< كۈيلەرنىڭ كۈيى 5 >
«مەن ئۆز بېغىمغا كىردىم، مېنىڭ سىڭلىم، مېنىڭ جۆرەم؛ مۇرمەككەمنى تېتىتقۇلىرىم بىلەن يىغدىم، ھەرە كۆنىكىمنى ھەسىلىم بىلەن يېدىم؛ شارابىمنى سۈتلىرىم بىلەن ئىچتىم». «دوستلىرىم، يەڭلار! ئىچىڭلار، كۆڭلۈڭلەر خالىغانچە ئىچىڭلار، ئى ئاشىق-مەشۇقلار!» | 1 |
১প্রিয়ৰ কথা: মোৰ প্রিয়া, মোৰ কইনাজনী, মই মোৰ উদ্যানত প্রৱেশ কৰিলোঁ; মই মোৰ গন্ধৰস আৰু সুগন্ধি দ্ৰব্য গোটালোঁ; মই মৌচাকেৰে সৈতে মোৰ মধু খালোঁ; মই গাখীৰেৰে সৈতে মোৰ দ্ৰাক্ষাৰস পান কৰিলোঁ। ভোজন কৰা, বন্ধু। হে বন্ধু, খোৱা; হৃদয় তৃপ্ত কৰি মোৰ ভালপোৱা পান কৰা। প্রিয়াৰ কথা:
«مەن ئۇخلاۋاتاتتىم، بىراق كۆڭلۈم ئويغاق ئىدى: ــ ــ سۆيۈملۈكۈمنىڭ ئاۋازى! مانا، ئۇ ئىشىكنى قېقىۋاتىدۇ: ــ ــ «ماڭا ئېچىپ بەر، ئى سىڭلىم، ئى ئامرىقىم؛ مېنىڭ پاختىكىم، مېنىڭ غۇبارسىزىم؛ چۈنكى بېشىم شەبنەم بىلەن، چاچلىرىم كېچىدىكى نەملىك بىلەن ھۆل-ھۆل بولۇپ كەتتى!» | 2 |
২মই টোপনিত আছিলোঁ, কিন্তু মোৰ হৃদয় সাৰে আছিল, তেনেতে মোৰ প্ৰিয়ই দুৱাৰত টুকুৰিয়াই ক’লে, “হে মোৰ প্রিয়তমা, মোৰ কইনাজনী, মোৰ কপৌ, অকলুষিতজনী, দুৱাৰখন খুলি দিয়া। মোৰ মূৰ নিয়ৰেৰে সিক্ত হৈ পৰিছে, ৰাতিৰ কুঁৱলীত মোৰ চুলিকোছা সেমেকি গৈছে।”
«مەن تۆشەك كىيىملىرىمنى سېلىۋەتكەن، قانداقمۇ ئۇنى يەنە كىيىۋالاي؟ مەن پۇتلىرىمنى يۇدۇم، قانداقمۇ ئۇلارنى يەنە بۇلغاي؟» | 3 |
৩“মোৰ বস্ত্র মই খুলি থলোঁ, তাক মই পুনৰ পিন্ধিম নে? মোৰ ভৰি দুখন মই ধুলোঁ, তাক মই পুনৰ মলিন কৰিম নে?”
