< Công Vụ Các Sứ đồ 27 >

1 Đến ngày ấn định, chúng tôi lên tàu qua Ý-đại-lợi. Phao-lô và mấy tù nhân khác được giao cho Đội trưởng Giu-lơ, thuộc trung đoàn Âu-gút trông coi.
পাছত যেতিয়া আমাৰ ইটালী দেশলৈ জাহাজেৰে যোৱাৰ কথা নিশ্চিত হ’ল, তেওঁলোকে পৌল আৰু অন্য কিছুমান কাৰাবন্দীক ৰাজাধিৰাজৰ সৈন্য দলৰ যুলিয় নামৰ এজন এশৰ সেনাপতিৰ হাতত শোধাই দিলে৷
2 Chúng tôi xuống tàu của thành A-đa-mi; tàu này sắp chạy và nghé qua các hải cảng Tiểu Á. Có A-ri-tạc người Ma-xê-đoan, quê ở Tê-sa-lô-ni-ca cùng đi với chúng tôi.
আদ্ৰামুত্তিয়ৰ পৰা আহি থকা এখন জাহাজত আমি উঠিলো৷ এই জাহাজ খন এচিয়া দেশৰ সমুদ্ৰ-পথৰ উপকূলৰ কাষে কাষে যাত্ৰা কৰাৰ কথা আছিল৷ তাতে আমাৰ লগত থিচলনীকী নগৰৰ মাকিদনিয়াৰ আৰিষ্টাৰ্খ আছিল৷
3 Hôm sau, chúng tôi đến cảng Si-đôn. Giu-lơ đối xử với Phao-lô rất tử tế, cho phép ông lên bờ thăm bạn hữu và được họ tiếp tế.
পাছদিনা আমি চীদোন নগৰৰ পাৰত নামিলো৷
4 Chúng tôi tiếp tục cuộc hành trình. Vì gió ngược tàu phải vòng lên hướng bắc đảo Síp đi giữa đảo và đất liền.
তাতে যুলিয়ই পৌলক দয়াৰে গণ্য কৰি বন্ধু-বান্ধৱ সকলৰ ওচৰলৈ গৈ প্ৰাণ জুৰাই আহিবলৈ দিলে৷ সেই ঠাইৰ পৰা আমি জলযাত্ৰা কৰি যাওঁতে সন্মুখত বতাহ পালোঁ, সেই বাবে কুপ্ৰ দ্ৱীপৰ কাষেদি যাবলৈ ললোঁ৷
5 Vượt qua hải phận Si-li-si và Bam-phi-ly, chúng tôi đến cảng My-ra thuộc xứ Ly-si.
পাছত কিলিকিয়াৰ আৰু পাম্ফুলিয়াৰ সন্মুখত থকা সাগৰ পাৰ হৈ, লুকিয়া দেশৰ ‘মুৰা নগৰ’ পালোঁ৷
6 Đội trưởng Giu-lơ tìm được một chiếc tàu từ A-léc-xan-ri-a đến, sắp đi Ý-đại-lợi, nên cho chúng tôi xuống tàu đó.
সেই ঠাইতে এশৰ সেনাপতিয়ে, ইটালী দেশলৈ যোৱা আলেকজেন্দ্ৰিয়া নগৰৰ এখন জাহাজ লগ পোৱাত, আমাক তাতে তুলি দিলে৷
7 Tàu phải chạy chậm và vất vả nhiều mới tới ngang thành Cơ-nít. Vì gió quá mạnh, chúng tôi phải chạy dọc theo bờ đảo Cơ-rết, đối ngang Sanh-môn.
এনেদৰে বহু দিন লাহে লাহে গৈ, কোনো প্ৰকাৰে ক্লীদৰ ওচৰ পালোঁ, তাতে বতাহে আমাক বাধা দিয়াত আগুৱাই যাব নোৱাৰি, ক্ৰীতী দ্ৱীপৰ সুৰক্ষিত এলেকাৰ কাষে কাষে চল্‌মোনীৰ সন্মুখেদি আহি,
8 Men theo bờ cách chật vật, chúng tôi đến My-ra, gần thành La-sê.
কোনো প্ৰকাৰে সুন্দৰ ঘুলি নামেৰে এখন ঠাই পালোঁ; এই ঠাইৰ ওচৰত লাচেয়া নগৰ আছিল৷
9 Chúng tôi dừng tại My-ra khá lâu. Thời tiết càng thêm bất lợi cho cuộc vượt biển, vì tiết thu phân đã qua, nên Phao-lô nêu ý kiến với các viên quan trên tàu.
