< Левит 1 >

1 I кликнув Господь до Мойсея, і промовляв до нього з скинії заповіту, говорячи:
যিহোৱাই মোচিক মাতিলে, আৰু সাক্ষাৎ কৰা তম্বুৰ পৰা তেওঁ এই কথা ক’লে,
2 „Промовляй до Ізраїлевих синів та й скажеш до них: Коли хто з вас принесе́ жертву для Господа зо скотини, то з худоби великої й худоби дрібної принесете вашу жертву.
“তুমি ইস্ৰায়েলৰ সন্তানসকলক এই কথা কোৱা, ‘তোমালোকৰ মাজৰ কোনোৱে যদি যিহোৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰে, তেন্তে সেয়ে ষাঁড়-গৰু আৰু মেৰ বা মেৰ-ছাগ হ’ব লাগিব।
3 Якщо жертва його — цілопа́лення з худоби великої, то нехай принесе його, самця́ безва́дного; нехай приведе його до скинії заповіту, щоб він був уподобаний перед лицем Господнім.
যদি তেওঁৰ উপহাৰ ষাঁড়-গৰুৰ জাকৰ পৰা অনা হোম বলি হয়, তেন্তে নিৰ্ঘূণী মতা গৰু উৎসৰ্গ কৰিব লাগিব। যিহোৱাৰ আগত গ্ৰাহ্য হ’বৰ কাৰণে, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত ইয়াক উৎসৰ্গ কৰিব লাগিব।
4 І покладе він руку свою на го́лову цілопа́лення, — і буде йому да́но вподо́бання на очи́щення від гріхів його.
পাছত তেওঁ হোম-বলিৰ মূৰত হাত দিব; তেতিয়া সেই বলি তেওঁৰ প্ৰায়শ্চিত্তৰ অৰ্থে তেওঁৰ পক্ষত গ্ৰাহ্য হ’ব।
5 І заріже він ягня перед Господнім лицем. А Ааронові сини, священики, принесуть кров, і покро́плять тією кров'ю на же́ртівника навко́ло, що при вході до скинії заповіту.
আৰু তেওঁ যিহোৱাৰ সন্মুখত সেই দমৰা ষাঁড়-গৰুটো কাটিব। তেতিয়া হাৰোণৰ পুত্ৰ পুৰোহিত সকলে তাৰ তেজ আনিব, আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ সন্মুখত থকা যজ্ঞবেদীৰ চাৰিওফালে সেই তেজ ছটিয়াই দিব।
6 І здере він шкуру з жертви цілопа́лення, і розі́тне його на куски його.
তেতিয়া সেই বলিৰ ছাল বখলিয়াই তাক খণ্ড খণ্ড কৰা হ’ব।
7 І дадуть сини священика Аарона огню на жертівника, і покладуть дров на тім огні.
আৰু হাৰোণ পুৰোহিতৰ পুত্ৰসকলে বেদীৰ ওপৰত জুই ৰাখিব আৰু জুইৰ ওপৰত কাঠ জাপি দিব।
8 І порозклада́ють Ааронові сини, священики, ті куски, голову та товщ, на дро́вах, що на огні, який на жертівнику.
আৰু হাৰোণৰ পুত্ৰ পুৰোহিতসকলে সেই বেদীৰ ওপৰত থকা জুই আৰু কাঠৰ ওপৰত সেই খণ্ডবোৰ, মূৰ আৰু তেল ঠিক মতে ৰাখিব।
9 А його ну́трощі та голінки його обмиє водою. І священик усе те спалить на жертівнику, — це цілопа́лення, огняна́ жертва, пахощі любі для Господа.
