< II Các Vua 6 >
1 Ngày nọ, các môn đệ của tiên tri thưa với Ê-li-sê: “Thưa thầy, nhà chúng ta chật hẹp quá.
১এদিন শিষ্য ভাববাদীসকলে ইলীচাক ক’লে, “চাওঁক, যি ঠাইত আমি আপোনাৰ লগত থাকো সেই ঠাই আমাৰ সকলোৰে কাৰণে অতি সৰু।
2 Xin cho chúng con đến bên Sông Giô-đan đốn gỗ, cất tại đó một cái nhà để ở.” Ê-li-sê đồng ý.
২আপুনি অনুগ্রহ কৰি অনুমতি দিলে আমি যৰ্দ্দন নদীৰ কাষলৈ গৈ প্ৰতিজনে এডালকৈ গছ কাটি সেই ঠাইতে আমি থাকিবলৈ এডোখৰ ঠাই যুগুত কৰিম।” তাতে ইলীচাই ক’লে, “বাৰু, তোমালোক আগুৱাই যোৱা।”
3 Một môn đệ thưa: “Xin thầy cùng đi với chúng con.” Ông đáp: “Được, ta cùng đi.”
৩তেতিয়া এজন শিষ্য-ভাৱবাদীয়ে ক’লে, “আপুনিও আপোনাৰ দাসবোৰৰ লগত ব’লক।” ইলীচাই কলে, “ঠিক আছে, ময়ো যাম।”
4 Họ đến bên sông Giô-đan, bắt đầu đốn cây.
৪এইদৰে তেৱোঁ তেওঁলোকৰ লগত গ’ল। তেওঁলোকে যৰ্দ্দনৰ ওচৰলৈ গৈ গছ কাটিবলৈ ধৰিলে।
5 Đang đốn, lưỡi rìu của một người sút cán văng xuống nước. Người ấy kêu lên: “Thầy ơi! Rìu này con mượn của người ta!”
৫তেওঁলোকৰ মাজৰ এজনে যেতিয়া গছ কাটি আছিল, তেতিয়া তেওঁৰ কুঠাৰখন সুলকি গৈ পানীত পৰিল; তাতে তেওঁ চিঞঁৰ মাৰি ক’লে, “হায় হায়! হে প্ৰভু, মই এইখন আনৰ পৰা খুজি আনিছিলো!”
6 Người của Đức Chúa Trời hỏi: “Rơi chỗ nào?” Môn đệ chỉ nơi nó văng xuống. Ê-li-sê chặt một khúc gỗ, ném xuống nơi ấy, lưỡi rìu nổi lên.
৬তেতিয়া ঈশ্বৰৰ লোকে সুধিলে, “সেইখন ক’ত পৰিল?” সেই লোকে ঠাইডোখৰ দেখুৱাই দিয়াত ইলীচাই এডোখৰ কাঠ কাটি আনি পানীত পেলাই দিলে; তেতিয়া লোহা ডোখৰ পানীত ওপঙি উঠিল।
7 Ê-li-sê bảo: “Nhặt lên.” Môn đệ ấy với tay nắm lấy lưỡi rìu.
৭ইলীচাই তেওঁক ক’লে, “সেইটো তুলি লোৱা।” তাতে তেওঁ হাত মেলি তাক ল’লে।
8 Khi chiến tranh xảy ra giữa A-ram với Ít-ra-ên, vua A-ram bàn với các tướng: “Ta sẽ phục quân tại địa điểm này, địa điểm kia.”
৮সেই সময়ত অৰামৰ ৰজাই ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। তেওঁ নিজৰ দাসবোৰৰ সৈতে চর্চা কৰি ক’লে, “অমুক-তমুক ঠাইত মোৰ ছাউনি থাকিব।”
9 Nhưng lập tức người của Đức Chúa Trời liền sai người đến dặn vua Ít-ra-ên: “Đừng đi đến địa điểm ấy, vì có quân A-ram mai phục.”