এইদৰে বহু সময় নষ্ট হ’ল আৰু আমাৰ সমুদ্ৰ-যাত্ৰাও অতি বিপদজ্জনক হৈ উঠিছিল; ইয়াৰ উপৰি আমাৰ উপবাস পর্বৰ দিনো পাৰ হৈ গ’ল, সেয়েহে পৌলে তেওঁলোকক পৰামর্শ দিব ধৰিলে;
10 Ông nói: “Thưa các ông, tôi nhận thấy cuộc hải trình này rất nguy hiểm, không những chiếc tàu và hàng hóa bị thiệt hại mà cả sinh mạng chúng ta cũng lâm nguy!”
১০তেওঁ ক’লে যে, “হে লোকসকল, মই দেখিছোঁ যে এই যাত্ৰাত আমাৰ বিপদ আৰু বহু ক্ষতি হব; ইয়াত আমাৰ অকল সামগ্ৰী আৰু জাহাজৰে নহয়; আনকি আমাৰ প্ৰাণো সংকটত পৰিব৷”
11 Nhưng Đội trưởng Giu-lơ không quan tâm, chỉ nghe lời thuyền trưởng và chủ tàu thôi.
১১কিন্তু এশৰ সেনাপতিয়ে পৌলে কোৱা কথাতকৈ জাহাজৰ পথ নির্মাণ কৰা লোক জনৰ আৰু জাহাজৰ গৰাকীৰ কথাতহে বেছি গুৰুত্ৱ দিলে৷
12 Vì My-ra không thuận lợi cho tàu đậu mùa Đông, nên đa số đồng ý ra khơi và cố gắng đến Phê-nít tạm trú qua mùa Đông. Cảng này thuộc đảo Cơ-rết, nhìn ra hướng tây bắc và tây nam.
১২সেই বন্দৰটো শীতকালত থাকিবৰ বাবে বেছি সুবিধাজনক নোহোৱাত, দক্ষিণ-পশ্চিম আৰু উত্তৰ-পশ্চিম দিশে থকা ক্ৰীতীৰ ফৈনীক বন্দৰ যদি কোনো প্ৰকাৰে পাব পাৰে, তাতে শীত কালৰ সময়খিনি থাকিবৰ আশাৰে বেছি ভাগ নাবিকে তালৈ যাবলৈ ওলোৱা বিষয়টোত মত দিলে৷
13 Gió nam bắt đầu thổi nhẹ, thủy thủ tưởng gặp được ngày thuận gió, liền nhổ neo cho tàu chạy men theo bờ biển Cơ-rết.
১৩পাছত দক্ষিণৰ বতাহ অলপ বলিবলৈ ধৰাত, তেওঁলোকৰ অভিপ্ৰায় সিদ্ধ হোৱা বুলি ভাবি, জাহাজ মেলি ক্ৰীতীৰ ওচৰেদি যাবলৈ ধৰিলে৷
14 Nhưng thời tiết thình lình thay đổi, bão thổi mạnh hướng đông bắc,
১৪কিন্তু অলপ সময়ৰ পাছতে উৰাকুলো নামৰ বৰ ধুমুহা বতাহ দ্ৱীপটোৰ ইমূৰৰ পৰা সিমূৰলৈ বলিব ধৰিলে;
15 đẩy tàu ra khơi. Vì không thể đưa tàu vào bờ, họ để mặc cho tàu trôi theo chiều gió.
১৫তেতিয়া আমাৰ জাহাজ খন সেই ধুমুহাৰ মাজত সোমাই পৰিল৷ বাধা নেউচি আগবাঢ়িব নোৱাৰাত বতাহৰ গতিত চলি যাবৰ বাবে জাহাজ খনত পাল তৰি দিয়া হ’ল; তেতিয়া বতাহৰ বলতে জাহাজ খন চলি যাব ধৰিলে৷
16 Tàu trôi ngang đảo nhỏ Cơ-lô-đa, chúng tôi vào chỗ khuất gió. Chúng tôi phải chật vật lắm mới trục được chiếc thuyền cứu nạn kéo theo tàu.
