< Əzakiyal 47 >
1 [Ⱨeliⱪi kixi] meni ɵyning dǝrwazisiƣa ⱪayta apardi. Mana, ibadǝthanining bosuƣisidin sular xǝrⱪⱪǝ ⱪarap eⱪip qiⱪiwatatti; qünki ɵyning aldi xǝrⱪⱪǝ ⱪaraytti. Sular ɵyning astidin, ong tǝripidin, ⱪurbangaⱨning jǝnubiy tǝripidin eⱪip qüxǝtti.
১তেতিয়া সেই মানুহে মোক গৃহটিৰ দুৱাৰমুখলৈ উলিয়াই আনিলে; আৰু চোৱা! গৃহটিৰ দুৱাৰ ডলিৰ তলৰ পৰা জল সমূহ ওলাই পূৱ দিশলৈ বৈ গ’ল, কিয়নো গৃহটিৰ আগফাল পূৱদিশে আছিল; আৰু বেদিটোৰ দক্ষিণে গৃহটিৰ সোঁ কাষৰ তলৰ পৰা সেই জল সমূহ নামি গৈছিল।
2 U meni ximalƣa ⱪaraydiƣan dǝrwazisidin qiⱪardi; u meni aylandurup xǝrⱪⱪǝ ⱪaraydiƣan dǝrwazining sirtiƣa apardi; mana, sular ong tǝripidin eⱪip turatti.
২পাছত তেওঁ মোক বাটচৰাটোৰ বাটেদি উত্তৰফালে উলিয়াই নিলে আৰু মোক ঘূৰি অহা বাটেদি, পূৱফালে মুখ কৰা বাটচৰাটোলৈ যোৱা পথেদি বাহিৰৰ বাটচৰাটোলৈ আনিলে, আৰু চোৱা, সোঁ ফালে জল সমূহ ওলাই বৈ গৈছিল।
3 Ⱨeliⱪi kixi ⱪolida ɵlqigüq tanini tutup, xǝrⱪⱪǝ ⱪarap mangdi; u ming gǝz ɵlqidi, andin meni sulardin ɵtküzdi; sular adǝmning oxuⱪiƣa qiⱪatti.
৩পাছত পুৰুষজনে হাতত ৰছী এডাল লৈ পূৱফাললৈ আগ বাঢ়ি গৈ এক হাজাৰ হাত জুখিলে আৰু মোক জল সমূহৰ মাজেদি নিলে; সেয়ে খাৰ-গঁঠিয়া পানী।
4 U yǝnǝ ming gǝz ɵlqidi; andin meni sulardin ɵtküzdi; sular adǝmning tizliriƣa yǝtti. U yǝnǝ ming gǝz ɵlqidi; andin meni sulardin ɵtküzdi; sular adǝmning beligǝ qiⱪatti.
৪তেতিয়া তেওঁ এক হাজাৰ হাত জুখিলে আৰু জল সমূহৰ মাজেদি মোক নিলে; সেয়ে একাঁঠুৱা পানী। পুনৰায় তেওঁ এক হাজাৰ হাত জুখিলে আৰু মোক জল সমূহৰ মাজেদি নিলে; সেয়ে এককলীয়া পানী।
5 U yǝnǝ ming gǝz ɵlqidi; u mǝn ɵtǝlmǝydiƣan dǝrya bolup qiⱪti; qünki sular ɵrlǝp kǝtti; uningda su üzgili bolatti, u ɵtkili bolmaydiƣan dǝrya bolup qiⱪti.
৫পাছত তেওঁ আকৌ এক হাজাৰ হাত জুখিলে, সেয়ে মই পাৰ হৈ যাব নোৱাৰা এখন নদী; কিয়নো জল সমূহ বাঢ়িল, সাঁতোৰিব লগা জল সমূহ হ’ল, পাৰ হৈ যাব নোৱাৰা এখন নদী হ’ল।
6 U mǝndin: «Insan oƣli, buni kɵrgǝnsǝn?» dǝp soridi; andin meni dǝryaning ⱪirƣiⱪiƣa ⱪayturup apardi.
৬তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, তুমি ইয়াক দেখিছা নে?” এইবুলি তেওঁ মোক পুনৰায় নদীখনৰ দাঁতিলৈ লৈ গ’ল।
7 Ⱪirƣaⱪⱪa ⱪayttim, mana, dǝryaning ⱪirƣiⱪida, u wǝ bu ⱪetida, intayin kɵp dǝrǝhlǝr bar idi.