কিন্তু তেওঁ তাৰ নাড়ী-ভুৰু আৰু ঠেং পানীত ধুব লাগিব। তেতিয়া পুৰোহিতে বেদীৰ ওপৰত সেই সকলোকে দগ্ধ কৰিব। সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ হ’ব।
10 А якщо його жертва з дрібної худо́бини, — з овець або з кіз на цілопалення, то нехай приведе його, безвадного самця́,
১০আৰু যদি তেওঁৰ উপহাৰ মেৰ-ছাগ বা ছাগলীৰ জাকৰ পৰা অনা হোম-বলি হয়, তেন্তে তেওঁ নিৰ্ঘূণী মতা পশু উৎসৰ্গ কৰিব।
11 і заріже його на боці жертівника на пі́вніч, перед Господнім лицем. І покроплять сини Ааронові, священики, кров'ю його на жертівника навколо.
১১আৰু যজ্ঞবেদীৰ কাষত উত্তৰফালে যিহোৱাৰ সন্মুখত তাক কটা হ’ব; তেতিয়া হাৰোণৰ পুত্ৰ পুৰোহিত সকলে বেদীৰ চাৰিওফালে তাৰ তেজ ছটিয়াব।
12 І розі́тне його на куски його, і голову його, і товщ його, а священик порозкладає їх на дро́вах, що на огні, який на жертівнику.
১২পাছত তেওঁ তাক খণ্ড খণ্ড কৰি কাটিব; আৰু পুৰোহিতে তাৰ মূৰ আৰু তেলেৰে সৈতে তাক বেদীৰ ওপৰত থকা জুই আৰু কাঠৰ ওপৰত ঠিকমতে সজাই ৰাখিব।
13 А нутрощі та голінки обмиє водою. І священик принесе все це, та й спалить на жертівнику, — це цілопалення, огняна жертва, пахощі любі для Господа.
১৩কিন্তু তাৰ নাড়ী-ভুৰু আৰু ঠেং পানীৰে ধুব লাগিব; তাৰ পাছত পুৰোহিতে সেই সকলো উৎসৰ্গ কৰিব আৰু বেদীৰ ওপৰত দগ্ধ কৰিব; সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।
14 А якщо цілопа́лення його — жертва для Господа з пта́ства, то нехай з го́рлиць або з голубенят принесе жертву свою.
১৪যদি যিহোৱাৰ উদ্দেশ্যে দিয়া তেওঁৰ উপহাৰ পক্ষীবোৰৰ মাজৰ পৰা অনা হোম-বলি হয়, তেন্তে তেওঁ কপৌবোৰৰ বা পাৰ পোৱালিবোৰৰ মাজৰ পৰা নিজ উপহাৰ উৎসৰ্গ কৰিব।
15 І принесе її священик до жертівника, і проб'є йому нігтем великим голову, та й спалить на жертівнику, а кров його буде вилита при стіні жертівника.
১৫পাছত পুৰোহিতে তাক বেদীৰ ওপৰলৈ আনি, মূৰটো মুচৰি চিঙি, তাক বেদীত দগ্ধ কৰিব; আৰু তাৰ তেজ বেদীৰ কাষেৰে উলিয়াই দিব লাগিব।
16 І зді́йме його воло в пір'ї його, і кине його при жертівнику на схід на місце по́пелу.
১৬পাছত পুৰোহিতে তাৰ নাড়ী-ভুৰু আৰু আমঠুটো লৈ, বেদীৰ কাষত থকা পূবফালৰ ছাঁই পেলোৱা ঠাইত পেলাই দিব লাগিব।
17 І роздере його між кри́льми його, але не відділить їх. А священик спалить його на жертівнику на дро́вах, що на огні, — воно цілопа́лення, огняна́ жертва, пахощі любі для Господа.
১৭তাৰ পাছত পুৰোহিতে তাৰ ডেউকা দুখন কাটিব, কিন্তু সম্পূৰ্ণৰূপে তাক দুভাগ নকৰিব, আৰু বেদীত জুই আৰু কাঠৰ ওপৰত তাক দগ্ধ কৰিব; সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।

< Левит 1 >