১৬এনেদৰে আমি কৌদা নামেৰে এটা সৰু দ্ৱীপৰ আঁৰে আঁৰে গৈ থাকিলো; তাতে কোনো প্ৰকাৰে জাহাজৰ লগত থকা সৰু নাও খন তুলি লবলৈ সক্ষম হ’ল৷
17 Rồi, thủy thủ dùng dây thừng ràng đáy tàu lại cho chắc vì sợ tàu mắc cạn trên bãi cát nên họ hạ buồm xuống, rồi để mặc cho gió đưa tàu đi.
১৭তাৰ পাছত নাও খন তুলি লৈ, তাত থকা ৰছী ব্যৱহাৰ কৰি কোনো প্ৰকাৰেৰে জাহাজ খন তলেদি মেৰাই বান্ধিলে; কিন্তু চুর্ত্তি নামৰ বালিৰ বাধাটোত জাহাজ খন লাগিব বুলি ভাবি ভয় খালে আৰু পাল নমাই দি, আগবাঢ়ি যাব ধৰিলে৷
18 Qua ngày sau, cuồng phong càng thổi mạnh, họ bắt đầu ném hàng hóa xuống biển.
১৮তাতে ধুমুহাৰ প্ৰকোপ বাঢ়ি যোৱাত জাহাজ খন বেয়াকৈ ঢলং-পলং কৰিবলৈ ধৰাত, পাছদিনা তেওঁলোকে জাহাজ খনৰ পৰা কিছুমান সামগ্ৰী পেলাবলৈ ধৰিলে৷
19 Đến ngày kế tiếp, họ tự tay vất bỏ mọi dụng cụ hàng hải ra khỏi tàu.
১৯তিনি দিনৰ দিনা তেওঁলোকে নিজ হাতে জাহাজৰ সঁজুলিবোৰ পেলাই দিলে৷
20 Cuồng phong tiếp tục thổi, suốt nhiều ngày không nhìn thấy mặt trời, chúng tôi chẳng còn hy vọng thoát nạn.
২০ধুমুহাৰ প্ৰকোপ ক্ৰমে বাঢ়ি থকাত আৰু কেইবাদিনলৈ সূর্য, তৰাও নোলোৱাকৈ থকাত আমাৰ প্ৰাণৰক্ষাৰ সকলো আশা নোহোৱা হৈছিল৷
21 Thấy mọi người nhịn ăn đã lâu, Phao-lô bước ra khích lệ: “Thưa anh em, nếu anh em nghe tôi, đừng rời khỏi Cơ-rết, chắc chúng ta đã tránh được những thiệt hại mất mát này.
২১তাতে তেওঁলোকে কেইবাদিনো লঘোনে থকাত, পৌলে তেওঁলোকৰ মাজত থিয় হৈ ক’লে, “হে লোকসকল, আপোনালোকৰ এই বিপদ আৰু ক্ষতি নহলেহেতেন যদি মোৰ কথা শুনি ক্ৰীতীৰ পৰা জাহাজ এৰি নিদিলেহেঁতেন৷
22 Bây giờ anh em hãy can đảm lên! Không một ai trong chúng ta sẽ bị thiệt mạng, chỉ phải mất chiếc tàu này thôi.
২২কিন্তু এতিয়াও মই আপোনালোকক উৎসাহ দিওঁ, অাপোনালোকে সাহস কৰক; কিয়নো আপোনালোকৰ মাজৰ কোনো জীৱৰে প্ৰাণ হানি নহব, মাত্ৰ জাহাজ খনৰহে ক্ষতি হ’ব৷
23 Vì đêm qua, một thiên sứ của Đức Chúa Trời, là Đấng tôi thờ phượng và phục vụ, đến đứng bên cạnh,
২৩কিয়নো মই যি জন ঈশ্ৱৰৰ লোক আৰু যি জনৰ মই আৰাধনা কৰোঁ; তেওঁৰ দূতে যোৱাৰাতি মোৰ ওচৰত দেখা দিলে;
24 bảo tôi: ‘Phao-lô, đừng sợ! Vì con sẽ ra ứng hầu trước Sê-sa! Đức Chúa Trời cũng sẽ cứu mạng những bạn đồng hành với con.’