৭মই উলটি অহাত, চোৱা, নদীখনৰ পাৰত ইপাৰে সিপাৰে অনেক অনেক গছ আছে।
8 U manga mundaⱪ dedi: «Bu sular yurtning xǝrⱪigǝ qiⱪidu; xu yǝrdin ular Arabaⱨ tüzlǝnglikigǝ qüxüp, andin dengizƣa kiridu. Ular dengizƣa eⱪip kirixi bilǝn, dengiz suliri saⱪaytilidu.
৮পাছত তেওঁ মোক ক’লে, এই জল সমূহ পূৱ অঞ্চললৈ ওলাই গৈছে; এয়ে অৰাবাৰ মাজেদি নামি যাব, তাৰ পাছত সমূদ্ৰলৈ যাব; এই জন সমূহ সমূদ্ৰত সোমালে তাৰ পানী উত্তম হৈ যাব।
9 Wǝ xundaⱪ boliduki, bu «jüp dǝrya» ⱪaysi yǝrgǝ eⱪip kǝlsǝ, xu yǝrdiki barliⱪ su üzidiƣan janiwarlar yaxaydu; dengizda nurƣun beliⱪlar bolidu; qünki sular xu yǝrgǝ eⱪip kelidu, wǝ dengiz suliri saⱪaytilidu; dǝrya nǝgǝ aⱪsa, xu yǝrning ⱨǝmmisi ⱨayatⱪa igǝ bolidu.
৯আৰু এই মহানদীখন যোৱা সকলো ঠাইৰ অসংখ্য জীৱ-জন্তু জীব আৰু বহুসংখ্যক মাছ হ’ব; কিয়নো এই জল সমূহ সমূদ্ৰলৈ গ’লে তাৰ জল সমূহ উত্তম হৈ যাব; আৰু নদীখন যোৱা সকলো ঠাই সকলো প্ৰাণী জীব।
10 Wǝ xundaⱪ boliduki, beliⱪqilar dengiz boyida turidu; Ən-Gǝdidin Ən-Əglaimgiqǝ ularning torliri yeyilidiƣan jayliri bolidu; dengiz beliⱪlirining «Ottura dengiz»dikidǝk bǝk kɵp sortliri bolidu;
১০তাৰ পাৰত মাছমৰীয়াসকল থিয় হ’ব আৰু অয়িন-গদীৰ পৰা অয়িন-ইগ্লয়িমলৈকে জাল মেলি দিয়া ঠাই হ’ব; তেওঁলোকৰ মাছ মহাসমূদ্ৰৰ মাছৰ দৰে নানা বিধৰ অসংখ্য মাছ হ’ব।
11 biraⱪ uning zǝy-sazliⱪliri saⱪaytilmaydu; ular xorluⱪ boluxⱪa tapxurulidu.
১১কিন্তু তাৰ বোকা ঠাই আৰু দল-দলনিবোৰ উত্তম নহ’ব; সেইবোৰ লোণীয়া ঠাই হ’ব।
12 Dǝrya boyida, u wǝ bu ⱪetida, ozuⱪ bolidiƣan ⱨǝrhil dǝrǝhlǝr ɵsidu. Ularning yopurmaⱪliri solaxmaydu, ular mewisiz ⱪalmaydu; ular ⱨǝr ayda yengidin mewilǝydu; qünki uni suƣiridiƣan sular muⱪǝddǝs jaydin qiⱪidu; ularning mewisi ozuⱪ, ularning yopurmaⱪliri dora-dǝrmanlar bolidu.
