< Tesalonikaliⱪlarƣa 2 2 >
1 I ⱪerindaxlar, Rǝbbimiz Əysa Mǝsiⱨning ⱪayta kelixi, xundaⱪla bizning Uning bilǝn bir yǝrgǝ jǝm ⱪiliniximiz toƣrisida silǝrdin xuni ɵtünümizki,
১হে ভাইসকল, এতিয়া আমি আপোনালোকক অনুৰোধ কৰোঁ যে, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আগমণ আৰু তেওঁৰ ওচৰত আমি গোট খোৱাৰ বিষয়ে আপোনালোকে জানি লওক,
2 Əgǝr silǝr «mǝlum roⱨtin kǝlgǝn wǝⱨiy»din bolsun, birsining sɵz-tǝlimidin bolsun yaki «bizning namimizda» yezilƣan mǝlum hǝtlǝrdin bolsun «Rǝbning küni yetip kǝldi» degǝn sɵzni anglisanglar, jiddilixip ⱨoduⱪup kǝtmǝnglar yaki dǝkkǝ-dükkigǝ qüxmǝnglar!
২আমি অাপোনালোকক কওঁ, ‘প্ৰভুৰ দিন ইতিমধ্যে আহিল’ এই বুলি আপোনালোকৰ মন সহজতে অস্থিৰ নহওক নাইবা ব্যাকুল নহওক; কিয়নো কোনো কোনোৱে হয়তো আত্মাৰ দ্বাৰাই বা অন্য কাৰোবাৰ কথাৰ দ্বাৰাই অথবা আমি লিখা কোনো চিঠিৰ দ্বাৰাই এই বুলি ক’ব পাৰে।
3 Bu ixlarda ⱨǝrⱪandaⱪ adǝmning ⱨǝrⱪandaⱪ usul bilǝn silǝrni aldixiƣa yol ⱪoymanglar; qünki awwal «[qong] yenix» bolup, andin «gunaⱨiy adǝm», yǝni «ⱨalakǝtkǝ mǝⱨkum ⱪilinƣuqi adǝm» axkarilanmiƣuqǝ, axu kün kǝlmǝydu.
৩আপোনালোকক কোনোৰূপে কাকো ভুলাবলৈ নিদিব; কিয়নো সেইদিন অহাৰ আগেয়ে ঈশ্বৰৰ বিৰুদ্ধে ধৰ্ম পৰিত্যাগ কৰা দেখা যাব আৰু সেই অবাধ্যতাৰ পুৰুষ, যি বিনাশ হবলগীয়া পুত্ৰ; সি প্ৰকাশিত হ’ব।
4 Xu adǝm huda dǝp atalƣanƣa yaki kixilǝr qoⱪunidiƣan ⱨǝrⱪandaⱪ nǝrsilǝrgǝ ⱪarxi qiⱪip, ɵzini ⱨǝmmidin üstün ⱪilip kɵrsitidu; u xundaⱪ ⱪilip Hudaning ibadǝthanisida olturuwelip, ɵzini Huda dǝp kɵrsitip jakarlaydu.
৪ঈশ্বৰ নামেৰে খ্যাত আৰু উপাসনাৰ যোগ্য যি সকলো আছে, এই সকলোৰে বিৰুদ্ধে থিয় হৈ সেই অবাধ্যতাৰ পুৰুষে নিজকে ওখত প্রতিস্থিত কৰিব; এনে কি, ঈশ্বৰৰ মন্দিৰত বহি নিজকে নিজে ঈশ্বৰ বুলি ঘোষণা কৰিব।
5 Mǝn silǝr bilǝn billǝ bolƣan waⱪtimda bularni silǝrgǝ eytⱪinim esinglarda bardu?
৫এইবোৰ যে ঘটিব সেই কথা মই আপোনালোকৰ লগত থাকোতেই আপোনালোকক কৈছিলোঁ; সেই বিষয়ে আপোনালোকৰ মনত নপৰে নে?
