< Книга Суддів 1 >
1 I сталося по смерті Ісуса, і питалися Ізра́їлеві сини Господа, говорячи: „Хто з нас ви́йде спе́реду на ханаане́янина, щоб воювати з ним?“
১যিহোচূৱাৰ মৃত্যুৰ পাছত ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাক সুধিলে, “কনানীয়াসকলৰ বিপক্ষে আমি যেতিয়া যুদ্ধ কৰিবলৈ উপত্যকাৰ ওপৰলৈ যাম, তেতিয়া আমাৰ হৈ যুদ্ধ কৰিবলৈ কোনে প্রথমে তেওঁলোকক আক্রমণ কৰিব?”
2 І сказав Господь: „Юда пі́де. Оце Я дав Край у його руку“.
২উত্তৰত যিহোৱাই ক’লে, “প্রথমে যিহূদা ফৈদৰ লোকসকল যাব; চোৱা, মই তেওঁলোকৰ হাততে এই দেশ সমৰ্পণ কৰিলোঁ।”
3 І сказав Юда до Симеона, свого брата: „Іди зо мною на мій жеребо́к, і бу́демо воювати з ханаанеянином, то піду́ й я з тобою на твій жеребо́к“. І пішов із ним Симео́н.
৩এই কথা শুনাৰ পাছত যিহূদা বংশৰ লোক সকলে গৈ চিমিয়োন ফৈদৰ তেওঁলোকৰ ভাইসকলক ক’লে, “যি ঠাই আমাৰ ভাগত পৰিছে, সেই অঞ্চলত থকা কনানীয়াসকলৰ অহিতে যুদ্ধ কৰিবৰ বাবে তোমালোকো আমাৰ সৈতে আহাঁ, তেতিয়া আমি একেলগে মিলি যুদ্ধ কৰিব পাৰিম আৰু পাছত সেইদৰে আমিও তোমালোকৰ অঞ্চল দখল কৰিবৰ বাবে তোমালোকৰ লগত যুদ্ধলৈ যাম।” তেতিয়া চিমিয়োন ফৈদৰ লোকসকল তেওঁলোকৰ লগত গ’ল।
4 І піднявся Юда, а Господь дав ханаанеянина та періззеянина в їхню руку. І вони побили їх у Безеку, — десять тисяч чоловіка.
৪যিহূদা বংশৰ লোকসকল ওপৰলৈ উঠি গৈ আক্রমণ কৰাত যিহোৱাই কনানীয়া আৰু পৰিজ্জীয়াসকলৰ ওপৰত তেওঁলোকক জয়ী কৰিলে। তেওঁলোকৰ দহ হাজাৰ সৈন্যক তেওঁলোকে বেজক অঞ্চলত বধ কৰিলে।
5 І знайшли вони в Безеку Адоні-Безека, і воювали з ним, і побили ханаане́янина та періззе́янина.
৫বেজকত তেওঁলোকে অদুনী বেজকক দেখা পাই তেওঁৰ সৈতে যুদ্ধ কৰিলে আৰু কনানীয়া ও পৰিজ্জীয়াসকলক পৰাস্ত কৰিলে।
6 І втікав Адоні-Безек, а вони гналися за ним, і злови́ли його, і повідру́бували великі пальці його рук та його ніг.
৬কিন্তু অদুনী-বেজক যেতিয়া পলাই গৈছিল, তেতিয়া তেওঁলোকে পাছে পাছে খেদি গৈ তেওঁক ধৰি তেওঁৰ হাত আৰু ভৰিৰ বুঢ়া আঙুলি কাটি পেলালে।
7 І сказав Адоні-Безек: „Сімдеся́т царів з відру́баними великими пальцями їхніх рук та їхніх ніг часто збирали поживу під столом моїм. Як робив я, так відплатив мені Бог!“
৭তাতে অদুনী-বেজকে ক’লে, “মই সত্তৰজন ৰজাৰ হাত আৰু ভৰিৰ বুঢ়া আঙুলি কাটি পেলাইছিলোঁ। তেওঁলোকে মোৰ মেজৰ তলত পৰা আহাৰ বুটলি খাইছিল। মই তেওঁলোকৰ প্রতি যেনে কার্য কৰিলোঁ, ঈশ্বৰেও মোলৈ তেনে কৰিলে।” পাছত তেওঁলোকে অদুনী-বেজকক যিৰূচালেমলৈ আনিলে আৰু তেওঁৰ সেই ঠাইতে মৃত্যু হ’ল।
8 І воювали Юдині сини з Єрусалимом, і здобули́ його, і побили його ві́стрям меча́, а місто пустили з огнем.
