< हिज़ि 17 >
1 और ख़ुदावन्द का कलाम मुझ पर नाज़िल हुआ।
১যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2 “कि ऐ आदमज़ाद, एक पहेली निकाल और अहल — ए — इस्राईल से एक मिसाल बयान कर,
২“হে মনুষ্য সন্তান, তুমি ইস্ৰায়েল বংশৰ আগত এটা সাঁথৰ বাক্য প্ৰকাশ কৰা আৰু এটা দৃষ্টান্ত কোৱা।
3 और कह, ख़ुदावन्द ख़ुदा यूँ फ़रमाता है: एक बड़ा उक़ाब जो बड़े बाज़ू और लम्बे पर रखता था, अपने रंगा — रंग के बाल — ओ — पर में छिपा हुआ लुबनान में आया, और उसने देवदार की चोटी तोड़ ली।
৩তুমি কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: “ডাঙৰ ডেউকা থকা আৰু ডেউকাত দীঘল পাখি থকা এটা ডাঙৰ ঈগল পক্ষীয়ে, আৰু যি নানা বৰণৰ পাখিৰে ভৰা, সি লিবানোনলৈ আহি এৰচ গছজোপাৰ ওপৰত আহি বহিল।
4 वह सब से ऊँची डाली तोड़ कर सौदागरी के मुल्क में ले गया, और सौदागरों के शहर में उसे लगाया।
৪সি সেই গছৰ আটাইতকৈ ওপৰত থকা আগডালদোখৰ ছিঙি বাণিজ্য দেশলৈ লৈ গ’ল। সি বেপাৰীসকলৰ নগৰত তাক ৰুই হ’ল।
5 और वह उस सर — ज़मीन में से बीज ले गया और उसे ज़रखेज़ ज़मीन में बोया; उसने उसे आब — ए — फ़िरावाँ के किनारे, बेद के दरख़्त की तरह लगाया।
৫সি সেই দেশৰ মাজৰ গুটিবোৰৰ পৰা এটি গুটি লৈ উৰ্ব্বৰা মাটিত ৰুলে। সি বিজল সমূহৰ কাষত তাক থলে; সি বাইশী গছৰ দৰে তাক ৰুলে।
6 और वह उगा और अंगूर का एक पस्त — क़द शाख़दार दरख़्त हो गया और उसकी शाख़ें उसकी तरफ़ झुकी थीं, और उसकी जड़ें उसके नीचे थीं, चुनाँचे वह अँगूर का एक दरख़्त हुआ; उसकी शाख़ें निकलीं और उसकी कोपलें बढ़ीं
৬তেতিয়া সেয়ে গজি বাঢ়ি, মাটিৰ তললৈ ব্যাপি যোৱা এক দ্ৰাক্ষালতা হ’ল। তাৰ ডালবোৰে সেই ঈগল পক্ষীৰ ফালে মুখ কৰিছিল আৰু শিপাবোৰ তাৰ তলত গজিছিল। সেয়ে এইদৰে দ্ৰাক্ষালতা হৈ ডালবোৰ উৎপন্ন হ’ল আৰু পোখাবোৰ মেলিলে।
7 'और एक और बड़ा 'उक़ाब था, जिसके बाज़ू बड़े बड़े और पर — ओ — बाल बहुत थे, और इस ताक ने अपनी जड़ें उसकी तरफ़ झुकाई और अपनी क्यारियों से अपनी शाख़ें उसकी तरफ़ बढ़ईं ताकि वह उसे सींचे।
৭কিন্তু বহুত পাখি আৰু ডাঙৰ ডেউকা থকা আন এটা ঈগল পক্ষী আছিল। আৰু চোৱা! এই দ্ৰাক্ষালতাৰ শিপাবোৰে নিজকে সেই ঈগল পক্ষীটোৰ ফালে শিপা মেলিলে, আৰু যি ভেটিটোত ৰোৱা হৈছিল, সেই ঠাইৰ পৰা সি পানী দিবৰ বাবে তাৰ ফালে ডালবোৰ বিয়পি গ’ল।
8 यह आब — ए — फ़िरावाँ के किनारे ज़रखेज़ ज़मीन में लगाई गई थी, ताकि उसकी शाख़ें निकलें और इसमें फल लगें और यह नफ़ीस ताक हो।
৮সেয়ে বহু জল সমূহৰ কাষত আৰু উৰ্ব্বৰা মাটিত তাক ৰোৱা হৈছিল। যাতে সেয়ে ডাল মেলিব আৰু ফল উৎপন্ন কৰি এখন উত্তম দ্ৰাক্ষালতা হ’ব’!”
