< Матта 6 >
1 Һези болуңларки, хәйр-сахавәтлик ишлириңларни башқиларниң алдида көз-көз қилмаңлар. Бундақ қилсаңлар, әрштики Атаңларниң инъамиға еришәлмәйсиләр.
১সাৱধান! মানুহক দেখুৱাবলৈ তেওঁলোকৰ আগত তোমালোকে নিজ নিজ ধাৰ্মিকতাৰ কৰ্ম নকৰিবা; তেনেকুৱা কৰিলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰৰ পৰা তোমালোকে একো পুৰস্কাৰ নাপাবা।
2 Шуңа хәйр-сахавәт қилғиниңда, давраң салма. Сахтипәзләрла синагогларда вә кочиларда адәмләрниң махтишиға еришиш үчүн шундақ қилиду. Мән силәргә шуни бәрһәқ ейтип қояйки, улар көзлигән инъамиға еришкән болиду.
২এই হেতুকে, তুমি যেতিয়া দান কৰা, তেতিয়া মানুহৰ পৰা প্ৰশংসা পাবলৈ কপটীয়া সকলৰ নিচিনাকৈ নকৰিবা। তেওঁলোকে নাম-ঘৰে, নাম-ঘৰে আৰু বাটে-পথে নিজৰ আগে আগে ঢাক-ঢোল কোবাই দান দিয়ে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজৰ নিজৰ পুৰস্কাৰ পালেই।
3 Лекин сән, хәйр-сахавәт қилғиниңда оң қолуңниң немә қиливатқинини сол қолуң билмисун.
৩কিন্তু তোমালোকে যেতিয়া দান দিবা, তেতিয়া তোমালোকৰ সোঁ হাতে কি কৰে বাঁও হাতক সেই বিষয়ে জানিবলৈ নিদিবা;
4 Шуниң билән хәйр-сахавитиң йошурун болиду вә йошурун ишларни көргүчи Атаң саңа буни қайтуриду.
৪কিয়নো তেতিয়াহে তোমালোকৰ দান গোপন হ’ব আৰু গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক প্ৰতিদান দিব।
5 Дуа қилған вақтиңда, сахтипәзләрдәк болма; чүнки улар башқиларға көз-көз қилиш үчүн синагоглар яки төрт коча еғизида турувелип дуа қилишқа амрақтур. Мән силәргә шуни бәрһәқ ейтип қояйки, улар көзлигән инъамиға еришкән болиду.
৫তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া কপটীয়া সকলৰ দৰে নহবা; কিয়নো মানুহক দেখুৱাবৰ কাৰণে তেওঁলোকে নাম-ঘৰে, নাম-ঘৰে আৰু আলিবাটৰ চুকে চুকে থিয় হৈ প্ৰাৰ্থনা কৰিবলৈ ভালপায়। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই।
6 Лекин сән болсаң, дуа қилған вақтиңда, ичкири өйгә кирип, ишикни йепип, йошурун турғучи Атаңға дуа қилиңлар; вә йошурун көргүчи Атаң буни саңа қайтуриду.
৬কিন্তু তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া ভিতৰ-কোঠালীলৈ গৈ দুৱাৰ বন্ধ কৰিবা আৰু যি জনক দেখা পোৱা নাযায়, তোমালোকৰ সেই পিতৃৰ আগত প্ৰাৰ্থনা কৰিবা; তাতে গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক প্ৰতিদান দিব।
7 Дуа-тилавәт қилғанда, [бутпәрәс] ят әлликләрдикидәк қуруқ гәпләрни тәкрарлавәрмәңлар. Чүнки улар дегәнлиримиз көп болса [Худа] тилигинимизни чоқум иҗабәт қилиду, дәп ойлайду.
৭প্ৰাৰ্থনা কৰা সময়ত অনা-ইহুদী সকলৰ নিচিনাকৈ তোমালোকে অনৰ্থক পুণৰুক্তি নকৰিবা; কিয়নো তেওঁলোকে ভাৱে, তেওঁলোকৰ বেচি কথাৰ কাৰণে তেওঁলোকৰ প্রার্থনা তেওঁ শুনিব।
8 Шуңа, силәр уларни доримаңлар. Чүнки Атаңлар силәрниң еһтияҗиңларни силәр тилимәстин бурунла билиду.
৮এতেকে তোমালোক তেওঁলোকৰ নিচিনা নহবা; কিয়নো তোমালোকৰ কি কি প্ৰয়োজন আছে, সেই বিষয়ে তোমালোকে পিতৃৰ পৰা খোজাৰ আগেয়ে, তোমালোকৰ পিতৃয়ে জানে।
9 Шуниң үчүн, мундақ дуа қилиңлар: — «И асманларда турғучи Атимиз, Сениң намиң муқәддәс дәп улуқланғай.
৯এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰিবা; ‘হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক;
10 Падишаһлиғиң кәлгәй, Ирадәң әрштә ада қилинғандәк йәр йүзидиму ада қилинғай.
১০তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক।
11 Бүгүнки ненимизни бүгүн бизгә бәргәйсән.
