< Пісня над піснями 1 >
1 Соломонова Пісня над піснями.
১ৰজা চলোমনৰ অতি সুন্দৰ গীতৰ শৰাই- প্রিয়াৰ কথা
2 „Нехай він цілує мене поцілу́нками уст своїх, — бо ліпші коха́ння твої від вина!
২তুমি তোমাৰ মুখৰ চুম্বনবোৰেৰে মোক ভৰাই দিয়া, কাৰণ তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম।
3 На запах оливи твої запашні́, твоє йме́ння — неначе олива розлита, тому діви кохають тебе!
৩তোমাৰ তেলৰ সুগন্ধই আনন্দৰ সৌৰভ আনে; বাকি দিয়া সুগন্ধৰ দৰেই তোমাৰ নাম; সেই বাবেই যুৱতীসকলে তোমাক ভাল পায়।
4 Потягни ти мене за собою, біжім! Цар впровадив мене у пала́ти свої, — ми радіти та ті́шитись будемо тобою, згадаємо коха́ння твої, від вина приємніші, — поправді кохають тебе!
৪(যুৱতীয়ে নিজৰ মনতে ক’লে) মোক তোমাৰ লগত লৈ ব’লা; আমি সোনকালে পলাই যাম। ৰজাই মোক তেওঁৰ কক্ষৰ ভিতৰলৈ লৈ আনিলে; প্রিয়ৰ প্রতি কইনাৰ কথা: মই সুখী; মই তোমাক লৈ আনন্দ কৰোঁ; মোক তোমাৰ প্রেমত উল্লাসিত হ’বলৈ দিয়া; তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম। আন ৰমণীসকলে যে তোমাৰ প্রশংসা কৰে, ই স্বাভাৱিক কথা। আন ৰমণীসকলৰ প্রতি:
5 Дочки єрусалимські, — я чорна та гарна, немов ті намети кеда́рські, мов за́навіси Соломонові!
৫হে যিৰূচালেমৰ ৰমণীসকল, মই ক’লা বৰণীয়া হ’লেও সুন্দৰী; মই কেদৰৰ তম্বুৰ নিচিনা ক’লা আৰু চলোমনৰ পর্দাবোৰৰ দৰে সুন্দৰী।
6 Не дивіться на те, що смугля́венька я, бож сонце мене опали́ло, — сини неньки моєї на мене розгні́валися, настанови́ли мене сторожи́ти виноградники, — та свого виноградника власного не встерегла я!“
৬মই ক’লা বাবেই মোলৈ চাই নাথাকিবা; কাৰণ সূর্যৰ তাপে মোক ডেই নিলে। মোৰ ভাই-ককাইসকলে মোৰ ওপৰত খং কৰি মোক দ্ৰাক্ষাবাৰীবোৰৰ দেখা-শুনা কৰিবলৈ দিছিল; সেয়ে মই মোৰ নিজৰ দ্ৰাক্ষাবাৰীৰ যত্ন ল’ব পৰা নাই। প্রিয়ৰ প্রতি যুৱতীৰ কথা:
7 „Скажи ж мені ти, кого покохала душа моя: Де́ ти пасеш? Де даєш ти спочи́ти у спе́ку ота́рі? Пощо́ біля стад твоїх друзів я буду, немов та причи́нна?“
৭হে মোৰ প্রিয়তম, মোৰ প্রাণে তোমাকে ভালপায়! মোক কোৱা, তুমি তোমাৰ মেৰ-ছাগৰ জাকক কোন ঠাইত চৰোৱা? তুমি তোমাৰ মেৰ-ছাগবোৰক দুপৰীয়া ক’ত বিশ্রাম কৰোঁৱা? তোমাৰ লগৰীয়াৰ মেৰ-ছাগৰ জাকবোৰৰ কাষত, মই কিয় ওৰণি লোৱা জনীৰ নিচিনা ঘূৰি ফুৰিম? প্রিয়ৰ কথা:
8 „Якщо ти не знаєш цього́, вродливі́ша посеред жіно́к, то вийди собі за слідами отари, і випа́суй при ша́трах пасту́ших козля́тка свої“.
৮তুমি যদি তাক নাজানা, হে পৰম সুন্দৰী যুৱতী, মোৰ মেৰ-ছাগৰ জাকৰ খোজৰ চিনবোৰৰ পাছে পাছে আহাঁ আৰু তোমাৰ ছাগলী পোৱালিবোৰক মেৰ-ছাগ ৰখীয়াসকলৰ তম্বুৰ ওচৰতে চৰোৱা।
9 „Я тебе прирівня́в до лошиці в воза́х фараонових, о моя ти подру́женько!
৯হে মোৰ প্ৰিয়তমা, ফৰৌণৰ ৰথৰ এজনী ঘোঁৰাৰে সৈতে, মই তোমাক তুলনা কৰিছোঁ।
10 Гарні щі́чки твої поміж шну́рами пе́рел, а шийка твоя — між разка́ми намиста!
১০গালৰ দুপাশৰ গহণাৰে সৈতে, তোমাৰ গাল দুখন সুন্দৰ দেখাইছে, আৰু মুকুতাৰ কণ্ঠহাৰে তোমাৰ ডিঙি শোভিত কৰিছে।
11 Ланцюжки́ золоті ми поробимо тобі разом із срібними ку́льками!“
১১মই তোমাৰ কাৰণে ঠায়ে ঠায়ে ৰূপ খচিত সোণৰ অলঙ্কাৰ নির্মাণ কৰিম। প্রিয়াৰ কথা:
12 „Доки цар при своє́му столі, то мій нард видає́ свої па́хощі.
১২ৰজাই যেতিয়া তেওঁৰ বিচনাত শুইছিল, তেতিয়া মোৰ সুগন্ধৰ সুঘ্রাণ বিয়পি পৰিল।
13 Мій коханий для мене — мов ки́тиця ми́рри: спочиває між пе́рсами в мене!
১৩মোৰ ওচৰত মোৰ প্রিয় গন্ধৰস থোৱা এটি মোনাৰ দৰে, যি মোৰ স্তনযুগলৰ মাজত গোটেই ৰাতি থাকে।
14 Мій коханий для мене — мов ки́прове гроно в ен-ґе́дських сада́х-виноградах“!
১৪মোৰ প্রিয় মোৰ ওচৰত যেন এথোপা জেতুকা ফুল, যি অয়িন-গদীৰ দ্ৰাক্ষাবাৰীত উৎপন্ন হয়। প্রিয়ৰ কথা:
15 „Яка ти прекрасна, моя ти подру́женько, яка ти хороша! Твої очі немов голуби́ні!“
১৫চোৱা, কি সুন্দৰী তুমি! মোৰ প্রিয়া; তুমি কিমান যে সুন্দৰী! তোমাৰ দুচকু কপৌৰ নিচিনা। প্রিয়াৰ কথা:
16 „Який ти прекрасний, о мій ти коханий, який ти приємний! а ложе нам — зе́лень!
১৬চোৱা, কি সুন্দৰ তুমি! মোৰ প্রিয়; তুমি কিমান যে সুন্দৰ! আমাৰ শয্যা সেউজীয়া ঘাহেঁৰে ভৰা।
17 Бруси наших домів — то кедри́ни, стелі в нас — кипари́си!“
১৭এৰচ গছৰ ডাল আমাৰ ঘৰৰ চতি আৰু আমাৰ ঘৰৰ বাটাম দেবদাৰুৰ ডাল।