< 1 तवा 9 >
1 फिर सारा इस्राईल नसबनामों के मुताबिक़ जो इस्राईल के बादशाहों की किताब में दर्ज हैं गिना गया और यहूदाह अपने गुनाहों की वजह से ग़ुलाम हो के बाबुल गया।
১ইস্ৰায়েলৰ সকলো বংশাৱলী লিপিৱদ্ধ কৰা হৈছিল। তেওঁলোকে ইস্ৰায়েলৰ ৰজাসকলৰ পুস্তকত এই বংশাৱলীবোৰ লিপিৱদ্ধ কৰি ৰাখিছিল। যিহূদাৰ লোকসকলক নিজৰ পাপৰ কাৰণে বাবিললৈ বন্দী কৰি নিয়া হৈছিল।
2 और वह जो पहले अपनी मिल्कियत और अपने शहरों में बसे वह इस्राईल और काहिन और लावी और नतनीम थे।
২তেওঁলোকৰ নগৰত পুনৰ প্ৰথমবাৰ বাস কৰা কিছুমান লোক হ’ল ইস্ৰায়েলীয়াসকল, পুৰোহিতসকল, লেবীয়াসকল, আৰু মন্দিৰৰ দাস সকল।
3 और येरूशलेम में बनी यहूदाह से और बनी बिनयमीन में से और बनी इफ़्राईम और मनस्सी में से यह लोग रहने लगे या'नी।
৩যিহূদা, বিন্যামীন, ইফ্ৰয়িম আৰু মনচিৰ বংশৰ কিছুমান লোক যিৰূচালেমত বাস কৰিছিল।
4 'ऊती बिन 'अम्मीहूद बिन 'उमरी बिन इमरी बिन बानी जो फ़ारस बिन यहूदाह की औलाद में से था।
৪বাস কৰা লোকসকলৰ লগত বানিৰ পুত্র ইম্ৰীয়, ইম্ৰীয়ৰ পুত্র অম্রীয়, অম্রীয়ৰ পুত্র অম্মীহূদ, অম্মীহূদৰ পুত্র উথয়ৰ লগতে যিহূদাৰ পুত্র পেৰচৰ বংশৰ কিছুমান লোকক অন্তৰ্ভুক্ত কৰা হৈছিল।
5 और सैलानियों में से 'असायाह, जो पहलौठा था, और उसके बेटे।
৫চীলোনীয়াসকলৰ মাজৰ প্ৰথমে জন্ম হোৱা অচায়া আৰু তেওঁৰ পুত্রসকল।
6 और बनी ज़ारह में से, य'ऊएल और उनके छ: सौ नव्वे भाई।
৬জেৰহৰ বংশৰ লোকসকলৰ মাজৰ যুৱেল। তেওঁলোকৰ বংশৰ লোকসকলৰ সংখ্যা ছশ নব্বৈই জন আছিল।
7 और बनी बिन यमीन में से सल्लू बिन मुसल्लाम बिन हुदावियाह बिन हसीनुवाह,
৭বিন্যামীনৰ বংশৰ লোকসকলৰ মাজৰ হচ্ছনুৱাৰ পুত্র হোদবিয়া, হোদবিয়াৰ পুত্র মচুল্লম, মচুল্লমৰ পুত্র চল্লু।
8 और इब नियाह बिन यरुहाम औरे ऐला बिन 'उज़्ज़ी बिन मिकरी और मुसल्लाम बिन सफ़तियाह बिन र'ऊएल बिन इबनियाह,
৮তাত যিৰোহমৰ পুত্র যিবনিয়াও আছিল। যিবনিয়াৰ পুত্র ৰূৱেল, ৰূৱেলৰ পুত্র চফটিয়া, চফটিয়াৰ পুত্র মচুল্লম, মচুল্লমৰ পুত্র মিক্ৰী, মিক্ৰীৰ পুত্র উজ্জী, আৰু উজ্জীৰ পুত্র এলা আছিল।
9 और उनके भाई जो अपने नसबनामों के मुताबिक़ नौ सौ छप्पन थे। यह सब आदमी अपने अपने आबाई ख़ानदान के आबाई ख़ानदानों के सरदार थे।