سۆيۈملۈكۈم قولىنى ئىشىك تۆشۈكىدىن تىقتى؛ مېنىڭ ئىچ-باغرىلىرىم ئۇنىڭغا تەلمۈرۈپ كەتتى؛ | 4 |
৪মোৰ প্ৰিয়ই দুৱাৰৰ বিন্ধাইদি হাত ভৰালে, মোৰ মন তেওঁৰ বাবে ব্যাকুল হ’ল।
سۆيۈملۈكۈمگە ئېچىشقا قوپتۇم؛ قوللىرىمدىن مۇرمەككى، بارماقلىرىمدىن سۇيۇق مۇرمەككى تېمىدى، تاقاقنىڭ تۇتقۇچلىرى ئۈستىگە تېمىدى؛ | 5 |
৫মোৰ প্ৰিয়ক দুৱাৰ খুলি দিবলৈ মই উঠিলোঁ; মোৰ হাত দুখন গন্ধৰসেৰে ভিজি আছিল, তৰল গন্ধৰসেৰে ভিজা মোৰ আঙুলিয়েদি দুৱাৰৰ শলখাডালো ভিজি গ’ল।
سۆيۈملۈكۈمگە ئاچتىم؛ بىراق سۆيۈملۈكۈم بۇرۇلۇپ، كېتىپ قالغانىدى. ئۇ سۆز قىلغاندا روھىم چىقىپ كەتكەنىدى؛ ئۇنى ئىزدىدىم، بىراق تاپالمىدىم؛ ئۇنى چاقىردىم، بىراق ئۇ جاۋاب بەرمىدى؛ | 6 |
৬মোৰ প্ৰিয়ৰ কাৰণে মই দুৱাৰখন খুলি দিলোঁ; কিন্তু মোৰ প্ৰিয় নাছিল, উলটি গুচি গল; মোৰ হৃদয় ভাঙি পৰিল, মই হতাশাত ভাগি পৰিলো। মই তেওঁক বিচাৰি ফুৰিলোঁ, কিন্তু নাপালোঁ; মই তেওঁক মাতিলো, কিন্তু তেওঁ মোক উত্তৰ নিদিলে।
شەھەرنى ئايلىنىدىغان جېسەكچىلەر مېنى ئۇچرىتىپ مېنى ئۇردى، مېنى يارىلاندۇردى؛ سېپىللاردىكى كۆزەتچىلەر چۈمپەردەمنى مەندىن تارتىۋالدى. | 7 |
৭প্ৰহৰীবোৰে নগৰ ঘূৰি ফুৰি পহৰা দিয়াৰ সময়ত, মোক দেখা পালে; তেওঁলোকে মোক কোবালে, মোক ক্ষতবিক্ষত কৰিলে; নগৰৰ দেৱালৰ প্ৰহৰীবোৰে মোৰ গাৰ পৰা মোৰ চোলা কাঢ়ি নিলে।
ئى يېرۇسالېم قىزلىرى، سۆيۈملۈكۈمنى تاپساڭلار، ئۇنىڭغا نېمە دەيسىلەر؟ ئۇنىڭغا، سۆيگىنىڭ: «مەن مۇھەببەتتىن زەئىپلىشىپ كەتتىم! ــ دېدى، دەڭلار». | 8 |
৮হে যিৰূচালেমৰ ৰমণীসকল, মই তোমালোকৰ ওচৰত নিবেদন কৰিছোঁ, তোমালোকে যদি মোৰ প্ৰিয়তমক লগ পোৱা, তেন্তে তেওঁক কবা যে, মই তেওঁৰ প্রতি প্ৰেমত দুর্বল হৈছোঁ। যিৰূচালেমৰ ৰমণীসকলৰ কথা:
«سېنىڭ سۆيۈملۈكۈڭنىڭ باشقا بىر سۆيۈملۈكتىن قانداق ئارتۇق يېرى بار، ئى، ئاياللار ئارىسىدىكى ئەڭ گۈزىلى؟ سېنىڭ سۆيۈملۈكۈڭنىڭ باشقا بىر سۆيۈملۈكتىن قانداق ئارتۇق يېرى بار؟ ــ سەن بىزگە شۇنداق تاپىلىغانغۇ؟». | 9 |
