< 1 समु 29 >

1 और फ़िलिस्ती अपने सारे लश्कर को अफ़ीक़ में जमा' करने लगे और इस्राईली उस चश्मा के नज़दीक जो यज़र'एल में है ख़ेमा ज़न हुए।
পাছত পলেষ্টীয়াসকলে নিজৰ সৈন্যসামন্তক অফেকত একগোট কৰিলে, তেতিয়া ইস্ৰায়েলৰ লোকসকলে যিজ্ৰিয়েলত থকা ভুমুকৰ ওচৰত ছাউনি পাতিলে।
2 और फ़िलिस्तियों के उमरा सैकड़ों और हज़ारों के साथ आगे — आगे चल रहे थे और दाऊद अपने लोगों के साथ अकीस के साथ पीछे — पीछे जा रहा था।
যেতিয়া পলেষ্টীয়া অধিপতিসকলে হাজাৰ হাজাৰ সৈন্য লৈ ক্ৰমে আগবাঢ়ি গ’ল, তেতিয়া সকলোৰে শেষত আখীচৰ লগত দায়ুদ আৰু তেওঁৰ লোকসকলো গ’ল।
3 तब फ़िलिस्ती अमीरों ने कहा, “इन 'इब्रानियों का यहाँ क्या काम है?” अकीस ने फ़िलिस्ती अमीरों से कहा “क्या यह इस्राईल के बादशाह साऊल का ख़ादिम दाऊद नहीं जो इतने दिनों बल्कि इतने बरसों से मेरे साथ है और मैंने जब से वह मेरे पास भाग आया है आज के दिन तक उस में कुछ बुराई नहीं पाई?”
তেতিয়া ফিলিষ্টীয়া অধিপতিসকলে সুধিলে, “এই ইব্ৰীয়া লোকসকলে ইয়াত কি কৰি আছে?” তেতিয়া আখীচে পলেষ্টীয়া অধিপতি সকলক উত্তৰ দি ক’লে, “সেই মানুহ জন ইস্ৰায়েলৰ ৰজা চৌলৰ দাস দায়ুদ নহয় নে? তেওঁ ক’ত দিন আৰু ক’ত বছৰ মোৰ লগত বাস কৰি আছে; আৰু তেওঁ যেতিয়াৰে পৰা মোৰ ফলীয়া হ’ল, তেতিয়াৰে পৰা আজিলৈকে মই তেওঁৰ কোনো দোষ পোৱা নাই।”
4 लेकिन फ़िलिस्ती हाकिम उससे नाराज़ हुए और फ़िलिस्ती ने उससे कहा, इस शख़्स को लौटा दे कि वह अपनी जगह को जो तूने उसके लिए ठहराई है वापस जाए, उसे हमारे साथ जंग पर न जाने दे ऐसा न हो कि जंग में वह हमारा मुख़ालिफ़ हो क्यूँकि वह अपने आक़ा से कैसे मेल करेगा? क्या इन ही लोगों के सिरों से नहीं?
কিন্তু তেওঁৰ ওপৰত পলেষ্টীয়া অধিপতিসকলৰ খং উঠিল আৰু তেওঁলোকে তেওঁক ক’লে, “তুমি তাক ওলোটাই পঠাই দিয়া। তুমি যি ঠাই তাক নিৰূপণ কৰি দিছিলা, সেই ঠাইলৈ সি উভতি যাওক। সি আমাৰ লগত যুদ্ধলৈ নাহক, সি যুদ্ধলৈ আহিলে কিজানি আমাৰ শত্ৰু হ’ব; নহলেনো সি কিহেৰে নিজ প্ৰভুক সন্তুষ্ট কৰিব পাৰিব? এই লোকসকলৰ মূৰেৰে নহয় নে?
5 क्या यह वही दाऊद नहीं जिसके बारे में उन्होंने नाचते वक़्त गा — गा कर एक दूसरे से कहा कि “साऊल ने तो हज़ारों को पर दाऊद ने लाखों को मारा?”
দায়ুদক লৈ লোকসকলে পৰস্পৰৰ মাজত গান গাই এইদৰে যে নাচিছিল, ‘চৌলে বধিলে হাজাৰ হাজাৰ লোকক, দায়ূদে বধিলে অযুত অযুত লোকক, ই জানো সেই দায়ুদ নহয়?’”