৯তেতিয়া ঈশ্বৰৰ লোকে ইস্ৰায়েলৰ ৰজাক কৈ পঠালে বোলে, “সাৱধান, সেই ঠাইলৈ নাযাব; কাৰণ অৰামীয়াসকল সেই ঠাইলৈ নামি আহিছে।”
10 Vua Ít-ra-ên sai trinh sát đến nơi dò xét, quả đúng như lời người của Đức Chúa Trời. Tiên tri Ê-li-sê đã cứu mạng vua Ít-ra-ên nhiều lần như thế.
১০তেতিয়া ইস্ৰায়েলৰ ৰজাই ঈশ্বৰৰ লোকে তেওঁক সাৱধান কৰি দিয়া ঠাইডোখৰলৈ মানুহ পঠাই নিজক ৰক্ষা কৰিলে। এইদৰে ইলীচাই কৰা সতর্কতাত ৰজা বাৰে বাৰে ৰক্ষা পৰে।
11 Vua A-ram thắc mắc lắm, gọi các tướng đến, hỏi: “Ai đã tiết lộ cho vua Ít-ra-ên biết?”
১১এই হেতুকে অৰামৰ ৰজাৰ বৰকৈ খং উঠিল। সেয়ে তেওঁ নিজৰ দাসবোৰক মাতি ক’লে, “আমাৰ মাজৰ কোন মানুহ ইস্ৰায়েলৰ ৰজাৰ পক্ষত আছে, তাক তোমালোকে মোক নোকোৱানে?”
12 Một tướng đáp: “Không ai trong chúng tôi cả. Chỉ có Ê-li-sê, là tiên tri Ít-ra-ên, cho vua ấy biết, ngay cả những điều vua nói riêng trong phòng ngủ mình!”
১২তাতে দাসবোৰৰ মাজৰ এজনে ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, আমাৰ মাজত কোনো নাই; কিন্তু আপুনি শোৱা কোঠালিত যি সকলো কথা কয়, সেই কথা পর্যন্ত ইস্ৰায়েলৰ ভাববাদী ইলীচাই ইস্ৰায়েলৰ ৰজাক জনায়!”
13 Vua A-ram ra lệnh: “Đi tìm xem người ấy ở đâu để ta cho quân đến bắt.” Khi nhận được tin Ê-li-sê đang ở Đô-than,
১৩ৰজাই ক’লে, “তোমালোকে গৈ তেওঁ ক’ত থাকে, তাক চাই আহাঁ; মই মানুহ পঠাই তেওঁক ধৰি আনিম।” পাছত তেওঁক জনোৱা হ’ল যে, “তেওঁ দোথানত আছে।”
14 vua sai một đạo quân hùng hậu ra đi, đem theo nhiều xe và ngựa. Đạo quân đến Đô-than vào lúc trời tối và bao vây thành.
১৪তেতিয়া ৰজাই ঘোঁৰা, ৰথ আৰু এক বহু সৈন্যৰ দল দোথানলৈ পঠাই দিলে; তেওঁলোকে ৰাতিয়েই গৈ নগৰখন ঘেৰি ধৰিলে।
15 Sáng hôm sau, người đầy tớ của Đức Chúa Trời thức dậy sớm, đi ra thấy quân lính, ngựa, xe vây chặt quanh thành. Đầy tớ này vội quay về, cuống cuồng: “Thầy ơi! Chúng ta làm sao đây?”
১৫পিছদিনা ঈশ্বৰৰ লোকৰ দাসে ৰাতিপুৱা উঠি যেতিয়া বাহিৰলৈ ওলাই গৈছিল, তেতিয়া তেওঁ ৰথ আৰু ঘোঁৰাবোৰেৰে সৈতে এদল সৈন্যই নগৰখন ঘেৰি থকা দেখা পালে; দাসজনে তেওঁক ক’লে, “হায়, মোৰ প্ৰভু! আমি কি কৰিম?”
16 Ê-li-sê ôn tồn bảo: “Con đừng sợ. Lực lượng bên ta đông hơn bên chúng.”