৯তেওঁলোকৰ সম্বন্ধীয় বংশাৱলীৰ তালিকা অনুসাৰে লোকৰ সংখ্যা আছিল, নশ ছাপন্ন জন। এই সকলো লোক নিজৰ বংশৰ নেতৃত্বত আছিল।
10 और काहिनों में से यद'अइयाह और यहुयरीब और यकीन,
১০পুৰোহিতসকলৰ মাজৰ যিদয়া, যিহোয়াৰীব, আৰু যাখীন;
11 और अज़रियाह बिन ख़िलक़ियाह बिन मुसल्लाम बिन सदोक़ बिन मिरायोत बिन अख़ितोब, जो ख़ुदा के घर का नाज़िम था।
১১অহীটুবৰ পুত্র মৰায়োত, মৰায়োতৰ পুত্র চাদোক, চাদোকৰ পুত্র মচুল্লম, মচুল্লমৰ পুত্র হিল্কিয়া, হিল্কিয়াৰ পুত্র অজৰিয়া ঈশ্বৰৰ গৃহৰ প্রধান অধ্যক্ষ আছিল।
12 और 'अदायाह बिन यरोहाम बिन फ़शहूर बिन मलकियाह, और मासी बिन 'अदीएल बिन याहज़ीराह बिन मुसल्लाम बिन मुसलमीत बिन इम्मेर,
১২মল্কীয়াৰ পুত্র পচহুৰ, পচহুৰৰ পুত্র যিৰিহোম, যিৰিহোমৰ পুত্র অদায়া আছিল। ইম্মেৰৰ পুত্র মচিল্লেমীত, মচিল্লেমীতৰ পুত্র মচুল্লম, মচুল্লমৰ পুত্র যহজেৰা, যহজেৰাৰ পুত্র আদিয়েল, আদিয়েলৰ পুত্র মাচয়ো আছিল।
13 और उनके भाई अपने आबाई ख़ानदानों के रईस एक हज़ार सात सौ आठ थे जो ख़ुदा के घर की ख़िदमत के काम के लिए बड़े क़ाबिल आदमी थे।
১৩তেওঁলোকৰ সম্পৰ্কীয় গোষ্ঠীৰ নেতৃত্বত যি সকল আছিল, তেওঁলোকৰ সংখ্যা এক হাজাৰ সাত শ ষাঠি জন। তেওঁলোক ঈশ্বৰৰ গৃহত কাম কৰাৰ বাবে অতি সক্ষম লোক আছিল।
14 और लावियों में से यह थे: समा'याह बिन हसूब बिन 'अज़रिक़ाम बिन हसबियाह बनी मिरारी में से,
১৪লেবীয়াসকলৰ মাজৰ মৰাৰীৰ বংশত জন্ম হোৱা হচবিয়াৰ পুত্র অজ্ৰীকাম, অজ্ৰীকামৰ পুত্র হচ্ছুব, হচ্ছুবৰ পুত্র চময়া আছিল।
15 और बक़बक़र, हरस और जलाल और मतनियाह बिन मीकाह बिन ज़िकरी बिन आसफ़,
১৫তাত বকবক্কৰ, হেৰচ, গালল, আচফৰ পুত্র জিখ্ৰী, জিখ্ৰীৰ নাতি মীখাৰ পুত্র মত্তনিয়াও আছিল।
16 और 'अबदियाह बिन समा'याह बिन जलाल बिन यदूतून, और बरकियाह बिन आसा बिन इल्क़ाना, जो नतूफ़ातियों के देहात में बस गए थे।
১৬ইলকানাৰ পুত্র আচা, আচাৰ পুত্র বেৰেখিয়া আৰু যিদূথূনৰ পুত্র গালল, গাললৰ পুত্র চময়া, চময়াৰ পুত্র ওবদিয়াও নটোফাতীয়াসকলৰ গাওঁসমূহত বাস কৰিছিল।
17 और दरबानों में से सलोम और 'अक़्क़ूब और तलमून अख़ीमान और उनके भाई; सलूम सरदार था।
১৭দুৱৰীসকল চল্লুম, অক্কুব, টলমোন, অহীমন, আৰু তেওঁলোকৰ বংশৰ লোকসকল। চল্লূম তেওঁলোকৰ নেতা আছিল।
