< Châm Ngôn 31 >
1 Châm ngôn của Vua Lê-mu-ên, do mẹ vua truyền lại.
১ৰজা লমুৱেলৰ বাক্য; তেওঁৰ মাতৃয়ে তেওঁক ঈশ্বৰীয় বচন শিক্ষা দিয়া।
2 Con ơi! Đứa con mà lòng dạ mẹ đã cưu mang, đứa con mà mẹ đã khấn hứa,
২মোৰ পুত্র কি? আৰু মোৰ গৰ্ভৰ পৰা জন্মা পুত্ৰ কি? আৰু মোৰ সঙ্কল্পৰ পুত্র কি?
3 đừng vì đàn bà mà tiêu hao năng lực, đừng theo vết xe đổ của các vua chúa.
৩তোমাৰ শক্তি মহিলাক নিদিবা, আৰু ৰজাক ধ্বংস কৰা সকলৰ পথত নচলিবা।
4 Lê-mu-ên, con ơi, vua chúa không nên ham rượu. Các quan chức đừng đam mê thức uống có men.
৪হে লমুৱেল, এইটো ৰজাসকলৰ বাবে নহয়, ৰজাসকলৰ বাবে সুৰা পান কৰা উপযুক্ত নহয়; অথবা “সুৰা ক’ত আছে?” বুলি শাসনকৰ্ত্তাই সোধা অনুচিত;
5 Uống vào, con sẽ quên hết luật lệ, xâm phạm quyền lợi, công lý của người cùng khổ.
৫তেওঁলোকে পান কৰিব আৰু বিধানত কি আছে তাক পাহৰিব, আৰু সকলো দুৰ্দশাগ্রস্ত লোকৰ অধিকাৰক বিপথগামী কৰিব।
6 Hãy đem chất men cho người hấp hối và đem rượu cho người có tâm hồn sầu thảm.
৬বিনাশলৈ যোৱা জনক সুৰা দিয়া, আৰু বেদনাদায়ক যন্ত্রণাত ভুগি থকা সকলক দ্রাক্ষাৰস পান কৰোঁৱা।
7 Họ uống cho quên đi nỗi khổ, và cũng chẳng bận tâm đến mọi mối sầu.
৭তেওঁ পান কৰিব আৰু নিজৰ দৰিদ্রতাক পাহৰিব, আৰু তেওঁৰ সমস্যাৰ কথা মনত নাথাকিব।
8 Hãy lên tiếng bênh vực người cô thế; và biện hộ cho quyền lợi của người bất hạnh.
৮কথা ক’ব নোৱাৰা সকলৰ বাবে কথা কোৱা, বিনাশ হোৱা সকলৰ কাৰণ সমূহৰ বাবে কথা কোৱা।
9 Con hãy phán xét công minh, bảo đảm công lý cho người nghèo yếu.
৯আৰু ন্যায়ৰ জোখেৰে বিচাৰ কৰা, আৰু দৰিদ্ৰ আৰু অভাৱী লোকৰ বাবে আত্মসমৰ্থন কৰা।
10 Một người vợ hiền đức, ai có thể tìm được? Giá trị nàng còn quý hơn châu ngọc.
১০প্রতিভাসম্পন্ন ভাৰ্যা কোনে বিচাৰি পায়? মূল্যবান ৰত্নতকৈ তেওঁৰ মূল্য অতি অধিক।
11 Nàng được chồng tín nhiệm, và thu hoa lợi không thiếu thốn.
১১তেওঁৰ স্বামীৰ হৃদয়ে তেওঁত বিশ্বাস কৰে, আৰু তেওঁৰ স্বামীৰ কেতিয়াও অভাৱ নহয়।
12 Nàng chẳng làm thương tổn, nhưng suốt đời đem hạnh phước cho chồng.
১২তেওঁ স্বামীৰ বাবে ভাল কাৰ্য কৰে, বেয়া কাৰ্য নকৰে।
13 Nàng bận bịu quay sợi, dệt dạ và vải gai.
১৩তেওঁ ঊণ আৰু শণ সূতা বাচি লয়, আৰু সেই সূতাৰে নিজ হাতেৰে আনন্দেৰে কাম কৰে।
14 Nàng giống như con tàu chở thực phẩm về từ xa.
১৪তেওঁ বণিকৰ জাহাজৰ দৰে, তেওঁ বহুত দূৰৰ পৰা নিজৰ খোৱা বস্তু আনে,
15 Thức giấc khi trời chưa sáng, nàng sửa soạn thức ăn cho gia đình, sắp đặt công việc cho các tớ gái.
১৫তেওঁ ৰাতিপুৱা নহওঁতেই সাৰ পায়, আৰু ঘৰৰ সকলোকে খাবলৈ আহাৰ দিয়ে, আৰু তেওঁ নিজৰ দাসীসকলক কাম ভগাই দিয়ে।