১৬ইলীচাই ক’লে, “ভয় নকৰিবা; কিয়নো আমাৰ লগত থকাসকল তেওঁলোকৰ লগত থকাসকলতকৈ অধিক।”
17 Nói xong, Ê-li-sê cầu nguyện: “Lạy Chúa xin mở mắt cho nó thấy.” Chúa mở mắt cho người thanh niên và anh thấy vô số ngựa và xe bằng lửa vây quanh Ê-li-sê.
১৭তাৰ পাছত ইলীচাই এই প্ৰাৰ্থনা কৰিলে, “হে যিহোৱা, মই নিবেদন কৰোঁ, এই দাসে যেন দেখা পায়, আপুনি তেওঁৰ চকু মুকলি কৰি দিব।” যিহোৱাই সেই দাসৰ চকু মুকলি কৰি দিলে। তাতে তেওঁ দেখা পালে যে, ইলীচাৰ চাৰিওফালে পাহাৰখন অগ্নিময় ঘোঁৰা আৰু ৰথেৰে ভৰি আছে!
18 Khi ấy, Ê-li-sê cầu nguyện: “Lạy Chúa Hằng Hữu, xin làm cho họ mù.” Chúa Hằng Hữu nhậm lời.
১৮পাছত অৰামীয়াসকল যেতিয়া ইলীচাৰ ওচৰলৈ নামি আহিছিল, তেতিয়া তেওঁ যিহোৱাৰ আগত এই প্ৰাৰ্থনা কৰিলে, “মই নিবেদন কৰোঁ, আপুনি এই লোকসকলক অন্ধ কৰি দিয়ক।” তাতে ইলীচাৰ প্রার্থনা অনুসাৰে যিহোৱাই তেওঁলোকক অন্ধ কৰিলে।
19 Ê-li-sê nói với quân A-ram: “Đây không phải là đường các ông muốn đi, thành các ông muốn đến. Cứ theo tôi, tôi sẽ dẫn các ông đến người các ông tìm.” Và ông dẫn họ đến Sa-ma-ri.
১৯পাছত ইলীচাই অৰামীয়াসকলক ক’লে, “এইটো সেই বাট নহয় আৰু সেই নগৰো নহয়। আপোনালোক মোৰ পাছে পাছে আহঁক, আপোনালোকে যাক বিচাৰিছে, মই সেই মানুহৰ ওচৰলৈ আপোনালোকক লৈ যাম।” এইবুলি তেওঁ তেওঁলোকক চমৰিয়ালৈ লৈ গ’ল।
20 Khi họ vào trong thành rồi, Ê-li-sê cầu nguyện: “Lạy Chúa Hằng Hữu, bây giờ xin mở mắt cho họ thấy.” Chúa Hằng Hữu nhậm lời ông. Họ mở mắt ra, thấy đang ở giữa Sa-ma-ri.
২০চমৰিয়া আহি পোৱাৰ পাছত ইলীচাই ক’লে, “হে যিহোৱা, এই লোকসকলৰ চকু মুকলি কৰি দিয়ক যেন তেওঁলোকে দেখা পায়।” তেতিয়া যিহোৱাই তেওঁলোকৰ চকু মুকলি কৰি দিয়াত তেওঁলোকে দেখা পালে; তাতে তেওঁলোকে দেখিলে যে, তেওঁলোক চমৰীয়াৰ মাজত আছে।
21 Thấy vậy, vua Ít-ra-ên hỏi Ê-li-sê: “Thưa cha, có nên đánh giết họ không?”
২১অৰামীয়াসকলক দেখা পাই ইস্ৰায়েলৰ ৰজাই ইলীচাক সুধিলে, “হে মোৰ পিতৃ, মই তেওঁলোকক বধ কৰিম নে? মই মাৰিম নে?”
22 Tiên tri đáp: “Không. Khi bắt được tù binh vua có giết không? Hãy dọn bánh cho họ ăn, nước cho họ uống, rồi tha họ về.”