18 वह अब तक शाही फाटक पर मशरिक़ की तरफ़ रहे। बनी लावी की छावनी के दरबान यही थे।
১৮তেওঁলোক আগৰ পৰা লেবী বংশৰ ছাউনিৰ পূবদিশে ৰাজদুৱাৰত থিয় হৈ পহৰা দিছিল।
19 और सलोम बिन क़ोरे बिन अबी आसफ़ बिन क़ोरह और उसके आबाई ख़ानदान के भाई या'नी क़ोरही, ख़िदमत की कारगुज़ारी पर त'इनात थे, और ख़ेमे के फाटकों के निगहबान थे। उनके बाप दादा ख़ुदावन्द की लश्कर गाह पर तैनात और मदख़ल के निगहबान थे।
১৯কোৰহৰ পুত্র অবিয়াচফ, অবিয়াচফ পুত্র কোৰি, কোৰিৰ পুত্র চল্লুম, আৰু তেওঁৰ পিতৃ বংশত কোৰহীয়া ভাইসকল আছিল। মন্দিৰৰ কামত নিযুক্ত আৰু তম্বুৰ দুৱাৰৰ ৰখীয়া আছিল। কেৱল তেওঁলোকৰ বংশৰ লোকহে যিহোৱা থকা ঠাইৰ প্ৰবেশস্থানৰ ৰখীয়া হৈছিল।
20 और फ़ीनहास बिन इली'एलियाज़र इस से पहले उनका सरदार था, और ख़ुदावन्द उसके साथ था।
২০পূর্বে ইলিয়াজৰৰ পুত্ৰ পীনহচ তেওঁলোকৰ প্রধান অধ্যক্ষ আছিল, আৰু যিহোৱা তেওঁৰ লগত আছিল।
21 ज़करियाह बिन मुसलमियाह ख़ेमा — ए — इजितमा'अ के दरवाज़े का निगहबान था।
২১মেচেলিয়ামৰ পুত্ৰ জখৰিয়া “সাক্ষাত কৰা তম্বুৰ” দুৱাৰ ৰখীয়া আছিল।
22 यह सब जो फाटकों के दरबान होने को चुने गए दो सौ बारह थे। यह जिनको दाऊद और समुएल ग़ैब बीन ने इनको ओहदे पर मुक़र्रर किया था अपने नसबनामे के मुताबिक़ अपने अपने गाँव में गिने गए थे।
২২যি সকল লোকক দুৱাৰ ৰাখিবলৈ দুৱৰীস্বৰূপে মনোনীত কৰা হৈছিল তেওঁলোকৰ সংখ্যা সৰ্ব্বমুঠ দুশ বাৰ জন। এওঁলোকৰ গাঁৱৰ নাম জনবসতি লিপিৱদ্ধ কৰোঁতে লিখা হৈছিল। দায়ুদ আৰু চমূৱেল দৰ্শকে তেওঁলোকৰ বিশ্ৱাসৰ ভিত্তিত তেওঁলোকক কামত নিযুক্ত কৰিছিল।
23 फिर वह और उनके बेटे ख़ुदावन्द के घर या'नी मसकन के घर के फाटकों की निगरानी बारी बारी से करते थे।
২৩সেয়ে তেওঁলোকে আৰু তেওঁলোকৰ সন্তান সকলে যিহোৱাৰ আবাসৰ দুৱাৰত ৰখীয়াৰ কাম কৰিছিল।
24 और दरबान चारों तरफ़ थे या'नी पूरब, पश्चिम, उत्तर, और दखखिन की तरफ़।
২৪দুৱৰীসকলক পূব, পশ্চিম, উত্তৰ, আৰু দক্ষিণ, এই চাৰিও দিশত নিযুক্ত কৰা হৈছিল।
25 और उनके भाई जो अपने अपने गाँव में थे उनको सात सात दिन के बाद बारी — बारी उनके साथ रहने को आना पड़ता था।
২৫তেওঁলোকৰ গাঁৱত থকা ভাইসকল সাত দিনৰ মূৰত পালক্ৰমে ঘূৰি আহিব লগা হৈছিল।