9 तू कह, ख़ुदावन्द ख़ुदा यूँ फ़रमाता है: कि क्या यह कामयाब होगी? क्या वह इसको उखाड़ न डालेगा और इसका फल न तोड़ डालेगा कि यह ख़ुश्क हो जाए, और इसके सब ताज़ा पत्ते मुरझा जाएँ? इसे जड़ से उखाड़ने के लिए बहुत ताक़त और बहुत से आदमियों की ज़रूरत न होगी।
৯তুমি লোকসকলক কোৱা: ‘প্ৰভু যিহোৱাই এই কথা কৈছে: সেয়ে উন্নতি লাভ কৰিব নে? তেওঁ জানো তাৰ শিপাবোৰ উঘালি নল’ব নে বা তাৰ ফলবোৰ ছিঙি নল’ব নে যাতে তাৰ নতুনকৈ ওলোৱা আটাই পাতবোৰ শুকাই লেৰেলা হৈ পৰে? তাৰ শিপা উঘালিবলৈ অধিক বল কি আনকি অনেক মানুহ নালাগিব।
10 देख, यह लगाई तो गई, पर क्या यह कामयाब होगी? क्या यह पूरबी हवा लगते ही बिल्कुल सूख न जाएगी? यह अपनी क्यारियों ही में पज़मुर्दा हो जाएगी।”
১০সেই কাৰণে চোৱা! সেয়ে আকৌ ৰোৱাৰ পাছত তাৰ উন্নতি হ’ব নে? পূৱৰ বতাহ তাত লগা মাত্ৰে সেয়ে একেবাৰে শুকাই নাজাব নে? সেয়ে তাৰ গজা ভেটিতে সম্পূৰ্ণৰূপে শুকাই যাব’।”
11 और ख़ुदावन्द का कलाम मुझ पर नाज़िल हुआ
১১তাৰ পাছত যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
12 इस बाग़ी ख़ान्दान से कह, क्या तुम इन बातों का मतलब नहीं जानते? इनसे कह, देखो, शाह — ए — बाबुल ने येरूशलेम पर चढ़ाई की और उसके बादशाह को और उसके 'हाकिमों को ग़ुलाम करके अपने साथ बाबुल को ले गया।
১২“তুমি সেই বিদ্ৰোহী বংশক কোৱা: ‘এইবোৰৰ অৰ্থ কি, সেই বিষয়ে তোমালোকে নাজানা নে? চোৱা! বাবিলৰ ৰজাই যিৰূচালেমলৈ আহি তাৰ ৰজাৰ সৈতে তাৰ বিষয়াসকলক ধৰি বাবিললৈ নিজৰ ঠাইলৈ লৈ আনিলে।
13 और उसने शाही नसल में से एक को लिया और उसके साथ 'अहद बाँधा और उससे क़सम ली और मुल्क के उहदे दारों को भी ले गया,
১৩তাৰ পাছত তেওঁ ৰাজবংশীয় এজনক ল’লে আৰু তেওঁৰ লগত এটি নিয়ম স্থাপন কৰিলে।
14 ताकि वह मम्लकत पस्त हो जाए और फिर सिर न उठा सके, बल्कि उसके 'अहद को क़ायम रखने से क़ायम रहे।
১৪ৰাজ্যখন যেন সামান্য হয় আৰু নিজকে যেন বৰ বুলি নামানে আৰু তেওঁৰ নিয়মটি পালন কৰিলে হে দেশখন স্থিৰেৰে থাকিব পাৰিব, সেই কাৰণে তেওঁ দেশৰ বীৰ সকলক আঁটৰাই লৈ গ’ল।
15 लेकिन उसने बहुत से आदमी और घोड़े लेने के लिए मिस्र में क़ासिद भेज कर उससे शरकशी की क्या वह कामयाब होगा क्या ऐसे काम करने वाला बच सकता है क्या वह 'अहद शिकनी करके बच जाएगा।
১৫কিন্তু যিৰূচালেমৰ ৰজাই মিচৰীয়াসকলৰ পৰা ঘোঁৰা আৰু অনেক মানুহ পাবৰ কাৰণে মিচৰলৈ নিজ দূতবোৰক পঠিয়াই দিলে আৰু তেওঁৰ অহিতে বিদ্ৰোহ কৰিলে। তেওঁ উন্নতি লাভ কৰিব নে? এনে কৰ্ম কৰা জনে জানো ৰক্ষা পাব? তেওঁ যদি এই নিয়মটি ভাঙে, তেওঁ ৰক্ষা পাব নে?
