< 2 समु 2 >
1 और इसके बा’द ऐसा हुआ कि दाऊद ने ख़ुदावन्द से पूछा कि “क्या मैं यहूदाह के शहरों में से किसी में चला जाऊँ।” ख़ुदावन्द ने उस से कहा, “ज़ा।” दाऊद ने कहा, किधर जाऊँ “उस ने फ़रमाया, हब्रून को।”
১তাৰ পাছত দায়ূদে যিহোৱাক সুধিলে আৰু ক’লে, “মই যিহূদাৰ কোনো এখন নগৰলৈ উঠি যাম নে?” তাতে যিহোৱাই তেওঁক ক’লে, “উঠি যোৱা।” দায়ূদে সুধিলে, “মই কোন খন নগৰলৈ যাব লাগিব?” যিহোৱাই উত্তৰ দি ক’লে, “হিব্ৰোণলৈ।”
2 इसलिए दाऊद अपनी दोनों बीवियों यज़र’एली अख़नूअम और कर्मिली नाबाल की बीवी अबीजेल के साथ वहाँ गया।
২এই হেতুকে দায়ূদে তেওঁৰ নিজ দুজনী ভাৰ্য্যা, যিজ্ৰীয়েলৰ অহীনোৱম আৰু কৰ্মিলীয়া মৃত নাবলৰ তিৰোতা অবীগলক লগত লৈ সেই ঠাইলৈ গ’ল।
3 और दाऊद अपने साथ के आदमियों को भी एक एक घराने समेत वहाँ ले गया और वह हब्रून के शहरों में रहने लगे।
৩দায়ূদে তেওঁৰ লগত থকা লোকসকলক লগত ল’লে আৰু তেওঁলোক প্ৰতিজনে নিজ নিজ পৰিয়ালৰ সৈতে হিব্ৰোণৰ সেই নগৰবোৰত বাস কৰিবলৈ ধৰিলে৷
4 तब यहूदाह के लोग आए और वहाँ उन्होंने दाऊद को मसह करके यहूदाह के ख़ानदान का बादशाह बनाया, और उन्होंने दाऊद को बताया कि यबीस जिल’आद के लोगों ने साऊल को दफ़न किया था।
৪তেতিয়া যিহূদাৰ পৰা লোকসকল আহিল আৰু দায়ূদক যিহূদা বংশৰ ওপৰত ৰজা অভিষেক কৰিলে। তেওঁলোকে দায়ূদক ক’লে, “যাবেচ-গিলিয়দৰ লোকসকলে চৌলক মৈদাম দিলে৷”
5 इसलिए दाऊद ने यबीस जिल'आद के लोगों के पास क़ासिद रवाना किए और उनको कहला भेजा कि ख़ुदावन्द की तरफ़ से तुम मुबारक हो इसलिए कि तुमने अपने मालिक साऊल पर यह एहसान किया और उसे दफ़न किया।
৫তেতিয়া দায়ূদে যাবেচ-গিলিয়দৰ লোকসকলৰ ওচৰলৈ দূত পঠাই তেওঁলোকক এইবুলি কোৱালে, “তোমালোকে নিজ প্ৰভু চৌলক মৈদাম দি, আনুগত্য দেখুৱাই যি দয়া ব্যৱহাৰ কৰিলা, তাৰ বাবে তোমালোক যিহোৱাৰ আশীৰ্ব্বাদ-প্ৰাপ্ত থ’লো।
6 इसलिए ख़ुदावन्द तुम्हारे साथ रहमत और सच्चाई को अमल में लाये और मैं भी तुमको इस नेकी का बदला दूँगा इसलिए कि तुमने यह काम किया है।
৬এতিয়া যিহোৱাই তোমালোকলৈ আনুগত্য অংগীকাৰ আৰু বিশ্ৱস্ততাৰে ব্যৱহাৰ কৰক৷ আৰু তোমালোকে সেই কাৰ্য কৰা হেতুকে, ময়ো তোমালোকলৈ সেই দয়াৰ বাবে অনুগ্ৰহ কৰিম।
7 तब तुम्हारे बाज़ू ताक़तवर हों और तुम दिलेर रहो क्यूँकि तुम्हारा मालिक साऊल मर गया और यहूदाह के घराने ने मसह कर के मुझे अपना बादशाह बनाया है।
৭এই হেতুকে এতিয়া তোমালোকৰ হাত সবল হওঁক আৰু সাহিয়াল হোৱা, কিয়নো তোমালোকৰ প্ৰভু চৌলৰ মৃত্যু হোৱাত, যিহূদা বংশই তেওঁলোকৰ ওপৰত মোকেই ৰজা অভিষেক কৰিলে।”
