< II Các Vua 13 >
1 Con của Giê-hu là Giô-a-cha lên ngôi làm vua Ít-ra-ên vào năm thứ hai mươi ba đời Giô-ách, con A-cha-xia, vua Giu-đa. Giô-a-cha làm vua được mười bảy năm tại Sa-ma-ri.
১যিহূদাৰ ৰজা অহজিয়াৰ পুত্ৰ যোৱাচৰ ৰাজত্বৰ তেইশ বছৰৰ সময়ত যেহূৰ পুত্ৰ যিহোৱাহজ চমৰিয়াত ইস্ৰায়েলৰ ৰজা হ’ল। তেওঁ সোঁতৰ বছৰ ৰাজত্ব কৰিছিল।
2 Vua làm điều ác trước mặt Chúa Hằng Hữu, theo đường tội lỗi của Giê-rô-bô-am, con Nê-bát, lôi kéo Ít-ra-ên phạm tội. Vua không hề từ bỏ tội lỗi mình.
২যিহোৱাৰ দৃষ্টিত যি বেয়া তেওঁ তাকেই কৰিছিল আৰু নবাটৰ পুতেক যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিসকলো পাপ কার্য কৰাইছিল, তেওঁ তাকেই কৰিছিল; তাৰ পৰা তেওঁ আঁতৰি অহা নাছিল।
3 Vì thế, Chúa Hằng Hữu rất giận Ít-ra-ên. Ngài để cho Ha-xa-ên, vua A-ram và Bên Ha-đát, con Ha-xa-ên liên tục đánh phá Ít-ra-ên.
৩সেয়ে, ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ অৰামৰ ৰজা হজায়েল আৰু তেওঁৰ পুত্ৰ বিন-হদদৰ হাতত বাৰে বাৰে তেওঁলোকক শোধাই দিছিল।
4 Nhưng đến khi Giô-a-cha cầu cứu Chúa Hằng Hữu, Ngài nhậm lời vua, vì Ngài thấy cảnh vua A-ram áp bức Ít-ra-ên.
৪পাছত যিহোৱাহজে যিহোৱাৰ ওচৰত মিনতি কৰিলে আৰু যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলে, কাৰণ অৰামৰ ৰজাই ইস্ৰায়েলৰ ওপৰত যি উপদ্ৰৱ কৰিছিল তাক যিহোৱাই চাই আছিল।
5 Chúa Hằng Hữu đã dấy lên một người giải thoát Ít-ra-ên khỏi quyền lực A-ram, và họ lại được sống an hòa như xưa.
৫তেতিয়া যিহোৱাই ইস্ৰায়েলক এজন উদ্ধাৰকর্তা দিলে। তাতে ইস্রায়েলীয়াসকল অৰামীয়াসকলৰ হাতৰ পৰা মুক্ত হ’ল আৰু তেওঁলোকে পূৰ্বৰ দৰে নিজ নিজ গৃহত শান্তিৰে বাস কৰিবলৈ ধৰিলে।
6 Nhưng rồi, họ lại tiếp tục phạm tội, không từ bỏ đường lối của Giê-rô-bô-am, người đã lôi kéo Ít-ra-ên phạm tội. Họ vẫn thờ cúng thần A-sê-ra tại Sa-ma-ri.
৬তথাপিও যাৰবিয়ামে যিবোৰ পাপৰ দ্বাৰাই ইস্ৰায়েলক পাপ কৰাইছিল, তেওঁলোকে সেই সকলো পাপ কার্য কৰিয়েই থাকিল। আচেৰা মুৰ্ত্তিটো তেতিয়াও চমৰিয়াতে আছিল।
7 Lúc ấy, quân của Giô-a-cha chỉ còn có 50 kỵ binh, 10 chiến xa, và 10.000 bộ binh, vì phần lớn đã bị vua A-ram tiêu diệt như cám trong sân đập lúa.
৭পঞ্চাশ জন অশ্বাৰোহী, দহখন ৰথ আৰু দহ হাজাৰ পদাতিক সৈন্যৰ বাহিৰে যিহোৱাহজৰ আন কোনো সৈন্য নাথাকিল; কাৰণ অৰামৰ ৰজাই বাকী সকলোকে বিনষ্ট কৰিলে। তেওঁলোকক মৰণা মৰা খলাৰ ধূলিৰ দৰে কৰিলে।
8 Các việc khác của Giô-a-cha và thế lực vua đều được chép trong Sách Lịch Sử Các Vua Ít-ra-ên.
৮যিহোৱাহজৰ অন্যান্য সকলো কর্ম আৰু পৰাক্রমৰ বৃত্তান্ত, “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
9 Giô-a-cha an giấc với tổ tiên, được chôn tại Sa-ma-ri. Con vua là Giô-ách lên kế vị.
৯পাছত যিহোৱাহজ তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে তেওঁক চমৰিয়াত মৈদাম দিলে। তেওঁৰ পুত্ৰ যোৱাচ তেওঁৰ পদত ৰজা হ’ল।
10 Con của Giô-a-cha là Giô-ách lên ngôi làm vua Ít-ra-ên vào năm thứ ba mươi bảy đời Giô-ách vua Giu-đa, và cai trị mười sáu năm tại Sa-ma-ri.