২২ইলীচাই উত্তৰ দিলে, “আপুনি তেওঁলোকক বধ নকৰিব। আপুনি আপোনাৰ তৰোৱাল আৰু ধনুৰে যিসকলক বন্দী কৰি আনিলে, সেই লোকসকলক জানো আপুনি বধ কৰিব? তেওঁলোকৰ আগত পিঠা আৰু পানী দিয়ক, যাতে তেওঁলোকে খাই বৈ তেওঁলোকৰ প্ৰভুৰ ওচৰলৈ ঘূৰি যাব পাৰে।”
23 Vua Ít-ra-ên mở tiệc đãi họ, và khi ăn uống xong, họ được thả về với vua A-ram. Từ đó, quân A-ram không còn quấy nhiễu đất Ít-ra-ên như trước nữa.
২৩তেতিয়া ৰজাই তেওঁলোকৰ বাবে বৰ ভোজৰ আয়োজন কৰিলে; তেওঁলোকে খোৱা-বোৱা শেষ কৰাৰ পাছত ৰজাই তেওঁলোকক বিদায় দিয়াত তেওঁলোক তেওঁলোকৰ প্ৰভুৰ ওচৰলৈ উলটি গ’ল। পাছত অৰামীয়াৰ সেই সৈন্যদল বহুদিন ধৰি ইস্ৰায়েল দেশলৈ পুনৰ অহা নাছিল।
24 Tuy nhiên về sau, Vua Bên Ha-đát, nước A-ram, động viên toàn lực, kéo lên vây Sa-ma-ri.
২৪ইয়াৰ কিছু কালৰ পাছত অৰামৰ ৰজা বিন-হদদে নিজৰ সকলো সৈন্যসামন্তক একগোট কৰি চমৰিয়া নগৰ অৱৰোধ কৰি আক্রমণ কৰিবলৈ আহিল।
25 Thành Sa-ma-ri bị nạn đói trầm trọng, đến cả một cái đầu lừa cũng bán được tám mươi miếng bạc, chừng 0,3 lít phân bồ câu bán năm miếng bạc.
২৫সেয়ে চমৰিয়াত ভীষণ আকাল হ’ল; তেওঁলোকে নগৰখন এনেকৈ অৱৰোধ কৰি ৰাখিছিল যে খাবলৈ শেষত এটা গাধৰ মূৰ পর্যন্ত আশীটা ৰূপৰ মুদ্রাত আৰু এনেকি এক ‘কাব’ জোখৰ কপৌৰ বিষ্ঠাও পাঁচটা ৰূপৰ মুদ্রাত বিক্রী হৈছিল।
26 Một hôm, khi vua Ít-ra-ên đang đi thị sát trên thành, có một người đàn bà kêu lên: “Cứu tôi với, vua ơi!”
২৬ইস্ৰায়েলৰ ৰজাই এদিন নগৰৰ দেৱালৰ ওপৰেদি অহা-যোৱা কৰি আছিল; এনে সময়তে এগৰাকী মহিলাই তেওঁক চিঞঁৰি চিঞঁৰি ক’লে, “সহায় কৰক, হে মোৰ প্ৰভু, মহাৰাজ।”
27 Vua hỏi: “Nếu Chúa Hằng Hữu không cứu, ta cứu sao được? Vì ta đâu còn đập lúa, ép nho để có mà giúp chị?”
২৭ৰজাই ক’লে, “যিহোৱাই যদি সহায় নকৰে, তেন্তে মই ক’ৰ পৰা তোমাক সহায় কৰিব পাৰোঁ? মৰণা মৰা খলাৰ পৰা নে দ্ৰাক্ষাকুণ্ডৰ পৰা?”
28 Vua tiếp: “Chị có việc gì đó?” Người đàn bà thưa: “Chị này đề nghị ăn thịt con tôi ngày trước, qua ngày sau sẽ ăn thịt con chị ta.