১১আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া।
12 Бизгә қәриздар болғанларни кәчүргинимиздәк, Сәнму қәризлиримизни кәчүргәйсән.
১২আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলোঁ, তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা।
13 Бизни аздурулушларға учратқузмиғайсән, Бәлки бизни рәзил болғучидин қутулдурғайсән».
১৩আমাক পৰীক্ষালৈ নিনিবা, কিন্তু পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা৷’
14 Чүнки силәр башқиларниң гуна-сәһвәнликлирини кәчүрсәңлар, әрштики Атаңларму силәрни кәчүриду.
১৪কিয়নো তোমালোকে যদি আন লোকৰ অপৰাধ ক্ষমা কৰা, তেনেহলে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা কৰিব;
15 Бирақ башқиларниң гуна-сәһвәнликлирини кәчүрмисәңләр, әрштики Атаңларму гуна-сәһвәнликлириңларни кәчүрмәйду.
১৫কিন্তু তোমালোকে যদি আন লোকৰ অপৰাধ ক্ষমা নকৰা, তেনেহলে তোমালোকৰ পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা নকৰিব।
16 Роза тутқан вақтиңларда, сахтипәзләрдәк татираңғу қияпәткә киривалмаңлар. Улар роза тутқинини көз-көз қилиш үчүн чирайлирини солғун қияпәттә көрситиду. Мән силәргә шуни бәрһәқ ейтип қояйки, улар көзлигән инъамиға еришкән болиду.
১৬যেতিয়া তোমালোকে লঘোন দিয়া, তেতিয়া কপটীয়া সকলৰ নিচিনাকৈ মুখ মলিন নকৰিবা; কিয়নো তেওঁলোকে লঘোনীয়া বুলি মানুহক দেখুৱাবলৈ মুখ বিবৰ্ণ কৰে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই।
17 Әнди сән, роза тутқиниңда, чачлириңни майлап, йүзүңни жуюп жүр.
১৭কিন্তু তোমালোকে যেতিয়া লঘোন দিয়া, তেতিয়া তোমাৰ মূৰত তেল সানিবা আৰু মুখ ধুই ল’বা;
18 Шу чағда, роза тутқиниң инсанларға әмәс, бәлки пәқәт йошурун турғучи Атаңғила көрүниду; вә йошурун көргүчи Атаң уни саңа қайтуриду.
১৮যাতে আনে জানিব নোৱাৰে যে, তোমালোকে লঘোন দিছা। কিন্তু তোমালোকৰ পিতৃ, যি জনক তোমালোকে দেখা নোপোৱা, কেৱল তেৱেঁই ইয়াক দেখা পাব। তাতে গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক পুৰস্কাৰ দিব।
19 Йәр йүзидә өзүңларға байлиқларни топлимаңлар. Чүнки бу йәрдә я күйә йәп кетиду, я дат басиду яки оғрилар там тешип оғрилап кетиду.
১৯যি ঠাইত পোক আৰু মামৰে ক্ষয় কৰে, চোৰেও সিন্ধি দি চুৰ কৰে, এনে পৃথিৱীত নিজলৈ ধন নাসাঁচিবা;
20 Әксичә, әрштә өзүңларға байлиқлар топлаңлар. У йәрдә күйә йемәйду, дат басмайду, оғриму там тешип оғрилимайду.
২০কিন্তু য’ত পোক আৰু মামৰে ক্ষয় নকৰে, চোৰেও সিন্ধি দিব নোৱাৰে, এনে স্বৰ্গত নিজৰ বাবে ধন সাঁচা।
21 Чүнки байлиғиң қәйәрдә болса, қәлбиңму шу йәрдә болиду.
২১কিয়নো য’তে তোমালোকৰ ধন থাকিব, ত’তে তোমালোকৰ মনো হ’ব।
22 Тәнниң чириғи көздур. Шуңа әгәр көзүң сап болса, пүтүн вуҗудуң йорутулиду.
২২চকুৱেই শৰীৰৰ প্ৰদীপ; এই হেতুকে তোমালোকৰ চকু যদি ভালে থাকে, তেনেহলে তোমালোকৰ গোটেই শৰীৰ দীপ্তিময় হ’ব;
23 Лекин әгәр көзүң яман болса пүтүн вуҗудуң қараңғу болиду. Әгәр вуҗудуңдики «йоруқлуқ» әмәлийәттә қараңғулуқ болса, у қараңғулуқ немидегән қорқунучлуқ-һә!
২৩কিন্তু তোমালোকৰ চকু যদি বেয়া হয়, তেনেহলে তোমালোকৰ গোটেই শৰীৰ অন্ধকাৰময় হ’ব। এতেকে তোমালোকৰ তাত থকা পোহৰ যদি আচলতে অন্ধকাৰময় হয়, তেনেহলে সেই আন্ধাৰ কিমান গভীৰ হব!
24 Һеч ким [бирла вақитта] икки ғоҗайинниң қуллуғида болмайду. Чүнки у яки буни яман көрүп, уни яхши көриду; яки буниңға бағлинип, униңға етиварсиз қарайду. [шуниңға охшаш], силәрниң һәм Худаниң, һәм мал-дунияниң қуллуғида болушуңлар мүмкин әмәс.
