< 1 Chronicles 17 >

1 Lẹ́yìn ìgbà tí Dafidi ti fi ìdí kalẹ̀ sínú ààfin rẹ̀, ó sọ fún Natani wòlíì pé, “Èmi nìyí, tí ń gbé inú ààfin kedari nígbà tí àpótí ẹ̀rí Olúwa wà lábẹ́ àgọ́.”
দায়ূদে নিজৰ ঘৰত স্থায়ীভাৱে বাস কৰাৰ পাছত, তেওঁ নাথন ভাববাদীক ক’লে, “চোৱা, মই এৰচ কাঠেৰে সজা ঘৰত বাস কৰি আছোঁ, কিন্তু যিহোৱাৰ নিয়ম-চন্দুক তম্বুৰ ভিতৰত আছে।”
2 Natani dá Dafidi lóhùn pé, “Ohunkóhun tí o bá ní lọ́kàn, ṣe é nítorí tí Ọlọ́run wà pẹ̀lú rẹ.”
তেতিয়া নাথনে দায়ূদক ক’লে, “যাওক, আপোনাৰ মনৰ ভিতৰত যি আছে, তাকে কৰক, কাৰণ ঈশ্বৰ আপোনাৰ লগত আছে।”
3 Ní àṣálẹ́ ọjọ́ náà, ọ̀rọ̀ Ọlọ́run tọ Natani wá, wí pé:
কিন্তু সেই ৰাতিয়েই নাথনলৈ ঈশ্বৰৰ বাক্য আহিল আৰু ক’লে,
4 “Lọ sọ fún ìránṣẹ́ mi Dafidi, ‘Èyí ni ohun tí Olúwa wí: Ìwọ kò gbọdọ̀ kọ́ ilé fún mi láti máa gbé.
“তুমি যোৱা, মোৰ দাস দায়ূদক কোৱা, ‘যিহোৱাই এই কথা কৈছে: মই বাস কৰিবলৈ মোৰ বাবে তুমি ঘৰ নাসাজিবা।
5 Èmi kò tí ì gbé nínú ilé láti ọjọ́ tí mo ti mú Israẹli jáde wá láti Ejibiti títí di òní yìí. Èmi ń lọ láti àgọ́ dé àgọ́ àti láti ibùgbé dé ibùgbé.
কাৰণ মই ইস্ৰায়েলক উলিয়াই অনা দিনৰে পৰা আজিলৈকে কোনো ঘৰত বাস কৰা নাই। বৰঞ্চ এটা তম্বুত, এটা আবাসত আৰু বিভিন্ন ঠাইত বাস কৰি আছোঁ।
6 Ni ibi gbogbo tí mo ti bá gbogbo Israẹli rìn dé, ǹjẹ́ mo wí nǹkan kan sí ọ̀kan nínú àwọn adarí Israẹli, tí èmí pàṣẹ fún láti máa jẹ́ olùṣọ́-àgùntàn àwọn ènìyàn mi, wí pé, “Kí ní ṣe tí ẹ̀yin kò fi kọ́ ilé tí a fi igi kedari kọ́ fún mi?”’
ইস্ৰায়েলৰ মাজত মই ঠাই সমূহ সলাই থাকোঁতে ইস্ৰায়েলৰ প্ৰজাসকলক প্ৰতিপালন কৰিবলৈ যি সকলক মই নিযুক্ত কৰিছিলোঁ, তেওঁলোকৰ কোনো এজন জানো কৈছিলোঁ, “তোমালোকে কিয় মোৰ বাবে এৰচ কাঠৰ ঘৰ নিৰ্ম্মাণ কৰা নাই?””
7 “Nígbà náà, sọ fún ìránṣẹ́ mi Dafidi pé, ‘Èyí ni ohun tí Olúwa àwọn ọmọ-ogun wí: Èmi mú ọ kúrò ní pápá oko tútù wá, àní kúrò lẹ́yìn agbo àgùntàn, kí ìwọ kí ó lè máa ṣe olórí àwọn ènìyàn mi Israẹli.
“সেয়ে এতিয়া, তুমি মোৰ দাস দায়ূদক কোৱা, ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “মোৰ ইস্ৰায়েলৰ লোকসকলৰ ওপৰত প্রশাসক হ’বলৈ, মই তোমাক চৰণীয়া ঠাইৰ পৰা, আৰু মেৰৰ জাকৰ পাছে পাছে যোৱাৰ পৰা বাচি ললোঁ।
8 Èmi ti wà pẹ̀lú rẹ ní, ibikíbi tí ìwọ bá lọ, èmí sì ti gé gbogbo àwọn ọ̀tá rẹ kúrò níwájú rẹ. Nísinsin yìí Èmi yóò mú kí orúkọ rẹ kí ó dàbí orúkọ àwọn ènìyàn ńlá jùlọ tí ó wà ní ayé.