৯নাৰীসকলৰ মাজত তুমি পৰম সুন্দৰী, তোমাৰ প্রিয়তম অন্যান্য প্রেমিকতকৈ কিহত উত্তম? তোমাৰ প্রিয় আন প্রেমিকতকৈ কিয় উত্তম, যে তুমি আমাৰ পৰা এনে প্রতিশ্রুতি বিচাৰিছা? প্রিয়াৰ কথা:
«مېنىڭ سۆيۈملۈكۈم ئاپئاق ۋە پارقىراق، يۈرەكلىك ئەزىمەت، ئون مىڭ ئارىسىدا تۇغدەك كۆرۈنەرلىكتۇر؛ | 10 |
১০মোৰ প্ৰিয়ৰ চেহেৰা সুন্দৰ আৰু শক্তিশালী; তেওঁৰ লগত কাৰো তুলনা নহয়।
ئۇنىڭ بېشى ساپ ئالتۇندىندۇر، بۇدۇر چاچلىرى ئاتنىڭ يايلىدەك، تاغ قاغىسىدەك قارا. | 11 |
১১তেওঁৰ মূৰ অতি উত্তম নিৰ্ম্মল সোণৰ নিচিনা; তেওঁৰ চুলি কোচা কেঁকোৰা আৰু ঢোঁৰা কাউৰীৰ নিচিনা ক’লা।
ئۇنىڭ كۆزلىرى ئېقىنلار بويىدىكى پاختەكلەردەك، سۈت بىلەن يۇيۇلغان، يارىشىقىدا قويۇلغان؛ | 12 |
১২তেওঁৰ চকুযুৰি জুৰিৰ দাঁতিত থকা এযোৰ কপৌৰ নিচিনা; তাক গাখীৰেৰে ধোৱা মুকুতাৰ দৰে খোদিত কৰা।
ئۇنىڭ مەڭزىلىرى بىر تەشتەك پۇراقلىق ئۆسۈملۈكتەكتۇر؛ ئاينىغان يېقىملىق گۈللۈكتەك؛ ئۇنىڭ لەۋلىرى نىلۇپەر، ئۇلار سۇيۇق مۇرمەككىنى تېمىتىدۇ؛ | 13 |
১৩তেওঁৰ গাল দুখন যেন সুগন্ধি মছলাৰ দলিচা, য’ৰ পৰা সুগন্ধি সুঘ্রাণ ওলায়। তেওঁৰ ওঁঠযুৰি যেন তৰল গন্ধৰস বাগৰি অহা লিলি ফুল।
ئۇنىڭ قوللىرى ئالتۇن تۇرۇبىلار، ئىچىگە بېرىل ياقۇتلار قۇيۇلغان. قورسىقى نەقىشلىك پىل چىشلىرىدىن ياسالغان، كۆك ياقۇتلار بىلەن بېزەلگەن. | 14 |
১৪তেওঁৰ বাহু দুখন যেন ৰত্নখচিত সোণৰ দণ্ড; তেওঁৰ শৰীৰতো হাতী দাঁতেৰে তৈয়াৰ কৰা; নীলকান্ত মণিৰে ঢকা।
ئۇنىڭ پۇتلىرى مەرمەر تۈۋرۈكلەر، ئالتۇن ئۈستىگە تىكلەنگەن. ئۇنىڭ سالاپىتى لىۋاننىڭكىدەك، كېدىر دەرەخلىرىدەك كۆركەم-ھەيۋەتلىكتۇر. | 15 |
১৫তেওঁৰ ভৰি দুখন নিখুঁত সোণৰ আধাৰত বহুৱা মার্বলৰ স্তম্ভৰ নিচিনা। তেওঁ দেখিবলৈ লিবানোনৰ ওখ এৰচ গছৰ নিচিনা উত্তম।
ئۇنىڭ ئاغزى بەكمۇ شېرىندۇر؛ بەرھەق، ئۇ پۈتۈنلەي گۈزەلدۇر؛ بۇ مېنىڭ سۆيۈملۈكۈم، ــ بەرھەق، بۇ مېنىڭ ئامرىقىم، ئى يېرۇسالېم قىزلىرى!» | 16 |
১৬তেওঁৰ মুখখন অতি মধুৰ; সম্পূর্ণৰূপে সুন্দৰ ব্যক্তি তেওঁ। হে যিৰূচালেমৰ ৰমণীসকল, তেৱেঁই মোৰ প্রিয়তম, মোৰ বন্ধু।