২৪কোনেও দুজন গৰাকীৰ ওচৰত সেৱাকৰ্ম কৰিব নোৱাৰে; কিয়নো তেওঁ এজনক ঘিণ কৰি আন জনক প্ৰেম কৰিব; নাইবা এজনত আসক্ত হৈ, আন জনক হেয়জ্ঞান কৰিব৷ তোমালোকে ঈশ্বৰ আৰু ধন, এই উভয়তে কৰ্ম কৰিব নোৱাৰা।
25 Шуңа мән силәргә шуни ейтип қояйки, һаятиңларға керәклик йемәк-ичмәк яки учаңларға кийидиған кийим-кечәкниң ғемини қилмаңлар. Һаятлиқ озуқтин, тән кийим-кечәктин әзиз әмәсму?
২৫এই হেতুকে মই তোমালোকক কওঁ, ‘কি ভোজন কৰিম বা কি পান কৰিম’- এই বুলি প্ৰাণৰ কাৰণে, নাইবা ‘কি পিন্ধিম’- এই বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা। আহাৰতকৈ প্ৰাণ, আৰু কাপোৰতকৈ শৰীৰ শ্ৰেষ্ঠ নহয় নে?
26 Асмандики учар-қанатларға қараңлар! Улар теримайду, ормайду, амбарларға жиғмайду, лекин әрштики Атаңлар уларниму озуқландуриду. Силәр әшу қушлардин көп әзиз әмәсму?
২৬আকাশৰ চৰাইবোৰলৈ চোৱা; সেইবোৰে নবয়, নাদায়, আৰু ভঁৰালত নচপায়; তথাপি তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰকো আহাৰ দিয়ে। তোমালোক সেইবোৰতকৈ অধিক মূল্যৱান নোহোৱা নে?
27 Араңларда қайсиңлар ғәм-қайғу билән өмрүңларни бирәр саат узарталайсиләр?
২৭আৰু তোমালোকৰ মাজৰ কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে?
28 Силәрниң кийим-кечәкниң ғемини қилишиңларниң немә һаҗити?! Даладики нелупәрләрниң қандақ өсидиғанлиғиға қарап беқиңлар! Улар әмгәкму қилмайду, чақ егирмәйду;
২৮বস্ত্ৰৰ বাবেও কিয় চিন্তা কৰা? পথাৰৰ লিলিফুলবোৰ কেনেকৈ বাঢ়ে, সেই বিষয়ে ভাবি চোৱা; সেইবোৰে শ্ৰম নকৰে, কাপোৰো নবয়;
29 лекин силәргә шуни ейтайки, һәтта Сулайман толуқ шан-шәрәптә турғандиму униң кийиниши нилупәрләрниң бир гүличиликму йоқ еди.
২৯তথাপি মই তোমালোকক কওঁ, চলোমন ৰজা ইমান ঐশ্বৰ্যৰ মাজত থাকিও এইবোৰৰ এটাৰো নিচিনা নিজক বিভূষিত কৰিব পৰা নাছিল।
30 Әнди Худа даладики бүгүн ечилса, әтиси қуруп очаққа селинидиған әшу гүл-гияларни шунчә безигән йәрдә, силәрни техиму кийиндүрмәсму, әй ишәши аҗизлар!
৩০এতেকে, পথাৰৰ যি বন আজি আছে, কাইলৈ জুইশালত পেলোৱা হ’ব, সেই বনকো যদি ঈশ্বৰে এনেকৈ ভূষিত কৰে, তেনেহলে হে অল্পবিশ্বাসী সকল, তেওঁ তাতকৈ তোমালোকক অধিক ভূষিত নকৰিব নে?
31 Шуңа «немә йәймиз», «немә ичимиз», «немә кийимиз?» дәп ғәм қилмаңлар.
৩১এই হেতুকে কি খাম? কি পান কৰিম? বা কি পিন্ধিম? এই বুলি চিন্তা নকৰিবা।
32 Чүнки ят әлдикиләр мана шундақ һәммә нәрсигә интилиду, амма әрштики Атаңлар силәрниң бу һәммә нәрсиләргә муһтаҗлиғиңларни билиду;
৩২কিয়নো অনা-ইহুদী সকলেও এইবোৰ বিচাৰে আৰু এইবোৰ যে তোমালোকৰো প্ৰয়োজন, এই বিষয়ে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে।
33 шундақ екән, һәммидин авал Худаниң падишалиғи вә һәққанийлиғиға интилиңлар. У чағда, буларниң һәммиси силәргә қошулуп несип болиду.
৩৩কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব।
34 Шуниң үчүн, әтиниң ғемини қилмаңлар. Әтиниң ғеми әтигә қалсун. Һәр күнниң дәрди шу күнгә тушлуқ болиду.
৩৪এতেকে কাইলৈৰ কাৰণে চিন্তা নকৰিবা; কিয়নো কাইলৈয়ে নিজে নিজৰ বাবে চিন্তা কৰিব। দিনৰ যি কষ্ট, দিনটোলৈ সেয়ে যথেষ্ট।