< Ma-thi-ơ 20 >
1 “Nước Trời giống như người chủ vườn nho, sáng sớm đi mướn công nhân về hái nho trong vườn.
১“স্বৰ্গৰাজ্য এজন গৰাকীৰ নিচিনা৷ তেওঁ এদিন নিজৰ দ্ৰাক্ষাবাৰীৰ কামৰ বাবে অতি ৰাতিপুৱাতে বনুৱা সকলক বিচাৰি ওলাই গ’ল।
2 Chủ thỏa thuận trả mỗi ngày một đồng bạc, và đưa họ vào vườn làm việc.
২তেওঁ এক একদীনাৰ দিবলৈ বনুৱা সকলৰ সৈতে বন্দবস্ত কৰি সিহঁতক দ্ৰাক্ষাবাৰীলৈ পঠাই দিলে।
3 Vài giờ sau, chủ ra phố, thấy một số người đang đứng chờ xin việc làm.
৩প্রায় নটা বজাত তেওঁ আকৌ ওলাই গ’ল আৰু আন কিছুমান বনুৱাক বজাৰত তেতিয়াও থিয় হৈ থকা দেখি তেওঁ সিহঁতক ক’লে,
4 Chủ bảo: ‘Vào vườn tôi hái nho, tôi sẽ trả tiền công sòng phẳng cho!’
৪‘তোমালোকেও মোৰ দ্ৰাক্ষাবাৰীলৈ কাম কৰিবলৈ যোৱা। তোমালোককো মই উচিত মজুৰী দিম।’ তেতিয়া সিহঁতেও কাম কৰিবলৈ গ’ল।
5 Khoảng mười hai giờ trưa và ba giờ chiều, chủ lại mướn thêm công nhân như trước.
৫আকৌ প্রায় বাৰটা আৰু তাৰ পাছত তিনিটা বজাত তেওঁ ওলাই গৈ, সেই একেদৰেই কৰিলে।
6 Độ năm giờ chiều, chủ lại ra phố, thấy còn một số người đứng đó, liền hỏi: ‘Sao hôm nay các anh không làm việc?’
৬পুণৰ প্রায় পাঁচ মান বজাত তেওঁ ওলাই গৈ আন কেইজনমান বনুৱাক থিয় হৈ থকা দেখি সিহঁতক সুধিলে, ‘তোমালোকে একো কাম নকৰাকৈ গোটেই দিনতো ইয়াত কিয় থিয় হৈ আছা?
7 Họ đáp: ‘Vì không ai mướn chúng tôi.’ Chủ bảo: ‘Vào vườn tôi hái nho!’
৭সিহঁতে তেওঁক ক’লে, ‘কোনেও আমাক কামত লগোৱা নাই।’ তেতিয়া তেওঁ সিহঁতক ক’লে, ‘তোমালোকো মোৰ দ্ৰাক্ষাবাৰীৰ কামলৈ যোৱা।’
8 Đến tối, chủ bảo quản gia gọi công nhân vào lãnh tiền, người vào làm sau được phát trước.
৮পাছত গধূলি সময়ত, সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে নিজৰ কর্মচাৰীক ক’লে, ‘বনুৱা সকলক মাতি শেষৰ জনৰ পৰা আৰম্ভ কৰি, প্ৰথম জনলৈকে প্রত্যেককে মজুৰী দিয়া।’
9 Bắt đầu, người làm từ năm giờ chiều vào, mỗi người lãnh được một đồng bạc.
৯পাঁচ মান বজাত যি সকলক বনুৱাক কামত লগোৱা হৈছিল, সিহঁতে আহি এক দীনাৰকৈপালে।
10 Lần lượt đến người làm từ sáng sớm, tưởng sẽ được nhiều hơn, nhưng mỗi người cũng lãnh được một đồng bạc.
১০তাতে যি সকল বনুৱাক প্ৰথমে কামত লগোৱা হৈছিল, সিহঁতে বেচিকৈ মজুৰী পাব বুলি মনে মনে ভাবিলে; কিন্তু সিহঁতেও এক একদীনাৰহে পালে।
11 Nhận tiền xong, họ phản đối:
১১সিহঁতে নিজৰ মজুৰী পোৱাৰ পাছত গৰাকীৰ বিৰুদ্ধে অভিযোগ কৰি ক’লে,
12 ‘Mấy người đến sau chỉ làm có một giờ, sao chủ trả cho họ bằng chúng tôi? Chúng tôi phải làm việc vất vả và phơi nắng suốt ngày!’
১২“আমি গোটেই দিনটো ৰ’দৰ তাপত কাম কৰিলোঁ; কিন্তু এই শেষত অহা বনুৱা সকলে মাত্ৰ এঘন্টা কাম কৰিছে, তথাপি আপুনি সিহঁতক আমাৰ সমানেই দিলে।”
13 Nhưng chủ trả lời: ‘Này bạn, tôi chẳng xử tệ với bạn đâu! Chính bạn đã thỏa thuận làm việc mỗi ngày một đồng bạc.
১৩তেতিয়া গৰাকীয়ে সিহঁতৰ মাজৰ এজনক উত্তৰ দিলে, “বন্ধু, মই তোমালোকৰ ওপৰত একো অন্যায় কৰা নাই; তোমালোকে জানো মোৰ লগত এক দীনাৰত কাম কৰিবলৈ বন্দবস্ত কৰা নাছিলা?