আৰু তুমি যি যি ঠাইলৈ গৈছিলা, মই তোমাৰ লগত থাকি তোমাৰ সন্মুখৰ পৰা তোমাৰ আটাই শত্ৰুবোৰক ছেদন কৰিলোঁ। আৰু পৃথিৱীত থকা মহৎ লোকৰ নামৰ দৰে তোমাৰো নাম মহৎ কৰিম।
9 Èmi yóò sì pèsè ààyè kan fún àwọn ènìyàn mi Israẹli, kí wọn kí ó lè ní ilé tiwọn, kí a má sì ṣe dààmú wọn mọ́. Àwọn ènìyàn búburú kì yóò ni wọ́n lára mọ́, gẹ́gẹ́ bí wọ́n ti ṣe ní ìbẹ̀rẹ̀.
মই মোৰ ইস্ৰায়েলৰ লোকসকলৰ বাবে এটা ঠাই নিৰ্বাচন কৰিম আৰু তেওঁলোকক ৰোপণ কৰিম, সেয়ে তেওঁলোকে নিজৰ ঠাইতে বাস কৰিব পাৰিব আৰু তেওঁলোকক লৰোৱা নহব। দুৰ্জন লোকসকলে তেওঁলোকক উপদ্রৱ কৰিব নোৱাৰিব, যেনেকৈ আগৰ দিনত কৰিছিল,
10 Bí wọ́n sì ti ṣe láti ìgbà tí mo ti yan àwọn aṣáájú lórí àwọn ènìyàn mi Israẹli. Èmi pẹ̀lú yóò ṣẹ́gun gbogbo àwọn ọ̀tá yín. “‘Èmi sọ fún yín pé Olúwa yóò kọ́ ilé kan fún yín,
১০যেতিয়া মই মোৰ ইস্ৰায়েল লোকসকলৰ ওপৰত বিচাৰকৰ্ত্তাসকলক আজ্ঞা কৰিছিলোঁ যে, মই তোমাৰ শত্ৰুসকলক বশীভূত কৰিম। তদুপৰি মই তোমাক কৈছো যে, মই যিহোৱাই তোমাৰ বাবে এটা ঘৰ নিৰ্ম্মাণ কৰিম।
11 nígbà ti ọjọ́ rẹ bá kọjá, tí ìwọ bá lọ láti lọ bá àwọn baba à rẹ, Èmi yóò gbé àwọn ọmọ rẹ sókè láti rọ́pò rẹ, ọ̀kan lára àwọn ọmọ tìrẹ, Èmi yóò sì fìdí ìjọba rẹ̀ kalẹ̀.
১১যেতিয়া তোমাৰ আয়ুস সম্পূৰ্ণ হ’ব আৰু তোমাৰ ওপৰ-পিতৃসকলৰ ওচৰলৈ যাব লগা হ’ব, তেতিয়া তোমাৰ পাছত তোমাৰ বংশধৰক বৃদ্ধি কৰিম, আৰু তোমাৰ নিজৰ বংশৰ এজনৰ কাৰণে, মই তেওঁৰ ৰাজ্য স্থাপন কৰিম।
12 Òun ni ẹni tí yóò kọ́ ilé fún mi, èmi yóò sí fi ìdí ìtẹ́ rẹ̀ kalẹ̀ títí láé.
১২মোৰ বাবে তেওঁহে এটা ঘৰ নিৰ্ম্মাণ কৰিব, আৰু মই তেওঁৰ সিংহাসন চিৰস্থায়ী কৰিম।
13 Èmi yóò jẹ́ baba rẹ̀, Òun yóò sì jẹ́ ọmọ mi. Èmi kì yóò mú ìfẹ́ mi kúrò lọ́dọ̀ rẹ̀ láéláé gẹ́gẹ́ bí mo ṣe mú un kúrò lọ́dọ̀ àwọn aṣáájú rẹ̀.
