< 2 समु 19 >
1 और योआब को बताया गया कि “देख बादशाह अबीसलोम के लिए नौहा और मातम कर रहा है।”
১যোৱাবক কোৱা হ’ল, “চাওক, ৰজাই অবচালোমৰ বাবে ক্ৰন্দন আৰু শোক কৰিছে।”
2 इसलिए तमाम लोगों के लिए उस दिन की फ़तह मातम से बदल गई क्यूँकि लोगों ने उस दिन यह कहते सुना कि “बादशाह अपने बेटे के लिए दुखी है।”
২সেই দিনাখনৰ জয় সকলো সৈন্যৰ পক্ষে শোক হৈ পৰিল, কাৰণ সেইদিনা লোকসকলে, “ৰজাই নিজ পুত্ৰৰ বিষয়ে বেজাৰ কৰিছে বুলি শুনিলে।”
3 इसलिए वह लोग उस दिन चोरी से शहर में घुसे जैसे वह लोग जो लड़ाई से भागते हैं शर्म के मारे चोरी चोरी चलते हैं।
৩যুদ্ধৰ পৰা পলাই যোৱা লোকসকলে যিদৰে লাজ পাই চোৰৰ নিচিনাকৈ লুকাই লুকাই যায়, তেনেকৈ লোকসকলে সেই দিনাখন চোৰৰ দৰে নগৰত সোমাল।
4 और बादशाह ने अपना मुँह ढाँक लिया और बादशाह ऊँची आवाज़ से चिल्लाने लगा कि “हाय मेरे बेटे अबीसलोम! हाय अबीसलोम मेरे बेटे! मेरे बेटे।”
৪ৰজাই নিজ মুখ ঢাকি, বৰ মাতেৰে চিঞৰি কান্দি কান্দি কবলৈ ধৰিলে, “হায়, মোৰ পুত্ৰ অবচালোম! হায়, অবচালোম! হায়, মোৰ পুত্ৰ! মোৰ পুত্ৰ!”
5 तब योआब घर में बादशाह के पास जाकर कहने लगा कि “तूने आज अपने सब ख़ादिमों को शर्मिन्दा किया, जिन्होंने आज के दिन तेरी जान और तेरे बेटों और तेरी बेटियों की जानें और तेरी बीवियों की जानें और तेरी बाँदियों की जानें बचायीं।
৫পাছে যোৱাবে ঘৰৰ ভিতৰত সোমাই ৰজাৰ ওচৰলৈ গৈ ক’লে, “যিসকলে আপোনাৰ প্ৰাণ, আপোনাৰ পো-জী সকলৰ প্ৰাণ আপোনাৰ ভাৰ্য্যাসকলৰ আৰু উপপত্নী সকলৰ প্ৰাণ ৰক্ষা কৰিলে, আপোনাৰ সেই দাসবোৰক লাজত পেলালে,
6 क्यूँकि तू अपने 'अदावत रखने वालों को प्यार करता है, और अपने दोस्तों से 'अदावत रखता है, इसलिए कि तूने आज के दिन ज़ाहिर कर दिया कि सरदार और ख़ादिम तेरे नज़दीक बेक़द्र हैं, क्यूँकि आज के दिन मैं देखता हूँ कि अगर अबीसलोम जीता रहता और हम सब मर जाते, तो तू बहुत ख़ुश होता।
৬কিয়নো আপোনাক ঘিণাওঁতা সকলক আপুনি প্ৰেম কৰে আৰু আপোনাক প্ৰেম কৰোঁতা সকলক আপুনি ঘিণ কৰে৷ কিয়নো আজি আপুনি প্ৰকাশ কৰিলে, যে, অধ্যক্ষ আৰু দাসবোৰ আপোনাৰ আগত একোৱেই নহয়৷ কাৰণ আজি মোৰ এনে বিশ্বাস হৈছে, যে, যদি অবচালোম জীয়াই থাকিলহেঁতেন আৰু আমি সকলোৱে মৰিলোঁহেঁতেন, তেতিয়া বোধহয় আপুনি ভাল পালেহেঁতেন।
