< दानि 6 >
1 दारा को पसन्द आया कि ममलुकत पर एक सौ बीस नाज़िम मुक़र्रर करे, जो सारी ममलुकत पर हुकूमत करें।
১তাৰ পাছত দাৰিয়াবচে উচিত দেখি, গোটেই ৰাজ্যৰ ওপৰত এশ বিশ জন প্রাদেশিক অধ্যক্ষ নিযুক্ত কৰিলে।
2 और उन पर तीन वज़ीर हों जिनमें से एक दानीएल था, ताकि नाज़िम उनको हिसाब दें और बादशाह नुक़सान न उठाए।
২তেওঁলোকৰ ওপৰত তিনি জন প্রধান বিষয়া নিযুক্ত কৰিলে, আৰু তেওঁলোকৰ মাজত দানিয়েল এজন আছিল। ৰজাই যাতে কোনো প্রকাৰৰ ক্ষতি বহন কৰিবলগীয়া নহয় সেই বাবে এই প্রশাসক সকলৰ ওপৰত তত্ত্বাৱধান কৰিবলৈ প্রাদেশিক সকলক নিযুক্ত কৰিছিল।
3 और चूँकि दानीएल में फ़ाज़िल रूह थी, इसलिए वह उन वज़ीरों और नाज़िमों पर सबक़त ले गया और बादशाह ने चाहा कि उसे सारे मुल्क पर मुख़्तार ठहराए।
৩দানিয়েলৰ অন্তৰত অসাধাৰণ আত্মা থকাৰ বাবে তেওঁ আন প্ৰধান বিষয়াতকৈ আৰু প্রাদেশিক অধ্যক্ষতকৈ তেওঁ বিশিষ্ট আছিল; সেয়ে ৰজাই তেওঁক সমগ্র ৰাজ্যৰ ওপৰত নিযুক্ত কৰিবলৈ চিন্তা কৰিলে।
4 तब उन वज़ीरों और नाज़िमों ने चाहा कि हाकिमदारी में दानीएल पर कु़सूर साबित करें, लेकिन वह कोई मौक़ा' या कु़सूर न पा सके, क्यूँकि वह ईमानदार था और उसमें कोई ख़ता या बुराई न थी।
৪তাৰ পাছত আন প্ৰধান বিষয়া আৰু প্রাদেশিক অধ্যক্ষসকলে, ৰাজ্যৰ বাবে কৰা কাৰ্যবোৰত দানিয়েলৰ ভুল বিচাৰিলে, কিন্তু তেওঁ বিশ্বাসী হোৱাৰ বাবে তেওঁৰ কাৰ্যত কোনো দুৰ্নীতি বা দোষ পোৱা নগ’ল; তেওঁত কোনো ভুল বা অৱহেলা পোৱা নগ’ল।
5 तब उन्होंने कहा, कि “हम इस दानीएल को उसके ख़ुदा की शरी'अत के अलावा किसी और बात में कु़सूरवार न पाएँगे।”
৫তেতিয়া সেই লোকসকলে ক’লে, “আমি এই দানিয়েলৰ বিৰুদ্ধে অভিযোগ কৰিবলৈ কোনো বিষয় বিচাৰি নাপালোঁ। তেওঁৰ ঈশ্বৰৰ বিধানৰ বিষয়ে ভুল বিচাৰি নাপোৱালৈকে, আমি তেওঁৰ বিৰুদ্ধে আন কোনো ভুল বিচাৰি নাপাম।
6 इसलिए यह वज़ीर और नाज़िम बादशाह के सामने जमा' हुए और उससे इस तरह कहने लगे, कि “ऐ दारा बादशाह, हमेशा तक जीता रह!
৬তাৰ পাছত সেই বিষয়া আৰু অধ্যক্ষসকলে ৰজাৰ আগত এটা পৰিকল্পনাৰ কথা আনিলে, “মহাৰাজ দাৰিয়াবচ, চিৰজীৱি হওক!