২৮ৰজাই তাইক পুনৰ সুধিলে, “তোমাৰ কি সমস্যা?” তাই উত্তৰ দিলে, “এই মহিলাই কৈছিল, ‘আজি আমি খাবলৈ তোমাৰ ল’ৰাটোক দিয়া; অহাকালি আমি মোৰ ল’ৰাটোক খাম।’”
29 Chúng tôi đã nấu thịt con tôi ăn rồi; qua ngày sau tôi đòi ăn con chị, nhưng chị ấy đem giấu biệt.”
২৯সেইদৰেই আমি মোৰ ল’ৰাটোক সিজাই খালোঁ; পাছদিনা মই তাইক ক’লোঁ, “তোমাৰ ল’ৰাটোক দিয়া আৰু আমি তাক খাওঁ; কিন্তু, তাই নিজৰ ল’ৰাটোক লুকুৱাই ৰাখিলে।”
30 Nghe xong, vua xé áo mình. Vì vua đang đứng trên thành, nên mọi người thấy vua có mặc vải bố bên trong.
৩০মহিলাগৰাকীৰ এই কথা শুনি ৰজাই নিজৰ কাপোৰ ফালিলে; তেওঁ তেতিয়াও দেৱালৰ ওপৰতে ফুৰি আছিল। তাতে লোকসকলে চাই দেখিলে যে নিজৰ পিন্ধা কাপোৰৰ তলত ৰজাই চট কাপোৰ পিন্ধি আছে।
31 Vua thề: “Xin Đức Chúa Trời trừng phạt ta nếu ta không chém đầu Ê-li-sê hôm nay.”
৩১পাছত তেওঁ ক’লে, “আজি চাফটৰ পুতেক ইলীচাৰ মূৰ যদি তেওঁৰ কান্ধৰ ওপৰত থাকে, তেন্তে ঈশ্বৰে যেন মোক দণ্ড দিয়ে, আৰু সেয়া অধিকৰূপেই দিয়ক।”
32 Đang lúc Ê-li-sê ngồi trong nhà với các trưởng lão, vua sai người đến tìm ông. Trước khi sứ giả đến nơi, Ê-li-sê nói với các trưởng lão: “Con của tên sát nhân sai người đến chém đầu tôi. Khi người ấy đến, chúng ta đóng cửa lại, đừng cho vào, vì có tiếng chân chủ người ấy đi theo sau.”
৩২ইলীচা সেই সময়ত নিজৰ ঘৰত বহি আছিল আৰু তেওঁৰ লগত বৃদ্ধ নেতাসকলো আছিল। ৰজাই এজন মানুহক ইলীচাৰ ওচৰলৈ পঠালে। কিন্তু মানুহজন যেতিয়া ইলীচাৰ ওচৰলৈ আহিছিল, তেওঁ বৃদ্ধ লোকসকলক ক’লে, ‘আপোনালোকে দেখা নাইনে কেনেকৈ সেই নৰবধীৰ পুতেকে মোৰ মূৰ নিবলৈ এজন লোকক পঠাইছে? শুনক, মানুহজন যেতিয়া আহিব, আপোনালোকে দুৱাৰখন বন্ধ কৰি দিব আৰু তেওঁৰ বিৰুদ্ধে দুৱাৰখন বন্ধ কৰি ধৰি ৰাখিব; তেওঁৰ পাছে পাছে জানো তেওঁৰ প্ৰভুৰ ভৰিৰ শব্দও নহয়?
33 Khi ông còn đang nói, sứ giả đến, vua cũng đến và than trách: “Chúa Hằng Hữu đã giáng họa này. Ta còn trông đợi Chúa Hằng Hữu làm chi!”
৩৩ইলীচাই তেওঁলোকৰ সৈতে কথা কৈ থাকোতেই, সেই মানুহজন তেওঁৰ ওচৰলৈ নামি আহিল। পাছত ৰজাই আহি ক’লে, “চাওঁক, এই বিপদ যিহোৱাৰ পৰা আহিছে। তেন্তে যিহোৱাৰ কাৰণে মই আৰু কিয় বাট চাই থাকিম?”