< मत्ती 16 >
1 फिर फ़रीसियों और सदूक़ियों ने 'ईसा के पास आकर आज़माने के लिए उससे दरख़्वास्त की; कि हमें कोई आसमानी निशान दिखा।
১ফৰীচী আৰু চদ্দূকী সকলে যীচুক পৰীক্ষা কৰিবৰ কাৰণে তেওঁৰ ওচৰলৈ আহিল আৰু আকাশৰ পৰা কোনো এটা পৰাক্ৰম কাৰ্যৰ চিন তেওঁলোকক দেখুৱাবলৈ ক’লে।
2 उसने जवाब में उनसे कहा “शाम को तुम कहते हो, खुला रहेगा, क्यूँकि आसमान लाल है
২যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “সন্ধিয়া হলে আপোনালোকে কয়, ‘বতৰ ফৰকাল হব, কিয়নো আকাশ খন ৰঙা হৈছে।’
3 और सुबह को ये कि आज आन्धी चलेगी क्यूँकि आसमान लाल धुन्धला है तुम आसमान की सूरत में तो पहचान करना जानते हो मगर ज़मानो की अलामतों में पहचान नहीं कर सकते।
৩ৰাতিপুৱা কয়, ‘আজি ডাৱঁৰীয়া হব; কিয়নো আকাশ ৰঙা ও অন্ধকাৰ হৈছে।’ আপোনালোকে আকাশৰ অৱস্থাৰ প্ৰভেদ বিচাৰ কৰিব জানে, অথচ সময়ৰ চিন বুজিব নোৱাৰে।
4 इस ज़माने के बुरे और बे'ईमान लोग निशान तलब करते हैं; मगर यहून्ना के निशान के सिवा कोई और निशान उनको न दिया जाएगा।” और वो उनको छोड़ कर चला गया।
৪এই যুগৰ পাপী আৰু ব্যভিচাৰীলোক সকলে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে৷ কিন্তু যোনাৰ চিনৰ বাহিৰে তেওঁলোকক আন একো চিন দেখুওৱা নহ’ব।” তাৰ পাছত যীচুৱে তেওঁলোকক এৰি গুচি গ’ল।
5 शागिर्द पार जाते वक़्त रोटी साथ लेना भूल गए थे।
৫পাছত তেওঁৰ শিষ্য সকল সিপাৰলৈ আহিল, কিন্তু লগত পিঠা আনিবলৈ পাহৰি গ’ল।
6 ईसा ने उन से कहा, “ख़बरदार, फ़रीसियों और सदूक़ियों के ख़मीर से होशियार रहना।”
৬যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে শুনা! ফৰীচী আৰু চদ্দূকী সকলৰ খমিৰৰ পৰা সাৱধানে থাকিবা।”
7 वो आपस में चर्चा करने लगे, “हम रोटी नहीं लाए।”
৭শিষ্য সকলে নিজৰ মাজত কোৱা-কুই কৰিলে, “আমি পিঠা অনা নাই কাৰণে তেওঁ এইদৰে ক’লে নেকি৷”
8 ईसा ने ये मालूम करके कहा, “ऐ कम — ऐ'तिक़ादों तुम आपस में क्यूँ चर्चा करते हो कि हमारे पास रोटी नहीं?
৮এই কথা বুজিব পাৰি যীচুৱে ক’লে, “অল্পবিশ্বাসী সকল, তোমালোকে নিজৰ মাজত পিঠা লৈ নহাৰ কাৰণে এই কথা কৈছোঁ বুলি কিয় আলোচনা কৰিছা?
9 क्या अब तक नहीं समझते और उन पाँच हज़ार आदमियों की पाँच रोटियाँ तुम को याद नहीं? और न ये कि कितनी टोकरियाँ उठाईं?
৯তোমালোকে এতিয়াও বুজা নাই নে বা তোমালোকৰ মনতো পৰা নাই নে সেই পাঁচ হাজাৰ মানুহৰ কাৰণে পাঁচটা পিঠাৰ কথা আৰু তাৰ পাছত কেইটা পাচি তোমালোকে তুলি লৈছিলা?
10 और न उन चार हज़ार आदमियों की सात रोटियाँ? और न ये कि कितने टोकरे उठाए।
১০নাইবা সেই চাৰি হাজাৰ মানুহৰ কাৰণে সাতটা পিঠাৰ কথা আৰু কেইটা পাচি তোমালোকে তুলি লৈছিলা?