7 ममलुकत के तमाम वज़ीरों और हाकिमों और नाज़िमों और सलाहकारों और सरदारों ने एक साथ मशवरा किया है कि एक ख़ुस्रवाना तरीक़ा मुक़र्रर करें, और एक इम्तिनाई फ़रमान जारी करें, ताकि ऐ बादशाह, तीस रोज़ तक जो कोई तेरे अलावा किसी मा'बूद या आदमी से कोई दरख़्वास्त करे, शेरों की माँद में डाल दिया जाए।
৭হে মহাৰাজ, ৰাজ্যৰ সকলো প্ৰধান বিষয়া, আঞ্চলিক অধ্যক্ষ, প্রাদেশিক অধ্যক্ষ, পৰামৰ্শদাতা, আৰু দেশাধক্ষ্যসকলে একেলগে আমি আলোচনা কৰিছোঁ আৰু সিদ্ধান্ত লৈছোঁ যে, মহাৰাজে এটা আজ্ঞা জাৰি কৰি তাক পালন কৰিবলৈ জোৰ দিয়া উচিত; সেয়ে এই যে, হে মহাৰাজ, যি কোনো মানুহে ত্ৰিশ দিনৰ বাবে আপোনাৰ বাহিৰে আন কোনো দেৱতা বা মানুহৰ আগত প্ৰাৰ্থনা কৰে, সেই জনক সিংহৰ গাতত পেলোৱা হ’ব।
8 अब ऐ बादशाह, इस फ़रमान को क़ायम कर और लिखे हुए पर दस्तख़त कर, ताकि तब्दील न हो जैसे मादियों और फ़ारसियों के तौर तरीक़े जो तब्दील नहीं होते।”
৮এতিয়া মহাৰাজ এই আজ্ঞা জাৰি কৰক, আৰু এই নথি-পত্রত চহী কৰক; যাতে মাদীয়া ও পাৰসীকসকলৰ বিধানৰ দ্বাৰাই পৰিচালিত হৈ এই আজ্ঞা সলনি নহয়।
9 तब दारा बदशाह ने उस लिखे हुए और फ़रमान पर दस्तख़त कर दिए।
৯সেয়ে ৰজা দাৰিয়াবচে নথী-পত্রত চহী কৰি সেই ৰাজ আজ্ঞা বিধানত সন্নিবিষ্ট কৰিলে।
10 और जब दानीएल ने मा'लूम किया कि उस लिखे हुए पर दस्तख़त हो गए, तो अपने घर में आया और उसकी कोठरी का दरीचा येरूशलेम की तरफ़ खुला था, वह दिन में तीन मरतबा हमेशा की तरह घुटने टेक कर ख़ुदा के सामने दुआ और उसकी शुक्रगुज़ारी करता रहा।
১০যেতিয়া দানিয়েলে সেই বিধানৰ নথী-পত্ৰ চহী হোৱা বুলি জানিলে, তেতিয়া তেওঁ নিজৰ ঘৰলৈ গল; সেই সময়ত তেওঁৰ ওপৰ-কোঁঠালিৰ খিড়িকিবোৰ যিৰূচালেমৰ ফালে খোলা আছিল, আৰু তেওঁ আগেয়ে দিনটোত তিনিবাৰ আঁঠু কাঢ়ি নিজৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰাৰ দৰেই তেওঁ প্রাৰ্থনা কৰিলে আৰু ধন্যবাদ দিলে।
11 तब यह लोग जमा' हुए और देखा कि दानीएल अपने ख़ुदा के सामने दुआ और इल्तिमास कर रहा है।