8 लेकिन नेर के बेटे अबनेर ने जो साऊल के लशकर का सरदार था साऊल के बेटे इश्बोसत को लेकर उसे महनायम में पहुँचाया।
৮ইয়াৰ ভিতৰতে নেৰৰ পুত্ৰ যি অবনেৰ চৌলৰ সেনাপতি আছিল, তেওঁ চৌলৰ পুত্ৰ ঈচ্বোচতক মহনয়িমলৈ লৈ গ’ল।
9 और उसे जिल’आद और आशरयों और यज़र'एल और इफ़्राईम और बिनयामीन और तमाम इस्राईल का बादशाह बनाया।
৯তেওঁ ঈচবোচতক গিলিয়দৰ, অচুৰীয়াসকলৰ, যিজ্ৰিয়েলৰ, ইফ্ৰয়িমৰ, বিন্যামীনৰ আৰু গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে।
10 और साऊल के बेटे इश्बोसत की उम्र चालीस बरस की थी जब वह इस्राईल का बादशाह हुआ और उसने दो बरस बादशाही की लेकिन यहूदाह के घराने ने दाऊद की पैरवी की।
১০চৌলৰ পুত্ৰ ঈচ্বোচতৰ চল্লিশ বছৰ বয়সত ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰি দুবছৰলৈ ৰাজ্য শাসন কৰিলে৷ কিন্তু যিহূদাৰ বংশ দায়ূদৰ পাছত চলোঁতা আছিল।
11 और दाऊद हब्रून में बनी यहूदाह पर सात बरस छ: महीने तक हाकिम रहा।
১১দায়ূদে হিব্ৰোণত যিহূদা-বংশৰ ওপৰত সাত বছৰ ছমাহ ৰাজত্ব কৰিলে।
12 फिर नेर का बेटा अबनेर और साऊल के बेटे इश्बोसत के ख़ादिम महनायम से जिब’ऊन में आए।
১২এদিন নেৰৰ পুত্ৰ অবনেৰ আৰু চৌলৰ পুত্ৰ ঈচ্বোচতৰ দাসবোৰে মহনয়িমৰ পৰা গিবিয়োনলৈ গৈছিল৷
13 और ज़रोयाह का बेटा योआब और दाऊद के मुलाज़िम निकले और जिब’ऊन के तालाब पर उनसे मिले और दोनों अलग अलग बैठ गये, एक तालाब की इस तरफ़ और दूसरा तालाब की दूसरी तरफ़।
১৩এনেতে চৰূয়াৰ পুত্ৰ যোৱাব আৰু দায়ূদৰ দাসবোৰ ওলাই গিবিয়োনৰ পুখুৰীৰ ওচৰত তেওঁলোকৰ সন্মুখত উপস্থিত হ’ল৷ এদল পুখুৰীৰ ইপাৰে আন দল পুখুৰীৰ সিপাৰে বহিল।
14 तब अबनेर ने योआब से कहा, ज़रा यह जवान उठकर हमारे सामने एक दूसरे का मुक़ाबला करें, योआब ने कहा “ठीक।”
১৪তেতিয়া অবনেৰে যোৱাবক ক’লে, “বিনয় কৰোঁ, ডেকাসকলে উঠি আমাৰ আগত যুদ্ধ-ক্ৰীড়া কৰক।” তেতিয়া যোৱাবে ক’লে, “তেওঁলোক উঠক।”
15 तब वह उठकर ता’दाद के मुताबिक़ आमने सामने हुए या’नी साऊल के बेटे इश्बोसत और बिनयामीन की तरफ़ से बारह जवान और दाऊद के ख़ादिमों में से बारह आदमी।
১৫তেতিয়া সেই ডেকা লোকসকলে সংখ্যা অনুসাৰে, চৌলৰ পুত্ৰ ঈচ্বোচতৰ আৰু বিন্যামীনৰ পক্ষে বাৰজন আৰু দায়ূদৰ দাসবোৰৰ বাৰজন, উঠি একে লগে গোট খালে।
16 और उन्होंने एक दूसरे का सिर पकड़ कर अपनी अपनी तलवार अपने मुख़ालिफ़ के पेट में भोंक दी, इसलिए वह एक ही साथ गिरे इसलिए वह जगह हल्क़त हस्सोरीम कहलाई वह जिब’ऊन में है।
১৬সিহঁত প্ৰতিজনে নিজৰ অহিতে যুদ্ধ কৰাজনৰ মূৰত ধৰি কাষত তৰোৱালেৰে খোচাত, সকলো একেলগে মৰা পৰিল; এই হেতুকে সেই ঠাই “হিল্কৎ-হচুৰীম” বা “তৰোৱালবোৰৰ ক্ষেত্ৰ” নামেৰে প্ৰখ্যাত হ’ল; সেয়ে গিবিয়োনত আছে।