১২আৰু নদীখনৰ কাষত, তাৰ পাৰত ইফালে সিফালে সকলোবিধৰ খোৱা গুটিৰ গছ হ’ব, সেইবোৰৰ পাত জঁয় নপৰিব আৰু গুটি নুঢুকাব; জল সমূহ ধৰ্মধামৰ পৰা ওলোৱাৰ কাৰণে সেইবোৰত মাহে মাহে নতুন নতুন গুটি ধৰিব; আৰু সেইবোৰৰ গুটি আহাৰৰ কাৰণে, আৰু সেইবোৰৰ পাত সুস্থ কৰিবৰ কাৰণে হ’ব।
13 Rǝb Pǝrwǝrdigar mundaⱪ dǝydu: — Tɵwǝndǝ Israilning on ikki ⱪǝbilisigǝ zemin miras süpitidǝ bɵlünüp tǝⱪsim ⱪilinip qegralar ayrilidu; Yüsüpning ⱪǝbilisigǝ ikki ülüx bɵlünidu.
১৩প্ৰভু যিহোৱাই এই কথা কৈছে, যি সীমাৰ ভিতৰত তোমালোকে ইস্ৰায়েলৰ বাৰ ফৈদ অনুসাৰে আধিপত্যৰ কাৰণে দেশ ভাগ বাঁটিবা, সেই সীমা এই; যোচেফে দুভাগ পাব।
14 Mǝn ⱪolumni kɵtürüp ata-bowiliringlarƣa ⱪǝsǝm iqkǝndǝk, silǝr bir-biringlarƣa barawǝrlik bilǝn zeminni miras boluxⱪa bɵlisilǝr; u silǝrgǝ miras bolidu.
১৪আৰু মই তোমালোকৰ পূৰ্বপুৰুষসকলক দিবলৈ যি দেশৰ বিষয়ে হাত দাঙি শপত কৰিছিলোঁ, সেই দেশ তোমালোকে সমানে আধিপত্যস্বৰূপে ল’বা; সেই দেশ আধিপত্যস্বৰূপে তোমালোকৰ হ’ব।
15 Zeminning [tɵt] tǝripining qegrasi mundaⱪ: Ximaliy tǝripi, «Ottura dengiz»din baxlinip Hǝtlonning yolini boylap, Zǝdad xǝⱨirining kirix eƣiziƣiqǝ bolidu;
১৫আৰু দেশৰ সীমা এইদৰে হ’ব। উত্তৰফালে মহাসমূদ্ৰৰ পৰা হিতলোনৰ বাটেদি চদাদৰ প্ৰৱেশ স্থানৰ ফাললৈ।
16 u Hamat, Berotaⱨ, Sibraim (Dǝmǝxⱪ bilǝn Hamatning qegrisining otturisida), Ⱨawranning qegrisida bolƣan Hazar-Ⱨattikon xǝⱨǝrlirini ɵz iqigǝ alidu;
১৬হমাৎ, বেৰোথা, দম্মেচকৰ আৰু হমাতৰ সীমাৰ মাজত থকা চিব্ৰয়িম, আৰু হাওৰাণৰ সীমাত থকা হাচেৰ-হত্তীকোণ।
17 xuningdǝk «Ottura dengiz»din baxlanƣan qegra Ⱨazar-Enanƣiqǝ sozulidu; u Dǝmǝxⱪning qegrisini boylap, Hamatning ximaliy rayonining qegrasiƣa tutixidu; bu bolsa ximaliy tǝripi bolidu.
১৭এইদৰে সীমাটো সমুদ্ৰৰ পৰা দম্মেচকৰ সীমাত থকা হচৰ-ঐনোনলৈকে যাব আৰু উত্তৰ ফালে উত্তৰদিশে হমাতৰ সীমা।
18 Xǝrⱪ tǝripining qegrisi, Ⱨawran bilǝn Dǝmǝxⱪning otturisidin baxlinip, Gilead wǝ Israil zeminini bɵlüp turidiƣan Iordan dǝryasi bolidu. Silǝr buningdin «Ɵlük dengiz»ƣiqǝ miraslarni bɵlüp ɵlqǝysilǝr. Bu bolsa xǝrⱪ tǝripi bolidu.