৮যিহূদা বংশৰ লোকসকলে যিৰূচালেম আক্রমণ কৰি, সেই ঠাই অধিকাৰ কৰিলে। তেওঁলোকে তৰোৱালেৰে সকলোকে বধ কৰি নগৰখনত জুই লগাই দিলে।
9 А потому Юдині сини зійшли воювати з ханаане́янином, ме́шканцем гори, і Неґеву, і Шефелі.
৯তাৰ পাছত তেওঁলোকে পাহাৰীয়া এলেকা, নেগেভ আৰু পশ্চিমৰ নিম্নভূমিত বাস কৰা কনানীয়াসকলৰে সৈতে যুদ্ধ কৰিবলৈ নামি গ’ল।
10 І пішов Юда до ханаанеянина, що сидить у Хевроні, — а ім'я́ Хеврону було колись: Кір'ят-Арба, — і побили Шешая, й Ахімана та Талмая.
১০তেওঁলোকে হিব্ৰোণৰ বাসিন্দা কনানীয়াসকলৰ বিৰুদ্ধে আগুৱাই গৈ চেচয়, অহিমন আৰু তল্ময়ক পৰাস্ত কৰিলে। হিব্ৰোণৰ আগৰ নাম আছিল কিৰিয়ৎ-অর্ব্ব।
11 А звідти пішов він до мешканців Девіру, а ім'я́ Девіру колись: Кір'ят-Сефер.
১১তাৰ পৰা তেওঁলোক দবীৰ চহৰৰ বিৰুদ্ধে আগবাঢ়ি গ’ল; দবীৰৰ পূর্বৰ নাম আছিল কিৰিয়ৎ-চেফৰ।
12 І сказав Калев: „Хто поб'є Кір'ят-Сефер та здобуде його, то дам йому Ахсу, дочку мою, за жінку“.
১২কালেবে কৈছিল, “যি জনে কিৰিয়ৎ-চেফৰক আক্ৰমণ কৰি অধিকাৰ কৰিব, মই মোৰ জী অকচাক তেওঁৰে সৈতে বিয়া দিম।”
13 І здобув його Отніїл, син Кенезів, брат Калевів, молодший від нього. І він дав йому свою дочку́ Ахсу за жінку.
১৩তাতে কালেবৰ ভায়েক কনজৰ সন্তান অৎনীয়েলে দবীৰ অধিকাৰ কৰিলে আৰু সেয়ে কালেবে নিজৰ জীয়েক অকচাক অৎনীয়েলে সৈতে বিয়া দিলে।
14 І сталося, коли вона прийшла, то намовила його жадати по́ля від її батька. І зійшла вона з осла, а Калев сказав їй: „Що тобі?“
১৪অৎনীয়েলৰ লগত অকচা অহাৰ পাছতেই অকচাই স্বামীক খাটিবলৈ ধৰিলে, যাতে তেওঁ তাইৰ বাপেকক তাইৰ কাৰণে এখন পথাৰ দিবলৈ অনুৰোধ কৰে। পাছত অকচা যেতিয়া গাধৰ পিঠিৰ পৰা নামিল, কালেবে তাইক সুধিলে, “তোমাক কি লাগে মাজনী?”
15 І вона сказала йому: „Дай мені дара благословення! Бо ти дав мені землю суху, то дай мені водні джере́ла“. І Калев дав їй Ґуллот-горі́шній та Ґуллот-до́лішній.
১৫তাই উত্তৰ দিলে, “দেউতা, আপুনি মোক এক আশীৰ্ব্বাদ দিয়ক; কিয়নো আপুনি মোক নেগেভৰ ভূমি যেতিয়া দিছে, তেন্তে জলৰ নিজৰাবোৰো মোক দিয়ক।” এই কথা শুনি কালেবে তাইক সেই ঠাইৰ ওপৰ আৰু তল অংশত থকা নিজৰাবোৰ দিলে।
16 А сини Кенея, Мойсеєвого тестя, пішли з міста Пальм з Юдиними синами до Юдиної пустині, що на півдні Араду. І пішов він, і осівся з народом.
১৬মোচিৰ শহুৰেকৰ বংশৰ সন্তান সকল, যিসকল জাতিত কেনীয়া আছিল, তেওঁলোকে যিহূদাৰ লোকসকলৰ সৈতে খেজুৰ চহৰৰ পৰা অৰাদ এলেকাৰ ওচৰৰ নেগেভত থকা যিহূদাৰ লোকসকলে বসবাস কৰা মৰুভূমিলৈ তেওঁলোকে সৈতে বসবাস কৰিবলৈ উঠি গ’ল।
17 І пішов Юда з Симеоном, своїм братом, та й побили ханаанеянина, ме́шканця Цефату, і вчинили його закляттям. І назвав ім'я́ того міста: Хорма.
