< Йов 1 >
1 Був чоловік у країні Уц, на ім'я́ йому́ Йов. І був чоловік цей невинний та праведний, і він Бога боявся, а від злого втікав.
১উচ দেশত ইয়োব নামেৰে এজন ব্যক্তি আছিল। সেই ব্যক্তি সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থকা লোক আছিল।
2 І народи́лися йому се́меро синів та три дочки́.
২তেওঁৰ সাত জন পুতেক আৰু তিনি জনী জীয়েক আছিল।
3 А маєток його був: сім тисяч худоби дрібно́ї, і три тисячі верблю́дів, і п'ять сотень пар худоби великої, і п'ять сотень ослиць та дуже багато рабів. І був цей чоловік більший від усіх синів сходу.
৩তেওঁৰ সাত হাজাৰ মেৰ-ছাগ আৰু ছাগলী, তিনি হাজাৰ উট, পাঁচ শ হাল বলদ, পাঁচ শ গাধী, আৰু অতি অধিক দাস-দাসী আছিল; এই কাৰণে সেই পুৰুষ পূব দেশৰ লোকসকলৰ মাজত সকলোতকৈ মহান আছিল।
4 А сини його ходили один до о́дного, і справляли гости́ну в домі того, чий був день. І посилали вони, і кликали трьох своїх сесте́р, щоб їсти та пити із ними.
৪তেওঁৰ পুতেকসকলে যিদিনা যাৰ ঘৰত পাল পৰে, সেইদিনা তাৰ ঘৰলৈ যায় আৰু ভোজ খায়, লগতে মানুহ পঠাই তেওঁলোকৰ তিনি জনী ভনীয়েককো তেওঁলোকৰ সৈতে ভোজন-পান কৰিবলৈ নিমন্ত্ৰণ কৰে।
5 І бувало, як миналося ко́ло бенке́тних днів, то Йов посилав за ді́тьми й освячував їх, — і вставав він рано вранці, і прино́сив цілопа́лення за числом їх усіх, бо Йов казав: „Може згрішили сини мої, і знева́жили Бога в серці своєму“. Так робив Йов по всі дні.
৫পাছত তেওঁলোকৰ ভোজনৰ দিন উকলি গ’লে, ইয়োবে মানুহ পঠিয়াই তেওঁলোকক পবিত্ৰ কৰায়, আৰু ৰাতিপুৱাতে উঠি তেওঁলোকৰ সকলোৰে সংখ্যা অনুসাৰে হোম-বলি দিয়ে; কাৰণ ইয়োবে কয়, “কিজানি মোৰ ল’ৰাহতে পাপ কৰি অন্তৰৰ পৰা ঈশ্বৰক বিদায় দিলে”! সেয়ে ইয়োবে সদায় এইদৰে কৰে।
6 І сталося одно́го дня, і поприхо́дили Божі сини, щоб стати при Господі. І прийшов поміж ними й сатана́.
৬এদিন ঈশ্বৰৰ সন্তান সকলে যিহোৱাৰ সম্মুখত থিয় হ’বলৈ উপস্থিত হোৱাত, তেওঁলোকৰ লগত চয়তানো উপস্থিত হ’ল।
7 І сказав Госпо́дь до сатани́: „Звідки ти йдеш?“А сатана́ відповів Господе́ві й сказав: „Я мандрува́в по землі та й перейшов її“.
৭তাতে যিহোৱাই চয়তানক সুধিলে, “তুমি ক’ৰ পৰা আহিলা?” চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “মই পৃথিৱী ভ্ৰমণ কৰিলোঁ, আৰু তাৰ মাজত ইফালে সিফালে ফুৰি আহিলোঁ।”
8 І сказав Господь до сатани: „Чи звернув ти увагу на раба Мого́ Йова? Бо немає такого, як він, на землі: муж він невинний та праведний, що Бога боїться, а від злого втікає“.
৮তেতিয়া যিহোৱাই চয়তানক সুধিলে, “তুমি মোৰ দাস ইয়োবলৈ মন কৰা নাই নে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিৱীত কোনো নাই।”
9 І відповів сатана́ Господе́ві й сказав: „Чи ж Йов да́рмо боїться Бога?
৯তেতিয়া চয়তানে উত্তৰ দি যিহোৱাক ক’লে, “ইয়োবে জানো লাভ নোপোৱাকৈ ঈশ্বৰলৈ ভয় ৰাখিছে?
10 Чи ж Ти не забезпе́чив його, і дім його, і все, що його? Чин його рук Ти поблагослови́в, а маєток його поши́рився по кра́ю.
১০আপুনি তেওঁৰ চাৰিওফালে, আৰু তেওঁৰ ঘৰৰ লগতে সৰ্ব্বস্বৰ চাৰিওফালে জানো বেৰা দি ৰখা নাই? আপুনি তেওঁৰ হাতৰ কাৰ্যবোৰ আশীৰ্ব্বাদযুক্ত কৰিছে আৰু তেওঁৰ সম্পত্তিও দেশত বৃদ্ধি পাইছে।
11 Але простягни тільки руку Свою, і доторкни́ся до всього, що його, — чи він не знева́жить Тебе перед лицем Твоїм?“
১১কিন্তু আপুনি এবাৰ হাত মেলি তেওঁৰ সৰ্ব্বস্ব স্পৰ্শ কৰক; তেতিয়া অৱশ্যেই তেওঁ আপোনাৰ সাক্ষাততে আপোনাক বিদায় দিব।”
12 І сказав Господь до сатани́: „Ось усе, що його́, — у твоїй руці, тільки на нього само́го не простягай своєї руки!“І пішов сатана́ від лиця Господнього.
