< 1 तीमुथियुस 5 >
1 किसी बड़े उम्र वाले को मलामत न कर, बल्कि बाप जान कर नसीहत कर;
১বৃদ্ধ সকলৰ প্রতি কটুবাক্য ব্যৱহাৰ নকৰিবা, কিন্তু তেওঁলোকক পিতৃৰ নিচিনাকৈ, ডেকা সকলক ভাইৰ নিচিনাকৈ উৎসাহিত কৰিবা৷
2 और जवानों को भाई जान कर, और बड़ी उम्र वाली 'औरतों को माँ जानकर, और जवान 'औरतों को कमाल पाकीज़गी से बहन जानकर।
২বৃদ্ধা মহিলা সকলক মাতৃৰ নিচিনাকৈ আৰু যুৱতী সকলক সম্পূর্ণ শুদ্ধতাৰে ভনীৰ নিচিনাকৈ বিনয় কৰিবা।
3 उन बेवाओं की, जो वाक़'ई बेवा हैं इज़्ज़त कर।
৩যি সকল প্ৰকৃত বিধৱা, সঁচাই অকলশৰীয়া সেই সকলক সমাদৰ কৰিবা।
4 और अगर किसी बेवा के बेटे या पोते हों, तो वो पहले अपने ही घराने के साथ दीनदारी का बर्ताव करना, और माँ — बाप का हक़ अदा करना सीखें, क्यूँकि ये ख़ुदा के नज़दीक पसन्दीदा है।
৪কিন্তু যদি কোনো বিধৱাৰ সন্তান বা নাতি-নাতিনী থাকে, তেনেহলে তেওঁলোকে প্ৰথমে নিজৰ ঘৰৰ লোক সকলৰ প্রতি শ্রদ্ধা-ভক্তি দেখুৱাবলৈ আৰু নিজ পিতৃ-মাতৃৰ প্ৰতি উপকাৰ কৰিবলৈ শিকক, কিয়নো এয়ে ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয়।
5 जो वाक़'ई बेवा है और उसका कोई नहीं, वो ख़ुदा पर उम्मीद रखती है और रात — दिन मुनाजात और दुआ में मशग़ूल रहती है;
৫কিন্তু যি গৰাকী প্ৰকৃত বিধৱা আৰু অকলশৰীয়া, তেওঁ ঈশ্বৰত কৰা বিশ্ৱাস সুনিশ্চিত ৰাখি, ৰাতিয়ে-দিনে নিবেদন আৰু প্ৰাৰ্থনাত আসক্ত থাকক।
6 मगर जो'ऐश — ओ — अशरत में पड़ गई है, वो जीते जी मर गई है।
৬কিন্তু যি গৰাকী ইন্দ্ৰিয় সুখত মগ্ন থাকে, তেওঁ জীয়াই থাকিও মৰা।
7 इन बातों का भी हुक्म कर ताकि वो बेइल्ज़ाम रहें।
৭এইবোৰৰ বিষয়ে তুমি আদেশ দিবা, যাতে তেওঁলোক নিৰ্দোষী হয়।
8 अगर कोई अपनों और ख़ास कर अपने घराने की ख़बरगीरी न करे, तो ईमान का इंकार करने वाला और बे — ईमान से बदतर है।
৮কিন্তু কোনোৱে যদি আপোন লোকৰ, বিশেষকৈ নিজৰ ঘৰৰ পৰিয়ালৰ বাবে চিন্তা নকৰে, তেনেহলে তেওঁ বিশ্বাস অস্বীকাৰ কৰিলে আৰু এজন অবিশ্বাসী লোকতকৈয়ো অধম হ’ল।
9 वही बेवा फ़र्द में लिखी जाए जो साठ बरस से कम की न हो, और एक शौहर की बीवी हुई हो,
৯এগৰাকী বিধৱা বুলি এনে মহিলা সকলৰ নাম তালিকাভুক্ত হওক: যি গৰাকীৰ বয়স ষাঠিতকৈ কম নহয় আৰু তেওঁ এজন স্বামীৰ ভার্যা আছিল।
10 और नेक कामों में मशहूर हो, बच्चों की तरबियत की हो, परदेसियों के साथ मेहमान नवाज़ी की हो, मुक़द्दसों के पॉंव धोए हों, मुसीबत ज़दों की मदद की हो और हर नेक काम करने के दरपै रही हो।
১০তেওঁৰ এনেবোৰ সৎকামৰ কাৰণে সুনাম থকা উচিত; অৰ্থাৎ যদি তেওঁ সন্তানবোৰক লালন-পালন কৰি থাকে, আলহী সুধি থাকে, পবিত্ৰ লোক সকলৰ ভৰি ধুৱাই থাকে, ক্লেশ পোৱাবোৰৰ উপকাৰ কৰে, আৰু সকলো সৎ কৰ্মৰ অনুগামী হৈ থাকে, এই সকলো সৎকৰ্মৰ বাবে সেই জনীয়ে সুখ্যাতি পোৱা উচিত৷
11 मगर जवान बेवाओं के नाम दर्ज न कर, क्यूँकि जब वो मसीह के ख़िलाफ़ नफ़्स के ताबे'हो जाती हैं, तो शादी करना चाहती हैं,
১১কিন্তু যুৱতী বিধৱা সকলক গ্ৰহণ নকৰিবা, কিয়নো তেওঁলোকে ইন্দ্রিয়-সুখাভিলাষিনী হৈ খ্রীষ্টৰ বিৰুদ্ধে গৈ বিয়া হবলৈ ইচ্ছা কৰিব।
12 और सज़ा के लायक़ ठहरती हैं, इसलिए कि उन्होंने अपने पहले ईमान को छोड़ दिया।
১২এইদৰে তেওঁলোকে পূৰ্বৰ শপত প্রত্যাহাৰ কৰাৰ কাৰণে পাপত আৱদ্ধ হয়।
13 और इसके साथ ही वो घर घर फिर कर बेकार रहना सीखती हैं, और सिर्फ़ बेकार ही नहीं रहती बल्कि बक बक करती रहती है औरों के काम में दख़ल भी देती है और बेकार की बातें कहती हैं।
১৩ইয়াৰ উপৰি তেওঁলোকে ঘৰে ঘৰে ঘূৰি ফুৰি অকর্মন্য হৈ পৰে আৰু মাত্ৰ অকৰ্মন্যই নহয়, পৰচৰ্চা আৰু লোকৰ কামত হস্তক্ষেপ কৰি, অনৰ্থক কথাবোৰ কবলৈ শিকে, এইবোৰ তেওঁলোকে কৰা উচিত নহয়।
14 पस मैं ये चाहता हूँ कि जवान बेवाएँ शादी करें, उनके औलाद हों, घर का इन्तिज़ाम करें, और किसी मुख़ालिफ़ को बदगोई का मौक़ा न दें।
১৪এতেকে মোৰ আজ্ঞা এই যে, যুৱতী বিধৱা সকলে তিৰস্কাৰৰ অর্থে বিপক্ষক কোনো সুযোগ নিদিবৰ বাবে তেওঁলোকে পুণৰ বিয়া কৰাওক, সন্তানৰ মাক হওক, আৰু ঘৰ-সংসাৰ কৰক।
15 क्यूँकि कुछ गुमराह हो कर शैतान के पीछे हो चुकी हैं।
১৫কিয়নো ইতিমধ্যে কোনো কোনোৱে এনেদৰে চয়তানৰ পাছত বিপথে গ’ল।
16 अगर किसी ईमानदार'औरत के यहाँ बेवाएँ हों, तो वही उनकी मदद करे और कलीसिया पर बोझ न डाला जाए, ताकि वो उनकी मदद कर सके जो वाक़'ई बेवा हैं।
১৬যদি কোনো বিশ্বাসী মহিলাৰ মাজত বিধৱা সকল থাকে, তেনেহলে মণ্ডলীক ভাৰগ্রস্ত নকৰি তেৱেঁই সেই সকলৰ উপকাৰ কৰক যাতে মণ্ডলীয়ে স্বৰূপ বিধৱা সকলক সাহায্য কৰিব পাৰে।
17 जो बुज़ुर्ग अच्छा इन्तिज़ाम करते हैं, ख़ास कर वो जो कलाम सुनाने और ता'लीम देने में मेहनत करते हैं, दुगनी 'इज़्ज़त के लायक़ समझे जाएँ।