7 इसलिए उठ बाहर निकल और अपने ख़ादिमों से तसल्ली बख़्श बातें कर क्यूँकि मैं ख़ुदावन्द की क़सम खाता हूँ कि अगर तू बाहर न जाए तो आज रात को एक आदमी भी तेरे साथ न रहेगा और यह तेरे लिए उन सब आफतों से बदतर होगा जो तेरी नौजवानी से लेकर अब तक तुझ पर आई है।”
৭এই হেতুকে এতিয়া আপুনি উঠি বাহিৰলৈ গৈ, আপোনাৰ সৈন্যসকলক শান্ত্বনাৰ কথা কওঁক, কিয়নো মই যিহোৱাৰ নামেৰে শপত খাই কৈছোঁ, যদি আপুনি বাহিৰলৈ গৈ তেওঁলোকক নকয়, তেন্তে এই ৰাতি আপোনাৰ লগত আৰু এজনো লোক নাথাকিব৷ আৰু আপোনাৰ যৌৱন কালৰে পৰা এতিয়ালৈকে আপোনালৈ যিমান অমঙ্গল ঘটিছে, সেই আটাইবোৰতকৈ আপোনাৰ এই অমঙ্গল অতি গুৰুতৰ হ’ব।”
8 तब बादशाह उठकर फाटक में जा बैठा और सब लोगों को बताया गया कि देखो बादशाह फाटक में बैठा है, तब सब लोग बादशाह के सामने आए और इस्राईली अपने अपने डेरे को भाग गये थे।
৮তাতে ৰজা উঠি নগৰৰ দুৱাৰৰ মুখতে বহি থাকিল। তেতিয়া, ৰজা নগৰৰ দুৱাৰত বহি আছে বুলি সকলো লোকক কোৱা হ’ল বোলে, “চোৱা, ৰজা দেখোন দোৱাৰ মুখত বহি আছে৷” তেতিয়া সকলো লোক ৰজাৰ ওচৰলৈ আহিল। ইতিমধ্যে ইস্ৰায়েলত থকা প্ৰতিজন লোক নিজ নিজ তম্বুলৈ পলাই গ’ল।
9 और इस्राईल के क़बीलों के सब लोगों में झगड़ा था और वह कहते थे कि “बादशाह ने हमारे दुश्मनों के हाथ से और फ़िलिस्तियों के हाथ से बचाया और अब वह अबीसलोम के सामने से मुल्क छोड़ कर भाग गया।
৯ইস্ৰায়েলৰ সকলো ফৈদৰ মাজত সকলো লোকে পৰস্পৰে বিবাদ কৰি ক’লে, “ৰজাই শত্ৰুবোৰৰ হাতৰ পৰা আমাক নিস্তাৰ কৰিছিল৷ পলেষ্টীয়াসকলৰ হাতৰ পৰাও আমাক উদ্ধাৰ কৰিছিল আৰু এতিয়া তেওঁ অবচালোমৰ ভয়ত দেশৰ পৰা পলাই গ’ল।
10 और अबीसलोम जिसे हमने मसह करके अपना हाकिम बनाया था, लड़ाई में मर गया है इसलिए तुम अब बादशाह को वापस लाने की बात क्यों नहीं करते?”
১০আৰু অবচালোম, আমি যিজনক আমাৰ ওপৰত ৰজা অভিষেক কৰিছিলোঁ, তেওঁৰো ৰণত মৃত্যু হ’ল। গতিকে, এতিয়া তোমালোকে কিয় ৰজাক ওভোটাই অনাৰ বিষয়ে একো নোকোৱা?”