17 और उस रोज़ बड़ी सख्त़ लड़ाई हुई और अबनेर और इस्राईल के लोगों ने दाऊद के ख़ादिमों से शिकस्त खाई।
১৭পাছত সেইদিনা ঘোৰ যুদ্ধ হোৱাত, অবনেৰ আৰু ইস্ৰায়েল লোকসকল দায়ূদৰ দাসবোৰৰ আগত পৰাজিত হ’ল।
18 और ज़रोयाह के तीनों बेटे योआब, और अबीशै और असाहील वहाँ मौजूद थे और असाहील जंगली हिरन की तरह दौड़ता था।
১৮সেই ঠাইত যোৱাব, অবীচয় আৰু অচাহেল নামেৰে চৰূয়াৰ এই তিনিজন পুত্ৰ আছিল৷ অচাহেল বনৰীয়া হৰিণৰ নিচিনা বেগী আছিল।
19 और असाहील ने अबनेर का पीछा किया और अबनेर का पीछा करते वक़्त वह दहने या बाएं हाथ न मुड़ा।
১৯পাছত অচাহেলে সোঁ কি বাওঁফালে নুঘূৰি অবনেৰৰ পাছে পাছে খেদি গ’ল।
20 तब अबनेर ने अपने पीछे नज़र करके उससे कहा, ऐ असाहील क्या तू है। उसने कहा, हाँ।
২০তেতিয়া অবনেৰে পিছলৈ ঘূৰি চাই সুধিলে, “তুমি অচাহেল হোৱানে?” তেওঁ কলে, “মই হওঁ।”
21 अबनेर ने उससे कहा, “अपनी दहनी या बायीं तरफ़ मुड़ जा और जवानों में से किसी को पकड़ कर उसके हथियार लूट ले।” लेकिन 'असाहेल उसका पीछा करने से बाज़ न आया।
২১তাতে অবনেৰে তেওঁক ক’লে, “তুমি সোঁহাতে বা বাওঁহাতে ঘূৰি, সৌ ডেকাসকলৰ কোনো এজনক ধৰি তেওঁ পিন্ধা গাৰ কৱচ লোৱাগৈ।” কিন্তু অচাহেলে তেওঁৰ পাছত খেদি যোৱাৰ পৰা ঘূৰিবলৈ মান্তি নহ’ল।
22 अबनेर ने असाहील से फिर कहा, “मेरा पीछा करने से बाज़ रह मैं कैसे तुझे ज़मीन पर मार कर डाल दूँ क्यूँकि फिर मैं तेरे भाई योआब को क्या मुँह दिखाऊंगा।”
২২গতিকে অবনেৰে অচাহেলক পুনৰায় ক’লে, “মোৰ পাছৰ পৰা ঘূৰা; মই কিয় তোমাক আঘাত কৰি মাটিত পেলাম? আৰু তাকে কৰিলে তোমাৰ ককায়েৰ যোৱাবৰ আগত মই কিদৰে মুখ দেখুৱাম?”
23 इस पर भी उसने मुड़ने से इनकार किया, अबनेर ने अपने भाले के पिछले सिरे से उसके पेट पर ऐसा मारा कि वह पार हो गया तब वह वहाँ गिरा और उसी जगह मर गया और ऐसा हुआ कि जितने उस जगह आए जहाँ 'असाहील गिर कर मरा था वह वहीं खड़े रह गये।
২৩তথাপি অচাহেলে ঘূৰিবলৈ মান্তি নহ’ল; এইকাৰণে অবনেৰে বৰছাৰ কুৰাৰে তেওঁৰ পেটত এনেকৈ খুচিলে যে, কুৰাডাল পিঠিয়েদি বাহিৰ ওলাল৷ তেতিয়া তেওঁ সেই ঠাইতে পৰি তেতিয়াই মৰিল৷ যি ঠাইত অচাহেল পৰি মৃত্যু হৈছিল, সেই ঠাইত যিমান লোক আহিল, সেই সকলো তাতেই থিয় হৈ ৰ’ল।
24 लेकिन योआब और अबीशै अबनेर का पीछा करते रहे और जब वह कोह — ए — अम्मा जो दश्त — ए — जिबऊन के रास्ते में जियाह के मुक़ाबिल है पहुँचे तो सूरज डूब गया।
২৪কিন্তু যোৱাব আৰু অবীচয়ে অবনেৰৰ পাছে পাছে খেদি গ’ল। পাছত বেলি মাৰ যাওঁতে, তেওঁলোকে গিবিয়োন মৰুপ্ৰান্তৰ বাটৰ ওচৰত থকা গীহৰ সন্মুখৰ অম্মা পৰ্ব্বত পালেগৈ৷