11 क्या वजह है कि तुम ये नहीं समझते कि मैंने तुम से रोटी के बारे में नहीं कहा फ़रीसियों और सदूक़ियों के ख़मीर से होशियार रहो।”
১১মই যে তোমালোকক পিঠাৰ কথা কোৱা নাই, সেই বিষয়ে তোমালোকে কিয় বুজি পোৱা নাই? কিন্তু ফৰীচী আৰু চদ্দূকী সকলৰ খমিৰৰ পৰা সাৱধান হবলৈহে কৈছোঁ।”
12 जब उनकी समझ में न आया कि उसने रोटी के ख़मीर से नहीं; बल्कि फ़रीसियों और सदूक़ियों की ता'लीम से ख़बरदार रहने को कहा था।
১২তেতিয়া শিষ্য সকলে বুজি পালে যে, তেওঁ পিঠাৰ খমিৰৰ পৰা তেওঁলোকক সাৱধান হবলৈ কোৱা নাই, কিন্তু ফৰীচী আৰু চদ্দূকী সকলৰ শিক্ষাৰ পৰাহে সাৱধান হ’বৰ বাবে কৈছে।
13 जब ईसा क़ैसरिया फ़िलप्पी के इलाक़े में आया तो उसने अपने शागिर्दों से ये पूछा, “लोग इब्न — ए — आदम को क्या कहते हैं?”
১৩তাৰ পাছত যীচু যেতিয়া চীজাৰিয়া-ফিলিপীৰ অঞ্চললৈ গ’ল, তেতিয়া শিষ্য সকলক তেওঁ সুধিলে “মানুহৰ পুত্ৰ কোন”এই বিষয়ে লোক সকলে কি বুলি কয়?
14 उन्होंने कहा, कुछ यूहन्ना बपतिस्मा देने वाला कहते हैं। “कुछ एलियाह और कुछ यरमियाह या नबियों में से कोई।”
১৪তেওঁলোকে ক’লে, “কোনো কোনোৱে কয় বাপ্তিস্ম দিওঁতা যোহন; কোনোৱে এলিয়া, আন কোনোৱে যিৰিমিয়া বা ভাৱবাদী সকলৰ এজন বুলি কয়৷”
15 उसने उनसे कहा, “मगर तुम मुझे क्या कहते हो?”
১৫তেতিয়া তেওঁ তেওঁলোকক সুধিলে, “কিন্তু তোমালোকে নো মোক কোন বুলি ভাবা?”
16 शमौन पतरस ने जवाब में कहा, “तू ज़िन्दा ख़ुदा का बेटा मसीह है।”
১৬তেতিয়া চিমোন পিতৰে উত্তৰ দি কলে, “আপুনি সেই অভিষিক্ত জন অৰ্থাৎ খ্ৰীষ্ট, জীৱন্ত ঈশ্বৰৰ পুত্ৰ।”
17 ईसा ने जवाब में उससे कहा, “मुबारिक़ है तू शमौन बर — यहून्ना, क्यूँकि ये बात गोश्त और ख़ून ने नहीं, बल्कि मेरे बाप ने जो आसमान पर है; तुझ पर ज़ाहिर की है।
১৭তেতিয়া যীচুৱে উত্তৰ দি তেওঁক ক’লে, “বাৰ যোনাৰ পুত্ৰ চিমোন, তুমি ধন্য; কিয়নো তেজ আৰু মাংসই তোমাৰ আগত এই কথা প্ৰকাশ কৰা নাই, কিন্তু স্বৰ্গত থকা মোৰ পিতৃয়েহে প্ৰকাশ কৰিলে।
18 और मैं भी तुम से कहता हूँ; कि तू पतरस है; और मैं इस पत्थर पर अपनी कलीसिया बनाऊँगा। और आलम — ए — अरवाह के दरवाज़े उस पर ग़ालिब न आएँगे। (Hadēs )
১৮ময়ো তোমাক কওঁ যে ‘তুমি পিতৰ অৰ্থাৎ শিল’, আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম, মৃত্যুৰ কোনো শক্তিয়েইয়াক পৰাজয় কৰিব নোৱাৰিব। (Hadēs )
19 मैं आसमान की बादशाही की कुन्जियाँ तुझे दूँगा; और जो कुछ तू ज़मीन पर बाँधे गा वो आसमान पर बाँधेगा और जो कुछ तू ज़मीन पर खोले गा वो आसमान पर खुलेगा।”
১৯মই তোমাক স্বৰ্গৰাজ্যৰ চাবিবোৰ দিম, তাতে তুমি এই পৃথিৱীত যিহকে বান্ধিবা, সেয়ে স্বৰ্গতো বান্ধি ৰখা হ’ব; আৰু তুমি পৃথিৱীত যিহকে মুকলি কৰিবা, সেয়ে স্বৰ্গতো মুকলি হবলৈ দিয়া হ’ব।”
20 उस वक़्त उसने शागिर्दों को हुक्म दिया कि किसी को न बताना कि मैं मसीह हूँ।