১৩মই তেওঁৰ পিতৃ হ’ম, আৰু তেওঁ মোৰ পুত্ৰ হ’ব। তোমাৰ পূৰ্বে শাসন কৰা, চৌলৰ পৰা যেনেকৈ মই আঁতৰাইছিলোঁ, তেনেকৈ মই তেওঁৰ পৰা মোৰ বিশ্ৱাসযোগ্য নিয়ম আঁতৰ নকৰোঁ।
14 Èmi yóò gbé e ka orí ilé mi àti ìjọba mi títí láé; ìtẹ́ rẹ̀ ni a ó fi ìdí rẹ̀ múlẹ̀ títí láé.’”
১৪মোৰ ঘৰত আৰু মোৰ ৰাজ্যত তেওঁক সদায় থিৰে ৰাখিম, আৰু তেওঁৰ সিংহাসন চিৰস্থায়ীভাৱে স্থাপন কৰিম।”
15 Natani ròyìn fún Dafidi gbogbo àwọn ọ̀rọ̀ ti ìfihàn yí.
১৫এই সকলো বাক্য, আৰু এই সকলো দৰ্শন অনুসাৰে নাথনে দায়ূদক বিৱৰণ দি ক’লে।
16 Nígbà náà, ọba Dafidi wọlé lọ, ó sì jókòó níwájú Olúwa ó sì wí pé, “Ta ni èmi, Olúwa Ọlọ́run, àti ki ni ìdílé mi, tí ìwọ mú mi dé ibí?
১৬তেতিয়া ৰজা দায়ূদে ভিতৰলৈ গৈ যিহোৱাৰ সন্মুখত বহিলে; আৰু তেওঁ ক’লে, “মই নো কোন, ঈশ্বৰ যিহোৱা, আৰু মোৰ পৰিয়ালেই বা কি যে, আপুনি মোক আগ স্থান দিছে?
17 Pẹ̀lú bí ẹni pé èyí kò tó lójú rẹ, Ọlọ́run, ìwọ ti sọ̀rọ̀ nípa ọjọ́ iwájú ilé ìránṣẹ́ rẹ. Ìwọ ti wò mí bí ẹni pé èmi ni ẹni gbígbéga jù láàrín àwọn ọkùnrin Olúwa Ọlọ́run.
১৭আৰু হে ঈশ্বৰ, আপোনাৰ দৃষ্টিত ইও এটা ক্ষুদ্র বিষয় আছিল, আপুনি আপোনাৰ দাসৰ পৰিয়ালৰ বিষয়েও সুদীৰ্ঘদিনৰ কথা কলে, আৰু হে ঈশ্বৰ, মোৰ ভৱিষ্যত পুৰুষসকলকো মোক দেখালে।
18 “Kí ni ohun tí Dafidi tún lè sọ nítorí ọlá tí o bù fún ìránṣẹ́ rẹ? Nítorí tí ìwọ mọ ìránṣẹ́ rẹ,
১৮আপুনি আপোনাৰ দাসক সন্মান দিছে। আপুনি আপোনাৰ দাসক বিশেষ স্ৱীকৃতি প্রদানৰ বিষয়ে মই, দায়ুদ, আপোনাক পুনৰ কি ক’ম?
19 Olúwa. Nítorí ti ìránṣẹ́ rẹ àti gẹ́gẹ́ bí àṣẹ rẹ, ìwọ ti ṣe ohun ńlá yìí àti láti fi gbogbo ìlérí ńlá yìí hàn.
১৯হে যিহোৱা, আপোনাৰ দাসৰ বাবে আৰু নিজৰ অভিপ্রায় সিদ্ধ কৰিবলৈ, আপুনি এই মহৎ কৰ্ম সাধন কৰিলে আৰু সকলো মহৎ কৰ্ম প্রকাশ কৰিলে।
20 “Kò sí ẹnìkan bí rẹ Olúwa, kò sì sí Ọlọ́run kan àfi ìwọ, gẹ́gẹ́ bí à ti gbọ́ pẹ̀lú etí ara wa.
২০হে যিহোৱা, আমি সদায় শুনা অনুসাৰে, আপোনাৰ তুল্য কোনো নাই, আৰু আপোনাৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।
21 Pẹ̀lú ta ni ó dàbí àwọn ènìyàn rẹ Israẹli—orílẹ̀-èdè kan ní ayé, tí Ọlọ́run jáde lọ láti ra àwọn ènìyàn kan padà fún ara rẹ̀, àti láti lè ṣe orúkọ fún ara à rẹ, àti láti ṣe ohun ńlá àti ọwọ́ ìyanu nípa lílé àwọn orílẹ̀-èdè kúrò níwájú àwọn ènìyàn rẹ̀, ẹni tí ó gbàlà láti Ejibiti?