২৪আৰু থিয় হৈ ক’লে ‘হে পৌল, তুমি ভয় নকৰিবা৷ চীজাৰৰ আগত তুমি থিয় হ’ব লাগিব আৰু চোৱা, তোমাৰ লগত যোৱা সকলো মানুহক ঈশ্ৱৰে অনুগ্ৰহ কৰি তোমাক দিলে৷’
25 Vậy, anh em hãy can đảm! Tôi tin chắc Đức Chúa Trời sẽ thực hiện mọi điều Ngài hứa,
২৫এই কাৰণে, হে মোৰ প্রিয় সকল, আপোনালোকে সাহস কৰক; কিয়নো মোক যেনেকৈ ক’লে, তেনেকৈ নিশ্চয় ঘটিব৷ ঈশ্ৱৰত মোৰ এনে বিশ্বাস আছে৷
26 và chúng ta sẽ tấp vào một hòn đảo.”
২৬কিন্তু আমি কোনো এটা দ্ৱীপত উঠিব লাগিব৷”
27 Đêm thứ mười bốn, chúng tôi bị gió bão dồi dập trong vùng biển A-đơ-ria. Khoảng nửa đêm, thủy thủ tưởng đã đến gần bờ.
২৭এনেদৰে ধুমুহাৰ মাজত ইফাল-সিফাল কৰি আন্দ্ৰিয়া সমুদ্ৰত প্ৰায় চৌদ্ধ ৰাতি পাৰ হৈ যোৱাত, মাজনিশা জাহাজৰ খালাচী সকলে বামৰ ওচৰ পালেহি বুলি ভাবিলে৷
28 Họ thả dây dò, thấy sâu độ 37 mét. Ít lâu sau, chỉ còn 27 mét.
২৮তাতে তেওঁলোকে পানী জোখোতে প্ৰায় এক শ বিশ ফুট পালে আৰু অলপ সময়ৰ পাছত আকৌ জোখাত নব্বৈ ফুট পালে৷
29 Sợ tàu đâm vào bờ đá, họ hạ bốn chiếc neo sau lái xuống biển rồi cầu trời cho mau sáng.
২৯কোনো শিলাময় ঠাইত লাগিব বুলি ভয় কৰি, জাহাজৰ পাছফালে লঙ্গৰ পেলালে আৰু ৰাতিপুৱাবৰ বাবে প্ৰাৰ্থনাৰে বাট চাই থাকিল৷
30 Nhưng các thủy thủ định bỏ tàu trốn, lấy cớ đi thả neo đàng mũi tàu để hạ chiếc thuyền con xuống biển.
৩০নাৱৰীয়া সকলে জাহাজ খনৰ আগফালে লঙ্গৰ পেলোৱাৰ ছলেৰে সাগৰত নাও খন নমাই পলোৱাৰ উপায় কৰি থাকোতে,
31 Phao-lô bảo viên đội trưởng và quân lính: “Các ông không thể thoát nạn nếu những người kia rời tàu.”
৩১পৌলে এশৰ সেনাপতি আৰু সেনাবোৰক ক’লে, “যদিহে এইবোৰ মানুহ জাহাজত নাথাকে তেনেহলে আপোনালোকেও নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিব৷”
32 Quân lính liền cắt đứt dây, chiếc thuyền con rơi xuống biển.
৩২তেতিয়া পলাবলৈ খোজা লোকসকলে নাৱৰ লেজু কাতি তাক পানীত উটি যাবলৈ দিলে৷
33 Lúc trời gần sáng, Phao-lô khuyên mọi người: “Đã mười bốn ngày nay anh em không ăn gì cả.
৩৩পাছত ৰাতিপুৱাৰ সময়ত, পৌলে সকলোকে আহাৰ কৰিবলৈ অনুৰোধ কৰিলে৷ তেওঁ ক’লে, “আজি চৌদ্ধ দিন আপোনালোকে বাট চাই একো নোখোৱাকৈ অনাহাৰে আছে,
34 Bây giờ nên ăn để lấy sức. Dù một sợi tóc anh em cũng chẳng mất đâu!”
৩৪সেই বাবে আপোনালোকক মিনতি কৰিছোঁ, আপোনালোকে যেন অলপ আহাৰ গ্ৰহণ কৰে, কিয়নো সেয়ে আপোনালোকৰ জীয়াই থকাত উপকাৰ স্ৱৰূপ হব; কাৰণ আপোনালোকৰ কোনোজনৰে মূৰৰ এডাল চুলিও নষ্ট নহ’ব৷”
35 Phao-lô lấy bánh tạ ơn Đức Chúa Trời trước mặt mọi người rồi bẻ ra ăn.
৩৫ইয়াকে কৈ তেওঁ পিঠা লৈ, সকলোৰে আগত ঈশ্ৱৰৰ স্তুতি কৰি পিঠাটো ভাঙি ভোজন কৰিলে৷
36 Được khích lệ, mọi người đều ăn bánh.