১৮এয়ে উত্তৰ ফাল। আৰু পূৱফাল হাওৰাণ, দম্মেচক, ও গিলিয়দ, এই কেইটাৰে আৰু ইস্ৰায়েল দেশৰে মাজত থকা যৰ্দ্দন হ’ব; উত্তৰ সীমাৰ পৰা পূৱ সমূদ্ৰলৈকে তোমালোকে জুখিবা।
19 Jǝnubiy tǝripi bolsa, Tamar xǝⱨiridin Meribaⱨ-Ⱪǝdǝx dǝryasining eⱪinliriƣiqǝ, andin Misir wadisidin «Ottura dengiz»ƣiqǝ sozulidu. Bu jǝnubiy qegra bolidu.
১৯এয়ে পূৱ ফাল। আৰু দক্ষিণ দিশে দক্ষিণ ফাল, তামৰৰ পৰা মৰীবোৎ-কাদেচৰ জল সমূহেদি, মিচৰ জুৰিয়েদি মহাসমূদ্ৰলৈকে হ’ব। এয়ে দক্ষিণ দিশৰ দক্ষিণ ফাল।
20 Ƣǝrbiy tǝripi bolsa «Ottura dengiz»ning ɵzi, Hamat rayoniƣa kirix eƣiziƣiqǝ bolidu; bu ƣǝrbiy qegrisi bolidu.
২০আৰু দক্ষিণ সীমাৰে পৰা হমাতৰ প্ৰৱেশস্থানৰ সন্মূখলৈকে পশ্চিমফাল মহাসাগৰ হ’ব।
21 Silǝr bu zeminni Israilning ⱪǝbilisi boyiqǝ ɵz-aranglarda ülüxüxünglar kerǝk.
২১এয়ে পশ্চিমফাল। এইদৰে ইস্ৰায়েলৰ ফৈদ অনুসাৰে তোমালোকে এইদেশ তোমালোকৰ কাৰণে ভাগ বাঁটিবা।
22 Xundaⱪ bolux kerǝkki, silǝr ɵz-aranglar wǝ aranglarda olturaⱪlaxⱪan, aranglarda baliliⱪ bolƣan musapirlarƣa uni miras boluxⱪa qǝk taxlap bɵlisilǝr; ular silǝrgǝ nisbǝtǝn wǝtinidǝ tuƣulƣan Israillarƣa ohxax boluxi kerǝk. Ular silǝr bilǝn tǝng qǝk taxlap Israil ⱪǝbililiri arisidin miras alsun.
২২তোমালোকে নিজৰ নিজৰ কাৰণে, আৰু বিদেশী লোকসকলে তোমালোকৰ মাজত প্ৰবাস কৰি তোমালোকৰ মাজত সন্তান উৎপন্ন কৰিব, তেওঁলোকৰ কাৰণেও তাক আধিপত্যৰ অৰ্থে চিঠি-খেলৰে বাগ বাঁটিবা; আৰু তেওঁলোক ইস্ৰায়েলৰে সন্তান সকলৰ মাজত তোমালোকৰ বিবেচনাত স্বজাতীয় যেন হ’ব; তেওঁলোকে ইস্ৰায়েলৰ ফৈদবোৰৰ মাজত তোমালোকৰ লগত আধিপত্য পাব।
23 Musapir ⱪaysi ⱪǝbilǝ arisida olturaⱪlaxⱪan bolsa, silǝr xu yǝrdin uningƣa miras tǝⱪsim ⱪilisilǝr, dǝydu Rǝb Pǝrwǝrdigar.
২৩তেতিয়া প্ৰভু যিহোৱাই কৈছে, ‘যি ফৈদৰ মাজত বিদেশীয়ে বাস কৰিব, তাতেই তোমালোকে তাৰ আধিপত্য দিবা।’