6 Wǝ uning bǝlgilǝngǝn waⱪti-saiti kǝlmigüqǝ axkarilanmasliⱪi üqün, nemining uni tosup turuwatⱪanliⱪi silǝrgǝ mǝlum.
৬সেই অবাধ্যতাৰ পুৰুষক কেৱল তাৰ নিৰূপিত কালতহে প্ৰকাশিত হবলৈ কিহে বাধা দি ৰাখিছে, সেয়া আপোনালোকে জানে।
7 Qünki «ⱪanunni yoⱪatⱪuqi sirliⱪ küq» alliⱪaqan yoxurun ⱨǝrikǝt ⱪilmaⱪta; lekin bu ixlarni ⱨazirqǝ tosup keliwatⱪan birsi bardur; U otturidin qiⱪⱪuqǝ xundaⱪ tosuⱪluⱪ peti turidu;
৭কিয়নো ঈশ্বৰৰ অবাধ্যতাৰ সেই গোপন তত্ত্বই ইতিমধ্যে কাৰ্য সাধন কৰি আছে; কেৱল এজন আছে যি জনে বর্তমান তাক প্রকাশ হোৱাত বাধা দি ৰাখিছে; তাক দূৰ নকৰা পর্যন্ত বাধা দিয়ে থাকিব।
8 andin axu «ⱪanunni yoⱪatⱪuqi» axkarilinidu; biraⱪ Rǝb Əysa aƣzidiki nǝpisi bilǝnla uni yutuwetidu, kǝlgǝn qaƣdiki parlaⱪ nuri bilǝn uni yoⱪ ⱪiliwetidu.
৮তাৰ পাছত সেই অবাধ্যতাৰ পুৰুষ জন প্ৰকাশিত হ’ব আৰু প্ৰভু যীচুৱে নিজৰ মুখৰ নিশ্বাসৰ দ্বাৰাই তাক ধ্বংস কৰিব আৰু তেওঁৰ আগমণৰ আবিৰ্ভাৱৰ দ্বাৰাই তাক শেষ কৰিব।
9 «Ⱪanunni yoⱪatⱪuqi»ning mǝydanƣa qiⱪixi Xǝytanning pǝntliri bilǝn bolidu, u ⱨǝr türlük küq-ⱪudrǝt, mɵjizǝ wǝ yalƣan karamǝtlǝrni kɵrsitip,
৯চয়তানৰ কৰ্ম অনুসাৰে সেই অবাধ্যতাৰ পুৰুষ আহিব। সি সকলো মিছা পৰাক্ৰম কার্য, আচৰিত চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব;
10 ⱨalakǝtkǝ yüzlǝngǝnlǝrni azduridiƣan ⱨǝrhil ⱪǝbiⱨ ⱨiylǝ-mikirlǝrni ixlitidu. Ularning ⱨalakǝt aldida turuwatⱪanliⱪining sǝwǝbi ɵzlirini nijatⱪa yetǝklǝydiƣan ⱨǝⱪiⱪǝtni sɵymǝy, uningƣa ⱪǝlbidin orun bǝrmǝslikidindur.
১০বিনাশ পথৰ যাত্রী সকলক অধার্মিকতাৰ ছলনাৰে সকলো ধৰণৰ প্রৱঞ্চনা কৰিব। কিয়নো, এই লোক সকলে পৰিত্ৰাণ পাবৰ কাৰণে সত্য প্ৰেমক গ্রহণ নকৰিলে।
11 Xu sǝwǝbtin, Huda ularƣa yalƣanqiliⱪⱪa ixǝnsun dǝp ⱨǝⱪiⱪǝttin qǝtnitidiƣan bir küq ǝwǝtidu.
১১সেয়েহে তেওঁলোকে যাতে মিছাত বিশ্বাস কৰিব, তাৰ বাবে ঈশ্বৰে তেওঁলোকলৈ এক ভ্রান্তিজনক কার্য কৰা শক্তি পঠাব।
