজা হোৱা মাত্রকে যাৰবিয়ামৰ গোটেই বংশকে বধ কৰিলে। যিহোৱাই নিজ দাস চীলোনীয়া অহীয়াৰ দ্বাৰাই কোৱা বাক্য অনুসাৰে, তেওঁ যাৰবিয়ামৰ বংশক আনকি নিশ্বাস লবলৈকো কাকো অৱশিষ্ট নাৰাখিলে৷ এইদৰে বাচাই যাৰবিয়ামৰ বংশক সংহাৰ কৰিলে৷
30 Nítorí ẹ̀ṣẹ̀ tí Jeroboamu ti ṣẹ̀ àti tí ó mú Israẹli ṣẹ̀, àti nítorí tí ó ti mú Olúwa Ọlọ́run Israẹli bínú.
৩০যাৰবিয়ামে যি যি পাপ নিজে কৰিছিল আৰু যিবোৰ পাপৰ দ্বাৰাই তেওঁ ইস্ৰায়েলক পাপত লিপ্ত কৰালে, সেই কুকার্যবোৰৰ দ্ৱাৰাই তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক্ৰুদ্ধ কৰিবলৈ উত্তেজিত কৰাইছিল আৰু সেই কাৰণে এই সকলো ঘটিল।
31 Ní ti ìyókù ìṣe Nadabu àti gbogbo ohun tí ó ṣe, a kò ha kọ wọ́n sínú ìwé ọ̀rọ̀ ọjọ́ àwọn ọba Israẹli?
৩১নাদবৰ অৱশিষ্ট বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্যৰ কথা ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত জানো লিখা নাই?
32 Ogun sì wà láàrín Asa àti Baaṣa ọba Israẹli ní gbogbo ọjọ́ wọn.
৩২আচা আৰু ইস্ৰায়েলৰ ৰজা বাচাৰ মাজত তেওঁলোকৰ আয়ুসৰ গোটেই কালত যুদ্ধ চলি আছিল।
33 Ní ọdún kẹta Asa ọba Juda, Baaṣa ọmọ Ahijah sì jẹ ọba lórí gbogbo Israẹli ní Tirsa, ó sì jẹ ọba ní ọdún mẹ́rìnlélógún.
৩৩যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ তৃতীয় বছৰত অহিয়াৰ পুত্ৰ বাচাই তিৰ্চাত গোটেই ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে; তেওঁ ছাবিশ বছৰলৈ ৰাজত্ব কৰিছিল।
34 Ó sì ṣe búburú níwájú Olúwa, ó sì rìn ní ọ̀nà Jeroboamu àti nínú ẹ̀ṣẹ̀ rẹ̀, èyí tí ó ti mú Israẹli ṣẹ̀.
৩৪তেওঁ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে আৰু যাৰবিয়ামৰ পথত চলি, যাৰবিয়ামে যি পাপৰ দ্বাৰাই ইস্ৰায়েলক পাপ লিপ্ত কৰাইছিল, সেই পাপত তেৱোঁ চলিছিল।

< 1 Kings 15 >