২১আৰু পৃথিৱীৰ মাজত আপোনাৰ ইস্রায়েল লোকসকলৰ দৰে এনে কোন জাতি আছে? আপুনি ঈশ্বৰ যাক নিজৰ লোক কৰিবলৈ মিচৰৰ পৰা মুক্ত কৰিলে, যাতে মহৎ আৰু ভয়ানক কাৰ্যৰ দ্বাৰাই আপোনাৰ নাম কৰিব। আৰু মিচৰৰ পৰা মুক্ত কৰা আপোনাৰ লোকসকলৰ আগৰ পৰা জাতি সমূহক খেদিলে।
22 Ìwọ ṣe àwọn ènìyàn rẹ Israẹli ní tìrẹ láéláé ìwọ Olúwa sì ti di Ọlọ́run wọn.
২২তোমাৰ ইস্ৰায়েল লোকসকলক তুমি নিজৰ চিৰস্থায়ী লোক কৰিলা, আৰু হে যিহোৱা, তুমি তেওঁলোকৰ ঈশ্বৰ থ’লো।
23 “Nísinsin yìí, Olúwa, jẹ́ kí ìlérí tí ìwọ ti ṣe fún ìránṣẹ́ rẹ àti ilé rẹ̀ di fífi ìdí múlẹ̀ títí láé. Ṣe gẹ́gẹ́ bí o ti ṣe ìlérí.
২৩সেয়ে এতিয়া হে যিহোৱা, আপুনি আপোনাৰ দাস আৰু তাৰ পৰিয়ালৰ বিষয়ে যি প্রতিজ্ঞা কৰিলে, তাক সদাকাললৈকে স্থিৰ কৰা হওক। যেনেকৈ আপুনি ক’লে, তেনেকৈয়ে কৰক।
24 Kí ó lè di fífi ìdí múlẹ̀ àti kí orúkọ rẹ di gbígbéga títí láé. Nígbà náà ni àwọn ọkùnrin yóò wí pé, ‘Olúwa àwọn ọmọ-ogun, ni Ọlọ́run Israẹli.’ Ilé ìránṣẹ́ rẹ Dafidi sì ni a ó fi ìdí rẹ̀ múlẹ̀ níwájú rẹ.
২৪আপোনাৰ নাম চিৰকালৰ বাবে স্থাপিত আৰু মহিমান্বিত হ’বৰ বাবে লোকসকলে এইদৰে ক’ব, বাহিনীসকলৰ যিহোৱা ইস্ৰায়েলৰ ঈশ্বৰ, আপোনাৰ দাস দায়ূদৰ বংশ আপোনাৰ সাক্ষাতে থিৰে থাকিব।
25 “Ìwọ, Ọlọ́run mi, ti fihan ìránṣẹ́ rẹ pé, ìwọ yóò kọ́ ilé fún un. Bẹ́ẹ̀ ni ìránṣẹ́ rẹ ti ní ìgboyà láti gbàdúrà sí ọ.
২৫কাৰণ হে মোৰ ঈশ্বৰ, মই তোমাৰ বাবে এক বংশ স্থাপন কৰিম বুলি আপুনিয়েই আপোনাৰ দাসৰ আগত প্ৰকাশ কৰিলে। সেই বাবেই মই আপোনাৰ দাস আপোনাৰ আগত প্ৰাৰ্থনা সাহ পালোঁ।
26 Olúwa, ìwọ ni Ọlọ́run. Ìwọ ti fi ìlérí dídára yìí fún ìránṣẹ́ rẹ.
২৬এতিয়া হে যিহোৱা, আপুনি ঈশ্বৰ, আৰু আপুনিয়েই আপোনাৰ দাসলৈ এই মঙ্গল-প্ৰতিজ্ঞা কৰিলে।
27 Nísinsin yìí ó ti tẹ́ ọ lọ́rùn láti bùkún ilé ìránṣẹ́ rẹ kí ó lè tẹ̀síwájú ní ojú rẹ; nítorí ìwọ, Olúwa, ti bùkún un, a ó sì bùkún un títí láéláé.”
২৭এতিয়া আপুনি অনুগ্ৰহ কৰি আপোনাৰ দাসৰ বংশক আশীৰ্ব্বাদ কৰক। যাতে আপোনাৰ দাসৰ বংশ যেন আপোনাৰ আগত চিৰকাল থাকে। হে যিহোৱা, আপুনিয়েই আশীৰ্ব্বাদ কৰিলে, আৰু সেয়ে চিৰকাললৈকে আশীৰ্ব্বাদযুক্ত হৈ থাকিব।

< 1 Chronicles 17 >