12 Nǝtijidǝ, ⱨǝⱪiⱪǝtkǝ ixǝnmǝy, bǝlki ⱪǝbiⱨlikni hursǝnlik dǝp bilgǝnlǝrning ⱨǝmmisi jazaƣa mǝⱨkum ⱪilinidu.
১২যি সকলে সত্যক বিশ্বাস নকৰিলে কিন্তু অধার্মিকতাত আনন্দিত হ’ল, সেই লোক সকলৰ বিচাৰ হ’ব।
13 Lekin, ǝy, Rǝb sɵygǝn ⱪerindaxlar, biz silǝr üqün ⱨǝrdaim Hudaƣa tǝxǝkkür eytiximizƣa toƣra keliduki, Huda Roⱨning wasitisidǝ pak-muⱪǝddǝs ⱪilinixinglar wǝ ⱨǝⱪiⱪǝtkǝ ixinixinglar arⱪiliⱪ silǝrni nijatⱪa erixixkǝ muⱪǝddǝmdila talliwaldi.
১৩প্ৰভুৰ প্ৰিয় ভাইসকল, আপোনালোকৰ কাৰণে ঈশ্বৰক সকলো সময়তে ধন্যবাদ দিয়া আমাৰ কৰ্তব্য; কিয়নো আপোনালোকক আত্মাৰ শুদ্ধিকৰণ কাৰ্যৰে পবিত্ৰতালৈ আনিলে আৰু সত্যক বিশ্বাস কৰাৰ মাধ্যমেৰে পৰিত্রাণ পাবৰ কাৰণে ঈশ্বৰে আদিৰে পৰা আপোনালোকক প্রথম ফলৰূপে মনোনীত কৰিলে।
14 U biz yǝtküzgǝn hux hǝwǝr arⱪiliⱪ silǝrni xu nijatⱪa, yǝni Rǝbbimiz Əysa Mǝsiⱨning xan-xǝripigǝ erixixkǝ qaⱪirdi.
১৪আমাৰ শুভবার্তাৰ দ্বাৰাই পৰিত্রাণ পাবলৈ তেওঁ আপোনালোকক আমন্ত্রণ কৰিলে যাতে আপোনালোকে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ মহিমাৰ ভাগী হয়।
15 Xuning üqün, ǝy ⱪerindaxlar, tapan tirǝp turunglar, biz silǝrgǝ eƣizqǝ yaki hǝt arⱪiliⱪ yǝtküzgǝn tǝlimni qing tutunglar!
১৫এই হেতুকে, হে ভাই সকল, থিৰে থাকক; পত্রৰ দ্বাৰা বা কথাৰ দ্বাৰাই যি যি শিক্ষা আমি আপোনালোকক দিলোঁ, সেই সকলোকে ধৰি ৰাখক।
16 Əmdi Rǝbbimiz Əysa Mǝsiⱨning Ɵzi wǝ bizni sɵygǝn, meⱨir-xǝpⱪǝt bilǝn mǝnggülük riƣbǝt-tǝsǝlli ⱨǝm güzǝl ümid ata ⱪilƣan Huda’Atimiz (aiōnios )
১৬এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টে নিজে আৰু যিজনে আমাক প্ৰেম কৰি, আমাক অনন্ত সান্ত্বনা আৰু ভৱিষ্যতৰ উত্তম আশা অনুগ্ৰহেৰে দিলে, আমাৰ সেই পিতৃ ঈশ্বৰে আপোনালোকৰ হৃদয়ক সান্ত্বনা দিয়ক; (aiōnios )
17 ⱪǝlbinglarni riƣbǝtlǝndürgǝy ⱨǝmdǝ silǝrni ⱨǝrbir güzǝl ix ⱪilixta, ⱨǝrbir yahxi sɵzlǝrni yǝtküzüxtǝ küqlǝndürgǝy!
১৭আৰু সকলো সৎ কৰ্ম আৰু সদবাক্যত আপোনালোকৰ মন সুস্থিৰ কৰক।