11 तब दाऊद बादशाह ने सदूक़ और अबीयातर काहिनों को कहला भेजा कि “यहूदाह के बुज़ुर्गों से कहो कि तुम बादशाह को उसके महल में पहुँचाने के लिए सबसे पीछे क्यों होते हो जिस हाल कि सारे इस्राईल की बात उसे उसके महल में पहुँचाने के बारे में बादशाह तक पहुँची है।
১১পাছত দায়ুদ ৰজাই চাদোক আৰু অবিয়াথৰ পুৰোহিতৰ গুৰিলৈ দূত পঠাই কোৱালে, বোলে, “তোমালোকে যিহূদাৰ বৃদ্ধসকলক কোৱা, ‘ৰজাক নিজ গৃহলৈ ওভোটাই নিবলৈ তোমালোক কিয় সকলোতকৈ পাছ পৰিছাহঁক, যিহেতু ৰজাক নিজ গৃহলৈ ওভোটাই নিবলৈ, গোটেই ইস্ৰায়েলৰ নিবেদন ৰজাৰ গুৰিত উপস্থিত হ’ল?
12 तुम तो मेरे भाई और मेरी हड्डी हो फिर तुम बादशाह को वापस ले जाने के लिए सबसे पीछे क्यों हो?
১২তোমালোকেই মোৰ ভাই, মোৰ হাড়ৰো হাড়, মঙহৰো মঙহ৷ তেন্তে তোমালোকে ৰজাক ওভোটাই নিবলৈ কিয় সকলোতকৈ পিচ পৰিছাহঁক?’
13 और 'अमासा से कहना क्या तू मेरी हड्डी और गोश्त नहीं? इसलिए अगर तू योआब की जगह मेरे सामने हमेशा के लिए लश्कर का सरदार न हो तो ख़ुदा मुझसे ऐसा ही बल्कि इससे भी ज़्यादा करे।”
১৩আৰু তোমালোকে অমাচাকো ক’বা, ‘তুমি জানো মোৰ হাড়ৰো হাড়, মঙহৰো মঙহ নোহোৱা? তুমি যদি এতিয়াৰ পৰা মোৰ সৈন্যসকলৰ বাবে যোৱাবৰ ঠাইত প্ৰধান সেনাপতি নোহোৱা, তেন্তে ঈশ্বৰে মোক অধিক আনকি তাতোধিক দণ্ড দিয়ক’।”
14 और उसने सब बनी यहूदाह का दिल एक आदमी के दिल की तरह माएल कर लिया चुनाँचे उन्होंने बादशाह को पैग़ाम भेजा कि “तू अपने सब ख़ादिमों को साथ लेकर लौट आ।”
১৪আৰু এইদৰে তেওঁ যিহূদাৰ সকলো লোকৰ মন জিকিলে, যেন সকলোৰে মন এজনৰহে হ’ল৷ তাতে তেওঁলোকে ৰজালৈ এই কথা কৈ পঠালে, বোলে, “আপুনি আৰু আপোনাৰ দাসবোৰ পুনৰায় উভটি আহক।”
15 इसलिए बादशाह लौट कर यरदन पर आया और सब बनी यहूदाह ज़िल्जाल को गये कि बादशाह का इस्तक़बाल करें और उसे यरदन के पार ले आयें।
১৫তেতিয়া ৰজাই উভটি যৰ্দ্দনলৈ আহিল। সেই সময়তে যিহূদাৰ লোকসকলে ৰজাক যৰ্দ্দন পাৰ কৰি আগ বঢ়াই লৈ যাবলৈ গিলগললৈ আহিল।
16 और जीरा के बेटे बिनयमीनी सिम'ई ने जो बहूरीम का था जल्दी की और बनी यहूदाह के साथ दाऊद बादशाह के इस्तक़बाल को आया।
১৬তেতিয়া দায়ুদ ৰজাক আগ বঢ়াবৰ বাবে, বহূৰীম-নিবাসী গেৰাৰ পুত্ৰ বিন্যামীনীয়া চিমিয়ীয়ে খৰখেদাকৈ যিহূদাৰ লোকসকলৰ লগত গ’ল।