১০যিহূদাৰ ৰজা যোৱাচৰ ৰজাৰ ৰাজত্বৰ সাতত্ৰিশ বছৰৰ সময়ত যিহোৱাহজৰ পুত্ৰ যিহোৱাচ চমৰিয়াত ইস্ৰায়েলৰ ৰজা হ’ল। তেওঁ ষোল্ল বছৰ ৰাজত্ব কৰিছিল।
11 Vua làm điều ác trước mặt Chúa Hằng Hữu, không từ bỏ tội của Giê-rô-bô-am, con Nê-bát, lôi kéo Ít-ra-ên phạm tội, nhưng cứ một mực theo đường lối ấy.
১১তেওঁ যিহোৱাৰ দৃষ্টিত যি বেয়া তাকেই কৰিছিল আৰু নবাটৰ পুতেক যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যি সকলো পাপ কার্য কৰাইছিল, তেওঁ তাকেই কৰিছিল; তাৰ পৰা তেওঁ আঁতৰি অহা নাছিল।
12 Các việc khác của Giô-ách, cùng các trận chiến với A-ma-xia, vua Giu-đa, đều được chép trong Sách Lịch Sử Các Vua Ít-ra-ên.
১২যোৱাচৰ অন্যান্য সকলো কর্ম আৰু যি পৰাক্রমেৰে তেওঁ যিহূদাৰ ৰজা অমচিয়াৰ সৈতে যুদ্ধ কৰিছিল, সেই সকলো বৃত্তান্ত “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
13 Giô-ách an giấc với tổ tiên, được chôn tại Sa-ma-ri cùng với các vua Ít-ra-ên khác. Con Giô-ách là Giê-rô-bô-am II, lên ngôi kế vị.
১৩পাছত যোৱাচ তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু যাৰবিয়াম তেওঁৰ সিংহাসনত বহিল; যোৱাচক ইস্ৰায়েলৰ ৰজাসকলৰ লগত চমৰিয়াত মৈদাম দিয়া হ’ল।
14 Ê-li-sê mắc bệnh nặng và qua đời. Trước khi Ê-li-sê qua đời, Giô-ách, vua Ít-ra-ên có đến thăm. Nhìn vị tiên tri, vua khóc lóc thở than: “Cha ơi! Cha! Xe và kỵ binh của Ít-ra-ên!”
১৪পাছত ইলীচা অসুস্থ হৈ পৰিল আৰু সেই অসুখতেই তেওঁৰ মৃত্যু হৈছিল। ইস্রায়েলৰ ৰজা যিহোৱাচ তেওঁৰ ওচৰলৈ গৈ কান্দি কান্দি ক’লে, “হে মোৰ পিতৃ, হে মোৰ পিতৃ, ইস্ৰায়েলৰ ৰথ আৰু অশ্বাৰোহীসকলে আপোনাক লৈ যাব!”
15 Ê-li-sê bảo Giô-ách: “Lấy cung và tên.” Giô-ách vâng lời.
১৫তেতিয়া ইলীচাই তেওঁক ক’লে, “আপুনি মোৰ বাবে এখন ধনু আৰু কিছুমান কাঁড় লৈ আহঁক।” ৰজাই তেতিয়া এখন ধনু আৰু কিছুমান কাঁড় আনিলে।
16 Tiên tri tiếp: “Mở cửa sổ phía đông.” Vua làm theo. Tiên tri bảo vua giương cung. Giô-ách giương cung. Tiên tri đặt tay mình trên tay vua.
১৬তাৰ পাছত ইলীচাই ইস্ৰায়েলৰ ৰজাক ক’লে, “আপোনাৰ হাত ধনুত ৰাখক।” তেতিয়া ৰজাই ধনুখনৰ ওপৰত হাত ৰাখিলে। ইলীচাই নিজৰ হাত ৰজাৰ হাতৰ ওপৰত থলে।
17 Ê-li-sê ra lệnh: “Bắn.” Giô-ách bắn tên đi. Tiên tri nói: “Đó là mũi tên của Chúa Hằng Hữu, tức mũi tên sẽ chiến thắng quân A-ram. Vì vua sẽ đánh tan lực lượng A-ram tại A-phéc.”