16 ख़ुदावन्द ख़ुदा फ़रमाता है, मुझे अपनी हयात की क़सम, वह उसी जगह जहाँ उस बादशाह का घर है जिसने उसे बादशाह बनाया और जिसकी क़सम को उसने बेकार जाना और जिसका 'अहद उसने तोड़ा, या'नी बाबुल में उसी के पास मरेगा।
১৬‘মোৰ জীৱনৰ শপত, প্ৰভু যিহোৱাই কৈছে - যি ৰজাই তেওঁ নিজ থকা ঠাইত তেওঁক ৰজা পাতিলে, যাৰ শপত তেওঁ তুচ্ছ কৰিলে আৰু যাৰ নিয়মটি তেওঁ ভাঙিলে, বাবিলৰ মাজত তেওঁৰ তাতেই মৃত্যু হ’ব।
17 और फ़िर'औन अपने बड़े लश्कर और बहुत से लोगों को लेकर लड़ाई में उसके साथ शरीक न होगा, जब दमदमा बाँधते हों और बुर्ज बनाते हों कि बहुत से लोगों को क़त्ल करें।
১৭অনেক লোকক বধ কৰিবলৈ হাদাম বান্ধা আৰু কোঁঠ সজা সময়ত, ফৰৌণেও তেওঁৰ পৰাক্ৰমী সৈন্য-সামন্ত আৰু মহাদলৰ সৈতে ৰণত তেওঁক ৰক্ষা কৰিবলৈ নোৱাৰিব।
18 चूँकि उसने क़सम को बेकार जाना और उस 'अहद को तोड़ा, और हाथ पर हाथ मार कर भी यह सब कुछ किया, इसलिए वह बच न सकेगा।
১৮কিয়নো ৰজাই নিয়মটি ভাঙি শপতটো তুচ্ছ কৰিলে; চোৱা, তেওঁ হাতযোৰ কৰি শপত লোৱাৰ পাছতো, এই আটাই কাৰ্য কৰিলে; তেওঁ ৰক্ষা নাপাব।
19 इसलिए ख़ुदावन्द ख़ुदा यूँ फ़रमाता है: कि मुझे अपनी हयात की क़सम वह मेरी ही क़सम है, जिसको उसने बेकार जाना और वह मेरा ही 'अहद है जो उसने तोड़ा; मैं ज़रूर यह उसके सिर पर लाऊँगा।
১৯এই কাৰণে ‘প্ৰভু যিহোৱাই এই কথা কৈছে - ‘মোৰ জীৱনৰ শপত, মোৰ শপত আৰু তেওঁ ভঙা মোৰ নিয়মটিৰ তুচ্ছ কৰা নাছিল নে? এই কাৰণে তেওঁ পাবলগীয়া শাস্তি মই তেওঁৰ ওপৰত ফলিওৱাম।
20 और मैं अपना जाल उस पर फैलाऊँगा और वह मेरे फन्दे में पकड़ा जाएगा, और मैं उसे बाबुल को ले आऊँगा, और जो मेरा गुनाह उसने किया है उसके बारे मैं वहाँ उससे हुज्जत करूँगा।
২০মই তেওঁৰ ওপৰত মোৰ জাল মেলিম আৰু তেওঁ মোৰ ফান্দত ধৰা পৰিব। তেতিয়া মই তেওঁক বাবিললৈ নি তেওঁ মোৰ অহিতে কৰা তেওঁৰ অপৰাধৰ কাৰণে সেই ঠাইত তেওঁৰ ওপৰত গোচৰ কৰিম।