17 और उसके साथ एक हज़ार बिनयमीनी जवान थे और साऊल के घराने का ख़ादिम ज़ीबा अपने पन्दरह बेटों और बीस नौकरों समेत आया और बादशाह के सामने यरदन के पार उतरे।
১৭আৰু তেওঁৰ লগত বিন্যামীনীয়া এক হাজাৰ লোক আৰু চৌলৰ বংশৰ দাস চীবা আৰু লগত তেওঁৰ পোন্ধৰজন পুত্ৰ আৰু বিশজন দাস আছিল৷ তেওঁলোকে ৰজাৰ সাক্ষাতে যৰ্দ্দনৰ মাজেৰে পাৰ হৈছিল।
18 और एक कश्ती पार गई कि बादशाह के घराने को ले आये और जो काम उसे मुनासिब मा'लूम हो उसे करे और ज़ीरा का बेटा सिम'ई बादशाह के सामने जैसे ही वह यरदन पार हुआ औंधा हो कर गिरा।
১৮তেতিয়া তেওঁলোকে ৰজাৰ পৰিয়ালসমূহক পাৰ কৰিবৰ কাৰণে আৰু তেওঁ যি ভাল দেখে, তাকে কৰিবৰ বাবে সিপাৰলৈ লৈ গৈছিল। ৰজাই যৰ্দ্দন পাৰ হোৱাৰ পিচত গেৰাৰ পুত্ৰ সেই চিমিয়ীই ৰজাৰ আগত দীঘল দি পৰি প্ৰণাম জনালে৷
19 और बादशाह से कहने लगा कि मेरा मालिक मेरी तरफ़ गुनाह मंसूब न करे और जिस दिन मेरा मालिक बादशाह येरूशलेम से निकला उस दिन जो कुछ तेरे ख़ादिम ने बद मिज़ाजी से किया उसे ऐसा याद न रख कि बादशाह उसको अपने दिल में रख्खे।
১৯আৰু চিমিয়ীই ৰজাক ক’লে, “মোৰ প্ৰভুৱে মোক অপৰাধী বুলি গণনা নকৰিব, মোৰ প্ৰভু মহাৰাজ যিৰূচালেমৰ পৰা ওলাই অহা দিনা আপোনাৰ এই দাসে যি অকৰ্ম কৰিছিল, তাক আপুনি সোঁৱৰণ কৰি মনত নাৰাখিব।
20 क्यूँकि तेरा बन्दा यह जानता है कि “मैंने गुनाह किया है और देख आज के दिन मैं ही यूसुफ़ के घराने में से पहले आया हूँ कि अपने मालिक बादशाह का इस्तक़बाल करूँ।
২০কিয়নো মই যে পাপ কৰিলোঁ, তাক আপোনাৰ এই দাসে জানে৷ চাওঁক, এই হেতুকে মোৰ প্ৰভু মহাৰাজক আগ বঢ়াই নিবলৈ যোচেফৰ সকলো বংশৰ মাজত প্ৰথমে ময়েই আজি নামি আহিছোঁ।”
21 और ज़रोयाह के बेटे अबीशै ने जवाब, दिया क्या सिम'ई इस वजह से मारा न जाए कि उसने ख़ुदावन्द के ममसूह पर ला'नत की?”
২১কিন্তু চৰূয়াৰ পুত্ৰ অবীচয়ে উত্তৰ দি ক’লে, “সেই বাবেই জানো চিমিয়ীৰ প্ৰাণদণ্ড হোৱাটো উচিত নহ’ব নে? কাৰণ তেওঁ যিহোৱাৰ অভিষিক্ত জনক শাও দিছিল।”
22 दाऊद ने कहा, “ऐ ज़रोयाह के बेटो! मुझे तुमसे क्या काम कि तुम आज के दिन मेरे मुखालिफ़ हुए हो? क्या इस्राईल में से कोई आदमी आज के दिन क़त्ल किया जाए? क्या मैं यह नहीं जानता कि मैं आज के दिन इस्राईल का बादशाह हूँ?”