১৭যিহূদা বংশৰ লোক সকলে তেওঁলোকৰ ভাই চিমিয়োন বংশৰ লোক সকলৰ লগত গৈ চফৎ চহৰৰ বাসিন্দা কনানীয়াসকলক আক্রমণ কৰিলে আৰু সেই চহৰ সম্পূর্ণকৈ বিনষ্ট কৰিলে। এই কাৰণতে সেই চহৰৰ নাম দিয়া হ’ল হৰ্মা।
18 І здобув Юда Аззу та границю її, й Ашкелон та границю його, і Екрон та границю його.
১৮যিহূদা বংশই গাজা, অস্কিলোন, ইক্ৰোণ চহৰ আৰু তাৰ ওচৰ-পাজৰৰ অঞ্চলসমূহ দখল কৰিলে।
19 І був Господь з Юдою, і він повиганяв мешканців гори. Та не міг він повиганяти ме́шканців долини, бо вони мали залізні колесни́ці.
১৯যিহোৱা যিহূদা বংশৰ লোকসকলৰ সঙ্গত আছিল। তেওঁলোকে পাহাৰী এলেকাবোৰ দখল কৰি নিছিল হয়, কিন্তু সমতল ভূমিৰ নিবাসীসকলক খেদাব পৰা নাছিল, কাৰণ তেওঁলোকৰ লোহাৰ ৰথ আছিল।
20 І дали Калевові Хевро́н, як говорив був Мойсей, і він вигнав звідти трьох ве́летнів.
২০মোচিৰ আজ্ঞা অনুসাৰে হিব্রুণ চহৰ কালেবক দিয়া হ’ল। অনাকৰ তিনিটা পুতেকক কালেবে হিব্ৰোণৰ পৰা খেদাই দিলে।
21 А євусеянина, ме́шканця Єрусалиму, не вигнали Веніяминові сини, — і осів євусеянин із Веніяминовими синами в Єрусалимі, і сидя́ть тут аж до цього дня.
২১কিন্তু বিন্যামীন বংশৰ লোকসকলে যিৰূচালেমত বাস কৰা যিবুচীয়াসকলক উচ্ছেদ নকৰিলে; সেয়ে বিন্যামীন বংশৰ লগত যিবুচীয়াসকল আজিও তাত বসবাস কৰি আছে।
22 І пішов також дім Йо́сипів до Бет-Елу, а Господь був з ними.
২২যোচেফৰ বংশয়ো বৈৎএল নগৰ আক্রমণ কৰিবলৈ গ’ল। যিহোৱা তেওঁলোকৰ সঙ্গী আছিল।
23 І ви́відав Йо́сипів дім у Бет-Елі, а ім'я́ того міста колись було Луз.
২৩তেওঁলোকে বৈৎএল নগৰখন ভালদৰে চাইচিতি আহিবলৈ মানুহ পঠালে; বৈৎএলৰ আগৰ নাম আছিল লুজ।
24 І побачили сторожі́ чоловіка, що виходив із того міста, та й сказали до нього: „Покажи нам вхід до міста, а ми вчинимо тобі ми́лість!“
২৪পাছত চোৰাংচোৱাসকলে সেই নগৰৰ পৰা এজন মানুহক বাহিৰলৈ ওলাই অহা দেখি, তেওঁক ক’লে, “অনুগ্রহ কৰি এই নগৰত সোমোৱাৰ পথটো আপুনি আমাক দেখুৱাই দিয়ক। আমি আপোনালৈ দয়ালু হ’ম।”
25 І він показав їм вхід до міста, і вони побили те місто ві́стрям меча, а того чоловіка та ввесь його рід відпустили.
২৫তেতিয়া তেওঁ তেওঁলোকক নগৰত সোমোৱা পথ দেখুৱাই দিয়াত তেওঁলোকে গৈ সেই নগৰ তৰোৱালেৰে আক্রমণ কৰিলে, কিন্তু সেই লোকজনক আৰু তেওঁৰ পৰিয়ালৰ সকলো লোকক ৰেহাই দিলে।
26 І пішов той чоловік до кра́ю хітте́ян, і збудував місто, та й назвав ім'я́ йому: Луз, — воно ім'я́ його аж до цього дня.
২৬তাৰ পাছত সেই মানুহজনে হিত্তীয়াসকলৰ দেশলৈ গৈ তাত এখন নগৰ সাজিলে আৰু তাৰ নাম লুজ ৰাখিলে; আজিলৈকে নগৰখন এই নামেৰেই আছে।
27 А Манасія не повиганяв мешканців Бет-Шеану та його залежних міст, і Таанаху та його залежних міст, і ме́шканців Дору та його залежних міст, і ме́шканців Ївлеаму та його залежних міст, і мешканців Міґіддо та його залежних міст, — і ханаане́янин волів сидіти в тому кра́ї.
