< इफिसियों 1 >
1 पौलुस की तरफ़ से जो ख़ुदा की मर्ज़ी से ईसा मसीह का रसूल है, उन मुक़द्दसों के नाम ख़त जो इफ़िसुस शहर में हैं और ईसा मसीह 'में ईमान्दार हैं:
১মই পৌল, ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীচুৰ নিযুক্ত এজন পাঁচনি। ইফিচত থকা ঈশ্বৰৰ আৰু খ্ৰীষ্ট যীচুত বিশ্বাস কৰা পবিত্ৰ লোক সকলৰ সমীপলৈ;
2 हमारे बाप ख़ुदा और ख़ुदावन्द ईसा मसीह की तरफ़ से तुम्हें फ़ज़ल और इत्मीनान हासिल होता रहे।
২আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টই আপোনালোকক অনুগ্ৰহ আৰু শান্তি দান কৰক।
3 हमारे ख़ुदावन्द ईसा मसीह के ख़ुदा और बाप की हम्द हो, जिसने हम को मसीह में आसमानी मुक़ामों पर हर तरह की रूहानी बर्क़त बख़्शी।
৩আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰৰ প্রশংসা হওক। তেওঁ স্বর্গীয় ঠাইবোৰত থকা সকলো আত্মিক আশীর্বাদেৰে সৈতে খ্রীষ্টত আমাক আশীর্বাদ কৰিলে।
4 चुनाँचे उसने हम को दुनियाँ बनाने से पहले उसमें चुन लिया, ताकि हम उसके नज़दीक मुहब्बत में पाक और बे'ऐब हों!
৪জগত সৃষ্টিৰ পূর্বতে ঈশ্বৰে খ্রীষ্টত বিশ্বাস কৰা সকলক মনোনীত কৰিলে। আমি যেন ঈশ্বৰৰ দৃষ্টিত পবিত্ৰ আৰু নিষ্কলঙ্ক হওঁ, এই কাৰণে তেওঁ আমাক মনোনীত কৰিলে।
5 ख़ुदा अपनी मर्ज़ी के नेक इरादे के मुवाफ़िक़ हमें अपने लिए पहले से मुक़र्रर किया कि ईसा मसीह के वसीले से ख़ुदा लेपालक बेटे हों,
৫ঈশ্বৰে প্রেমৰ দ্বাৰাই পূর্বৰে পৰা আমাক যীচু খ্রীষ্টৰ মাধ্যমেদি নিজৰ তোলনীয়া সন্তান ৰূপে নিৰূপণ কৰিলে। এই কার্য ঈশ্বৰে আনন্দেৰে নিজৰ মনোবাঞ্ছাৰে সম্পন্ন কৰিলে।
6 ताकि उसके उस फ़ज़ल के जलाल की सिताइश हो जो हमें उस 'अज़ीज़ में मुफ़्त बख़्शा।
৬ঈশ্বৰে এই সকলো কৰিলে, যাতে তেওঁৰ প্ৰিয় যীচু খ্রীষ্টত আমাক যি অনুগ্ৰহ বিনামূল্যে দান কৰিলে, সেই গৌৰৱময় অনুগ্ৰহৰ প্ৰশংসা হয়।
7 हम को उसमें 'ईसा के ख़ून के वसीले से मख़लसी, या'नी क़ुसूरों की मु'आफ़ी उसके उस फ़ज़ल की दौलत के मुवाफ़िक़ हासिल है,
৭কিয়নো ঈশ্বৰৰ সেই প্ৰিয়জনত, তেওঁৰ তেজৰ দ্বাৰা আমি মুক্তি পালোঁ; তেওঁৰ উপচি পৰা অনুগ্রহৰ দ্বাৰা আমি পাপৰ ক্ষমা পালোঁ।
8 जो ख़ुदा ने हर तरह की हिक्मत और दानाई के साथ कसरत से हम पर नाज़िल किया
৮সেই অনুগ্ৰহ তেওঁ আমালৈ সকলো জ্ঞান আৰু বুদ্ধিত উপচাই দিলে।