২২তাতে দায়ূদে ক’লে, “হে চৰূয়াৰ পুত্ৰসকল, তোমালোকৰ লগত মোৰ কি সম্পৰ্ক আছে, যে, আজি তোমালোক মোৰ বিৰোধিতা কৰিছা? আজি ইস্ৰায়েলৰ মাজত জানো কোনো লোকৰ প্ৰাণদণ্ড হোৱা উচিত? কিয়নো আজি যে মই ইস্ৰায়েলৰ ওপৰত ৰজা হলোঁ, ইয়াক জানো মই নাজানো?”
23 और बादशाह ने सिम'ई से कहा, तू मारा नहीं जाएगा “और बादशाह ने उससे क़सम खाई।
২৩পাছত ৰজাই চিমিয়ীক ক’লে, “তোমাৰ প্ৰাণদণ্ড নহ’ব; এই বুলি ৰজাই শপত খাই তেওঁক প্ৰতিজ্ঞা কৰিলে।
24 फिर साऊल का बेटा मिफ़ीबोसत बादशाह के इस्तक़बाल को आया, उसने बादशाह के चले जाने के दिन से लेकर उसे सलामत घर आजाने के दिन तक न तो अपने पाँव पर पट्टियाँ बाँधी और न अपनी दाढ़ी कतरवाई और न अपने कपड़े धुलवाए थे।
২৪তেতিয়া চৌলৰ পুত্ৰ মফিবোচতে ৰজাৰে সৈতে সাক্ষাৎ হবলৈ নামি আহিল৷ ৰজা ওলাই যোৱা দিনৰে পৰা শান্তিৰে ঘৰলৈ উলটি অহা দিনলৈকে তেওঁ নিজৰ ভৰি ধোৱা নাই, তেওঁৰ গোফ ছটা নাই আৰু কাপোৰো ধোৱা নাই।
25 और ऐसा हुआ कि जब वह येरूशलेम में बादशाह से मिलने आया तो बादशाह ने उससे कहा, ऐ मिफ़ीबोसत तू मेरे साथ क्यों नहीं गया था?”
২৫তেওঁ ৰজাক দেখা কৰিবলৈ যিৰূচালেমলৈ আহোতে, ৰজাই তেওঁক ক’লে, “হে মফিবোচৎ, তুমি মোৰ লগত কিয় নগ’লা?”
26 उसने जवाब दिया, ऐ मेरे मालिक बादशाह मेरे नौकर ने मुझसे दग़ा की क्यूँकि तेरे ख़ादिम ने कहा था कि मैं अपने लिए गधे पर जीन कसूँगा ताकि मैं सवार हो कर बादशाह के साथ जाऊँ इसलिए कि तेरा ख़ादिम लंगड़ा है।
২৬তাতে তেওঁ উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, মোৰ দাসে মোক প্ৰবঞ্চনা কৰিলে; কাৰণ আপোনাৰ এই দাসে কৈছিল, ‘মই গাধটি সজোৱাই তাৰ ওপৰত উঠি, মহাৰাজৰ লগত যাম; কিয়নো আপোনাৰ এই দাস খোৰা।’
27 तब उसने मेरे मालिक बादशाह के सामने तेरे ख़ादिम पर इल्ज़ाम लगाया, लेकिन मेरा मालिक बादशाह तू ख़ुदावन्द के फ़रिश्ता की तरह है, इसलिए जो कुछ तुझे अच्छा मा'लूम हो वह कर।
২৭মোৰ দাস চীবায়ে, মোৰ প্ৰভু মহাৰাজৰ আগত, আপোনাৰ এই দাসৰ বদনাম কৰিলে৷ কিন্তু মোৰ প্ৰভু মহাৰাজ ঈশ্বৰৰ দূতৰ তুল্য৷ এতেকে আপোনাৰ দৃষ্টিত যিহকে ভাল দেখে, আপুনি তাকে কৰক।
28 क्यूँकि मेरे बाप का सारा घराना, मेरे मालिक बादशाह के आगे मुर्दों के तरह था तो भी तूने अपने ख़ादिम को उन लोगों के बीच बिठाया जो तेरे दस्तरख़्वान पर खाते थे तब क्या अब भी मेरा कोई हक़ है कि मैं बादशाह के आगे फिर फ़रयाद करूँ?