৩৬তেতিয়া সকলোৱে উৎসাহিত হৈ নিজ নিজ আহাৰ গ্ৰহন কৰিলে৷
37 Có tất cả 276 người trong tàu.
৩৭জাহাজত আমি দুই শ ছয়সওৰ জন লোক আছিলোঁ৷
38 Ăn xong, họ ném hết lương thực xuống biển cho nhẹ tàu.
৩৮সকলোৱে আহাৰ কৰি তৃপ্ত হোৱাত, তেওঁলোকে জাহাজ খনৰ ওজন কমাবলৈ ঘেহুঁবোৰ সাগৰত দলিয়াই দিলে৷
39 Trời vừa sáng, họ thấy một cái vịnh có bãi cát, nhưng không biết thuộc hải phận nào. Bàn tính phương cách đưa tàu vào bãi xong,
৩৯পাছত যেতিয়া দিন হ’ল, তেতিয়াও তেওঁলোকে সেই অঞ্চল চিনি নাপালে, কিন্তু সমান তীৰেৰে এডোখৰ ঘুপীয়া ঠাই দেখি জাহাজ খন তাত সুমুৱাবলৈ চেষ্টা কৰিলে৷
40 họ cắt neo bỏ lại dưới biển, mở dây cột bánh lái rồi trương buồm mũi cho gió đưa tàu vào bờ.
৪০সেইবাবে লঙ্গৰবোৰ কাতি সাগৰত পেলাই দিলে আৰু একে সময়তে হালিৰ বান্ধ খুলি দি, বতাহত পাল তৰি সেই তীৰলৈ আগবাঢ়ি গ’ল৷
41 Tàu trôi vào bãi cát bị mắc cạn, mũi tàu cắm vào cát không xê dịch được, còn đằng lái bị sóng đánh dữ dội vỡ tan tành.
৪১কিন্তু জাহাজ খন আহি আহি দুখন সাগৰৰ সঙ্গম স্থলৰ এক অশান্ত অঞ্চলত সোমাই পৰিল; তাতে জাহাজৰ আগ অংশটো বালিত খুন্দা খোৱাত, জাহাজ খন নলৰাকৈ লাগি ধৰিল আৰু পাছ অংশটো ভাঙি যাব ধৰিলে৷
42 Quân lính đề nghị giết hết tù nhân, sợ có người bơi vào bờ trốn thoát.
৪২সেনা সকলে বন্দীবোৰ সাঁতুৰি পলায় বুলি ভাবি তেওঁলোকে সেই বন্দী সকলক বধ কৰাৰ আচনি কৰিছিল;
43 Vì muốn cứu Phao-lô, Đội trưởng Giu-lơ bác bỏ đề nghị ấy. Ông ra lệnh cho ai biết bơi cứ nhảy xuống nước, bơi vào bờ trước.
৪৩কিন্তু এশৰ সেনাপতিয়ে পৌলক ৰক্ষা কৰাৰ মনেৰে নিজে সেনা সকলৰ উদ্দেশ্যৰ পৰা তেওঁলোকক নিষেধ কৰি, এই আজ্ঞা দিলে যে, ‘যিবোৰে সাঁতুৰিব জানে, সেইবোৰে যেন আগেয়ে জাঁপ মাৰি সাঁতুৰি বামলৈ যাওক’;
44 Những người còn lại bám vào tấm ván hoặc mảnh tàu. Thế là mọi người đều vào bờ an toàn.
৪৪আৰু বাকিবোৰে জাহাজৰ কাঠৰ পাট বা আন কোনো জাহাজৰ বস্তুৰ সহায় লৈ পাছে পাছে যাবলৈ কোৱাত, আমি সকলোৱে বামত উঠি ৰক্ষা পালোঁ৷

< Công Vụ Các Sứ đồ 27 >