25 और बनी बिनयमीन अबनेर के पीछे इकट्ठे हुए और एक झुण्ड बन गए और एक पहाड़ की चोटी पर खड़े हुए।
২৫পাছত বিন্যামীনৰ সন্তান সকলে অবনেৰৰ পাছত যাবৰ বাবে গোট খাই এটা পৰ্ব্বতৰ টিঙত থিয় হৈ ৰ’ল।
26 तब अबनेर ने योआब को पुकार कर कहा, “क्या तलवार हमेशा तक हलाक करती रहे? क्या तू नहीं जानता कि इसका अंजाम कड़वाहट होगा? तू कब लोगों को हुक्म देगा कि अपने भाइयों का पीछा छोड़ कर लौट जायें।”
২৬তেতিয়া অবনেৰে যোৱাবক মাতি ক’লে, “তৰোৱালে জানো সদাকাল গ্ৰাস কৰিব পাৰিব? শেষত ইয়াৰ ফল যে অতি তিক্ত হ’ব, তাক তুমি নাজানানে? এই হেতুকে তুমি নিজ ভাইসকলৰ পাছে পাছে খেদি অহাৰ পৰা ওভোটাবলৈ, নিজৰ লোকসকলক কিমান কাললৈ আজ্ঞা নিদিয়াকৈ থাকিবা?”
27 योआब ने कहा, “ज़िन्दा ख़ुदा की क़सम अगर तू न बोला होता तो लोग सुबह ही को ज़रूर चले जाते और अपने भाइयों का पीछा न करते।”
২৭তেতিয়া যোৱাবে ক’লে, “যিহোৱাৰ জীৱনৰ শপত, তুমি কথা নোকোৱা হ’লে, ৰাতিপুৱাই লোকসকলে নিশ্চয়ে গুচি গ’লহেঁতেন আৰু প্ৰতিজনে নিজ নিজ ভাইৰ পাছত খেদি নগ’লহেঁতেন!”
28 फिर योआब ने नरसिंगा फूँका और सब लोग ठहर गये और इस्राईल का पीछा फिर न किया और न फिर लड़े
২৮তেতিয়া যোৱাবে শিঙা বজোৱাত, সকলো মানুহ ৰ’ল আৰু ইস্ৰায়েলৰ পাছত কোনেও খেদি নগ’ল আৰু যুদ্ধও নকৰিলে।
29 और अबनेर और उसके लोग उस सारी रात मैदान चले, और यरदन के पार हुए, और सब बितारोन से गुज़र कर महनायम में आ पहुँचे।
২৯তাৰ পাছত অবনেৰ আৰু তেওঁৰ লোকসকলে অৰাবায়েদি গোটেই ৰাতি যাত্ৰা কৰিলে। তেওঁলোকে যৰ্দ্দন পাৰ হৈ পাছদিনা ৰাতিপুৱা যাত্ৰা কৰি মহনয়িম গৈ পালে।
30 और योआब अबनेर का पीछा छोड़ कर लौटा, और उसने जो सब आदमियों को जमा' किया, तो दाऊद के मुलाज़िमो में से उन्नीस आदमी और 'असाहील कम निकले।
৩০তেতিয়া যোৱাবে অবনেৰৰ পাছত খেদি যোৱাৰ পৰা উভতি আহিল আৰু আটাই লোকক তেওঁ গোট খুৱালে; কিন্তু দায়ূদৰ ঊন্নৈশজন সৈন্য আৰু অচাহেলকক নাপালে।
31 लेकिन दाऊद के मुलाज़िमों ने बिनयमीन में से और अबनेर के लोगों में से इतने मार दिए कि तीन सौ साठ आदमी मर गये।
৩১কিন্তু দায়ূদৰ দাসবোৰে বিন্যামীন আৰু অবনেৰৰ লোকসকলক এনেকৈ আঘাত কৰিলে যে, তেওঁলোকৰ তিনিশ ষাঠিজন লোক মৰিল।
32 और उन्होंने 'असाहील को उठा कर उसे उसके बाप की क़ब्र में जो बैतलहम में थी दफ़न किया और योआब और उसके लोग सारी रात चले और हब्रून पहुँच कर उनको दिन निकला।
৩২তেতিয়া লোকসকলে অচাহেলক তুলি কৰিলে যে, বৈৎলেহেমত থকা তেওঁৰ পিতৃৰ মৈদামতে মৈদাম দিলে৷ যোৱাব আৰু তেওঁৰ লোকসকল ওৰে ৰাতি যাত্ৰা কৰি ৰাতিপুৱা হিব্ৰোণ পালেগৈ।