< Псалми 103 >
১হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা; হে মোৰ ভিতৰত থকা সকলো অংশ, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।
2 Благослови, душе моя, Господа, і не забувай за всі доброді́йства Його́!
২হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ উপকাৰবোৰ নাপাহৰিবা।
3 Всі провини Твої Він прощає, всі неду́ги твої вздоровля́є.
৩যি জনাই তোমাৰ সকলো অপৰাধ ক্ষমা কৰে, তোমাৰ সকলো ৰোগ সুস্থ কৰে,
4 Від могили життя твоє Він визволя́є, Він милістю та милосердям тебе корону́є.
৪যি জনাই তোমাৰ জীৱন বিনাশৰ পৰা মুক্ত কৰে, যি জনাই অসীম দয়া আৰু নানা প্ৰকাৰ কৰুণাৰ মুকুটেৰে তোমাক বিভূষিত কৰে,
5 Він бажа́ння твоє насича́є добром, — відно́виться, мов той орел, твоя ю́ність!
৫যি জনাই উত্তম দ্রব্যৰে তোমাৰ মুখ তৃপ্ত কৰে, তেওঁ ঈগল পক্ষীৰ দৰে তোমাক নতুন যৌৱন কাল দিব।
6 Господь чинить правду та суд для всіх переслі́дуваних.
৬যিহোৱাই উচিত কাৰ্য কৰে; উপদ্ৰৱ পোৱা লোকসকলৰ পক্ষে বিচাৰ নিষ্পত্তি কৰে।
7 Він дороги Свої об'явив був Мойсе́єві, діла́ Свої — ді́тям Ізра́їлевим.
৭তেওঁ মোচিক নিজৰ পথবোৰ, আৰু ইস্ৰায়েলৰ বংশধৰসকলক নিজৰ কাৰ্যবোৰ জনালে
8 Щедрий і милосердний Господь, довготерпели́вий і многомилости́вий.
৮যিহোৱা স্নেহশীল আৰু কৃপাময়। তেওঁ ক্ৰোধত ধীৰ আৰু দয়াত মহান।
9 Не за́вжди на нас ворогує, і не навіки захо́вує гнів.
৯তেওঁ সদায় ধমকি দি নাথাকিব, চিৰকাললৈকে ক্ৰোধো নাৰাখিব।
10 Не за нашими про́гріхами Він пово́диться з нами, і відплачує нам не за прови́нами нашими.
১০তেওঁ আমাৰ পাপ অনুসাৰে আমালৈ কাৰ্য কৰা নাই, আমাৰ অধৰ্ম অনুসাৰে আমাক প্ৰতিফল দিয়া নাই।
11 Бо як ви́соко небо стоїть над землею, — велика така Його милість до тих, хто боїться Його́,
১১কিয়নো পৃথিৱীৰ পৰা আকাশ-মণ্ডল যিমান ওখ, তেওঁলৈ ভয় ৰাখোঁতাসকলৰ প্রতি তেওঁৰ দয়াও সিমান মহৎ।
12 як далекий від за́ходу схід, так Він віддали́в від нас наші провини!
১২পূৱৰ পৰা পশ্চিমলৈ যিমান দূৰ, তেওঁ আমাৰ অপৰাধো আমাৰ পৰা সিমান দূৰ কৰিলে।
13 Як жалує ба́тько дітей, так Господь пожалі́вся над тими, хто боїться Його,
১৩বাপেকে নিজ সন্তানক স্নেহ কৰাৰ দৰে যিহোৱাই তেওঁলৈ ভয় ৰাখোঁতাসকলক স্নেহ কৰে;
14 бо знає Він ство́рення наше, пам'ятає, що ми — по́рох:
১৪কিয়নো তেৱেঁই আমাৰ গঠন জানে, আমি যে ধূলি মাথোন, তাক তেওঁ সোঁৱৰণ কৰে।
15 чоловік — як трава дні його, немов цвіт польови́й — так цвіте він,
১৫মানুহৰ আয়ুস তৃণৰ নিচিনা; যেনেকৈ পথাৰৰ ফুল, তেনেকৈয়ে তেওঁ প্ৰফুল্লিত হয়।
16 та вітер пере́йде над ним — і немає його, і вже місце його не пізна́є його.
১৬ফুলৰ ওপৰেদি বতাহ বলিলেই ফুল সৰি নাইকিয়া হয়; সেই স্থানেও তাক চিনি নাপায়।
17 А милість Господня від віку й до віку на тих, хто боїться Його, і правда Його — над синами синів,
১৭কিন্তু যিহোৱাক ভয় কৰাসকলৰ ওপৰত তেওঁৰ দয়া অনাদিকালৰ পৰা অনন্তকাল পর্যন্ত থাকে, আৰু তেওঁৰ ধাৰ্মিকতা বংশৰ পিছত বংশ বর্তি থাকে।
18 що Його заповіта доде́ржують, і що пам'ята́ють нака́зи Його, щоб виконувати їх!
১৮তেওঁলোকে যিহোৱাৰ ব্যৱস্থা মানি চলে আৰু তেওঁৰ আদেশবোৰ সোঁৱৰণ কৰি পালন কৰে।
19 Господь міцно поставив на Небі престо́ла Свого́, а Ца́рство Його над усім володі́є.
১৯যিহোৱাই স্বৰ্গত নিজৰ সিংহাসন স্থাপন কৰিলে; তেওঁৰ শাসন সকলোৰে ওপৰত আছে।
20 Благослові́ть Господа, Його Анголи́, ве́летні сильні, що вико́нуєте Його слово, щоб слухати голосу слів Його!
২০হে যিহোৱাৰ দূতবোৰ, তোমালোক পৰাক্রমী বীৰ; যিহোৱাৰ কথাৰ বাধ্যতাত থাকি তেওঁৰ আজ্ঞা পালন কৰাসকল, তোমালোকে তেওঁৰ ধন্যবাদ কৰা;
21 Благословіть Господа, усі сили небесні Його́, слу́ги Його, що чините волю Його́!
২১হে যিহোৱাৰ বাহিনী সমূহ, যিহোৱাৰ ইচ্ছা পূৰণ কৰা তেওঁৰ পৰিচাৰকসকল, তেওঁৰ ধন্যবাদ কৰা।
22 Благословіть Господа, всі діла́ Його, на всіх місця́х царюва́ння Його! Благослови, душе моя, Го́спода!
২২হে যিহোৱাৰ সকলো নির্মিত বস্তু, তেওঁৰ অধীনৰ সকলো স্থানত তেওঁৰ ধন্যবাদ কৰা; হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা।