< I Các Vua 5 >

1 Hi-ram, vua Ty-rơ, vốn có nhiều thiện cảm với Đa-vít, nên khi nghe Sa-lô-môn lên ngôi kế vị vua cha, liền gửi sứ giả đến chúc mừng.
যেতিয়া তূৰৰ ৰজা হীৰমে চলোমনক তেওঁৰ পিতৃৰ সলনি ৰজা অভিষেক কৰাৰ কথা শুনিলে, তেতিয়া তেওঁ চলোমনৰ ওচৰলৈ নিজৰ দাসবোৰক পঠিয়াই দিলে; কিয়নো চলোমনৰ পিতৃ দায়ূদৰ সৈতে তূৰৰ ৰজা হীৰমৰ সদায় বন্ধুত্ব আছিল।
2 Sa-lô-môn cũng sai sứ đến trình bày với Hi-ram:
তেতিয়া চলোমনে হীৰমলৈ কৈ পঠিয়ালে,
3 “Như vua đã biết, Đa-vít, cha tôi, không thể cất Đền Thờ cho Chúa Hằng Hữu, Đức Chúa Trời của mình, vì phải chinh chiến với các dân tộc chung quanh, cho đến khi Chúa Hằng Hữu cho người chế ngự hết cừu địch.
“আপুনি জানে যে, মোৰ পিতৃ দায়ূদে তেওঁৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশে গৃহ নিৰ্ম্মাণ কৰিব নোৱাৰিলে; কিয়নো যেতিয়ালৈকে যিহোৱাই তেওঁৰ শত্ৰুবোৰক ভৰিৰ তল নকৰিলে, তেতিয়ালৈকে তেওঁৰ চাৰিওফালে যুদ্ধ হৈ আছিল।
4 Ngày nay, Chúa Hằng Hữu, Đức Chúa Trời của tôi, cho tôi được hòa bình, an ổn mọi phía, không còn bóng dáng quân thù hay loạn nghịch.
কিন্তু এতিয়া মোৰ ঈশ্বৰ যিহোৱাই সকলো ফালে মোক বিশ্ৰাম দিছে৷ এতিয়া কোনো শত্ৰুও নাই আৰু কোনো ধৰণৰ আপদ ঘটা নাই।
5 Nay tôi định cất một Đền Thờ cho Chúa Hằng Hữu, Đức Chúa Trời tôi, như Ngài đã bảo Đa-vít, cha tôi: ‘Con trai con, người được Ta cho lên ngôi kế vị con, sẽ cất cho Ta một Đền Thờ cho Danh Ta.’
গতিকে মই মোৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এটি গৃহ সাজিবলৈ মন কৰিছোঁ, মোৰ পিতৃ দায়ূদৰ আগত যিহোৱাই এইদৰে কৈছিল, ‘মই তোমাৰ পদত তোমাৰ যিজন পুত্ৰক সিংহাসনত বহুৱাম, তেৱেঁই মোৰ নামৰ উদ্দেশ্যে গৃহ নিৰ্ম্মাণ কৰিব।’
6 Vậy, xin vua cho người đốn gỗ bá hương ở Li-ban cho tôi. Tôi sẽ gửi nhân công đến giúp họ, và trả lương cho công nhân của vua theo mức vua ấn định. Vì như vua biết, không ai trong Ít-ra-ên thạo đốn gỗ bằng người Si-đôn!”
এই হেতুকে আপুনি এতিয়া আপোনাৰ লোকসকলক মোৰ বাবে লিবানোনৰ পৰা এৰচ কাঠ কাটি আনিবলৈ আজ্ঞা কৰক৷ মোৰ দাসবোৰ আপোনাৰ দাসবোৰৰ লগত যোগদান কৰিব আৰু আপুনি যি ক’ব, সেইদৰেই মই আপোনাৰ দাসবোৰৰ দিবলগীয়া বেচ আপোনাক দিম। কিয়নো আপুনি জানে যে, চীদোনীয়াসকলৰ দৰে কাঠ কাটিব জনা মানুহ আমাৰ মাজত নাই।”
7 Nghe xong lời này, Hi-ram vui mừng nói: “Cảm tạ Chúa Hằng Hữu, vì Ngài đã cho Đa-vít người con khôn ngoan để cai trị một nước đông dân như thế.”
তেতিয়া হীৰমে চলোমনৰ এই কথা শুনি বৰ আনন্দিত হৈ ক’লে, “যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে সেই মহান জাতিৰ ওপৰত ৰাজত্ব কৰিবলৈ দায়ূদক এজন জ্ঞানী পুত্ৰ দান কৰিলে, আজি সেই যিহোৱা ধন্য।”
8 Sau đó, vua sai sứ đáp lời Sa-lô-môn như sau: “Tôi đã nhận được lời vua sai nói với tôi. Tôi sẵn lòng làm theo điều vua yêu cầu về gỗ bá hương và trắc bá.