২০তেতিয়া যীচুৱে শিষ্য সকলক এই আজ্ঞা দিলে, তেওঁলোকে যাতে কাকো নকয় যে তেৱেঁই “খ্রীষ্ট, অৰ্থাৎ অভিষিক্ত জন”।
21 उस वक़्त से ईसा अपने शागिर्दों पर ज़ाहिर करने लगा “कि उसे ज़रूर है कि येरूशलेम को जाए और बुज़ुर्गों और सरदार काहिनों और आलिमों की तरफ़ से बहुत दु: ख उठाए; और क़त्ल किया जाए और तीसरे दिन जी उठे।”
২১সেই সময়ৰ পৰা যীচুৱে তেওঁৰ শিষ্য সকলক জনাবলৈ ধৰিলে যে, তেওঁ অৱশ্যেই যিৰূচালেমলৈ যাব লাগিব, আৰু তাত পৰিচাৰক, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ পৰা অনেক দুখভোগ পাই মৃত্যুভোগ কৰি তিন দিনৰ দিনা পুনৰায় উঠিব লাগিব।
22 इस पर पतरस उसको अलग ले जाकर मलामत करने लगा “ऐ ख़ुदावन्द, ख़ुदा न करे ये तुझ पर हरगिज़ नहीं आने का।”
২২তেতিয়া পিতৰে তেওঁক একাষলৈ নি অনুযোগ কৰি ক’লে “হে প্ৰভু, ই আপোনাৰ পৰা দূৰ হওক! আপোনাৰ প্ৰতি কেতিয়াও এনে নঘটক।”
23 उसने फिर कर पतरस से कहा, “ऐ शैतान, मेरे सामने से दूर हो! तू मेरे लिए ठोकर का बा'इस है; क्यूँकि तू ख़ुदा की बातों का नहीं बल्कि आदमियों की बातों का ख़याल रखता है।”
২৩কিন্তু যীচুৱে পিতৰৰ ফালে ঘূৰি চাই তেওঁ ক’লে, “মোৰ আগৰ পৰা দূৰ হ চয়তান; তই মোৰ পথৰ বিঘিনি স্বৰূপ, তই ঈশ্বৰৰ কথা নাভাবি, মানুহৰ কথাহে ভাবিছ।”
24 उस वक़्त ईसा ने अपने शागिर्दों से कहा, “अगर कोई मेरे पीछे आना चाहे तो अपने आपका इन्कार करे; अपनी सलीब उठाए और मेरे पीछे हो ले।
২৪তাৰ পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেনেহলে তেওঁ নিজকে অস্বীকাৰ কৰক আৰু নিজৰ ক্ৰুচ তুলি লৈ, মোক অনুসৰণ কৰক।
25 क्यूँकि जो कोई अपनी जान बचाना चाहे उसे खोएगा; और जो कोई मेरी ख़ातिर अपनी जान खोएगा उसे पाएगा।
২৫কিয়নো যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন হেৰুৱায়, তেওঁ সেই জীৱন পাব।
26 अगर आदमी सारी दुनिया हासिल करे और अपनी जान का नुक़्सान उठाए तो उसे क्या फ़ाइदा होगा?
২৬কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো যদি নিজৰ জীৱনকে হানি কৰে, তেনেহলে তেওঁৰ কি লাভ? মানুহে নিজৰ প্ৰাণৰ সলনি কি দিব পাৰে?
27 क्यूँकि इब्न — ए — आदम अपने बाप के जलाल में अपने फ़रिश्तों के साथ आएगा; उस वक़्त हर एक को उसके कामों के मुताबिक़ बदला देगा।
২৭কিয়নো মানুহৰ পুত্ৰই নিজৰ পিতৃৰ প্ৰতাপেৰে স্বর্গৰ দূত সকলক লগত লৈ আহিব৷ তেতিয়া তেওঁ প্ৰতিজনক নিজৰ কৰ্ম অনুসাৰে ফল দিব।”
28 मैं तुम से सच कहता हूँ कि जो यहाँ खड़े हैं उन में से कुछ ऐसे हैं कि जब तक इब्न — ए — आदम को उसकी बादशाही में आते हुए न देख लेंगे; मौत का मज़ा हरगिज़ न चखेंगे।”
২৮মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকৰ মাজত এনে কিছুমান লোক ইয়াত থিয় হৈ আছে, যি সকলে মানুহৰ পুত্ৰক নিজৰ ৰাজ্যলৈ অহা নেদেখা পর্যন্ত মৃত্যুভোগ নকৰে।”