১৭যি যি পৰিচাৰক সকলে উত্তমৰূপে পৰিচালনা কৰে, বিশেষকৈ যি সকলে বাক্য আৰু শিক্ষাত পৰিশ্ৰম কৰে, তেওঁলোক দুগুণ সমাদৰৰ যোগ্য-পাত্ৰ বুলি গণিত হওক।
18 क्यूँकि किताब — ए — मुक़द्दस ये कहती है, “दाएँ में चलते हुए बैल का मुँह न बाँधना,” और “मज़दूर अपनी मज़दूरी का हक़दार है।”
১৮কিয়নো ধৰ্মশাস্ত্ৰত কৈছে “মৰণা মাৰোঁতে গৰুৰ মুখত মোখোৰা নাবান্ধিবা” আৰু “বনুৱা নিজ বেচৰ যোগ্য।”
19 जो दा'वा किसी बुज़ुर्ग के बरख़िलाफ़ किया जाए, बग़ैर दो या तीन गवाहों के उसको न सुन।
১৯পৰিচাৰক সকলৰ বিৰুদ্ধে অহা অপবাদ দুই তিনি জন সাক্ষী নহলে গ্ৰহন নকৰিবা।
20 गुनाह करने वालों को सब के सामने मलामत कर ताकि औरों को भी ख़ौफ़ हो।
২০আনবোৰে যেন ভয় কৰে, এই কাৰণে পাপী সকলক সকলোৰে আগত তিৰস্কাৰ কৰিবা।
21 ख़ुदा और मसीह ईसा और बरगुज़ीदा फ़रिश्तों को गवाह करके मैं तुझे नसीहत करता हूँ कि इन बातों पर बिला ता'अस्सूब'अमल करना, और कोई काम तरफ़दारी से न करना।
২১ঈশ্বৰ, খ্ৰীষ্ট যীচু আৰু মনোনীত দূত সকলৰ সাক্ষাতে মই তোমাক এইবোৰ বিধান মানি চলিবলৈ দৃঢ় আজ্ঞা দিছোঁ৷ কিন্তু সম্পূর্ণ সত্য নজনাকৈ তুমি কোনো বিচাৰ নকৰিবা আৰু পক্ষপাতেৰে একো নকৰিবা।।
22 किसी शख़्स पर जल्द हाथ न रखना, और दूसरों के गुनाहों में शरीक न होना, अपने आपको पाक रखना।
২২কাৰো ওপৰত হঠাতে হাত নিদিবা আৰু অন্য লোকৰ পাপৰ অংশীদাৰ নহ’বা৷ নিজকে নিৰ্দোষী কৰি ৰাখিবা।
23 आइन्दा को सिर्फ़ पानी ही न पिया कर, बल्कि अपने में'दे और अक्सर कमज़ोर रहने की वजह से ज़रा सी मय भी काम में लाया कर।
২৩তুমি কেৱল পানী নাখাবা, কিন্তু তোমাৰ পেটৰ কাৰণে আৰু সঘনাই হৈ থকা অসুখৰ কাৰণে অলপ দ্ৰাক্ষাৰস পান কৰিবা।
24 कुछ आदमियों के गुनाह ज़ाहिर होते हैं, और पहले ही'अदालत में पहुँच जाते हैं कुछ बाद में जाते हैं।
২৪কোনো কোনো মানুহৰ পাপ সুস্পষ্ট আৰু বিচাৰ-পথত অগ্ৰগামী হয় আৰু কোনো কোনো লোকৰ পাপ পাছত স্পষ্ট হয়৷
25 इसी तरह कुछ अच्छे काम भी ज़ाहिर होते है, और जो ऐसे नहीं होते वो भी छिप नहीं सकते।
২৫ঠিক সেইদৰে মানুহৰ সৎ কর্মবোৰো সহজে প্রকাশ পায়। যদিও সেইবোৰৰ কিছুমান স্পষ্ট ৰূপত দেখা পোৱা নাযায়, তথাপি সেইবোৰক চিৰদিনৰ বাবে গুপ্ত কৰি ৰাখিব নোৱাৰি।