পাছত হীৰমে চলোমনৰ ওচৰলৈ কৈ পঠিয়ালে, “আপুনি মোলৈ পঠিউৱা বাৰ্তা মই শুনিলোঁ৷ মই এৰচ কাঠ আৰু দেৱদাৰু কাঠৰ বিষয়ে আপোনাৰ মনৰ সকলো বাঞ্ছা সিদ্ধ কৰিম।
9 Nhân công của tôi sẽ kéo gỗ từ núi Li-ban xuống biển, kết gỗ thành bè, thả biển cho đến vị trí vua định. Tại đó chúng tôi sẽ rã bè, giao gỗ cho vua; tôi mong vua sẽ cung cấp thực phẩm cho công nhân của tôi.”
মোৰ দাসবোৰে লিবানোনৰ পৰা সেইবোৰ নমাই সাগৰলৈ আনিব আৰু মই ভূৰ বান্ধি সমূদ্ৰপথে আপুনি নিৰ্দেশ দিয়া ঠাইলৈ পঠিয়াই দিম৷ সেই ঠাইত ভূৰ মেলিলে আপুনি সেইবোৰ লৈ যাব৷ আৰু মোৰো বাঞ্ছা সিদ্ধ কৰিবলৈ আপুনি মোৰ লোকসকলৰ বাবে খোৱা বস্তুৰ যোগান ধৰিব৷”
10 Vậy, Hi-ram cung cấp tất cả số gỗ bá hương và trắc bá mà Sa-lô-môn cần.
১০এইদৰে হীৰমে চলোমনৰ মনৰ বাঞ্ছাৰ দৰে সকলো এৰচ আৰু দেৱদাৰু কাঠ দিলে।
11 Đồng thời, Sa-lô-môn trả cho Hi-ram hằng năm ba triệu sáu trăm bốn mươi nghìn lít lúa mì làm lương thực cho các nhân công, cộng thêm 110.000 thùng dầu nguyên chất.
১১চলোমনে হীৰমৰ লোকসকলৰ বাবে আহাৰৰ যোগান ধৰিবলৈ তেওঁক বিশ হাজাৰ কোৰ ঘেঁহু ধান আৰু বিশ কোৰ শুদ্ধ তেল দিলে৷ এইদৰে চলোমনে বছৰে বছৰে হীৰমক দিলে।
12 Vậy, Chúa Hằng Hữu cho Sa-lô-môn sự khôn ngoan như Ngài đã hứa. Hi-ram và Sa-lô-môn cùng ký hòa ước hữu nghị.
১২যিহোৱাই নিজ প্ৰতিজ্ঞা অনুসাৰে চলোমনক জ্ঞান দিলে৷ হীৰম আৰু চলোমন, দুয়োৰে মাজত এক শান্তিপ্ৰিয় ভাব আছিল আৰু তেওঁলোক দুয়োজনে এটি নিয়ম স্থাপন কৰিছিল।
13 Vua Sa-lô-môn trưng dụng 30.000 nhân công trong toàn cõi Ít-ra-ên
১৩পাছত চলোমন ৰজাই গোটেই ইস্ৰায়েলৰ মাজৰ পৰা বাধ্যতামূলকভাৱে বন্দী-কাম কৰিবলৈ মানুহ গোটালে; সেই গোট খোৱা লোক ত্ৰিশ হাজাৰ হ’ল।
14 và gửi đi Li-ban mỗi tháng 10.000 người. Các nhân công luân phiên nhau, một tháng làm việc tại Li-ban, hai tháng ở nhà. A-đô-ni-ram điều khiển đoàn công nhân này.
১৪তেওঁ মাহেকীয়া পালক্ৰমে সিহঁতৰ দহ হাজাৰ লোকক লিবানোনলৈ পঠিয়ায়৷ সিহঁত এমাহ এমাহ লিবানোনত থাকে আৰু দুমাহ নিজ ঠাইত থাকে৷
15 Sa-lô-môn có 70.000 nhân công khuân vác, 80.000 thợ đẽo đá trên núi,
১৫চলোমনৰ সত্তৰ হাজাৰ ভাৰ বোৱা আৰু আশী হাজাৰ শিল-কটিয়া লোক পৰ্ব্বতত আছিল।
16 và 3.300 đốc công trông coi phu thợ làm việc.
১৬তাৰ বাহিৰেও কাম কৰা লোকসকলক তদাৰক কৰিবলৈ তেওঁলোকৰ ওপৰত চলোমনৰ তিনি হাজাৰ তিনি শ প্ৰধান বিষয়া আছিল।
17 Theo chỉ thị của vua, họ đào và đẽo những tảng đá lớn rất quý, dùng làm nền Đền Thờ.
১৭ৰজাৰ আজ্ঞা অনুসাৰে গৃহৰ ভিত্তিমূল স্থাপন কৰিবলৈ শিলৰ খনিৰ পৰা তেওঁলোকে কটা বৰ বৰ উন্নত প্ৰকাৰৰ শিলবোৰ কাটি আনিছিল।
18 Thợ của Sa-lô-môn và Hi-ram được những người Ghi-ba giúp đỡ trong việc đào núi đẽo đá và chuẩn bị cây gỗ sẵn sàng để xây Đền Thờ.
১৮চলোমন আৰু হীৰমৰ ঘৰ-সজীয়া লোকসকল আৰু গিবলীয়া লোকসকলে সেইবোৰ শিল কাটিলে, আৰু এইদৰে সিহঁতে গৃহ নিৰ্ম্মাণ কৰিবলৈ কাঠ আৰু শিলো যুগুত কৰিলে।

< I Các Vua 5 >