১১তেতিয়া যিসকল লোকে একলগ হৈ ষড়যন্ত্র কৰিছিল, তেওঁলোকে আহি দানিয়েলক তেওঁৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা আৰু সহায় বিচাৰি অনুৰোধ কৰি থকা দেখা পালে।
12 तब उन्होंने बादशाह के पास आकर उसके सामने उसके फ़रमान का यूँ ज़िक्र किया, कि “ऐ बादशाह, क्या तूने इस फ़रमान पर दस्तख़त नहीं किए, कि तीस रोज़ तक जो कोई तेरे अलावा किसी मा'बूद या आदमी से कोई दरख़्वास्त करे, शेरों की मान्द में डाल दिया जाएगा? बादशाह ने जवाब दिया, मादियों और फ़ारसियों के ना बदलने वाले तौर तरीक़े के मुताबिक़ यह बात सच है।”
১২তাৰ পাছত তেওঁলোকে ৰজাৰ ওচৰলৈ গ’ল আৰু তেওঁৰ আজ্ঞাৰ বিষয়ে ক’লে, “হে মহাৰাজ, যি কোনো মানুহে ত্ৰিশদিনলৈকে আপোনাৰ বাহিৰে আন কোনো দেৱতা বা মানুহৰ আগত প্ৰাৰ্থনা কৰিব, তেওঁক সিংহৰ গাতত পেলোৱা যাব, এনে আজ্ঞা আপুনি দিয়া নাছিল নে?” ৰজাই উত্তৰ দিলে, হয়, মাদীয়া আৰু পাৰসীসকলৰ বিধানৰ অনুসাৰে সেই কথা স্থিৰ কৰা হৈছিল; এই আজ্ঞা সলনি কৰা নহব।”
13 तब उन्होंने बादशाह के सामने 'अर्ज़ किया, कि “ऐ बादशाह, यह दानीएल जो यहूदाह के ग़ुलामों में से है, न तेरी परवा करता है और न उस इम्तिनाई फ़रमान को जिस पर तूने दस्तख़त किए हैं काम में लाता है, बल्कि हर रोज़ तीन बार दुआ करता है।”
১৩তেতিয়া তেওঁলোকে ৰজাৰ আগত উত্তৰ দি ক’লে, “হে মহাৰাজ, দেশান্তৰিত যিহুদীসকলৰ মাজত যি দানিয়েল, তেওঁ আপোনাক, বা আপুনি চহী কৰা আজ্ঞাক নামানে। তেওঁ নিজৰ ঈশ্বৰক প্ৰতিদিনে তিনিবাৰ প্ৰাৰ্থনা কৰে।”
14 जब बादशाह ने यह बातें सुनीं, तो निहायत रन्जीदा हुआ और उसने दिल में चाहा कि दानीएल को छुड़ाए, और सूरज डूबने तक उसके छुड़ाने में कोशिश करता रहा।
১৪ৰজাই সেই কথা শুনি, অতিশয় বেজাৰ পালে আৰু দানিয়েলক সেই নিয়মৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ চিন্তা কৰিলে। ৰজাই বেলি মাৰ নোযোৱালৈকে দানিয়েলক উদ্ধাৰ কৰিবলৈ অনেক চেষ্টা কৰিলে।
15 फिर यह लोग बादशाह के सामने जमा' हुए और बादशाह से कहने लगे, कि “ऐ बादशाह, तू समझ ले कि मादियों और फ़ारसियों के तौर तरीक़े यूँ हैं कि जो फ़रमान और क़ानून बादशाह मुक़र्रर करे कभी नहीं बदलता।”
