< Єремія 9 >

1 Ой, коли б голова моя стала водою, а око моє — за джерело сльози́, то я плакав би вдень та вночі над побитими до́ньки наро́ду мого́!
মোৰ মূৰ জলময়, আৰু মোৰ চকু দুটা চকু-লোৰ ভুমুকস্বৰূপ হোৱা হ’লে! কেনে ভাল আছিল, অহ, মোৰ জাতিস্বৰূপা জীয়াৰীৰ হত হোৱাসকলৰ বাবে দিনে ৰাতিয়ে ক্রন্দন কৰিব পাৰিলেহেঁতেন।
2 Ой, коли б на пустині нічлі́г подорожніх я мав, тоді б я покинув наро́да свого, і пішов би від них, бо вони перелю́бники всі, збори зра́дників!
অহ, মোৰ জাতি এৰি তেওঁলোকৰ পৰা আঁতৰি যাবৰ বাবে, অৰণ্যত পথিকসকলৰ ৰাতি থকা ঠাই মোৰ হোৱা হ’লে কেনে ভাল আছিল! কিয়নো তেওঁলোক সকলোৱেই ব্যভিচাৰী, বিশ্বাসঘাতক লোকৰ সমাজ।
3 Вони напина́ють свого язика́, немов лука свого́, для неправди, міцні́ють вони на землі не для правди, бо від злого до злого ідуть і не знають Мене, говорить Господь!
আৰু তেওঁলোকে নিজৰ জিভাৰূপ ধনুত নিজৰ মিছা কথাস্বৰূপ বাণ জোৰে, আৰু দেশত পৰাক্ৰমী হয়, কিন্তু সত্যৰ বাবে নহয়। কিয়নো তেওঁলোকে এক দুষ্টতাৰ পৰা আন দুষ্টতালৈ আগ বাঢ়ি যায় আৰু যিহোৱাই কৈছে, তেওঁলোকে মোক হ’লে নাজানে।
4 Один о́дного остеріга́йтесь, і не поклада́йтесь на жодного брата, — кожен бо брат обмани́ти — обма́нить, і при́ятель кожен — обмо́вник!
তোমালোক প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ বিষয়ে সাৱধান হোৱা, আৰু কোনো ভাইক বিশ্বাস নকৰিবা; কিয়নো প্ৰতিজন ভায়ে সম্পূৰ্ণকৈ ঠগায় আৰু প্ৰতিজন চুবুৰীয়াই কথা চৰ্চ্চি ফুৰে।
5 Один о́дного зво́дить, і правди не кажуть, привчи́ли свого язика́ говорити неправду, пому́чилися, лихо чинячи!
আৰু প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক প্ৰবঞ্চনা কৰে, সত্য নহয়; তেওঁলোকে মিছা কথা কবলৈ নিজ নিজ জিভাক শিকালে; তেওঁলোকে অপৰাধ কৰি নিজকে নিজে ভাগৰ লগায়।
6 Серед ома́ни твоє прожива́ння, через ома́ну не хочуть пізнати Мене, говорить Госпо́дь.
তোমাৰ বসতিৰ ঠাই ছলৰ মাজত আছে; যিহোৱাই কৈছে, তেওঁলোকে ছলৰ কাৰণে মোক জানিবলৈ অমান্তি হয়।
7 Тому так промовляв Господь Савао́т: Ось Я їх перето́плюю та випробо́вую їх, бо що маю вчинити Я ради дочки́ Свого люду?
এই হেতুকে বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: চোৱা, মই তেওঁলোকক গলাই পৰীক্ষা কৰিম আৰু নিৰীক্ষণ কৰিম; কিয়নো মোৰ জাতিস্বৰূপা জীয়াৰীৰ কাৰণে মই আন কি কৰিব পাৰোঁ?
8 Їхній язик — смертоно́сна стріла́, він ома́ну говорить: уста́ми своїми говорить із ближнім про мир, а в нутрі своє́му кладе свою за́сідку.
তেওঁলোকৰ জিভা প্ৰাণনাশক বাণস্বৰূপ, সেয়ে ছলৰ কথা কয়; তেওঁলোক প্ৰতিজনে মুখেৰে ওচৰ-চুবুৰীয়াৰ লগত শান্তিৰ কথা কয়, কিন্তু অন্তৰত তাৰ বাবে খাপ দি থাকে।
9 Чи ж за це Я їх не покараю? говорить Господь. Хіба ж над наро́дом, як цей, непомсти́ться душа Моя?
যিহোৱাই কৈছে, মই তেওঁলোকক এইবোৰৰ কাৰণে দণ্ড নিদিম নে? মোৰ প্ৰাণে এনে জাতিৰ প্ৰতিকাৰ নাসাধিব নে?