9 चुनाँचे उसने अपनी मर्ज़ी के राज़ को अपने उस नेक इरादे के मुवाफ़िक़ हम पर ज़ाहिर किया, जिसे अपने में ठहरा लिया था
৯খ্রীষ্টত কার্য সম্পন্ন কৰাৰ পৰিকল্পনাৰে ঈশ্বৰে নিজ ইচ্ছা অনুসাৰে তেওঁৰ পৰিকল্পনাৰ গোপনীয়তা আমাৰ আগত প্রকাশ কৰিলে।
10 ताकि ज़मानो के पूरे होने का ऐसा इन्तिज़ाम हो कि मसीह में सब चीज़ों का मजमू'आ हो जाए, चाहे वो आसमान की हों चाहे ज़मीन की।
১০ঈশ্বৰে স্থিৰ কৰি ৰাখিছিলে যে নিৰূপিত সময় পূর্ণ হলে পৰিকল্পনাৰ কার্য-সাধনৰ অর্থে তেওঁ স্বৰ্গত আৰু পৃথিৱীত থকা সকলোকে মিলন কৰাই খ্ৰীষ্টৰ অধীনলৈ আনিব।
11 उसी में हम भी उसके इरादे के मुवाफ़िक़ जो अपनी मर्ज़ी की मसलेहत से सब कुछ करता है, पहले से मुक़र्रर होकर मीरास बने।
১১ঈশ্বৰে নিজৰ ইচ্ছাৰ মন্ত্রণা অনুসাৰে সকলো কার্য সাধন কৰে। তেওঁৰ পৰিকল্পনাৰ দৰে আগেয়ে যি যি স্থিৰ কৰি ৰাখিছিল, সেইদৰেই তেওঁ আমাক খ্রীষ্টত মনোনীত কৰি ললে।
12 ताकि हम जो पहले से मसीह की उम्मीद में थे, उसके जलाल की सिताइश का ज़रिया हो
১২আমি যি সকলে আগেয়ে খ্ৰীষ্টত আশা ৰাখিছো, সেই সকলৰ পৰাই যেন তেওঁৰ মহিমাৰ প্ৰশংসা হয়, সেই বাবেই তেওঁ আমাক মনোনীত কৰি ললে।
13 और उसी में तुम पर भी, जब तुम ने कलाम — ए — हक़ को सुना जो तुम्हारी नजात की ख़ुशख़बरी है और उस पर ईमान लाए, वादा की हुई पाक रूह की मुहर लगी।
১৩আপোনালোকেও খ্রীষ্টতে সত্যৰ বাক্য, পৰিত্রাণ লাভৰ শুভবার্তা শুনি তেওঁত বিশ্বাস কৰিলে। আপোনালোকক উত্তৰাধিকাৰৰ অর্থে ঈশ্বৰৰ প্ৰতিজ্ঞাযুক্ত পবিত্ৰ আত্মাৰে মোহৰ মৰা হ’ল।
14 पाक रूह ही ख़ुदा की मिल्कियत की मख़लसी के लिए हमारी मीरास की पेशगी है, ताकि उसके जलाल की सिताइश हो।
১৪ঈশ্বৰে যি সকলো প্রতিজ্ঞা কৰিছে, সেই সকলো প্ৰতিজ্ঞা সম্পূর্ণকৈ প্রাপ্তি নোহোৱালৈকে সেই আত্মা আমাৰ উত্তৰাধিকাৰৰ বইনা স্বৰূপ হৈ আছে। এই সকলোবোৰৰ দ্বাৰাই ঈশ্বৰৰ মহিমাৰ প্রশংসা হব।
15 इस वजह से मैं भी उस ईमान का, जो तुम्हारे दरमियान ख़ुदावन्द ईसा' पर है और सब मुक़द्दसों पर ज़ाहिर है, हाल सुनकर।
১৫এই কাৰণে মই যেতিয়া প্ৰভু যীচুত আপোনালোকৰ বিশ্বাসৰ কথা আৰু ঈশ্বৰৰ মনোনীত পবিত্র লোক সকলৰ প্রতি আপোনালোকৰ প্ৰেমৰ কথা শুনিলো,
16 तुम्हारे ज़रिए शुक्र करने से बा'ज़ नहीं आता, और अपनी दु'आओं में तुम्हें याद किया करता हूँ।