১৫তাৰ পাছত যি লোকসকল একলগ হৈ ষড়যন্ত্র কৰিছিল, তেওঁলোক ৰজাৰ ওচৰলৈ গ’ল আৰু ক’লে, “হে মহাৰাজ, আপুনি জানে যে, ৰজাই জাৰি কৰা কোনো আজ্ঞা বা বিধি মাদীয়া আৰু পাৰসীয়াসকলৰ বিধান অনুসাৰে সলনি হ’ব নোৱাৰে।”
16 तब बादशाह ने हुक्म दिया, और वह दानीएल को लाए और शेरों की माँद में डाल दिया, पर बादशाह ने दानीएल से कहा, 'तेरा खुदा, जिसकी तू हमेशा इबादत करता है तुझे छुड़ाएगा।
১৬তেতিয়া ৰজাই আজ্ঞা দিয়াৰ দৰে দানিয়েলক সিংহৰ গাতত পেলোৱা হ’ল। ৰজাই দানিয়েলক ক’লে, “তুমি সদায় যি জনাৰ সেৱা কৰা, তোমাৰ সেই ঈশ্বৰে তোমাক ৰক্ষা কৰিব।”
17 और एक पत्थर लाकर उस माँद के मुँह पर रख दिया, और बादशाह ने अपनी और अपने अमीरों की मुहर उस पर कर दी, ताकि वह बात जो दानीएल के हक़ में ठहराई गई थी न बदले।
১৭তাৰ পাছত এটা শিল আনি গাতৰ মুখত দিয়া হ’ল; আৰু দানিয়েলৰ বিষয়ে কোনো কথা যেন সলনি নহয়, সেই বাবে ৰজাই নিজৰ আঙঠিৰ মোহৰেৰে, আৰু প্ৰধান লোকসকলৰ আঙঠিৰ মোহৰেৰে তাত ছাব মাৰিলে।
18 तब बादशाह अपने महल में गया और उसने सारी रात फ़ाक़ा किया, और मूसीक़ी के साज़ उसके सामने न लाए और उसकी नींद जाती रही।
১৮ৰজাই নিজৰ ৰাজ গৃহলৈ গ’ল, আৰু গোটেই ৰাতি লঘোনে থাকিলে। ৰজাৰ ওচৰলৈ কোনো বাদ্যযন্ত্ৰ আনিবলৈ দিয়া ন’হল, আৰু তেওঁৰ টোপনি নাহিল।
19 और बादशाह सुबह बहुत सवेरे उठा, और जल्दी से शेरों की माँद की तरफ़ चला।
১৯ৰজাই দোকমোকালিতে উঠি বেগাই সিংহৰ গাতৰ ওচৰলৈ গ’ল।
20 और जब माँद पर पहुँचा, तो ग़मनाक आवाज़ से दानीएल को पुकारा। बादशाह ने दानीएल को ख़िताब करके कहा, ऐ दानीएल, ज़िन्दा ख़ुदा के बन्दे, क्या तेरा ख़ुदा जिसकी तू हमेशा इबादत करता है, क़ादिर हुआ कि तुझे शेरों से छुड़ाए?
২০তেওঁ গাতৰ ওচৰ পাই দুখেৰে দানিয়েলক মাতিলে। ৰজাই দানিয়েলক ক’লে, “হে জীৱন্ত ঈশ্বৰৰ দাস দানিয়েল, তুমি সদায় যি জনাক সেৱা কৰা, তোমাৰ সেই ঈশ্বৰে সিংহবোৰৰ পৰা তোমাক ৰক্ষা কৰিব পাৰিলে নে?”
21 तब दानीएल ने बादशाह से कहा, ऐ बादशाह, हमेशा तक जीता रह!
২১তেতিয়া দানিয়েলে ৰজাক ক’লে, “মহাৰাজ চিৰজীৱি হওক!
