< Ê-xơ-tê 4 >
1 Vả, khi Mạc-đô-chê biết hết mọi điều ấy, bèn xé áo mình, mặc một cái bao và phủ tro, rồi đi ra giữa thành, lấy tiếng lớn kêu khóc cách cay đắng.
১মৰ্দখয়ে এই সকলো ঘটনাৰ কথা জানিবলৈ পাই নিজৰ কাপোৰ ফালিলে, আৰু চট কাপোৰ পিন্ধি ছাঁই সানি নগৰৰ মাজলৈ গৈ বেদনাৰে চিঞৰি চিঞৰি কান্দিব ধৰিলে।
2 Người cũng đi đến tận trước cửa vua; vì ai mặc cái bao, bị cấm không cho vào cửa của vua.
২তেওঁ কেৱল ৰাজ দুৱাৰলৈকেহে গ’ল; কাৰণ চট কাপোৰ পিন্ধি কোনো এজনকো ৰাজদুৱাৰত সোমাব দিয়া হোৱা নাছিল।
3 Phàm trong mỗi tỉnh, nơi nào mạng lịnh vua và chiếu chỉ người đã đến, thì trong dân Giu-đa bèn có sự thảm sầu, kiêng cữ ăn, khóc lóc và kêu van; lại có nhiều người lấy bao và tro làm giường mình.
৩প্ৰত্যেক প্ৰদেশৰ যিবোৰ ঠাইত ৰজাৰ সেই আদেশ আৰু আজ্ঞা পালে, সেই সকলো ঠাইত যিহুদী লোকসকলৰ মাজত মহাশোক, লঘোন, ক্ৰন্দন আৰু বিলাপ হ’ল। তেওঁলোকৰ মাজৰ অনেক লোকে চট কাপোৰ পিন্ধি ছাঁইৰ ওপৰত শুই পৰিল।
4 Các nàng hầu bà Ê-xơ-tê và những hoạn quan bà đều đến thuật lại sự ấy cho bà; hoàng hậu bèn buồn rầu lắm, gởi quần áo cho Mạc-đô-chê mặc, để lột bao gai khỏi mình người; nhưng người không khứng nhận.
৪ইষ্টেৰৰ আলপৈচান ধৰা যুৱতী আৰু তেওঁৰ নপুংসক দাস সকলে যেতিয়া তেওঁৰ ওচৰলৈ আহি সেই কথা ক’লে, তেতিয়া ৰাণীয়ে মনত অতিশয় বেজাৰ পালে। তেওঁ মৰ্দখয়ৰ বাবে কাপোৰ দি পঠিয়ালে (যাতে মৰ্দখয়ে চট কাপোৰ খুলি সেই কাপোৰ পিন্ধিব পাৰে) কিন্তু তেওঁ সেইবোৰ গ্রহণ নকৰিলে।
5 Bấy giờ bà Ê-xơ-tê gọi Ha-thác, một hoạn quan của vua, mà vua đã đặt hầu chực bà, rồi biểu người đi đến Mạc-đô-chê hỏi cho biết có việc gì, và nhân sao đã có vậy.
৫তেতিয়া ইষ্টেৰ তেওঁক পৰিচৰ্যা কৰিবলৈ ৰজাই নিযুক্ত কৰা হথাক নামৰ এজন ৰাজ-নপুংসকক মাতি পঠিয়ালে। তেওঁক মৰ্দখয়ৰ লগত কি ঘটিছিল আৰু তাৰ মানে কি সেই বিষয়ে জানিবলৈ তেওঁৰ ওচৰলৈ যাবলৈ আজ্ঞা দিলে।
6 Ha-thác bèn đi ra đến Mạc-đô-chê tại nơi phố thành ở trước cửa vua.
৬সেয়ে হথাকে ৰাজদুৱাৰৰ সন্মুখৰ নগৰৰ চকলৈ গৈ মৰ্দখয়ক ল’গ ধৰিলে।
7 Mạc-đô-chê thuật lại mọi điều đã xảy đến mình, và số bạc Ha-man đã hứa đóng vào kho vua đặng có phép tuyệt diệt dân Giu-đa.
৭তেতিয়া মৰ্দখয়ে নিজৰ লগত যি ঘটিছিল, আৰু যিহুদী লোকসকলক বধ কৰিবলৈ হামনে যি পৰিমাণৰ ৰূপ ৰাজভঁৰালত দিবলৈ প্ৰতিজ্ঞা কৰিছে, সেই সকলো বিষয় তেওঁক ক’লে।
8 Người cũng đưa cho hoạn quan một bản sao lục chiếu chỉ đã truyền ra tại Su-sơ đặng tuyệt diệt dân Giu-đa, để hoạn quan chỉ cho bà Ê-xơ-tê xem và biết, cùng biểu người khuyên bà vào cùng vua, trước mặt vua nài xin ơn vua và cầu khẩn giùm cho dân tộc mình.