২৮কিয়নো মোৰ প্ৰভু মহাৰাজৰ সাক্ষাতে মোৰ সকলো পিতৃ-বংশ কেৱল মৃত্যুৰ যোগ্য আছিল, তথাপি আপুনি আপোনাৰ মেজত ভোজন কৰোঁতা সকলৰ মাজত আপোনাৰ এই দাসক বহুৱালে৷ এই হেতুকে ৰজাৰ আগত কাতৰোক্তি কৰিবলৈ মোৰ নো আৰু কি অধিকাৰ আছে?”
29 बादशाह ने उनसे कहा, “तू अपनी बातें क्यों बयान करता जाता है? मैं कहता हूँ कि तू और ज़ीबा दोनों उस ज़मीन को आपस में बाँट लो।”
২৯তেতিয়া ৰজাই তেওঁক ক’লে, “তুমি এতিয়াও আৰু নিজৰ কথাকে কিয় কৈ আছা? মই সিদ্ধান্ত ল’লো যে, তুমি আৰু চীবা, দুয়োয়ে সেই মাটি ভাগ বাঁটি লোৱা।”
30 और मिफ़ीबोसत ने बादशाह से कहा, “वही सब ले ले इसलिए कि मेरा मालिक बादशाह अपने घर में फिर सलामत आ गया है।”
৩০তেতিয়া মফিবোচতে ৰজাক ক’লে, “হয়, তেওঁ সকলোকে লওঁক; কাৰণ মোৰ প্ৰভু মহাৰাজ শান্তিৰে নিজ গৃহলৈ উলটি আহিল।”
31 और बरज़िली जिल'आदी रजिलीम से आया और बादशाह के साथ यरदन पार गया ताकि उसे यरदन के पार पहुँचाये।
৩১পাছে গিলিয়দীয়া বৰ্জ্জিলয়ে ৰোগেলীমৰ পৰা আহি, যৰ্দ্দনৰ সিপাৰে ৰজাক আগবঢ়াই থবলৈ তেওঁৰ লগত যৰ্দ্দন পাৰ হ’ল।
32 और यह बरज़िली बहुत ही उम्र दराज़ आदमी या'नी अस्सी बरस का था, उसने बादशाह को जब तक वह मेहनायम में रहा ख़ुराक पहुँचाई थी इसलिए कि वह बहुत बड़ा आदमी था।
৩২সেই বৰ্জ্জিলয় অতি বুঢ়া, আশী বছৰ বয়সীয়া, ৰজা মহনয়িমত থকা কালত তেওঁ ৰজাক আহাৰ যোগাইছিল; কাৰণ তেওঁ অতিশয় প্ৰতিপত্তিশালীলোক আছিল।
33 तब बादशाह ने बरज़िली से कहा कि “तू मेरे साथ चल और मैं येरूशलेम में अपने साथ तेरी परवरिश करूँगा।”
৩৩পাছে ৰজাই বৰ্জ্জিলয়ক ক’লে, “তুমি মোৰ লগত পাৰ হৈ আহা, মই তোমাক যিৰূচালেমত মোৰ লগত থাকিবলৈ ব্যৱস্হা কৰি দিম।”
34 और बरज़िली ने बादशाह को जवाब दिया कि “मेरी ज़िन्दगी के दिन ही कितने हैं जो मैं बादशाह के साथ येरूशलेम को जाऊँ?