22 मेरे ख़ुदा ने अपने फ़रिश्ते को भेजा और शेरों के मुँह बन्द कर दिए, और उन्होंने मुझे नुक़सान नहीं पहुँचाया क्यूँकि मैं उसके सामने बे — गुनाह साबित हुआ, और तेरे सामने भी ऐ बादशाह, मैने ख़ता नहीं की।
২২মোৰ ঈশ্বৰে তেওঁৰ দূত পঠাই সিংহবোৰৰ মুখ বন্ধ কৰিলে, আৰু সিহঁতে মোৰ অনিষ্ট কৰা নাই; কাৰণ তেওঁৰ সন্মুখত মোক নিৰ্দ্দোষী পালে; আৰু হে মহাৰাজ, আপোনাৰ সাক্ষাতেও মই কোনো দোষ কৰা নাই।”
23 इसलिए बादशाह निहायत ख़ुश हुआ और हुक्म दिया कि दानीएल को उस माँद से निकालें। तब दानीएल उस माँद से निकाला गया, और मा'लूम हुआ कि उसे कुछ नुक़सान नहीं पहुँचा, क्यूँकि उसने अपने ख़ुदा पर भरोसा किया था।
২৩তেতিয়া ৰজাই অতিশয় আনন্দিত হৈছিল। ৰজাই দানিয়েলক গাতৰ পৰা তুলিবলৈ আজ্ঞা দিলে, তাতে দানিয়েলক গাতৰ পৰা তোলা হ’ল। দানিয়েল নিজৰ ঈশ্বৰত বিশ্বাস কৰিছিল, সেয়ে তেওঁৰ গাত কোনো প্ৰকাৰৰ আঘাত পোৱা নগল।
24 और बादशाह ने हुक्म दिया और वह उन शख़्सों को जिन्होंने दानीएल की शिकायत की थी लाए, और उनके बच्चों और बीवियों के साथ उनको शेरों की मान्द में डाल दिया; और शेर उन पर ग़ालिब आए और इससे पहले कि मान्द की तह तक पहुँचें, शेरों ने उनकी सब हड्डियाँ तोड़ डालीं।
২৪ৰজাই আজ্ঞা দিয়াত, দানিয়েলৰ অহিতে অভিযোগ কৰা সকলৰ সৈতে তেওঁলোকৰ সন্তান সকল, আৰু ভাৰ্যা সকলক সিংহৰ গাতত পেলোৱা হ’ল। তাতে তেওঁলোক গাতৰ তলত নাপাওঁতেই সিংহবোৰে তেওঁলোকক আক্ৰমণ কৰি তেওঁলোকৰ হাড়বোৰ ভাঙি ডোখৰ ডোখৰ কৰিলে।
25 तब दारा बादशाह ने सब लोगों और क़ौमों और अहल — ए — ज़ुबान को जो इस ज़मीन पर बसते थे, ख़त लिखा: “तुम्हारी सलामती बढ़ती जाये!
২৫তেতিয়া ৰজা দাৰিয়াবচে গোটেই পৃথিৱীত বাস কৰা সকলো দেশৰ লোক, আৰু সকলো ভাষাৰ লোকলৈ এই পত্ৰ লিখিলে: “তোমালোকৰ মাজত শান্তি বৃদ্ধি হওক।
26 मैं यह फ़रमान जारी करता हूँ कि मेरी ममलुकत के हर एक सूबे के लोग, दानीएल के ख़ुदा के सामने डरते और काँपते हों क्यूँकि वही ज़िन्दा ख़ुदा है और हमेशा क़ायम है; और उसकी सल्तनत लाज़वाल है और उसकी ममलुकत हमेशा तक रहेगी।
২৬মই এই আজ্ঞা কৰিছোঁ যে, মোৰ ৰাজ্যৰ সকলো ঠাইৰ লোকসকলে দানিয়েলৰ ঈশ্বৰৰ সাক্ষাতে কম্পমান হওক; আৰু তেওঁক ভয় কৰক; কাৰণ তেওঁ জীৱন্ত ঈশ্বৰ, আৰু চিৰকাললৈকে থাকে; আৰু তেওঁৰ ৰাজ্য উচ্ছন্ন নহ’ব, তেওঁৰ ৰাজত্ব শেষলৈকে থাকিব।
27 वही छुड़ाता और बचाता है, और आसमान और ज़मीन में वही निशान और 'अजायब दिखाता है, उसीने दानीएल को शेरों के पंजों से छुड़ाया है।”
২৭তেওঁ আমাক সুৰক্ষিত কৰে, আৰু উদ্ধাৰ কৰে; স্বৰ্গ আৰু পৃথিৱীত, তেওঁ আচৰিত কাৰ্য কৰে; তেওঁ সিংহৰ শক্তিৰ পৰা দানিয়েলক ৰক্ষা কৰে।”
28 इसलिए यह दानीएल दारा की सल्तनत और ख़ोरस फ़ारसी की सल्तनत में कामयाब रहा।
২৮সেয়ে দাৰিয়াবচৰ আৰু পাৰস্যৰ কোৰচৰ ৰাজত্বৰ সময়ত দানিয়েলৰ উন্নতি হ’ল।