21 और उसके लश्कर के सब फ़रारी तलवार से क़त्ल होंगे, और जो बच रहेंगे वह चारों तरफ़ तितर बितर हो जाएँगे; और तुम जानोगे कि मैं ख़ुदावन्द ने यह फ़रमाया है।
২১তেতিয়া তেওঁৰ সকলো দলৰ আটাই আশ্রয়প্রাৰ্থী সকল তৰোৱালত মৰা পৰিব আৰু অৱশিষ্ট থকা সকলোকে চাৰিওফালে বায়ুত উড়ুৱাই নিয়া হ’ব; তেতিয়া মই যিহোৱায়েই যে এই কথা ক’লোঁ, সেই বিষয়ে তোমালোকে জানিবা।”
22 ख़ुदावन्द ख़ुदा फ़रमाता है: “मैं भी देवदार की बुलन्द चोटी लूँगा और उसे लगाऊँगा, फिर उसकी नर्म शाख़ों में से एक कोंपल काट लूँगा और उसे एक ऊँचे और बुलन्द पहाड़ पर लगाऊँगा।
২২প্ৰভু যিহোৱাই এই কথা কৈছে: “ময়েই এৰচ গছজোপাৰ ওখত থকা আগডোখৰৰ এটা ডাল লৈ তাক ৰোম; এনে কি, সকলোতকৈ ওপৰত থকা তাৰ পোখাবোৰৰ মাজৰ পৰাই মই এটি পোখা ছিঙি এখন ওখ আৰু উন্নত পৰ্ব্বতত ৰোম!
23 मैं उसे इस्राईल के ऊँचे पहाड़ पर लगाऊँगा, और वह शाख़ें निकालेगा और फल लाएगा और 'आलीशान देवदार होगा। और हर क़िस्म के परिन्दे उसके नीचे बसेंगे, वह उसकी डालियों के साये में बसेरा करेंगे।
২৩ইস্ৰায়েলৰ ওখ পৰ্ব্বতখনতেই মই তাক ৰুম; তেতিয়া সি ডাল মেলিব আৰু ফল ধৰি এজোপা উত্তম এৰচ গছ হ’ব; যাতে সকলো বিধৰ চৰাইয়ে তাৰ তলত বাস কৰিব আৰু তাৰ ডালবোৰৰ ছাঁত সিহঁতে বাস কৰিব।
24 और मैदान के सब दरख़्त जानेंगे कि मैं ख़ुदावन्द ने बड़े दरख़्त को पस्त किया और छोटे दरख़्त को बुलन्द किया; हरे दरख़्त को सुखा दिया और सूखे दरख़्त को हरा किया; मैं ख़ुदावन्द ने फ़रमाया और कर दिखाया।”
২৪তেতিয়া মই যে যিহোৱা সেই বিষয়ে পথাৰত থকা সকলো গছবোৰে জানিব। মই ওখ গছজোপা চাপৰ, চাপৰ গছজোপা ওখ কৰোঁ; মই কেঁচাপতীয়া গছজোপা শুকান আৰু শুকান গছজোপা জকমকীয়া কৰোঁ! মই যিহোৱা; এই কথা ঘোষণা কৰিলোঁ আৰু ইয়াক সিদ্ধও কৰিলোঁ!”