১৭ইলীচাই ক’লে, “পূব ফালৰ খিড়িকিখন খুলি দিয়ক।” তাতে ৰজাই তাক খুলি দিলে। তাৰ পাছত ইলীচাই ক’লে, “কাঁড় মাৰি দিয়ক!” ৰজাই সেইদৰে কাঁড় মাৰি দিলে। তেতিয়া ইলীচাই ক’লে, “এইয়া যিহোৱাৰ জয়লাভৰ কাঁড়, অৰামৰ ওপৰত জয়লাভৰ কাঁড়; আপুনি অফেকাত অৰামীয়াসকলক সমূলে ধ্বংস নকৰালৈকে আক্রমণ কৰিব।”
18 Tiên tri lại bảo: “Cầm cây tên đập xuống đất.” Vua lấy cây tên đập xuống đất ba lần.
১৮তেওঁ পুনৰ ক’লে, “আপুনি কাঁড়বোৰ লওঁক।” ৰজাই সেইবোৰ লোৱাৰ পাছত ইলীচাই ইস্রায়েলৰ ৰজাক ক’লে, “সেইবোৰেৰে মাটিত আঘাত কৰক।” তাতে ৰজাই মাটিত তিনিবাৰ আঘাত কৰিলে।
19 Người của Đức Chúa Trời nổi giận, nói: “Đáng lẽ vua phải đập năm sáu lần, như thế vua mới đánh quân A-ram tiêu tan được. Nhưng thế này vua chỉ thắng họ ba trận thôi.”
১৯তেতিয়া ঈশ্বৰৰ লোকে তেওঁৰ ওপৰত ক্রুদ্ধ হৈ ক’লে, “পাঁচ-ছয়বাৰ মাটিত আঘাত কৰা আপোনাৰ উচিত আছিল। সেয়ে হোৱা হলে, আপুনি অৰামীয়াসকলক সমূলে ধ্বংস নোহোৱালৈকে আক্রমণ কৰি থাকিব পাৰিলেহেঁতেন। কিন্তু এতিয়া আপুনি কেৱল তিনিবাৰ তেওঁলোকক আক্রমণ কৰিব পাৰিব।
20 Ê-li-sê qua đời và được an táng. Trong thời ấy, quân cướp Mô-áp thường đến cướp phá vào mùa xuân.
২০পাছত ইলীচাৰ মৃত্যু হ’ল আৰু তেওঁক মৈদাম দিয়া হ’ল। বছৰৰ আৰম্ভণিতে মোৱাবীয়া দলবোৰ ইস্ৰায়েল দেশত সোমাল।
21 Một hôm, người ta đang đi chôn một người chết, thấy quân cướp đến, họ vội quẳng xác vào mồ Ê-li-sê. Xác vừa đụng xương Ê-li-sê, liền vùng sống lại và đứng lên.
২১এবাৰ ইস্রায়েলীয়াসকলে যেতিয়া এজন মানুহক মৈদাম দি আছিল, তেতিয়া হঠাৎ এদল মোৱাবীয়া মানুহ দেখি তেওঁৰ শৱটো ইলীচাৰ মৈদামৰ ভিতৰত পেলাই দিলে; তাতে সেই শৱে ইলীচাৰ অস্থি স্পৰ্শ কৰা মাত্ৰে জী উঠি নিজৰ ভৰিত ভৰ দি থিয় হ’ল।
22 Suốt thời gian Giô-a-cha cai trị, Vua Ha-xa-ên, nước A-ram, áp bức người Ít-ra-ên.
২২যিহোৱাহজৰ গোটেই ৰাজত্ব কালত অৰামৰ ৰজা হজায়েলে ইস্ৰায়েলক উপদ্ৰৱ কৰিছিল।
23 Nhưng Chúa Hằng Hữu vẫn làm ơn cho họ. Vì lòng thương xót và vì giao ước Ngài đã kết với Áp-ra-ham, Y-sác, và Gia-cốp, Ngài vẫn không từ bỏ họ và không để họ bị tiêu diệt.
২৩কিন্তু যিহোৱাই অব্ৰাহাম, ইচহাক আৰু যাকোবে সৈতে কৰা নিয়মৰ কাৰণে, তেওঁ ইস্ৰায়েলৰ ওপৰত অনুগ্ৰহ আৰু দয়া কৰিলে; তেওঁলোকলৈ মনোযোগ দিলে। সেয়ে যিহোৱাই তেওঁলোকক বিনষ্ট কৰা নাছিল আৰু এতিয়াও তেওঁলোকক নিজৰ উপস্থিতিৰ পৰা দূৰ কৰা নাই।
24 Khi Vua Ha-xa-ên, nước A-ram chết, Bên Ha-đát, con Ha-xa-ên lên kế vị.
২৪অৰামৰ ৰজা হজায়েলৰ মৃত্যু হ’ল আৰু তেওঁৰ পুত্ৰ বিন-হদদ তেওঁৰ পদত ৰজা হ’ল।
25 Giô-ách đem quân đánh Bên Ha-đát, con trai Ha-xa-ên, thắng ba trận lớn, chiếm lại các thành Bên Ha-đát đã chiếm của Ít-ra-ên dưới triều Vua Giô-a-cha cha mình.
২৫যিহোৱাহজৰ পুত্র যিহোৱাচে সেই সকলো নগৰবোৰ পুনৰায় অধিকাৰ কৰিলে, যিবোৰ নগৰ হজায়েলৰ পুত্র বিন-হদদে তেওঁৰ পিতৃ যিহোৱাহজৰ পৰা যুদ্ধত জয় কৰি লৈছিল। যিহোৱাচে তিনিবাৰ বিন-হদদক আক্ৰমণ কৰি ইস্ৰায়েলৰ সেই নগৰবোৰ পুনৰায় উদ্ধাৰ কৰিলে।