২৭মনচিৰ বংশৰ লোকসকলে বৈৎ-চান, তানক, দোৰ, যিব্লিয়াম, মগিদ্দো চহৰৰ আৰু ইয়াৰ আশে-পাশে থকা গাওঁবোৰৰ বাসিন্দাসকলক উচ্ছেদ নকৰিলে, কাৰণ কনানীয়াসকলে সেই ঠাইতে থাকিবলৈ মন দৃঢ় কৰিলে।
28 І сталося, коли Ізраїль зміцни́вся, то він наклав на ханаанеянина дани́ну, але вигнати — не вигнав його.
২৮পাছত ইস্ৰায়েলীয়াসকল যেতিয়া শক্তিশালী হৈ উঠিল, তেতিয়া তেওঁলোকে সেই কনানীয়াসকলক তেওঁলোকৰ দাস হৈ কাম কৰিবলৈ বাধ্য কৰালে; কিন্তু তেওঁলোকক একেবাৰে খেদি নিদিলে।
29 І Єфрем не вигнав ханаане́янина, що мешкає в Ґезері, — і осівся ханаанеянин серед нього в Ґезері.
২৯ইফ্ৰয়িমৰ বংশধৰসকলেও গেজৰৰ পৰা কনানীয়াসকলক বাহিৰ কৰি নিদিলে; সেয়ে তেওঁলোক গেজৰতে তেওঁলোকৰ মাজত বাস কৰি থাকিল।
30 Завуло́н не повиганяв ме́шканців Кітрону та мешканців Нагалолу, — і осівся ханаане́янин серед нього, і став за дани́ну.
৩০জবূলুন বংশৰ লোকসকলেও কিট্ৰোন আৰু নহলোলৰ পৰা কনানীয়াসকলক বাহিৰ কৰি নিদিলে; তাতে কনানীয়াসকল তেওঁলোকৰ মাজতে বাস কৰি থাকিল, কিন্তু জবূলূনৰ বংশধৰসকলে তেওঁলোকক দাসৰ কাম কৰিবলৈ বাধ্য কৰালে।
31 Аси́р не повиганяв ме́шканців Акко, і ме́шканців Сидону, і Ахлаву, і Ахзіву, і Хелби, і Афіку, і Рехову.
৩১আচেৰ বংশয়েও অক্কো, চীদোন, অহলাব, অকজীব, হেলবা, অফীক, আৰু ৰহোবৰ লোক সমূহক বাহিৰ নকৰিলে।
32 І осівся аси́рець серед ханаане́янина, мешканця того кра́ю, бо він не вигнав його.
৩২তেওঁলোকে সেই ঠাইৰ বাসিন্দা কনানীয়াসকলৰ মাজতে বাস কৰিবলৈ ধৰিলে, কাৰণ তেওঁলোকে সেইসকলক বাহিৰ নকৰিলে।
33 Нефтали́м не повиганяв ме́шканців Бет-Шемешу, і мешканців Бет-Анату, — і він осівся серед ханаанеянина, мешканця того краю, а мешканці Бет-Шемешу та Бет-Анату стали їм за данину.
৩৩নপ্তালী বংশৰ লোকসকলে বৈৎ-চেমচ আৰু বৈৎ-অনাৎৰ লোকসকলক বাহিৰ নকৰিলে আৰু তেওঁলোকে সেই ঠাইৰ কনানীয়াসকলৰ মাজত বাস কৰিবলৈ ধৰিলে; বৈৎ-চেমচ আৰু বৈৎ-অনাৎবাসীক নপ্তালীসকলৰ বাবে কাম কৰিবলৈ বাধ্য কৰালে।
34 І тиснув аморе́янин Данових синів на го́ру, бо не давав йому схо́дити на долину.
৩৪ইমোৰীয়াসকলে দানৰ বংশধৰসকলক পাহাৰীয়া এলেকাতে আটক কৰি বসতি কৰিবলৈ বাধ্য কৰালে; তেওঁলোকক সমতল ভূমিলৈ নামি আহিব নিদিলে।
35 І волів амореянин сидіти на горі Херес в Айялоні та в Шаалевімі, та стала сильною рука Йо́сипового дому, — він став за данину.
৩৫ইমোৰীয়াসকলে হেৰচ পর্বত, অয়ালোন আৰু চালবীমত বাস কৰিবলৈ ধৰিলে; কিন্তু যোচেফৰ বংশৰ লোকসকলৰ সৈন্য শক্তিয়ে সেইবোৰ জয় কৰিলে আৰু ইমোৰীয়াসকলক তেওঁলোকৰ দাসৰ কার্য কৰিবলৈ বাধ্য কৰালে।
36 А границя аморейська — від Маале-Акраббім, і від Сели та вище.
৩৬ইমোৰীয়াসকলৰ সীমা অক্ৰব্বীম গিৰিপথৰ পৰা চেলা পাৰ হৈ ওপৰৰ পর্বতীয়া অঞ্চললৈকে আছিল।