16 Nàng lưu ý một thửa ruộng và mua nó, với lợi tức làm ra, nàng lập một vườn nho.
১৬তেওঁ খেতি পথাৰৰ বিষয়ে বিবেচনা কৰে, আৰু মাটি কিনি লয়; তেওঁ নিজৰ হাতৰ শ্ৰমৰ ফলেৰে দ্ৰাক্ষাবাৰী পাতে।
17 Nàng đảm đang, chịu khó, và hết sức làm công việc gia đình.
১৭তেওঁ নিজৰ শক্তিৰে পোচাক পৰিধান কৰে, আৰু নিজৰ বাহু বলৱান কৰে।
18 Thức làm việc đến khuya; theo dõi giá hàng hóa, để mua bán kịp thời.
১৮তেওঁৰ বাবে লাভ জনক, তেওঁ তেনে বিষয় চিন্তা কৰে, আৰু গোটেই ৰাতি তেওঁৰ চাকি নুনুমায়।
19 Nàng tra tay vào guồng kéo sợi, nàng cần cù kéo chỉ dệt tơ.
১৯তেওঁ টাকুৰি ঘুৰাবলৈ নিজৰ হাত মেলে, আৰু তেওঁ সূতা ঘূৰাই হাত দাঙি ৰাখে।
20 Nàng đưa tay giúp người khốn khó, rộng rãi chăm lo, giúp đỡ người nghèo.
২০তেওঁ দৰিদ্ৰ লোকলৈ নিজৰ হাত মুকলি কৰে, অভাবি লোকলৈ তেওঁ নিজৰ হাত মেলে।
21 Không sợ gia đình gặp tuyết giá, vì sắm sẵn áo ấm bằng dạ.
২১তেওঁ নিজৰ ঘৰৰ লোকৰ বাবে হিম পৰালৈ ভয় নকৰে; তেওঁৰ ঘৰৰ সকলো লোকে ৰঙা বৰণীয়া কাপোৰ পিন্ধে।
22 Nàng dệt lấy chăn mền, áo xống nàng bằng vải gai mịn.
২২তেওঁ নিজৰ বিছনাৰ বাবে বিছনা চাদৰ প্রস্তুত কৰে; তেওঁ মিহি শণ সুতাৰ বেঙুনীয়া ৰঙৰ পোচাক পিন্ধে।
23 Chồng nàng được nổi danh, thuộc hàng nhân vật cao cấp trong xứ.
২৩যেতিয়া তেওঁ দেশত বৃদ্ধসকলৰ লগত বহে, তেতিয়া তেওঁৰ স্বামী সকলোৰে পৰিচিত হয়;
24 Nàng sản xuất áo quần, đem bán cho con buôn.
২৪তেওঁ শণ সুতাৰ বস্ত্ৰ প্ৰস্তুত কৰে, আৰু বিক্রী কৰে, আৰু তেওঁ ব্যৱসায়ী সকলক পাগুৰিৰ কাপোৰ যোগান ধৰে।
25 Là người có nghị lực và duyên dáng, nàng hớn hở nhìn vào tương lai tươi sáng.
২৫তেওঁ বল আৰু সন্মানেৰে পোচাক পিন্ধে; তেওঁ আহিব লগা দিনৰ বাবে নিশ্চিন্ত হৈ হাঁহে।
26 Nàng ăn nói khôn ngoan, lấy nhân từ làm kim chỉ nam.
২৬তেওঁ প্ৰজ্ঞাৰ কথা ক’বলৈ নিজৰ মুখ মেলে; আৰু তেওঁৰ জিভাত দয়াৰ শিক্ষা থাকে।
27 Nàng chăm sóc mọi việc trong nhà, không bao giờ biếng nhác.
২৭তেওঁ নিজৰ ঘৰৰ লোকসকলৰ চালচলনলৈ দৃষ্টি ৰাখে, আৰু তেওঁ এলেহুৱাৰ আহাৰ নাখায়।
28 Con cái chúc nàng hạnh phước. Chồng nàng tấm tắc ngợi khen:
২৮তেওঁৰ সন্তান সকলে সাৰ পায়, আৰু যি বস্তুৱে সিহঁতক সুখী কৰিব পাৰে, তেনে তেওঁ সিহঁতক দিয়ে। তেওঁৰ স্বামীয়ে তেওঁক প্ৰশংসা কৰি কয়,
29 “Có nhiều phụ nữ tài đức, nhưng nàng trỗi hơn tất cả.”
২৯“অনেক জীয়েকে ভাল কাৰ্য কৰে, কিন্তু তুমি তেওঁলোক সকলোকে অতিক্রম কৰিলা।”
30 Duyên dáng thường giả trá, sắc đẹp cũng tàn phai; nhưng ai kính sợ Chúa Hằng Hữu sẽ được ngợi ca mãi.
৩০সৌন্দৰ্য বিভ্রান্তিকৰ, লাৱণ্য মূল্যহীন, কিন্তু যিহোৱালৈ ভয় ৰখা মহিলা প্ৰশংসনীয়।
31 Cùng được hưởng thành quả của công việc do tay mình làm ra. Nàng đáng được ca ngợi giữa nơi công cộng.
৩১তেওঁৰ হাতৰ শ্রম অনুসাৰে তেওঁক ফল দিয়া, আৰু দুৱাৰত তেওঁৰ কামবোৰক প্রশংসা কৰা।