১৬তেতিয়াৰে পৰা মই আপোনালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিবলৈ আৰু মোৰ প্ৰাৰ্থনা কালত আপোনালোকৰ নাম উল্লেখ কৰিবলৈ ৰখা নাই।
17 कि हमारे ख़ुदावन्द ईसा' मसीह का ख़ुदा जो जलाल का बाप है, तुम्हें अपनी पहचान में हिक्मत और मुक़ाशिफ़ा की रूह बख़्शे;
১৭মই এই প্রার্থনা কৰোঁ যে, আপোনালোকক আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ঈশ্বৰ অর্থাৎ সেই গৌৰৱময় পিতৃয়ে আত্মিক জ্ঞান দিয়ক আৰু তেওঁক বুজিবলৈ নিজৰ তত্ব-জ্ঞান প্রকাশ কৰক।
18 और तुम्हारे दिल की आँखें रौशन हो जाएँ ताकि तुम को मालूम हो कि उसके बुलाने से कैसी कुछ उम्मीद है, और उसकी मीरास के जलाल की दौलत मुक़द्दसों में कैसी कुछ है,
১৮ঈশ্বৰৰ আমন্ত্রণৰ যি আশা আৰু মনোনীত পবিত্র লোক সকলৰ মাজত তেওঁৰ যি উত্তৰাধিকাৰৰ প্ৰতাপৰূপ ধন, তাক আপোনালোকৰ হৃদয়ৰ ঐশ্বৰিক চকুৱে যেন দেখা পায়;
19 और हम ईमान लानेवालों के लिए उसकी बड़ी क़ुदरत क्या ही अज़ीम है। उसकी बड़ी क़ुव्वत की तासीर के मुवाफ़िक़,
১৯লগতে ঈশ্বৰৰ শক্তিৰ কার্যসাধক গুণ অনুসাৰে বিশ্বাস কৰা যি আমি, আমাৰ মাজত তেওঁৰ শক্তিৰ যি অতিৰিক্ত মহাশক্তিয়ে কার্য কৰিছে, সেই বিষয়েও যেন আপোনালোকে জানিব পাৰে।
20 जो उसने मसीह में की, जब उसे मुर्दों में से जिला कर अपनी दहनी तरफ़ आसमानी मुक़ामों पर बिठाया,
২০সেই মহাশক্তিৰেই তেওঁ মৃত লোকৰ মাজৰ পৰা খ্রীষ্টক তুলিলে আৰু নিজৰ সোঁ হাতে স্বর্গীয় ঠাইত বহুৱালে।
21 और हर तरह की हुकूमत और इख़्तियार और क़ुदरत और रियासत और हर एक नाम से बहुत ऊँचा किया, जो न सिर्फ़ इस जहान में बल्कि आनेवाले जहान में भी लिया जाएगा; (aiōn )
২১সকলো শাসন, ক্ষমতা, পৰাক্ৰম, আৰু প্ৰভুত্ব আদি কৰি যিমান নাম ইহলোক আৰু পৰলোকত উল্লেখ কৰা যায়, সেই সকলো নামৰ উর্দ্ধত খ্রীষ্টৰ নাম স্থাপিত হ’ল। (aiōn )
22 और सब कुछ उसके पाँव तले कर दिया; और उसको सब चीज़ों का सरदार बनाकर कलीसिया को दे दिया,
২২ঈশ্বৰে সকলোকে খ্রীষ্টৰ চৰণৰ তলত বশীভূত কৰিলে আৰু তেওঁকেই সকলোৰে মূৰ কৰি মণ্ডলীক দান কৰিলে;
23 ये 'ईसा का बदन है, और उसी की मा'मूरी जो हर तरह से सबका मा'मूर करने वाला है।
২৩সেই মণ্ডলী তেওঁৰ শৰীৰ; তেওঁৰ পৰিপূর্ণতাই সকলো বিষয় সকলো প্রকাৰে পূর্ণ কৰে।