14 Cầm tiền về đi! Chẳng qua là tôi muốn trả cho mấy người đến sau bằng bạn.
১৪তোমালোকক যিমান দিছোঁ, এই শেষৰ কেইজনকো সিমান দিবলৈ মোৰ ইচ্ছা; নিজৰ পাবলগীয়াখিনি লৈ তোমালোক গুচি যোৱা৷
15 Chẳng có gì trái lẽ khi tôi sử dụng tiền tôi theo ý muốn. Hay bạn nổi lòng ganh tị thấy tôi tử tế rộng rãi với họ sao?’”
১৫যিবোৰ মোৰ নিজৰ বস্তু, সেইবোৰ মই নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰাৰ অধিকাৰ জানো মোৰ নাই? নে মই উত্তম কৰ্ম কৰা বাবে তোমালোকৰ চকু পুৰিছে?
16 Chúa kết luận: “Người đầu lui lại hàng cuối và người cuối vượt lên hàng đầu là thế.”
১৬এইদৰে পাছ হোৱা সকল আগ হ’ব আৰু আগ হোৱা সকল পাছ হ’ব।”
17 Trên đường lên Giê-ru-sa-lem, Chúa Giê-xu đem riêng mười hai sứ đồ ra một nơi, cho họ biết những việc sắp xảy ra.
১৭তাৰ পাছত যীচু যিৰূচালেমলৈ যোৱাৰ পথত, বাৰ জন শিষ্যক একাষৰীয়া কৰি মাতি নি ক’লে,
18 Chúa phán: “Hãy lắng nghe, chúng ta sẽ lên Giê-ru-sa-lem, Con Người sẽ bị phản bội, nộp cho các thầy trưởng tế và các thầy dạy luật, họ sẽ lên án xử tử Ngài.
১৮“চোৱা, আমি যিৰূচালেমলৈ গৈ আছোঁ; তাত মানুহৰ পুত্ৰক প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ হাতত শোধাই দিয়া হ’ব; তাতে তেওঁলোকে তেওঁক দোষী কৰি প্ৰাণদণ্ডৰ আজ্ঞা দিব;
19 Rồi họ sẽ giao nộp Ngài cho chính quyền La Mã; người La Mã sẽ chế giễu, đánh đập và đóng đinh Ngài vào cây thập tự. Nhưng đến ngày thứ ba, Ngài sẽ sống lại.”
১৯তেওঁলোকে তেওঁক বিদ্রূপ কৰিবৰ কাৰণে চাবুকেৰে কোবাবলৈ আৰু ক্রুচত দিবলৈ অনা-ইহুদী সকলৰ হাতত শোধাই দিব; কিন্তু তিন দিনৰ দিনা তেওঁক তোলা হ’ব।”
20 Mẹ của Gia-cơ và Giăng, con trai Xê-bê-đê đem hai con mình đến gần Chúa, quỳ lạy Ngài để xin một ân huệ.
২০তাৰ পাছত চিবদিয়ৰ পুতেক দুজনক সিহঁতৰ মাকে লগত লৈ যীচুৰ ওচৰলৈ আহিল আৰু প্ৰণিপাত কৰি তেওঁৰ ওচৰত যাচনা কৰিলে।
21 Chúa hỏi: “Bà muốn xin gì?” Bà thưa: “Xin Chúa cho hai con tôi được ngồi bên phải và bên trái ngai của Chúa trên Nước Trời.”
২১তেতিয়া যীচুৱে তেওঁক সুধিলে “তুমি কি বিচাৰি আহিছা?” তেওঁ যীচুক ক’লে, “আপুনি এই আদেশ দিয়ক যেন আপোনাৰ ৰাজ্যত মোৰ এই দুটা পুত্ৰৰ এটাই আপোনাৰ সোঁ হাতে, আনটোৱে বাওঁহাতে বহিবলৈ পায়।”
22 Chúa đáp: “Bà không hiểu điều bà cầu xin!” Rồi Ngài quay lại hỏi Gia-cơ và Giăng: “Các con có thể uống chén mà Ta sắp uống không?” Họ liền đáp: “Thưa Thầy, chúng con uống được!”
২২যীচুৱে উত্তৰ দি ক’লে, “তোমালোকে কি খুজিছা, সেই বিষয়ে নাজানা। মই যি পাত্ৰত পান কৰিবলৈ গৈছোঁ, তোমোলোকে সেই পাত্ৰত পান কৰিব পাৰিবা নে?” তেওঁলোকে তেওঁক ক’লে ‘পাৰিম’।
23 Chúa Giê-xu dạy: “Các con sẽ uống chén Ta. Nhưng việc ngồi bên cạnh Ta, Ta không có quyền định đoạt, vì những chỗ ấy dành cho những người Cha Ta lựa chọn.”