26 क्यूँकि चारों सरदार दरबान जो लावी थे ख़ास ओहदों पर मुक़रर्र थे और ख़ुदा के घर की कोठरियों और ख़ज़ानों पर मुक़र्रर थे।
২৬কিন্তু চাৰিজন প্ৰধান লেবীয়া দুৱৰী আছিল, তেওঁলোক নিযুক্ত হৈ ঈশ্বৰৰ গৃহৰ কোঁঠাবোৰৰ আৰু ভঁৰালবোৰৰ ৰখীয়া নিযুক্ত হৈছিল।
27 और वह ख़ुदा के घर के आस — पास रहा करते थे क्यूँकि उसकी निगहबानी उनके ज़िम्मे थी और हर सुबह को उसे खोलना उनके ज़िम्मे था।
২৭তেওঁলোকে ঈশ্বৰৰ গৃহৰ চাৰিওফালে ৰাতি অতিবাহিত কৰিছিল, কাৰণ গৃহ ৰখিবলৈ তেওঁলোকৰ ওপৰত দ্বায়ীত্ব আছিল। তেওঁলোকে প্রতি ৰাতিপুৱা দুৱাৰ মেলিব পাৰিছিল।
28 और उनमें से कुछ की तहवील में 'इबा'दत के बर्तन थे क्यूँकि वह उनको गिन कर अन्दर लाते और गिन कर निकालते थे।
২৮তেওঁলোকৰ কিছুমান লোক মন্দিৰৰ আহিলা পাতিৰ অধ্যক্ষ আছিল; যেতিয়া তেওঁলোকে সেইবোৰ বাহিৰলৈ আনিছিল বা ভিতৰলৈ নিছিল তেতিয়া গণনা কৰিছিল।
29 और कुछ उनमें से सामान और मक़्दिस के सब बर्तनों और और मैदा और मय और तेल और लुबान और ख़ुशबूदार मसाल्हे पर मुक़र्रर थे।
২৯তেওঁলোকৰ কিছুমান লোকক আহিলাপাতি, পবিত্ৰ স্থানৰ সকলো পাত্ৰ, মিহি আটাগুড়ি, দ্ৰাক্ষাৰস, তেল, ধূপ, আৰু মচলা আদি সকলো বস্তু তত্বাৱধান কৰিবলৈও নিযুক্ত কৰা হৈছিল।
30 और काहिनों के बेटों में से कुछ ख़ुशबूदार मसाल्हे का तेल तैयार करते थे।
৩০পুৰোহিতসকলৰ কিছুমান পুত্রই মচলা মিহলি কৰিছিল।
31 और लावियों में से एक शख़्स मत्तितियाह जो क़ुरही सलूम का पहलौठा था, उन चीज़ों पर ख़ास तौर पर मुक़र्रर था जो तवे पर पकाई जाती थीं।
৩১লেবীয়াসকলৰ মাজত কোৰহীয়া চল্লূমৰ প্ৰথম পুত্ৰ মত্তিথিয়া উৎসৰ্গৰ বাবে প্ৰস্তুত কৰা পিঠাৰ তত্বাৱধান কৰোঁতা হিচাবে নিযুক্ত আছিল।
32 और उनके कुछ भाई जो क़िहातियों की औलाद में से थे, नज़्र की रोटियों पर तैनात थे कि हर सब्त को उसे तैयार करें।
৩২তেওঁলোকৰ ভায়েকসকলৰ মাজত কহাতৰ বংশৰ কিছুমান লোক প্ৰত্যেক বিশ্ৰাম-বাৰত দৰ্শন-পিঠা যুগুত কৰিবলৈ নিযুক্ত আছিল।
33 और यह वह हम्द करने वाले हैं जो लावियों के आबाई ख़ानदानों के सरदार थे और कोठरियों में रहते और और ख़िदमत से मा'ज़ूर थे, क्यूँकि वह दिन रात अपने काम में मशग़ूल रहते थे।
৩৩গায়কসকল আৰু লেবীয়াসকলৰ পৰিয়ালৰ মূল মানুহ দিনে-ৰাতিয়ে নিযুক্ত কৰি দিয়া দ্বায়ীত্ব বহন কৰিছিল, সেয়ে যেতিয়া তেওঁলোক নিজৰ কামৰ পৰা মুক্ত হয়, তেতিয়া তেওঁলোক পবিত্ৰ স্থানত থকা কোঁঠাবোৰত থাকিছিল।
