< Левит 3 >
1 А якщо його жертва — ми́рна, якщо з великої худоби він приносить чи самця́, чи сами́цю, — він принесе її безва́дну перед Господнє лице,
১যদি কোনো এজন লোকৰ উপহাৰ মঙ্গলাৰ্থক বলি হয়, তেন্তে পশুৰ জাকৰ মতা বা মাইকীয়েই হওঁক, তাক উৎসৰ্গ কৰিলে, তেওঁ যিহোৱাৰ সন্মুখত এটা নিৰ্ঘূণী পশু উৎসৰ্গ কৰিব।
2 і покладе свою руку на голову жертви своєї, та й заріже її при вході до скинії заповіту. А Ааронові сини, священики, покроплять тією кров'ю на жертівника навколо.
২তেওঁ নিজ উপহাৰৰ মূৰত হাত দিব আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত তাক কাটিব; তেতিয়া হাৰোণৰ পুত্ৰ পুৰোহিত সকলে তাৰ তেজ বেদীৰ কাষৰ চাৰিওফালে ছটিয়াই দিব।
3 І принесе він із мирної жертви огняну́ жертву для Господа, — лій, що закриває ну́трощі, та ввесь лій, що на ну́трощах,
৩সেই লোক জনে তেওঁৰ সেই মঙ্গলাৰ্থক বলিৰ পৰা যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে তাৰ নাড়ি-ভুৰু ঢকা তেল,
4 і оби́дві ни́рки, і лій, що на них, що на сте́гнах, а сальника́ на печінці — зді́йме його з ни́рками.
৪নাড়ীত লাগি থকা আটাই তেল, ঘিলা দুটা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ উৎসৰ্গ কৰিব; সেই ভাগ ঘিলালৈকে এৰুৱাই ল’ব।
5 І спалять те сини Ааронові на жертівнику на цілопа́лення, що на дро́вах, яке на огні, — це огняна́ жертва, пахощі любі для Господа.
৫তেতিয়া হাৰোণৰ পুত্ৰসকলে বেদীত, জুই, কাঠ আৰু হোমৰ ওপৰত তাক দগ্ধ কৰিব; সেয়ে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।
6 А якщо з дрібної худоби його жертва на мирну жертву для Господа, саме́ць чи сами́ця, то безва́дну принесе її́.
৬আৰু যদি তেওঁ যিহোৱাৰ উদ্দেশ্যে মঙ্গলাৰ্থক বলিৰ উপহাৰ মেৰ-ছাগ বা ছাগলীৰ জাকৰ পৰা দিয়ে, তেন্তে তেওঁ নিঘূণ মতা বা মাইকী পশু উৎসৰ্গ কৰিব।
7 Якщо приносить він на жертву вівцю́, то принесе її перед Господнє лице,
৭নিজ উপহাৰৰ অৰ্থে যদি তেওঁ মেৰ-ছাগ পোৱালি উৎসৰ্গ কৰে, তেন্তে তেওঁ তাক যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰিব।
8 і покладе свою руку на голову жертви своєї, та й заріже її перед скинією заповіту. А Ааронові сини покро́плять кров'ю її на жертівника навколо.
৮তেওঁ নিজ উপহাৰৰ মূৰত হাত দিব আৰু সাক্ষাৎ কৰা তম্বুৰ সন্মুখত তাক কাটিব; তেতিয়া হাৰোণৰ পুত্ৰসকলে বেদীৰ কাষৰ চাৰিওফালে তাৰ তেজ ছটিয়াই দিব।
9 І він принесе з мирної жертви огняну́ жертву для Господа, — ці́лого курдюка́, якого здійме при хребті, і лій, що закриває ну́трощі, і ввесь лій, що на ну́трощах,
৯পাছত তেওঁ সেই মঙ্গলাৰ্থক বলিৰ পৰা যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে তাৰ তেল, গোটেইডাল নেগুৰ, নাড়ী-ভুৰু ঢকা তেল আৰু নাড়ীত লাগি থকা আটাই তেল,
10 і обидві нирки та лій, що на них, що на сте́гнах, а сальника на печінці — зді́йме його з нирками.
১০ঘিলা দুটা আৰু কিনাৰত লাগি থকা তাৰ ওপৰৰ তেল আৰু কলিজাৰ ওচৰত থকা তাৰ তেলীয়া ভাগ উৎসৰ্গ কৰিব; তেওঁ এই ভাগবোৰ ঘিলালৈকে এৰুৱাই ল’ব।
11 І священик спалить те на жертівнику, — хліб огняно́ї жертви для Господа.
১১তেতিয়া পুৰোহিতে তাক বেদীত দগ্ধ কৰিব। সেয়ে যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ স্বৰূপ ভক্ষ্য নৈবেদ্য।
12 А якщо жертва його коза, то піднесе її перед лице Господнє,
১২আৰু যদি তেওঁৰ উপহাৰ ছাগলী হয়, তেন্তে তেওঁ তাক যিহোৱাৰ সন্মুখত দান কৰিব।
13 і покладе свою руку на голову її, та й заріже її перед скинією заповіту. А Ааронові сини́ покро́плять кров'ю її на жертівника навколо.
১৩তেওঁ সেই ছাগলীৰ মূৰত হাত দিব আৰু সাক্ষাৎ কৰা তম্বুৰ সন্মুখত তাক কাটিব; তেতিয়া হাৰোণৰ পুত্ৰসকলে বেদীৰ কাষৰ চাৰিওফালে তাৰ তেজ ছটিয়াই দিব।
14 І він принесе з неї жертву свою, жертву для Господа, — лій, що закриває ну́трощі, та ввесь лій, що на ну́трощах,
১৪পাছত তেওঁ তাৰ পৰা নিজৰ নৈবেদ্য, অৰ্থাৎ যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে নাড়ী-ভুৰু ঢকা তেল, নাড়ীত লাগি থকা আটাই তেল এৰুৱাব।
15 і оби́дві нирки, і лій, що на них, що на стегнах, а сальника на печінці — здійме його з нирками.
১৫তেওঁ তাৰ ভিতৰৰ ঘিলা দুটা আৰু কিনাৰত লাগি থকা তাৰ ওপৰৰ তেল আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ ঘিলালৈকে এৰুৱাই ল’ব।
16 І священик спалить їх на жертівнику, — це пожива, огняна́ жертва на любі пахощі; увесь лій — для Господа.
১৬তেতিয়া পুৰোহিতে বেদীৰ ওপৰত সেই সকলোকে দগ্ধ কৰিব; সেয়ে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ স্বৰূপ ভক্ষ্য দ্ৰব্য; সকলো তেল যিহোৱাৰ উদ্দেশ্যে হ’ব।
17 Оце постанова вічна для ваших родів у всіх оса́дах ваших: жодного лою й жодної крови не будете їсти“.
১৭তোমালোকে তেল আৰু তেজ যে খাব নালাগে, এয়ে তোমালোকৰ পুৰুষানুক্ৰমে, তোমালোকে বাস কৰা সকলো ঠাইতে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি’।”