২৩তেওঁ তেওঁলোকক ক’লে, “তোমালোকে মোৰ পান-পাত্ৰত পান কৰিবা হয়, কিন্তু মোৰ সোঁ হাতে আৰু বাওঁহাতে বহিবলৈ দিবৰ বাবে মোৰ ক্ষমতা নাই৷ মোৰ পিতৃয়ে যি লোক সকলৰ কাৰণে ইয়াক যুগুত কৰি ৰাখিছে, তেওঁলোককহে দিয়া হ’ব।”
24 Mười sứ đồ kia rất bực tức khi hay được điều Gia-cơ và Giăng cầu xin.
২৪এই কথা শুনি আন দহ জন শিষ্যই এই দুজন ভাই-ককায়েকৰ প্ৰতি অসন্তুষ্ট হ’ল।
25 Nhưng Chúa gọi họ đến dạy bảo: “Các con biết vua chúa các dân tộc nước ngoài cai trị rất tàn ác, và bọn quan lại cũng đua nhau hà hiếp dân chúng.
২৫তেতিয়া যীচুৱে শিষ্য সকলক মাতি ক’লে, “তোমালোকে এই কথা জানা যে, অনা-ইহুদী সকলৰ শাসনকৰ্তা সকলে তেওঁলোকৰ ওপৰত প্ৰভুত্ব কৰে, আৰু নেতা সকলে তেওঁলোকৰ ওপৰত ক্ষমতা চলায়।
26 Nhưng giữa các con, không ai làm điều đó. Trái lại, ai muốn làm lớn phải làm tôi tớ người khác.
২৬তোমালোকৰ মাজত তেনে হোৱা উচিত নহয়; তোমালোকৰ মাজত যি কোনোৱে মহান হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ সেৱাকাৰী হওক৷
27 Ai muốn lãnh đạo phải làm nô lệ cho anh chị em.
২৭যি কোনোৱে তোমালোকৰ মাজত প্ৰথম হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ দাস হওক,
28 Các con nên bắt chước Con Người, vì Ta đến trần gian không phải để cho người phục vụ, nhưng để phục vụ người, và hy sinh tính mạng cứu chuộc nhiều người.”
২৮মানুহৰ পুত্ৰই সেৱা-শুশ্রূষা পাবলৈ নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল৷”
29 Khi Chúa Giê-xu và các môn đệ rời thành Giê-ri-cô, một đoàn dân đông đi theo Ngài.
২৯পাছত যীচু আৰু তেওঁৰ শিষ্য সকল যিৰীহো নগৰৰ পৰা ওলাই যাওঁতে, অনেক লোক যীচুৰ পাছে পাছে গ’ল।
30 Có hai người khiếm thị đang ngồi bên lề đường, nghe Chúa Giê-xu đi ngang qua, liền kêu lớn: “Lạy Chúa, Con Vua Đa-vít, xin thương xót chúng con!”
৩০তাতে বাটৰ কাষত দুজন অন্ধ বহি আছিল; যীচু সেই বাটেদি যোৱা শুনি সিহঁতে চিঞৰি চিঞৰি কবলৈ ধৰিলে, “হে দায়ুদৰ বংশৰ সন্তান আমাক দয়া কৰক”।
31 Đoàn dân quở hai người khiếm thị, bảo không được la lối om sòm, nhưng hai người lại kêu lớn hơn: “Lạy Chúa, Con Vua Đa-vít, xin thương xót chúng con!”
৩১কিন্তু সিহঁতক মনে মনে থাকিবলৈ লোক সকলে ডবিয়ালে; কিন্তু সিহঁতে তেতিয়া পুনৰ বৰকৈ চিঞৰিহে ক’লে, “হে প্ৰভু, দায়ুদৰ বংশৰ সন্তান, আমাক দয়া কৰক”।
32 Chúa Giê-xu dừng bước, cho gọi họ đến và hỏi: “Các anh muốn Ta giúp gì đây?”
৩২তেতিয়া যীচু থমকি ৰ’ল আৰু সিহঁতক মাতি সুধিলে, “তোমালোকে কি বিচাৰা? মই তোমালোকৰ কাৰণে কি কৰিম?”
33 Họ thưa: “Lạy Chúa, xin cho mắt chúng con được sáng!”
৩৩সিহঁতে যীচুক ক’লে, “হে প্ৰভু, আমাৰ চকু মুকলি কৰক।”
34 Chúa Giê-xu thương xót họ và sờ mắt hai người. Lập tức mắt họ được sáng, họ liền đi theo Chúa.
৩৪তেতিয়া সিহঁতলৈ মৰম লাগি যীচুৱে সিহঁতৰ চকু চুলে; তেতিয়াই সিহঁতে দেখা পালে আৰু তেওঁৰ পাছে পাছে গ’ল।