< अह 12 >

1 और ख़ुदावन्द ने मूसा से कहा,
পাছত যিহোৱাই মোচিক ক’লে,
2 “बनी — इस्राईल से कह कि अगर कोई 'औरत हामिला हो, और उसके लड़का हो तो वह सात दिन तक नापाक रहेगी; जैसे हैज़ के दिनों में रहती है।
“তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা বোলে, ‘কোনো এগৰাকী মহিলাই প্ৰসৱ কৰিলে, যদি তাইৰ ল’ৰা হয়, তেতিয়া তাই সাতদিন অশুচি হৈ থাকিব; তাইৰ মাহেকীয়া অশৌচৰ কালৰ দৰেই অশুচিতাৰ দৰেই তাই অশুচি হৈ থাকিব।
3 और आठवें दिन लड़के का ख़तना किया जाए।
পাছত অষ্টম দিনা ল’ৰাটিৰ লিঙ্গাগ্ৰ-চৰ্ম ছেদন কৰা হ’ব।
4 इसके बाद तैतीस दिन तक वह तहारत के ख़ून में रहे, और जब तक उसकी तहारत के दिन पूरे न हों तब तक न तो किसी पाक चीज़ को छुए और न हैकल में दाख़िल हो।
আৰু সেই মহিলা গৰাকীৰ ৰক্তস্ৰাৱৰ পৰা শুচি হ’বৰ অৰ্থে তাই তেত্ৰিশ দিন ৰখিব লাগিব; ৰক্তস্ৰাৱৰ অৱস্থাৰ পৰা শুচি নোহোৱালৈ তাই কোনো পবিত্ৰ বস্তু নুচুব আৰু ধৰ্মধামত নোসোমাব।
5 और अगर उसके लड़की हो तो वह दो हफ़्ते नापाक रहेगी, जैसे हैज़ के दिनों में रहती है। इसके बाद वह छियासठ दिन तक तहारत के ख़ून में रहे।
যদি তাইৰ ছোৱালী হয়, তেতিয়া তাইৰ মাহেকীয়া অশৌচৰ কালৰ দৰে দুসপ্তাহ অশুচি হৈ থাকিব; আৰু ৰক্তস্ৰাৱৰ পৰা শুচি হ’বৰ কাৰণে তাইক ছয়ষষ্টি দিন ৰখিব লাগিব।
6 'और जब उसकी तहारत के दिन पूरे हो जाएँ, तो चाहे उसके बेटा हुआ हो या बेटी, वह सोख़्तनी क़ुर्बानी के लिए एक यक — साला बर्रा, और ख़ता की क़ुर्बानी के लिए कबूतर का एक बच्चा या एक कुमरी ख़ेमा — ए — इजितमा'अ के दरवाज़े पर काहिन के पास लाए;
পাছত যেতিয়া তাইৰ ৰক্তস্ৰাৱৰ পৰা শুচি হোৱা দিনবোৰ পুৰ হ’ব, তেতিয়া তাইৰ ল’ৰা বা ছোৱালীৰ অৰ্থে তাই হোম-বলিৰ এটা এবছৰীয়া মেৰ-ছাগ পোৱালি, আৰু পাপাৰ্থক বলিৰ কাৰণে এটা পাৰ পোৱালি বা এটা কপৌ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ পুৰোহিতৰ ওচৰলৈ আনিব।
7 और काहिन उसे ख़ुदावन्द के सामने पेश करे और उसके लिए कफ़्फ़ारा दे। तब वह अपने जिरयान — ए — ख़ून से पाक ठहरेगी। जिस 'औरत के लड़का या लड़की हो उसके बारे में शरा' यह है।
তেতিয়া পুৰোহিত জনে যিহোৱাৰ সন্মুখত তাক উৎসৰ্গ কৰি, সেই মহিলা গৰাকীক প্ৰায়চিত্ত কৰিব; তেতিয়া তাই নিজ ৰক্তস্ৰাৱৰ পৰা শুচি হ’ব। ল’ৰা বা ছোৱালী প্ৰসৱ কৰা মহিলাসকলৰ কাৰণে এই নিয়ম।
8 और अगर उस को बर्रा लाने का मक़दूर न हो तो वह दो कुमरियाँ या कबूतर के दो बच्चे, एक सोख़्तनी क़ुर्बानी के लिए और दूसरा ख़ता की क़ुर्बानी के लिए लाए। यूँ काहिन उसके लिए कफ़्फ़ारा दे तो वह पाक ठहरेगी।”
যদি তাই মেৰ-ছাগ পোৱালি আনিবলৈ অসমৰ্থ হয়, তেতিয়া তাই দুটা কপৌ বা দুটা পাৰ পোৱালি লৈ, তাৰ এটা হোমৰ অৰ্থে, আনটো পাপাৰ্থক বলিৰ অৰ্থে দিব, আৰু পুৰোহিতে তাইক প্ৰায়চিত্ত কৰিব; তেতিয়া তাই শুচি হ’ব’।”

< अह 12 >