10 Я плач та рида́ння здійму́ над оцими гора́ми, і спів жало́бний — понад степови́ми лугами, вони бо попа́лені так, що ними не ходить ніхто, і ре́ву худоби не чути: від птаства небесного й аж до худоби розбі́глося все, відійшло́!
১০মই পৰ্ব্বতবোৰৰ কাৰণে ক্ৰন্দন আৰু হাহাঁকাৰ কৰিম, আৰু অৰণ্যৰ চৰণীয়া ঠাইৰ কাৰণে বিলাপ কৰিম। কিয়নো সেইবোৰৰ মাজেদি কোনেও যাব নোৱাৰাকৈ সেইবোৰ দগ্ধ হ’ল, পশুৰ মাত তাত শুনা নাযায়, আকাশৰ চৰাইবোৰ আৰু পশুবোৰো পলাই গুচি গ’ল।
11 І Я Єрусалим на руїни відда́м, на мешка́ння шакалів, а юдські міста́ на спусто́шення дам, — і не буде мешка́нця у них!
১১মই যিৰূচালেমক ভগ্নৰাশি, শিয়ালৰ বাসস্থান কৰিম। আৰু মই যিহূদাৰ নগৰবোৰ নিবাসী-শূন্য ধ্বংসস্থান কৰিম।
12 Хто муж мудрий, який зрозумів би оце, і до кого Господні уста́ промовляли, щоб вияснить те, за що згинув цей край, за що спа́лений він, як пустиня, і що не́ю не ходить ніхто?
১২সেই সকলো বুজিব পৰা কোন জ্ঞানী লোক আছে? আৰু তাক প্ৰকাশ কৰিবৰ বাবে যিহোৱাই যাৰ আগত নিজ মুখে কৈছিল? এনে কোন মানুহ আছে? এই দেশৰ মাজেদি কোনেও যাব নোৱাৰাকৈ এয়ে কিয় বিনষ্ট আৰু মৰুভুমিৰ নিচিনা দগ্ধ হল?
13 А Господь відказав: За те, що вони поки́нули Зако́на Мого, що Я дав перед ними, і не слухалися Мого голосу, і не ходили за ним, за Зако́ном,
১৩যিহোৱাই কৈছে, ‘কাৰণ এই, মই তেওঁলোকৰ আগত স্থাপৰ কৰা মোৰ ব্যৱস্থা তেওঁলোকে ত্যাগ কৰিলে, আৰু মোৰ বাক্যলৈ কাণ নিদিলে, বা তাত নচলিলে।
14 а ходили за впе́ртістю серця свого й за Ваа́лами, що навчи́ли про них їхні батьки́.
১৪কিন্তু নিজ মনৰ কঠিনতা অনুসাৰে আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলে তেওঁলোকক শিকোৱা বাল দেৱতাবোৰৰ পাছত চলিলে।
15 Тому так промовляє Господь Саваот, Бог Ізраїлів: Ось Я їх, цей наро́д, полино́м нагодую й водою отру́йною їх напою́!
১৫এই হেতুকে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: চোৱা, মই এই লোকসকলক নাগদানা ভোজন কৰোৱাম, আৰু বিহ গছৰ ৰস পান কৰোৱাম।
16 І розпоро́шу Я їх серед наро́дів, яких ні вони, ні батьки їхні не знали, і пошлю Я за ними меча́, аж поки не ви́гублю їх!
১৬তেওঁলোকে বা তেওঁলোকৰ পূৰ্বপুৰুষসকলে নজনা জাতি সমূহৰ মাজত মই তেওঁলোকক ছিন্ন-ভিন্ন কৰিম; আৰু মই তেওঁলোকক সংহাৰ নকৰোঁমানলৈকে, তেওঁলোকৰ পাছে পাছে তৰোৱাল পঠিয়াম।
17 Так говорить Господь Савао́т: Розгля́ньтеся та голосі́льниць покличте, і нехай вони при́йдуть, і пошліте до мудрих жіно́к, — і вони поприхо́дять!
১৭বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে বিবেচনা কৰা; বিলাপ-কাৰিণীহঁতক মাতা, তেওঁলোক আহক; বিলাপ কৰাত নিপুণ মহিলাসকলৰ ওচৰলৈ মানুহ পঠিওৱা, তেওঁলোক আহক।
18 І хай поспішають, і хай спів жало́би над ними піді́ймуть, — і хай наші очі зайду́ться сльозо́ю, а з наших пові́ків вода хай тече́!
১৮তেওঁলোকে খৰকৈ আহি আমাৰ কাৰণে হাহাঁকাৰ কৰ’ক, যাতে চকু-লোত আমাৰ চকু উটি যাবৰ বাবে, আৰু আমাৰ চকুৰ পিৰঠিয়েদি বেগেৰে পানী ওলাই যায়।
19 Бо почується голос жало́бного співу з Сіону: „Як ми попусто́шені, як посоро́млені дуже! Бо ми поки́нули свій край, бо покинули місце свого пробува́ння“.