34 यह अपनी अपनी नसलों में लावियों के आबाई ख़ानदानों के सरदार और रईस थे; और येरूशलेम में रहते थे।
৩৪লেবীয়াসকলৰ মাজত পৰিয়ালৰ নেতাসকলৰ তালিকা বংশাৱলীত লিপিৱদ্ধ কৰা আছিল। তেওঁলোক যিৰূচালেমত বাস কৰিছিল।
35 और जिबा'ऊन में जिबा'ऊन का बाप य'ईएल रहता था, जिसकी बीवी का नाम मा'का था,
৩৫গিবিয়োনৰ পিতৃ যিয়ীয়েল, তেওঁৰ ভাৰ্য্যাৰ নাম মাখা। তেওঁলোক গিবিয়োনত বাস কৰিছিল।
36 और उसका पहलौठा बेटा 'अबदोन, और सूर और क़ीस और बा'ल और नयिर और नदब,
৩৬তেওঁৰ প্ৰথমে জন্ম হোৱা পুত্ৰ আব্দোন, তাৰ পাছত চূৰ, কীচ, বাল, নেৰ, নাদব,
37 और जदूर और अख़ियो और ज़करियाह और मिक़लोत;
৩৭গদোৰ, অহিয়ো, জখৰিয়া, আৰু মিক্লোৎ।
38 मिक़लोत से सिम'आम पैदा हुआ, और वह भी अपने भाइयों के साथ येरूशलेम में अपने भाइयों के सामने रहते थे।
৩৮মিক্লোতৰ পুত্র চিমিয়াম। তেওঁলোকেও নিজৰ ভায়েকসকলৰ ওচৰত যিৰূচালেমত বাস কৰিছিল।
39 और नयिर से क़ीस पैदा हुआ और क़ीस से साऊल पैदा हुआ और साऊल से यूनतन और मलकीशू'अ और अबीनदाब और इशबा'ल पैदा हुए।
৩৯নেৰৰ পুত্র কীচ, কীচৰ পুত্র চৌল, চৌলৰ পুত্র যোনাথন, মল্কীচুৱা, অবীনাদব আৰু ইচবাল,
40 और यूनतन का बेटा मरीबबा'ल था और मरीबबा'ल से मीकाह पैदा हुआ।
৪০যোনাথনৰ পুত্র মাৰীব-বাল, মৰীব-বালৰ পুত্র মীখা,
41 और मीकाह के बेटे फ़ीतून और मलिक और तहरी' और आख़ज़ थे;
৪১মীখাৰ পুত্র পীথোন, মেলক, তহৰেয়া, আৰু আহজ,
42 और आख़ज़ से या'रा पैदा हुआ, और या'रा से 'अलमत और अज़मावत और ज़िमरी पैदा हुए, और ज़िमरी से मौज़ा पैदा हुआ।
৪২আহজৰ পুত্র যৰা, যৰাৰ পুত্র অলেমৎ, অজমাবৎ, আৰু যিম্ৰী, যিম্ৰীৰ পুত্র মোচা,
43 और मौज़ा से बिन'आ पैदा हुआ, बिन'आ का बेटा रिफ़ायाह, रिफ़ायाह का बेटा इलि, आसा, इली'असा का बेटा असील,
৪৩মোচাৰ পুত্র বিনিয়া, বিনিয়াৰ পুত্র ৰফায়া, ৰফায়াৰ পুত্র ইলিয়াচা, ইলিয়াচাৰ পুত্র আচেল,
44 और असील के छ: बेटे थे और यह उनके नाम हैं: 'अज़रक़ाम, बोकिरू, और इस्मा'ईल और सग़रियाह और 'अबदियाह और हनान, यह बनी असील थे।
৪৪আচেলৰ ছয় জন পুত্র আছিল, তেওঁলোকৰ নাম অজ্ৰীকাম, বোখৰু, ইশ্মায়েল, চিয়ৰিয়া, ওবদিয়া, আৰু হানন।