< II Sử Ký 1 >
1 Sa-lô-môn, con trai Đa-vít, được vững trên ngôi nước, vì Chúa Hằng Hữu, Đức Chúa Trời của vua, ở với vua và cho vua rất cường thịnh.
১দায়ুদৰ পুত্ৰ চলোমনে তেওঁৰ ৰাজ্যত নিজকে বলৱান কৰিলে; আৰু তেওঁৰ ঈশ্বৰ যিহোৱাই তেওঁৰ লগত থাকি, তেওঁক অতিশয় প্ৰভাৱশালী কৰিলে।
2 Vua triệu tập tất cả lãnh đạo của Ít-ra-ên—các cấp chỉ huy nghìn người và trăm người, các phán quan, nhà lãnh đạo trong dân, và các trưởng tộc.
২পাছত চলোমনে গোটেই ইস্ৰায়েলৰ সহস্ৰপতি, শতপতি, বিচাৰকৰ্তাসকলক আৰু সমূহ ইস্ৰায়েলৰ মাজত থকা প্ৰতিজন মূখ্যলোকৰ সৈতে কথা ক’লে।
3 Sau đó vua hướng dẫn tất cả lên đồi cao tại Ga-ba-ôn, nơi Đền Tạm của Đức Chúa Trời. (Đây là nơi mà Môi-se, đầy tớ Chúa đã dựng trong hoang mạc.)
৩পাছত চলোমন আৰু তেওঁৰ লগত থকা গোটেই সমাজ গিবিয়োনৰ ওখ ঠাইখনলৈ গ’ল; কিয়নো যিহোৱাৰ দাস মোচিয়ে মৰুপ্ৰান্তত নিৰ্ম্মাণ কৰা ঈশ্বৰীয় সাক্ষাৎ কৰা তম্বু সেই ঠাইতে আছিল।
4 Vua Đa-vít đã dời Hòm Giao Ước của Đức Chúa Trời từ Ki-ri-át Giê-a-rim về Giê-ru-sa-lem, đặt trong chiếc lều vua đã dựng tại Giê-ru-sa-lem.
৪কিন্তু দায়ুদে কিৰিয়ৎ-যিয়াৰীমৰ পৰা যিহোৱাৰ সেই নিয়ম-চন্দুক সেই ঠাইলৈ আনিছিল যি ঠাই তাৰ বাবে যুগুত কৰি থোৱা হৈছিল, কিয়নো তেওঁ তাৰ কাৰণে যিৰূচালেমত এটা তম্বু তৰি ৰাখিছিল।
5 Trước Đền Tạm có bàn thờ đồng mà Bê-sa-lê, con U-ri, cháu Hu-rơ đã làm. Sa-lô-môn và toàn dân đều đến đó để cầu hỏi Chúa Hằng Hữu.
৫আৰু হূৰৰ নাতিয়েক ঊৰীৰ পুত্ৰ বচলেলে নিৰ্ম্মাণ কৰা পিতলৰ যজ্ঞবেদীটো গিবিয়োনত যিহোৱাৰ আবাসৰ আগত আছিল; তাৰ ওচৰলৈকে চলোমন আৰু সমাজে সঘনে কথা সুধিবলৈ যায়।
6 Sa-lô-môn đến bàn thờ đồng tại Đền Tạm, dâng 1.000 lễ thiêu lên Chúa Hằng Hữu.
৬পাছত চলোমনে তালৈ উঠি গৈ, সাক্ষাৎ কৰা তম্বুৰ ওচৰত থকা পিতলৰ যজ্ঞবেদীটোৰ ওপৰত যিহোৱাৰ আগত এক হাজাৰ হোম-বলি উৎসৰ্গ কৰিলে।
7 Đêm ấy, Đức Chúa Trời hiện đến với Sa-lô-môn và phán: “Hãy xin điều gì con muốn? Ta sẽ cho con.”
৭সেই ৰাতিয়েই ঈশ্বৰে চলোমনক দৰ্শন দি ক’লে, “মই তোমাক কি বৰ দিম, তাক খোজা?”
8 Sa-lô-môn thưa với Đức Chúa Trời: “Chúa đã tỏ lòng thương xót bao la đối với Đa-vít, cha con, và nay Chúa đặt con lên ngôi thay cho người.
৮তাতে চলোমনে ঈশ্বৰক ক’লে, “তুমি মোৰ পিতৃ দায়ূদক মহা অনুগ্ৰহ কৰিলা, আনকি তেওঁৰ পদত মোক ৰজা পাতিলা।
9 Thưa Chúa, xin hoàn thành lời hứa với Đa-vít, cha con, vì Chúa đã lập con làm vua dân tộc đông như bụi đất.
৯এতিয়া হে ঈশ্বৰ যিহোৱা, তুমি মোৰ পিতৃ দায়ূদৰ আগত কোৱা বাক্য সিদ্ধ হওঁক, কিয়নো তুমি মাটিৰ ধূলিৰ নিচিনা অসংখ্য লোক সকলৰ ওপৰত মোক ৰজা পাতিলা৷
10 Xin Chúa ban cho con khôn ngoan tri thức để cai trị toàn dân, vì ai đủ khả năng chăn dắt dân tộc vĩ đại của Chúa?”
১০এতিয়া মই যেন এই লোকসকলক চলাব পাৰোঁ, এই কাৰণে তুমি মোক বুদ্ধি আৰু জ্ঞান দিয়া; কিয়নো তোমাৰ এই মহা জাতিৰ বিচাৰ কৰা কাৰ সাধ্য?”