১৯কিয়নো চিয়োনৰ পৰা হাহাঁকাৰ শব্দ শুনা গৈছে, আমি কেনে বিনষ্ট হ’লো! আমি দেশ ত্যাগ কৰা বাবে, তেওঁলোকে আমাৰ নিবাসবোৰ ভাঙি পেলোৱাৰ কাৰণে আমি অতি ব্যাকুল হ’লো।
20 Тож почуйте, жінки́, слово Господа, і хай ваше ухо візьме́ слово уст Його, і навчі́ть дочок ваших жало́бного співу, й одна о́дну — жало́бної пісні!
২০তথাপি হে মহিলাসকল, যিহোৱাৰ বাক্য শুনা: আৰু তোমালোকৰ কাৰণে তেওঁৰ মুখৰ বাক্য মনোযোগেৰে গ্ৰহণ কৰা। আৰু তোমালোকে নিজ নিজ জীয়েৰাসকলক হাহাঁকাৰ কৰিবলৈ শিক্ষা দিয়া, আৰু তোমালোক প্ৰত্যেকে নিজ নিজ ওচৰ-চুবুৰীয়াক বিলাপ কৰিবলৈ শিকোৱা।
21 Бо смерть увійшла в наші ві́кна, до наших пала́т увійшла́, щоб ви́різати дітей з вулиці, із площ — юнакі́в.
২১কিয়নো মৃত্যুৱে বাহিৰত লৰাহঁত আৰু চকত ডেকাসকল উচ্চন্ন কৰিলে। খিড়িকিয়েদি উঠি আমাৰ অট্ৰালিকাবোৰত সোমাল।
22 Кажи так: Говорить Господь: І напа́дає лю́дського трупа, мов гно́ю на полі, і мов тих снопів за женце́м, і не буде кому позбира́ти!
২২তুমি কোৱা, যিহোৱাই এইদৰে কৈছে: লোকসকলৰ শৱ সাৰৰ দৰে পৰি থাকিব, আৰু দাওঁতাৰ পাছত এৰি যোৱা মুঠিৰ দৰেই পথাৰত পৰি থাকিব; কোনেও সেইবোৰ নোগোটাব।
23 Так говорить Господь: Хай не хва́литься мудрий своєю премудрістю, і хай не хвалиться ли́цар своєю хоро́брістю, багатий багатством своїм хай не хвалиться!
২৩যিহোৱাই এই কথা কৈছে: জ্ঞানীয়ে নিজ জ্ঞানত গৌৰৱ নকৰক, বীৰে নিজ পৰাক্ৰমত, আৰু ধনীয়ে নিজ ধনত গৌৰৱ নকৰক।
24 Бо хто буде хвали́тись, хай хва́литься тільки оцим: що він розуміє та знає Мене, що Я — то Господь, Який на землі чинить ми́лість, правосу́ддя та правду, бо в цьо́му Моє уподо́бання, каже Господь!
২৪কিন্তু যি জনে গৌৰৱ কৰে, তেওঁ ইয়াতহে গৌৰৱ কৰে, যে, তেওঁ মোৰ বিষয়ে বুজে আৰু জানে, যে মই পৃথিৱীত দয়া, বিচাৰ আৰু ধাৰ্মিকতা সিদ্ধ কৰোঁতা যিহোৱা; কিয়নো এইবোৰত মই সন্তোষ পাওঁ, ইয়াক যিহোৱাই কৈছে।
25 Ось дні наступають, — говорить Господь, — і Я навіщу́ всіх обрі́заних та необрі́заних,
২৫যিহোৱাই কৈছে, চোৱা, এনে দিন আহিছে, যে, সেই দিনা মই চুন্নৎ হোৱাসকলক অচুন্নৎ বুলি দণ্ড দিম।
26 Єгипет та Юду, й Едома та Аммонових синів, і Моава та всіх, хто воло́сся довко́ла стриже́, хто сидить на пустині, бо всі оці люди — пообрі́зані, а ввесь дім Ізраїлів — необрізаносе́рдий!
২৬মই মিচৰ, যিহূদা, ইদোম, অম্মোনৰ সন্তান সকল, মোৱাব আৰু কুমৰ গুড়িত ডাঢ়ি-চুলি কটা অৰণ্য-নিবাসী লোকসকলক দণ্ড দিম। কিয়নো সেই আটাই জাতি সমূহ অচুন্নৎ, আৰু ইস্ৰায়েলৰ গোটেই বংশ হৃদয়পালটন কৰা লোক নহয়।”

< Єремія 9 >