১২তেতিয়া যিহোৱাই চয়তানক ক’লে, “চোৱা, তেওঁৰ সৰ্ব্বস্বৰ ওপৰত তোমাৰ ক্ষমতা আছে; কেৱল তেওঁৰ ওপৰতহে হাত নিদিবা।” তাৰ পাছত চয়তান যিহোৱাৰ ওচৰৰ পৰা ওলাই গ’ল।
13 І сталося одно́го дня, коли сини́ його та до́чки його їли та вино пили в домі свого перворо́дженого брата,
১৩এদিন ইয়োবৰ পুতেক-জীয়েকসকলে বৰককায়েকৰ ঘৰত ভোজন আৰু দ্ৰাক্ষাৰস পান কৰি আছিল।
14 то прибіг до Йова послане́ць та й сказав: „Худоба велика ора́ла, а ослиці па́слися при них.
১৪তেতিয়া ইয়োবৰ ওচৰলৈ এজন বাৰ্তাবাহক আহিল আৰু তেওঁক ক’লে, “গৰুবোৰে হাল বাই আছিল আৰু গাধীবোৰ সেইবোৰৰ ওচৰতে চৰি আছিল;
15 Аж тут напали сабеї й позабирали їх, а слуг повбивали ві́стрям меча. І втік тільки я сам, щоб доне́сти тобі“.
১৫এনেতে চিবায়ীয়াহঁতে আক্ৰমণ কৰি সেই সকলোকে লৈ গ’ল। এনে কি, সিহঁতে তৰোৱালৰ ধাৰেৰে দাসবোৰক বধ কৰিলে। আপোনাক খবৰ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।”
16 Він ще говорив, аж прибігає інший та й каже: „З неба спав Божий огонь, і спали́в ота́ру та слуг, та й пожер їх. А втік тільки я сам, щоб доне́сти тобі“.
১৬এইদৰে সি কৈ থাকোতেই আন এজনে আহি ক’লে, “আকাশৰ পৰা ঈশ্বৰৰ অগ্নি পৰি, দাসে সৈতে মেৰ-ছাগৰ জাকক দগ্ধ কৰিলে আৰু সেইবোৰক গ্ৰাহ কৰিলে। আপোনাক খবৰ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।”
17 Він ще говорив, аж біжить ще інший та й каже: „Халде́ї поділи́лися на три відділи, і напали на верблю́дів, та й позабира́ли їх, а слуг повбива́ли ві́стрям меча. І втік тільки я сам, щоб доне́сти тобі“.
১৭সি কৈ থাকোঁতে আকৌ আন এজনে আহি ক’লে, “কলদীয়াহঁতে তিনিটা দলত ভাগ হৈ আহি আমাৰ উটবোৰক আক্ৰমণ কৰিলে আৰু সেইবোৰক লৈ গ’ল। এনে কি, সিহঁতে তৰোৱালৰ ধাৰেৰে দাস সকলক বধ কৰিলে। আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।
18 Поки він говорив, аж надбігає ще інший та й каже: „Сини твої та до́чки твої їли та вино пили́ в домі свого перворо́дженого брата.
১৮এইদৰে সি কৈ থাকোতেই আকৌ আন এজনে আহি ক’লে, “আপোনাৰ পুতেক-জীয়েক সকলে আপোনাৰ ডাঙৰ ককায়েকৰ ঘৰত ভোজন, আৰু দ্ৰাক্ষাৰস পান কৰি আছিল;
19 Аж рапто́во надійшов великий вітер з боку пустині, та й ударив на чотири роги дому, — і він упав на юнаків, і вони повмирали. І втік тільки я сам, щоб доне́сти тобі“.
১৯এনেতে চাওক, মৰুপ্ৰান্তৰ দিশৰ পৰা বৰ ধুমুহা আহি ঘৰটোৰ চাৰিওফালে লাগিল আৰু ঘৰটো ভাঙি ডেকাসকলৰ ওপৰতে পৰাত, তেওঁলোকে তাতে প্ৰাণত্যাগ কৰিলে। আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।
20 І встав Йов, і розде́р плаща́ свого́, й обстриг свою го́лову, та й упав на землю, і поклонився,
২০তেতিয়া ইয়োব উঠিল আৰু নিজৰ চোলা ফালিলে। পাছত মুৰ খুৰাই, মাটিত পৰি প্ৰণিপাত কৰি ক’লে,
21 та й сказав: „Я вийшов наги́й із утроби матері своєї, і наги́й поверну́сь туди, в зе́млю! Господь дав, — і Господь узяв. Нехай буде благослове́нне Господнє Ім'я́!“
২১“মই মাতৃৰ গৰ্ভৰ পৰা উদঙে আহিলোঁ, আৰু উদঙে তালৈ উলটি যাম। যিহোৱাই দিছিল, আৰু যিহোৱাই লৈ গ’ল। যিহোৱাৰ নাম ধন্য হওক।”
22 При всьому цьому Йов не згрішив, і не сказав на Бога нічого безумного!
২২এইদৰে এই সকলো ঘটিল, কিন্তু ইয়োবে পাপ নকৰিলে, আৰু মূৰ্খতাপূৰ্ণভাবে ঈশ্বৰক দোষাৰোপ নকৰিলে।