6 तब अकीस ने दाऊद को बुला कर उससे कहा, “ख़ुदावन्द की हयात की क़सम कि तू सच्चा है और मेरी नज़र में तेरा आना जाना मेरे साथ लश्कर में अच्छा है क्यूँकि मैंने जिस दिन से तू मेरे पास आया आज के दिन तक तुझ में कुछ बुराई नहीं पाई तोभी यह हाकिम तुझे नहीं चाहते।
তেতিয়া আখীচে দায়ূদক মাতি আনিলে আৰু তেওঁক ক’লে, “যিহোৱাৰ জীৱনৰ শপত, তুমি সৰল লোক, আৰু সৈন্যসামন্তৰ মাজত তুমি যে মোৰ লগত আহিছা, সেয়া মই ভাল দেখিছোঁ; কিয়নো তুমি মোৰ ওচৰলৈ অহা দিনৰে পৰা আজিলৈকে মই তোমাৰ কোনো দোষ পোৱা নাই; তথাপি অধিপতিসকল তোমাক লৈ সন্তুষ্ট নহয়।
7 इसलिए तू अब लौट कर सलामत चला जा ताकि फ़िलिस्ती हाकिम तुझ से नाराज़ न हों।”
এতেকে পলেষ্টীয়া অধিপতিসকলক বেজাৰ নিদিবৰ বাবে, এতিয়া তুমি কুশলে উভটি যোৱা।”
8 दाऊद ने अकीस से कहा, “लेकिन मैंने क्या किया है? और जब से मैं तेरे सामने हूँ तब से आज के दिन तक मुझ में तूने क्या बात पाई जो मैं अपने मालिक बादशाह के दुश्मनों से जंग करने को न जाऊँ।”
তেতিয়া দায়ূদে আখীচক ক’লে, “কিন্তু মই কি কৰিলোঁ? যেতিয়াৰে পৰা আপোনাৰ লগত আছোঁ, তেতিয়াৰে পৰা আজিলৈকে আপুনি এই দাসৰ জীৱনত কি দোষ পালে যে, মই মোৰ প্ৰভু মহাৰাজৰ শত্ৰুবোৰৰ লগত যুদ্ধ কৰিবলৈ যাব নোৱাৰোঁ?”
9 अकीस ने दाऊद को जवाब दिया “मैं जानता हूँ कि तू मेरी नज़र में ख़ुदा के फ़रिश्ता की तरह नेक है तोभी फ़िलिस्ती हाकिम ने कहा है कि वह हमारे साथ जंग के लिए न जाए।
তেতিয়া আখীচে দায়ূদক ক’লে, “মই জানিছোঁ যে, তুমি মোৰ দৃষ্টিত ঈশ্বৰৰ দূতৰ নিচিনা উত্তম; তথাপি পলেষ্টীয়া অধিপতি সকলে কৈছে, ‘সেই মানুহ আমাৰ লগত ৰণলৈ যাব নোৱাৰে।’
10 इसलिए अब तू सुबह सवेरे अपने आक़ा के ख़ादिमों को लेकर जो तेरे साथ यहाँ आए हैं उठना और जैसे ही तुम सुबह सवेरे उठो रोशनी होते होते रवाना हो जाना।”
১০এই হেতুকে তুমি আৰু তোমাৰ লগত অহা তোমাৰ প্ৰভুৰ দাস সকলে ৰাতিপুৱাই উঠিবা আৰু পোহৰ হ’লেই প্ৰস্থান কৰিবা।”
11 इसलिए दाऊद अपने लोगों के साथ तड़के उठा ताकि सुबह को रवाना होकर फ़िलिस्तियों के मुल्क को लौट जाए और फ़िलिस्ती यज़र'एल को चले गए।
১১তেতিয়া দায়ুদ আৰু তেওঁৰ লোকসকলে ৰাতিপুৱাই উঠিল আৰু যাত্ৰা কৰি ফিলিষ্টীয়া সকলৰ দেশলৈ উভটি গ’ল। কিন্তু পলেষ্টীয়া সকল যিজ্ৰিয়েললৈ গ’ল।

< 1 समु 29 >