৩৪কিন্তু বৰ্জ্জিলয়ে ৰজাক ক’লে, “মোৰ আয়ুসৰ নো আৰু কিমান দিন আছে, যে, মই মহাৰাজৰ লগত যিৰূচালেমলৈ উঠি যাম?
35 आज मैं अस्सी बरस का हूँ, क्या मैं भले और बुरे में फ़र्क कर सकता हूँ? क्या तेरा बन्दा जो कुछ खाता पीता है उसका मज़ा जान सकता है? क्या मैं गाने वालों और गाने वालियों की फिर आवाज़ सुन सकता हूँ? तब तेरा बन्दा अपने बादशाह पर क्यों बोझ हो?
৩৫এতিয়া মোৰ আশী বছৰ বয়স৷ মই জানো ভাল-বেয়া ভেদ কৰিব পাৰোঁ? বা যি ভোজন কৰোঁ আৰু যি পান কৰোঁ, আপোনাৰ দাসে মই জানো তাৰ কিবা সোৱাদ বুজিব পাৰোঁ? বা এতিয়াও গায়ক আৰু গায়িকাসকলৰ গীতৰ সুৰ জানো শুনি পাওঁ? এনে স্থলত আপোনাৰ দাস, মোৰ প্ৰভু মহাৰাজৰ ভাৰ মই কিয় নো হম, কওঁকচোন?
36 तेरा बन्दा सिर्फ़ यरदन के पार तक बादशाह के साथ जाना चाहता है, इसलिए बादशाह मुझे ऐसा बड़ा बदला क्यूँ दे?
৩৬আপোনাৰ দাস মই কেৱল মহাৰাজক যৰ্দ্দন পাৰ কৰি লৈ আহিম৷ ৰজাই ইয়াৰ সলনি কেলেই নো এনে অনুগ্ৰহ কৰিব লাগে?
37 अपने बन्दा को लौट जाने दे ताकि मैं अपने शहर में अपने बाप और माँ की क़ब्र के पास मरूँ लेकिन देख तेरा बन्दा किम्हाम हाज़िर है, वह मेरे मालिक बादशाह के साथ पार जाए और जो कुछ तुझे अच्छा मा'लूम दे उससे कर।”
৩৭কিন্তু মিনতি কৰোঁ, আপোনাৰ এই দাসক ঘৰলৈ উলটি যাবলৈ দিয়ক, যাতে মই নিজ নগৰত, নিজ পিতৃ-মাতৃৰ মৈদামৰ কাষতেই মৰিম। কিন্তু চাওক, এয়া আপোনাৰ দাস কিমহম৷ ইয়াক মোৰ প্ৰভু মহাৰাজৰ লগত পাৰ হৈ যাবলৈ দিয়ক আৰু আপোনাৰ দৃষ্টিত যিহকে ভাল দেখে, আপুনি ইয়ালৈ তাকেই কৰক।”
38 तब बादशाह ने कहा, “किम्हाम मेरे साथ पार चलेगा और जो कुछ तुझे अच्छा मा'लूम हो वही मैं उसके साथ करूँगा और जो कुछ तू चाहेगा मैं तेरे लिए वही करूँगा।”
৩৮ৰজাই উত্তৰ দি ক’লে, “কিমহম মোৰ লগত পাৰ হৈ যাব, তুমি যিহকে ভাল দেখা মই ইয়ালৈ তাকে কৰিম আৰু তুমি মোক যি কৰিবলৈ কোৱা, মই তোমালৈ চাই তাকেই কৰিম।”
39 और सब लोग यरदन के पार हो गये और बादशाह भी पार हुआ, फिर बादशाह ने बरज़िली को चूमा और उसे दुआ दी और वह अपनी जगह को लौट गया।
