< Об'явлення 8 >

1 І коли сьому печатку розкрив, німа ти́ша настала на небі десь на півгодини.
পাছত তেওঁ সপ্তম ছাব মেলোতে, স্বৰ্গত প্ৰায় আধা ঘণ্টামান নিস্তদ্ধতাৰে পৰিপূৰ্ণ হ’ল।
2 І я бачив сімох анголів, що стояли перед Богом. І да́но було їм сім су́рем.
আৰু ঈশ্বৰৰ আগত থিয় হৈ থকা যি সাত জন স্বৰ্গৰ দূতক দেখিলোঁ; তেওঁলোকক সাতোটা তূৰী দিয়া হ’ল।
3 І прийшов другий ангол, та й став перед же́ртівником із золотою кадильницею. І було йому да́но багато кадила, щоб до молито́в усіх святих додав на золотого же́ртівника, що перед престолом.
পাছত সোণৰ ধূপবাতি লোৱা আন এজন দূত আহি বেদিৰ ওচৰত উপস্থিত হ’ল; আৰু সিংহাসনৰ আগত থকা সোণৰ বেদিৰ ওপৰত পবিত্ৰ লোক সকলে প্ৰাৰ্থনাত জ্বলাবলৈ, তেওঁক ভালেমান ধূপ দিয়া হ’ল।
4 І знявся дим кадильний з моли́твами святих від руки ангола перед Бога.
তাতে পবিত্ৰ লোক সকলৰ প্ৰাৰ্থনাৰে সৈতে দূতৰ হাতৰ পৰা ধূপৰ ধুঁৱা ঈশ্বৰৰ সন্মুখলৈ উঠিল।
5 А ангол кадильницю взяв, і напо́внив її огнем із же́ртівника, та й кинув на землю. І зчинилися гро́ми, і гурко́тнява, і бли́скавиці та трясіння землі.
পাছে দূতে ধূপবাতি লৈ, তাত বেদিৰ পৰা জুই ভৰাই ললে৷ তেতিয়া তেওঁ এইবোৰ পৃথিৱীলৈ পেলাই দিলে, তাতে মেঘ-গৰ্জ্জন, গাজনি, বিজুলী আৰু ভুমিকম্প হ’ল।
6 І сім анголів, що мали сім су́рем, приготува́лися, щоб сурми́ти.
পাছত সাতোটা তুৰী লোৱা এই সাত জন স্বৰ্গৰ দূতে তূৰী বজাবলৈ নিজক যুগুত কৰিলে।
7 І засурми́в перший ангол, — і вчинилися град та огонь, перемішані з кров'ю, і впали на землю. І спалилась третина землі, і згоріла третина дерев, і всіляка зелена трава погоріла.
পাছত প্ৰথম জন স্বৰ্গৰ দূতে বজাওঁতে, তেজ মিহলি কৰা শিল আৰু জুই উপস্থিত হ’ল৷ সেইবোৰক পৃথিৱীলৈ পেলোৱা হ’ল; তাতে পৃথিৱীৰ তিনি ভাগৰ এভাগ পোৰা হ’ল, গছৰো তিনি ভাগৰ এভাগ পোৰা হ’ল আৰু সকলো কেচা তৃণো পোৰা হ’ল।
8 І засурми́в другий ангол, — і немов би велика гора, розпа́лена огнем, була вкинена в море. І третина мо́ря зробилася кров'ю,
পাছত দ্বিতীয় দূতে বজাওঁতে অগ্নিৰে জ্বলি থকা মহা-পৰ্ব্বতৰ নিচিনা কিবা এটা সাগৰত পেলোৱা হ’ল৷ তাতে সাগৰৰ তিনি ভাগৰ এভাগ তেজ হ’ল
9 і померла третина морського створіння, що мають життя, і загинула третина кораблів.
আৰু সাগৰত থকা সৃষ্ট বস্তুৰ ভিতৰৰ জীৱ-জন্তু তিনি ভাগৰ এভাগ মৰিল, জাহাজবোৰৰো তিনি ভাগৰ এভাগ নষ্ট হ’ল।
10 І засурми́в третій ангол, — і велика зоря́ спала з неба, пала́ючи, як смолоски́п. І спала вона на третину річок та на водні джере́ла.
১০পাছত তৃতীয় দূতে বজাওঁতে, আৰিয়াৰ নিচিনা জ্বলি থকা এটা বৰ তৰা আকাশৰ পৰা খহি, নদীৰ তিনি ভাগৰ এভাগত আৰু জলৰ ভুমুকবোৰত পৰিল।
11 А йме́ння зорі тій Поли́н. І стала третина води, як поли́н, і багато з людей повмирали з води, бо згі́ркла вона.
১১সেই তৰাৰ নাম নাগদানা৷ তাতে জলৰ তিনি ভাগৰ এভাগ নাগদানা হ’ল আৰু পানী তিতা হোৱাত সেই পানীৰ কাৰণে অনেক মানুহ মৰিল।
12 І засурми́в ангол четвертий, — і вда́рено третину сонця, і третину місяця, і третину зір, щоб затьми́лася їхня третина, щоб третина дня не світила, так само ж і ніч.
১২পাছত চতুৰ্থ দূতে বজাওঁতে, সুৰ্য্যৰ তিনি ভাগৰ এভাগ, চন্দ্ৰৰ তিনি ভাগৰ এভাগ আৰু তৰাবোৰৰো তিনি ভাগৰ এভাগ যেন আন্ধাৰ হ’ল; আৰু দিনৰ তিনি ভাগৰ এভাগ পোহৰ নাইকিয়া হয় আৰু ৰাতিৰো সেইৰূপ হয়, এই কাৰণে সেইবোৰৰ প্ৰত্যেকৰ তিনি ভাগৰ এভাগ আঘাত প্ৰাপ্ত হ’ল।
13 І бачив, і чув я одно́го орла, що летів серед неба і кли́кав гучним голосом: „Горе, горе, горе тим, хто живе на землі, від голосів сурмови́х позосталих трьох анголів, що мають сурми́ти!“
১৩পাছত মই চাওতে চাওতে, এটা ঈগল পক্ষীয়ে আকাশৰ মাজত উৰি উৰি বৰ মাতেৰে এই কথা কোৱা শুনিলোঁ, “যি তিনি জন দূতে তূৰী বজাবলৈ উদ্যত আছে, তেওঁলোকৰ সেই অৱশিষ্ট তূৰী-ধ্বনীত পৃথিৱীত বাস কৰা লোক সকলৰ সন্তাপ, সন্তাপ, সন্তাপ হ’ব”।

< Об'явлення 8 >