৮ইহুদী সকলৰ বিনাশৰ বাবে যি আজ্ঞা পত্ৰ চুচনত বিলোৱা হৈছিল, তাৰ এখন নকলো তেওঁক দিলে; যাতে সেই পত্রৰ নকল ইষ্টেৰক দেখুৱাব পাৰে আৰু সেই বিষয়ে তেওঁক জনাব পাৰে, যাতে ইষ্টেৰে এই বিষয়ে ৰজাৰ ওচৰলৈ গৈ তেওঁৰ আগত স্বজাতীয় লোকসকলৰ বাবে তেওঁলোকৰ হৈ মিনতি আৰু প্ৰাৰ্থনা কৰিব পাৰে, সেই বাবে তেওঁক ওপৰত দ্বায়ীত্ব দিবলৈ ক’লে।
9 Ha-thác bèn trở về thuật lại cho bà Ê-xơ-tê mọi lời của Mạc-đô-chê.
৯সেয়ে হথাকে গৈ মৰ্দখয়ে তেওঁক যিবোৰ কথা ক’লে, সেই সকলো কথা ইষ্টেৰক জনালে।
10 Bấy giờ bà Ê-xơ-tê nói với Ha-thác, và sai người nói lại với Mạc-đô-chê rằng:
১০তেতিয়া ইষ্টেৰে হথাকৰ লগত কথা পাতিলে। তেওঁক মৰ্দখয়ৰ ওচৰলৈ উভতি যাবলৈ কৈ,
11 Các thần bộc và dân chúng các tỉnh của vua đều biết rằng hễ ai, bất luận nam hay nữ, vào cùng vua tại nội viện, mà không được lịnh vời, thì ai đó theo luật đã định tất phải bị xử tử đi, miễn là được vua giơ cây phủ việt vàng ra, thì mới sống; nhưng đã ba mươi ngày rày tôi không được vời vào cung vua.
১১ইষ্টেৰে হথাক ক’লে, “ৰজাৰ দাস সকল আৰু ৰজাৰ প্ৰদেশৰ সকলো লোকেই জানে যে, পুৰুষ বা মহিলাই হওক, ৰজাই নমতালৈকে যি কোনোৱে ৰজাক ল’গ ধৰিবলৈ ভিতৰৰ চোতাললৈ যায়, তেওঁৰ কাৰণে কেৱল এটাই বিধান আছে যে, তেওঁৰ অৱশ্যেই মৃত্যু দণ্ড হ’ব, কেৱল যি জনলৈ ৰজাই সোণাময় ৰাজদণ্ড ডালি মেলি দিয়ে, সেই জনেহে জীয়াই থাকিব পাৰে। আজি ত্ৰিশ দিন হ’ল, মই ৰজাৰ ওচৰলৈ যাবলৈ আদেশ পোৱা নাই।”
12 Người ta thuật lại cho Mạc-đô-chê các lời của bà Ê-xơ-tê.
১২সেয়ে ইষ্টেৰৰ এই কথা হাথকে মৰ্দখয়ক জনালে।
13 Mạc-đô-chê biểu đáp lại cùng bà Ê-xơ-tê rằng: Chớ thầm tưởng rằng ở trong cung vua, người sẽ được thoát khỏi phải hơn mọi người Giu-đa khác;
১৩তেতিয়া মৰ্দখয়ে ইষ্টেৰলৈ সেই বাৰ্তা পুনৰ ঘূৰাই পঠালে: “যিহুদী লোকসকলৰ মাজৰ তুমি ৰাজপ্রসাদত থকাৰ বাবে তুমি যে ৰক্ষা পাবা, তেনে নাভাবিবা।
14 vì nếu ngươi làm thinh trong lúc nầy đây, dân Giu-đa hẳn sẽ được tiếp trợ và giải cứu bởi cách khác, còn ngươi và nhà cha ngươi đều sẽ bị hư mất; song nào ai biết rằng chẳng phải vì cớ cơ hội hiện lúc nầy mà ngươi được vị hoàng hậu sao?
১৪যদি তুমি এই সময়ত নিজম দি থকা, তেনেহলে যিহুদী লোকসকলক সহায় আৰু উদ্ধাৰ কৰিবলৈ আন কোনো ঠাইৰ পৰা কোনো এজন আহিব; কিন্তু তুমি আৰু তোমাৰ পিতৃ-বংশ বিনষ্ট হ’ব। কোনে জানে এই বিপদৰ সময়ৰ বাবেই হয়তু তুমি ৰাণী পদ পাইছা?”
15 Bà Ê-xơ-tê bèn biểu đáp lại cùng Mạc-đô-chê rằng:
১৫তেতিয়া ইষ্টেৰে মৰ্দখয়লৈ এই উত্তৰ দি পঠালে,
16 Hãy đi nhóm hiệp các người Giu-đa ở tại Su-sơ, rồi hãy vì tôi mà kiêng cữ ăn trong ba ngày và đêm, chớ ăn hay uống gì hết; tôi và các nàng hầu tôi cũng sẽ kiêng cữ ăn nữa; như vậy, tôi sẽ vào cùng vua, là việc trái luật pháp; nếu tôi phải chết thì tôi chết.
১৬“আপুনি যাওক; আৰু চুচনত বাস কৰা সকলো যিহুদী লোকসকলক একগোট কৰক। অাপোনালোক মোৰ কাৰণে লঘোন দিয়ক। তিনি দিন তিনি ৰাতি একো পান নকৰিব নাইবা ভোজন নকৰিব। মই আৰু মোৰ যুৱতী দাস সকলেও সেই একেদৰে লঘোন দিম। তাৰ পাছত যদিও এই কাৰ্য নিয়মৰ বিৰুদ্ধে হয়, তথাপি মই ৰজাৰ ওচৰলৈ যাম। যদি বিনষ্ট হ’ব লাগে তেনেহ’লে মই হ’ম।”
17 Mạc-đô-chê bèn đi, và làm theo mọi điều bà Ê-xơ-tê đã dặn biểu mình.
১৭মৰ্দখয়ে ইষ্টেৰে তেওঁক কোৱাৰ দৰে কৰিবলৈ গ’ল।