11 Đức Chúa Trời phán với Sa-lô-môn: “Vì ước nguyện của con không phải là xin giàu sang, của cải, vinh dự, sống lâu, hay sinh mạng kẻ thù, nhưng xin khôn ngoan và tri thức để cai trị toàn dân Ta,
১১তেতিয়া ঈশ্বৰে চলোমনক ক’লে, “এয়ে তোমাৰ মনত হৈছে, যে, তুমি কি ঐশ্বৰ্য্য, কি সম্পত্তি, কি মৰ্য্যদা, যিসকলে তোমাক ঘিণ কৰে, তেওঁলোকৰ প্ৰাণ নুখুজিলা আৰু দীৰ্ঘায়ুও নুখুজিলা, কিন্তু মই যাৰ ওপৰত তোমাক ৰজা পাতিলোঁ, মোৰ এই প্ৰজাসকলক শাসন কৰিবৰ অৰ্থে বুদ্ধি আৰু জ্ঞান খুজিলা।
12 nên Ta sẽ ban cho con khôn ngoan và tri thức như con cầu xin, Ta cũng sẽ cho con giàu sang của cải, vinh dự đến nỗi trước con chẳng có vua nào bằng, và sau này cũng không ai sánh được với con!”
১২এই হেতুকে সেই বুদ্ধি আৰু জ্ঞান তোমাক দিয়া হৈছে; আৰু তোমাৰ পূৰ্বতে কোনো ৰজাৰ যেনে ধন, ঐশ্বৰ্য্য আৰু সন্মান হোৱা নাই আৰু তোমাৰ পাছতো নহ’ব, তেনে ধন, ঐশ্বৰ্য্য, আৰু সন্মানো মই তোমাক দিম।”
13 Vậy Sa-lô-môn từ Đền Tạm, trên đồi Ga-ba-ôn, trở về Giê-ru-sa-lem, và cai trị Ít-ra-ên.
১৩পাছে চলোমনে গিবিয়োনৰ ওখ ঠাইত থকা সাক্ষাৎ কৰা তম্বুৰ আগৰ পৰা যিৰূচালেমলৈ আহিল আৰু ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰি থাকিল।
14 Sa-lô-môn lập đoàn kỵ binh, gồm 1.400 chiến xa và 12.000 chiến mã. Vua để chiến xa trong các thành chứa chiến xa, và gần bên vua tại Giê-ru-sa-lem.
১৪পাছে চলোমনে ৰথ আৰু অশ্বাৰোহী লোকসকলক গোটালে: তেওঁৰ এক হাজাৰ চাৰিশ ৰথ আৰু বাৰ হাজাৰ অশ্বাৰোহী আছিল; তেওঁ সিহঁতক নানা ৰথ-নগৰত আৰু আনকি ৰজাৰ লগত যিৰূচালেমতো ৰাখিলে।
15 Trong đời vua, vàng bạc tại Giê-ru-sa-lem nhiều như đá cuội. Và gỗ bá hương thường như gỗ sung ở miền Sô-phô-la!
১৫ৰজাই যিৰূচালেমত ৰূপ আৰু সোণক শিলৰ নিচিনা আৰু এৰচ কাঠক নিম্ন-ভূমিত থকা ডিমৰু গছৰ নিচিনা অধিক কৰিলে।
16 Những con ngựa của Sa-lô-môn được nhập từ Ai Cập và Si-li-si; các thương buôn của vua đã mua được từ Si-li-si với giá phải chăng.
১৬আৰু চলোমনৰ যি ঘোঁৰাবোৰ আছিল, সেই ঘোঁৰাবোৰ মিচৰৰ পৰা অনা; আৰু সেই ঘোঁৰাবোৰ ৰজা-ঘৰীয়া বেপাৰীহঁতে মূল্য দি জাকে জাকে আনে।
17 Xe ngựa từ Ai Cập đem về Giê-ru-sa-lem giá 6,8 ký bạc một chiếc và ngựa gần 1,7 ký bạc một con. Họ cũng xuất khẩu ngựa và xe cho các vua Hê-tít và vua A-ram.
১৭আৰু মিচৰৰ পৰা কিনি অনা এখন এখন ৰথৰ দাম ছশ চেকল ৰূপ আৰু এটা এটা ঘোঁৰাৰ দাম এশ পঞ্চাশ চেকল ৰূপ। এইদৰে তেওঁলোকৰ দ্বাৰাই হিত্তীয়া আৰু অৰামীয়া সকলো ৰজাৰ কাৰণেও সেইবোৰ অনা হয়।