< Ê-xê-ki-ên 9 >
1 Ngài kêu lớn tiếng trong lỗ tai ta rằng: Khá khiến những kẻ cai trị thành nầy hãy đến gần, ai nấy khá cầm khí giới hủy diệt trong tay mình.
১তেতিয়া যিহোৱাই বৰ মাতেৰে কোৱা এই বাক্য মোৰ কাণত পৰিল আৰু ক’লে, “প্রহৰীসকলৰ প্ৰতিজনক নিজ নিজ হাতত বিনাশক অস্ত্ৰ লৈ নগৰলৈ আহিবলৈ দিয়া।”
2 Và nầy, có sáu người từ cửa trên về phía bắc mà đến, mỗi người cầm khí giới giết lát trong tay. Giữa bọn họ có một người mặc vải gai, lưng đeo sừng mực. Sáu người bước vào, đứng bên bàn thờ bằng đồng.
২তেতিয়া চোৱা! উত্তৰ দিশৰ পৰা ওপৰ বাট-চৰাৰ বাটেদি নিজ নিজ হাতত হত্যাৰ অস্ত্ৰ লৈ ছয়জন লোক আহিল। তেওঁলোকৰ মাজত শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত লিখকৰ মৈলাম থকা এজন লোক আছিল। এইদৰে তেওঁলোক ভিতৰলৈ সোমাই পিতলৰ যজ্ঞবেদীৰ কাষত থিয় হ’ল।
3 Sự vinh hiển của Ðức Chúa Trời Y-sơ-ra-ên bèn dấy lên khỏi chê-ru-bin, là nơi thường ngự, mà đến ngạch cửa nhà; Ðức Giê-hô-va gọi người mặc vải gai, lưng đeo sừng mực
৩তেতিয়া যি কৰূব কেইজনৰ ওপৰত ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আছিল, সেই গৌৰৱ, সেই কৰূব কেইজনৰ পৰা উঠি গৃহটিৰ দুৱাৰডলিলৈ উঠি গ’ল। আৰু শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত মৈলাম থকা সেই লোকজনক যিহোৱাই মাতিলে।
4 mà phán rằng: Hãy trải qua giữa thành tức giữa Giê-ru-sa-lem, ghi dấu trên trán những người nào than thở khóc lóc về mọi sự gớm ghiếc đã phạm giữa thành nầy.
৪যিহোৱাই তেওঁক ক’লে, “তোমালোকে নগৰৰ মাজেৰে যোৱা যিৰূচালেমৰ মাজেৰে আৰু নগৰৰ মাজত চলি থকা সকলো ঘিণলগীয়া কাৰ্যৰ কাৰণে হুমুনিয়াহ পেলোৱা আৰু চিঞৰি কন্দা-কতা কৰি থকা লোকসকলৰ কপালত চিন দিয়া।”
5 Rồi Ngài phán cùng những người kia cách như cho tôi nghe rằng: Hãy qua trong thành đằng sau nó, và đánh; mắt ngươi chớ đoái tiếc, và đừng thương xót.
৫তেতিয়া তেওঁ মই শুনাকৈ আন কেইজনক ক’লে, “তোমালোকে তেওঁৰ পাছে পাছে নগৰৰ মাজেদি যোৱা আৰু প্ৰহাৰ কৰা! তোমালোকৰ চকুত কৃপাদৃষ্টি কি দয়া নাথাকক,
6 Nào già cả, nào trai trẻ, nào gái đồng trinh, nào con nít, đờn bà, hãy giết hết; nhưng chớ lại gần một kẻ nào là kẻ đã có ghi dấu; và khá bắt đầu từ các người già cả ở trước mặt nhà.
৬বুঢ়া, ডেকা, যুৱতী, শিশু আৰু মহিলা আদি সকলোকে নিঃশেষে বধ কৰা, দয়া নকৰিবা! কিন্তু মূৰত চিন থকা কোনো লোকৰ কাষলৈ নাযাবা। মোৰ পবিত্ৰ স্থানৰ পৰা আৰম্ভ কৰা!” গতিকে তেওঁলোকে গৃহৰ সন্মুখত থকা সেই বৃদ্ধ লোকসকলৰ পৰা আৰম্ভ কৰিলে।
7 Ngài lại phán cùng họ rằng: Hãy làm ô uế nhà, làm cho xác chết đầy dẫy các hành lang! Hãy ra! Họ bèn ra và đánh trong thành.
৭তেওঁ তেওঁলোকক ক’লে, “গৃহটি অশুচি কৰা, চোতাল কেইখন হত হোৱা লোকসকলেৰে পূৰ কৰা। আগবাঢ়া!” গতিকে তেওঁলোকে ওলাই গৈ জেৰুচালেম নগৰক আক্রমণ কৰিলে।
8 Trong khi họ đánh, thì ta ở lại một mình. Ta bèn ngã sấp mặt xuống và kêu lên rằng: ôi! hãy Chúa Giê-hô-va, Chúa hầu đổ cơn giận trên thành Giê-ru-sa-lem mà diệt hết thảy dân sót của Y-sơ-ra-ên, hay sao?
৮যেতিয়া তেওঁলোকে প্ৰহাৰ কৰি আছিল, তেতিয়া মই নিজকে অকলশৰীয়া যেন অনুভৱ কৰিলোঁ আৰু উবুৰি হৈ পৰি চিঞৰি কান্দি কান্দি কলোঁ, “হায় হায় প্ৰভু যিহোৱা! আপুনি যিৰূচালেমৰ ওপৰত আপোনাৰ ক্ৰোধ বৰষাই ইস্ৰায়েলৰ সকলোক অৱশিষ্ট ভাগ বিনষ্ট কৰিব নে?”
9 Ngài phán rằng: Sự gian ác của nhà Y-sơ-ra-ên và của Giu-đa lớn quá lắm thay; đất đầy những máu, trong thành đầy sự trái phép; vì chúng nó nói rằng: Ðức Giê-hô-va đã lìa bỏ đất nầy, Ðức Giê-hô-va chẳng thấy chi hết.
৯তেওঁ মোক ক’লে, “ইস্ৰায়েল আৰু যিহূদা বংশৰ অপৰাধ অতিশয় গভীৰ। আৰু দেশ তেজেৰে পৰিপূৰ্ণ, আৰু নগৰখন দুৰ্নীতিৰে ভৰা; কিয়নো তেওঁলোকে কয়, ‘যিহোৱাই দেশখন ত্যাগ কৰিলে’ আৰু ‘যিহোৱাই দেখা নাপায়!’
10 Về phần ta, mắt ta cũng chẳng đoái tiếc chúng nó, và ta không thương xót; ta sẽ làm cho đường lối chúng nó đổ lại trên đầu chúng nó.
১০গতিকে মই হ’লে কৃপাদৃষ্টি নকৰিম আনকি দয়াও নকৰিম। বৰং তেওঁলোকৰ কাৰ্যৰ ফল তেওঁলোকৰ মূৰত ফলিওৱাম।”
11 Nầy, người mặc vải gai, lưng đeo sừng mực, đến trình việc rằng: Tôi đã làm y như lời Ngài truyền.
১১আৰু চোৱা! শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত মৈলাম থকা সেই পুৰুষজন ঘূৰি আহিল। “তুমি মোক আজ্ঞা দিয়া অনুসাৰে মই সকলো কৰিলোঁ”, এই বুলি তেওঁ বাৰ্ত্তা দিলেহি।