৩৯পাছে সকলো মানুহে যৰ্দ্দন পাৰ হ’ল আৰু ৰজায়ো পাৰ হ’ল; পাছত ৰজাই বৰ্জ্জিলয়ক চুমা খাই বিদায় দিলে৷ তেওঁ নিজ ঠাইলৈ উভটি গ’ল।
40 तब बादशाह जिलजाल को रवाना हुआ और किम्हाम उसके साथ चला और यहूदाह के सब लोग और इस्राईल के लोगों में से भी आधे बादशाह को पार लाये।
৪০এইদৰে ৰজাই গিলগললৈ পাৰ হৈ গ’ল আৰু কিমহমেও তেওঁৰ লগত পাৰ হৈ গ’ল৷ যিহূদাৰ সকলো লোক আৰু ইস্ৰায়েলৰ অৰ্দ্ধেক লোকে ৰজাক পাৰ কৰি নিলে।
41 तब इस्राईल के सब लोग बादशाह के पास आकर उससे कहने लगे कि “हमारे भाई बनी यहूदाह तुझे क्यूँ चोरी से ले आए और बादशाह को और उसके घराने को और दाऊद के साथ जितने थे उनको यरदन के पार से लाये?”
৪১পাছে চোৱা, ইস্ৰায়েলৰ সকলো লোকে ৰজাৰ ওচৰলৈ আহি ৰজাক ক’লে, “আমাৰ ভাই যিহূদাৰ লোকসকলে আপোনাক চুৰ কৰি, মহাৰাজক, আপোনাৰ পৰিয়ালক, আৰু দায়ূদৰ লগত তেওঁৰ সকলো লোকক, কিয় যৰ্দ্দন পাৰ কৰি আনিলে?”
42 तब सब बनी यहूदाह ने बनी इस्राईल को जवाब दिया, “इसलिए कि बादशाह का हमारे साथ नज़दीक का रिश्ता है, तब तुम इस बात की वजह से नाराज़ क्यों हुए? क्या हमने बादशाह के दाम का कुछ खा लिया है या उसने हमको कुछ इन'आम दिया है?”
৪২তাতে যিহূদাৰ সকলো লোকে ইস্ৰায়েলৰ লোকসকলক উত্তৰ দি ক’লে, “কাৰণ ৰজা আমাৰ ওচৰ-সম্বন্ধীয়া৷ তেন্তে এই কথাতে তোমালোকৰ কিয় খং উঠিছে? আমি জানো ৰজাৰ কিবা খাইছোঁ নাইবা ৰজাই জানো কিবা খৰচ দিব লগীয়া হৈছে?”
43 फिर बनी इस्राईल ने बनी यहूदाह को जवाब दिया कि “बादशाह में हमारे दस हिस्से हैं और हमारा हक़ भी दाऊद पर तुम से ज़्यादा है तब तुमने क्यों हमारी हिक़ारत की, कि बादशाह को लौटा लाने में पहले हमसे सलाह नहीं ली?” और बनी यहूदाह की बातें बनी इस्राईल की बातों से ज़्यादा सख्त़ थीं।
৪৩পাছে ইস্ৰায়েল লোকসকলে যিহূদাৰ লোকসকলক উত্তৰ দি ক’লে, “ৰজাৰ লগত আমাৰ সম্বন্ধত দহ ভাগ ফৈদ আছে, গতিকে দায়ূদত তোমালোকতকৈ আমাৰো ততোধিক স্বত্ব আছে৷ এই হেতুকে আমাক কিয় হেয়জ্ঞান কৰিলাহঁক? আৰু আমাৰ ৰজাক ওভোটাই অনাৰ কথা জানো প্ৰথমে আমি কোৱা নাছিলো?” এতিয়া ইস্ৰায়েল লোকসকলৰ কথাতকৈ যিহূদাৰ লোকসকলৰ কথাবোৰ বৰ কৰ্কশহে হৈ উঠিল।